মায়াৱিনী ৰাতিৰ বুকুত । Mayabini Ratir Bukut
কথাছবি : দাগ।
মায়াৱিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা সোপান
নামি অহা ৰ'দৰে নৈ
মোৰ দেহত প্রতি পুৱা
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ'ব
ভাবোঁ তোমাৰ বুকুত।
প্রতি শৰতৰ প্রভাতী ফুলে
ক'ব তোমাকেই মোৰ কথা
প্রতি মেঘালী নিশা জোনে
ক'ব তোমাকেই মোৰ কথা।
ধুমুহাৰ... ভাবোঁ তোমাৰ বুকুত।
দুচকুতে তোমাৰ চালে
সপোন আঁতৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ সতে... ভাবোঁ তোমাৰ বুকুত।
ConversionConversion EmoticonEmoticon