বিস্তীৰ্ণ পাৰৰে । Bistirno Parore
বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
হাহাকাৰ শুনিও নিশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয়,
বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
হাহাকাৰ শুনিও নিশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয়….
নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ্জ অলখভাৱে বোৱা কিয়….
জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেত্ৰীবিহীনতাত নিমাত কিয়,
সহস্ৰ বাৰিষাৰ
উন্মাদনাৰ অভিজ্ঞতাৰে
পঙ্গু মানৱক সবল সংগ্ৰামী
আৰু অগ্ৰগামী
কৰি নোতোলা কিয়….
ব্যক্তি যদি ব্যক্তি কেন্দ্ৰীক
সমষ্টি যদি ব্যক্তিত্বৰ অহিত
তেনে শিথিল সমাজক
নাভাঙা কিয়,
তুমিয়েই যদি ব্ৰক্ষ্মৰে পুত্ৰ
সেই পিতৃত্ব তেনে নামমাত্ৰ
নহ'লে প্ৰেৰণা নিদিয়া কিয়,
উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে
শৰশয্যাকে আলিংগন কৰা
ভীষ্মৰূপী অজস্ৰ বীৰক
জগাই নোতোলা কিয়?
ConversionConversion EmoticonEmoticon