উটি যা ৰূপালী নাও
Uthi Jaa Rupali Nao
উটি যা ৰূপালী নাও
উটি যা উটি যা ৰূপালী নাও
জুৰকৈ বা জুৰকৈ বা
অ' মোৰ পছোৱা মলয়া বা।
দেখি তোৰ শুকুলা পাল
হিয়া মোৰ মাৰে নিতাল
শুনি তোৰ মৃদুল সুৰ
সিয়ৰি উঠে মোৰ গা।
লুইতৰ বুকুৰে ঢল
নাচি কৰে কলমল
গাই বৈ কল কল
তোলে সুমধুৰ ৰাগ।।
ৰাভা সংগীত । Rabha Sangit
ConversionConversion EmoticonEmoticon