-->

পূব প্ৰত্যয় বা উপসৰ্গ কি । What is Purb Pratyay or Upsarga

 

অসমীয়াত পূব প্ৰত্যয় বা উপসৰ্গ কি? [What is Purb Pratyay or Upsarga in Assamese?]

পূব প্ৰত্যয় বা উপসৰ্গ বুলিলে কি বুজায়? অসমীয়া ভাষাত কি কি উপসৰ্গৰ প্ৰয়োগ হয়। উদাহৰণসহ লিখা।
উত্তৰঃ- ধাতু বা প্ৰাতি পাদিকৰ আগত বহি যি শব্দ বা শব্দাংশই বেলেগ অৰ্থ প্ৰকাশ কৰে তাকে উপসৰ্গ বা পূৰ্ৱ প্ৰত্যয় বুলি কোৱা হয়। কেতিয়াবা একেটা ধাতুতে ভিন-ভিন উপসৰ্গ বহি বেলেগ বেলেগ অৰ্থ বুজোৱা শব্দ গঠনও হ'ব পাৰে। আকৌ কেতিয়াবা উপসৰ্গ যোগ হৈ বিপৰীত শব্দও বুজায়। উদাহৰণস্বৰূপে- 'বাদ' শব্দৰ আগত 'বি' উপসৰ্গ যোগ হ'লে 'বিবাদ' হয়। ইয়াত বাদ শব্দৰ অৰ্থ উক্তি বা মত আনহাতে বিবাদ শব্দই কাজিয়াক বুজায়।
     অসমীয়া ভাষাত প্ৰয়োগ হোৱা পূৰ্ৱ প্ৰত্যয় বা উপসৰ্গ সমূহ হ'ল- প্ৰ, পৰা, অপ, সম, অনু, অৱ, নিৰ, দূৰ, অভি, বি, অধি, মু, উত্‍, অতি নি, প্ৰতি, অপি, পৰি, উপ, আ ইত্যাদি।
ব্যৱহাৰঃ-
প্ৰ = প্ৰণাম
পৰা = পৰাজয়
অপ = অপমান
সম = সমাদৰ
অনু = অনুতাপ
অৱ = অৱক্ষয়
নিৰ = নিৰন্তৰ
দূৰ = দূৰাচাৰ
অভি = অভিলাশ
বি = বিধান
অধি = অধিবাস
সু = সুকোমল
উত্‍ = উত্‍পাদন
অতি = অতিমাত্ৰা
নি = নিক্ষেপ
প্ৰতি = প্ৰতিৰোধ
অপি = অপিধান
পৰি = পৰিমান
উপ = উপনদী, উপকাৰ। HSLC- 2024
আ = আৰাম


অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              














Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, contact us (whatspp no 7020477396/email ID-brahmaratan@gmail.com)

Previous
Next Post »