-->

The Tiger King by Kalki । translated by Mr. Rupjyoti Goswami

 The Tiger King by Kalki translated by Mr. Rupjyoti Goswami

শব্দাৰ্থ (Word meaning):
1. Intention— purpose, অভিপ্ৰায়
2. Stuka Bomber— জাৰ্মানসকলে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বোমাৰু বিমান
3. Hasty retreat— immediate withdrawal,তাৎক্ষণিকভাবে মৰা পাচহোহুকা, পলায়ণ
4. Imperative— essential, urgent, প্ৰয়োজনীয়
5. disclose— reveal, প্ৰকাশ কৰা
6. Indomitable courage— অদম্য সাহস
7. face-to-face— মুখা মুখিকৈ
8. Fulfillment— পৰিপূৰ্ণতা
9. Abode of all living creatures— সকলো জীবন্ত প্ৰাণীৰ শেষ আশ্ৰয়স্থল
10. reveal— প্ৰকাশ কৰা
11. Demise— death, মৃত্যু
12. astrologers— জ্যোতিষী
13. foretold— আগজাননী দিছিল, ভবিষ্যতবাণী কৰিছিল
14. they bit their lips and swallowed hard— kept quiet,suppressed a secret, গোপনীয় কথা লুকুৱাইছিল
15. Miracle— অদ্ভুত ঘটনা
16. astonishing phrase— আচৰিত কথা
17. emerged— বাহিৰ হৈছিল, ওলাইছিল
18. transfixed in stupefaction— become motionless in shock and surprise, ভয় আশ্চৰ্যত জথৰ হৈ গৈছিল
19. blinked— চকু টিপিয়াইছিল
20. enunciate— say, কোৱা
21. took off— খুলি থৈছিল
22. gazed intently— মনোযোগেৰে তধা লাগি চাইছিল, অপলক নয়নেৰে চাইছিল
23. prediction— ভবিষ্যতবাণী
24. Squeaky voice— high-pitched cry, ডাঙৰ চিঞৰ
25. Incredible— unbelievable, অবিশ্বাস্য
26. Terrifying words— fearful words, ভয়ানক শব্দ
27. beware— to become alert, সাৱধান হোৱা
28. hindsight— আপাত দৃষ্টিত, ঘটনাৰ পাছৰ দৃষ্টিত
29. apart from— বাহিৰেও, উপৰিও
30. come of age— reach adulthood, প্ৰাপ্তবয়ষ্ক হোৱা
31. innumerable— countless, অগনন
32. thrilled beyond measure— আনন্দৰ সীমা নাছিল
33. send for— মাতি পঠিওৱা
34. drawled— লাহে লাহে কথা কৈছিল
35. tuft— ব্ৰাহ্মণৰ চুলিৰ টিকনি
36. incoherent— unclear, অস্পষ্ট
37. confiscate— seize, বাজেয়াপ্ত কৰা, কাঢ়ি লোৱা
38. attend to— to pay attention,মনোযোগ দিয়া, চোৱাচিতা কৰা
39. was firm in his resolve— সংকল্পত দৃঢ় আছিল
40. boar hunt— বৰাগাহৰি চিকাৰ
41. carcass— dead body of animals,জীৱজন্তৰ মৰাশ
42. relented— agreed,সন্মতি দিছিল
43. turn up— appear,দেখা দিয়া
44. held deliberations— বৈঠক পাতিছিল, দীঘলীয়া আলোচনা কৰিছিল
45. dispatched— sent,পঠিয়াইছিল
46. unforeseen hurdle— নেদেখা বাধা
47. extinct— দুস্প্ৰাপ্য
48. committed harakiri— আত্মহত্যা সংঘটিত কৰিছিল
49. brandish— wave, flourish,লহৰাই দিয়া, দেখুওৱা
50. shudder— tremble,কপি থকা, জিকাৰ মৰা
51. babble— talk continuously,অনৰ্গল বকি থকা
52. ancestors— পূৰ্বপুৰুষ
53. statistics— পৰিসংখ্যা
54. adorned— সজাই পৰাই তুলিছিল
55. altogether— একেবাৰেই
56. sunk in gloom— হতাশাত ডুব গৈছিল
57. dispelled— দূৰ কৰিছিল
58. exemption— ৰেহাই
59. set out— যাত্ৰা কৰা
60. wantonly— উদ্দেশ্যপ্ৰণোদিতভাবে
61. flout— show open disrespect,অপমান কৰা
62. fury— anger,খং, ৰাগ
63. obstinacy— stubbornness, আকোৰগোজ স্বভাৱ
64. discontented— dissatisfied,অসন্তুষ্ট হৈছিল
65. prey— চিকাৰ
66. catastrophic— ভয়ানক, প্ৰলয়ংকাৰী
67. shoved— pushed roughly, ঠেলা মাৰি দিছিল
68. launch— আৰম্ভ কৰা
69. exhausted— got tired,ভাগৰি পৰিছিল, ক্লান্ত হৈছিল
70. crumpled— collapsed,বাগৰি পৰিছিল, ধুপুচকৈ পৰিছিল
71. overcome with elation— আনন্দত অধীৰ হৈছিল
72. in bafflement— in confusion,বিবুদ্ধিত, বিমোৰত
73. fainted— lost consciousness,মূৰ্চা গৈছিল
74. craftsmanship— skill in a particular craft,শিল্পকলাৰ কৌশল
75. sliver— জোঙ, ধাৰ, আহ
76. quills— চৰাইৰ ডেউকা বা ফান
77. pierced— বিন্ধিছিল, ফুটাইছিল
78. infection flared— সংক্ৰমণ দেখা দিছিল
79. suppurating sore— পুজ ওলোৱা বিষাক্ত ফোহা
80. revenge— প্ৰতিশোধ

