-->

তুমি আহিবা বুলি । Tumi ahiba buli-হীৰেন ভট্টাচাৰ্য

 

1. তুমি আহিবা বুলি [Tumi ahiba buli] — হীৰেন ভট্টাচাৰ্য [Hiren Bhattacharyya]

তুমি আহিবা বুলি
দুৱাৰ থ’লো খুলি।
অহাৰ বাটত মেঘৰ ময়ুৰে
ধৰিব কোমল চালি।
যোৱাৰ বাটত কদমজুপিযে
বিদায় জনাব ফুলি।।
তুমি আহিবা বুলি
পাহৰা বীণত
নীৰৱে বুলালো আঙুলি
সপোনৰ সেই সুৰ তুলি।।
তুমি আহিবা বুলি
জোনাকৰ ফুল থুপি
তোমাৰ অহাৰ বাটেৰে
আছেহি অকলে ফুলি।।

2. মোৰ ৰণৰ তেজী ঘোঁৰা [mor ronor teji ghongra] — হীৰেন ভট্টাচাৰ্য [Hiren Bhattacharyya]

অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা
চেকুৰি যা তই চেকুৰি যা
পোণাই ল তোৰ দীঘল বাট
পাৰ হৈ যা
ৰাতিৰ এন্ধাৰ শিল-বৰষুণ-ধুমুহা।
মোৰ ৰণৰ ঘোঁৰাই তেজ কদমত মেলক চেকুৰ
উফৰি পৰক ঘামে টলবল পিঠিৰ কঠিন জিন
চেকুৰি যা তই চেকুৰি যা
খাঁজে খাঁজে পাৰ হৈ যা
বুকু ফটা মাটিৰ যন্ত্ৰণা।
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা
শুনি যা শুনি যা
মোৰ নতুন গানৰ অস্থায়ী অন্তৰা।।

3. বকুল ফুলৰ দৰে [Bokul phoolor dore] — হীৰেন ভট্টাচাৰ্য [Hiren Bhattacharyya]

বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে
বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে
এন্ধাৰে এন্ধাৰে
বকুল ফুলৰ দৰে

নীলিমাৰ আচঁলেৰে টোপে টোপে
নীলিমাৰ আচঁলেৰে টোপে টোপে
চকুপানী সৰে
বকুল ফুলৰ দৰে
মনৰ নিজানত
অকলশৰে
অকলশৰে

আকাশৰ সিপাৰে
আকাশৰ সিপাৰে
আকাশৰ সিপাৰে
ৰৈ আছে মোৰ
আকাশ নীৰৱে
বকুল ফুলৰ দৰে
মনৰ নিজানত
অকলশৰে
অকলশৰে


4. বাটৰুৱা হেৰ’ নবজাবি [Baatruwa hero nabajaabi] — হীৰেন ভট্টাচাৰ্য [Hiren Bhattacharyya]

বাটৰুৱা হেৰ’ নবজাবি বাঁহী
তোৰ বাঁহীত জানো
ফুলে সেই ফুলৰ পাহি
যি ফুলত লুকাই আছে
সোনোৱালী হাঁহি।।
চকুৰ পানীৰে মিছাতে কিয়নো
সেমেকাই তুলিলি
তোৰ শুকান বাটৰ ধূলি।
বাটৰ ধূলিত যি সুৰ আছে
সেই সুৰ জানো তই পালি?
বাট হেৰুৱাই বাট মিছাতে কিয়নো ল’লি
উদাস সুৰৰ বাঁহীটি ওৰেটি জীৱন বালি।
Previous
Next Post »