অ' সখী আজি যৌৱনO Xokhi Aaji Jouvon
অ' সখী আজি যৌৱন বন জুৰি
বন বসন্ত মুঞ্জৰি
পাতে বৰণৰে মেলা,
হাঁহা সখী মোৰ হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা।
তোৰ ৰূপৰ ফুলনিতে
শেৱালি নেৱালি কতনো ফুল
দশোদিশ আমোলাই কৰিছে আকুল
ফুলৰ বাতিৰে মৌৰে নিজৰা বাকি দিয়া
তাতে বিয়াকুল ৰূপ মৌ পিয়া।
আজি অভিনৱ তৰালী পোহৰৰ
চঞ্চল গীত শুনা—
তাৰ লহৰত কঁপি কঁপি মোৰ যৌৱনৰ
জোনাকী কাৰেঙত বাজে বীণা।
তাতে বাসনা-উর্বশী
বিবসনা—
নৃত্যতে আকুল
অ' সখী! যায় যে বেলা—
হাঁহা সখী মোৰ হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা।
জ্যোতিপ্ৰসাদৰ গীত
ConversionConversion EmoticonEmoticon