Part I
      প্ৰতিবন্দপুৰমৰ মহাৰাজা হ'ল এই কাহিনীৰ নায়ক। তেওঁক মাননীয় জামেদাৰ জেনেৰেল, খিলেডাৰ মেজৰ, শত ব্যাঘ্ৰ সংহাৰী, মহাৰাজাধিৰাজ বিশ্বভূবন সম্ৰাট, চাৰ জিলানী জুঙ জুঙ বাহাদুৰ, এম.এ.ডি, এচিটিচি; বা চি.আৰ.চি.কে.আদি হিচাপেও অভিহিত কৰিব পাৰি। কিন্তু এই নামটো টাইগাৰ কিঙ হিচাপে চমু কৰা হৈছে। মই তোমালোকক ক'বলৈ আগবাঢ়িছো কিয় তেওঁ টাইগাৰ কিঙ হিচাপে জনাজাত হৈছিল। মই আগবঢ়াৰ ভাওজুৰি কৌশলপূৰ্ণ পলায়ন কৰাৰ কোনো উদ্দেশ্যে নাই। জাৰ্মানীৰ ষ্টুকা বমবৰ্ষক বিমানৰ ভাবুকিয়েও মোক পথচ্যুত কৰিব নোৱাৰে। ষ্টুকাই ইচ্ছা কৰিলে মোৰ কাহিনীৰ পৰা তাৎক্ষণিক পলায়ন কৰিব পাৰে। আৰম্ভণিতে টাইগাৰ কিঙৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ বিষয় প্ৰকাশ কৰাটো আৱশ্যকীয়। তেওঁৰ বিষয়ে যিজনেই পঢ়িছে, তেওঁৰ নিচিনা অদম্য সাহসৰ এজন মানুহক মুখামুখিকৈ লগ কৰাৰ এটা স্বাভাৱিক ইচ্ছা অনুভৱ কৰিব। কিন্তু ইয়াৰ পৰিপূৰ্ণতাৰ কোনো সুযোগ নাই। যেনেকৈ ভৰতে ৰামক দশৰথৰ বিষয়ে কৈছিল, টাইগাৰ কিঙেও সকলো প্ৰাণীৰ শেষ আশ্ৰয়স্থল পাইছিলগৈ। অন্য কথাত ক'বলৈ গ'লে টাইগাৰ কিঙ মৃত।
তেওঁৰ মৃত্যুৰ ধৰনটোও অসাধাৰণ মনোযোগৰ বিষয়। সাধুটোৰ শেষতহে এইটো প্ৰকাশ কৰিব পৰা যাব। তেওঁৰ মৃত্যুৰ আটাইতকৈ আশ্চৰ্যজনক দিশটো হ'ল, তেওঁৰ জন্ম হোৱাৰ লগে লগে জ্যোতিষীসকলে ভবিষ্যতবাণী কৰিছিল যে এদিনাখন টাইগাৰ কিঙ সচাকৈ মৰিব লাগিব।
"এই শিশুটো ডাঙৰ হৈ যোদ্ধাসকলৰো যোদ্ধা, বীৰৰো বীৰ, চেম্পিয়নৰো চেম্পিয়ন হ'ব।কিন্তু......."তেওঁলোকে ওঠ কামুৰিছিল আৰু জোৰেৰে গিলিছিল। যেতিয়া ক'বলৈ বাধ্য কৰোৱা হৈছিল, তেওঁলোকে এই কথা প্ৰকাশ কৰিছিল, "এইটো এনেকুৱা এটা গোপণীয় কথা যিটো মুঠেই প্ৰচাৰ কৰা উচিত নহয়। এই নক্ষত্ৰত ওপজা শিশুৱে এদিনাখন মৃত্যুবৰণ কৰিব।
সেই মূহুৰ্ততে এটা অদ্ভুত ঘটনা ঘটিছিল। বয়সত মাত্ৰ দহদিন হোৱা জিলানী জুঙ জুঙ বাহাদুৰৰ মুখৰ পৰা এটা আচৰিত শব্দ বাহিৰ হৈছিল, "হে জ্ঞানী জ্যোতিষীসকল!"
প্ৰত্যেকেই ভয় আশ্চৰ্যত জথৰ হৈ গৈছিল। তেওঁলোকে ইজনে সিজনলৈ অপ্ৰকৃতিস্হভাবে চাইছিল আৰু চকু টিপিয়াইছিল।
"হে জ্ঞানী জ্যোতিষীগণ! কথা কোৱাজন ময়েই আছিলোঁ।"
এইবাৰ আৰু সন্দেহৰ কোনো ভিত্তি নাছিল। এইটো আছিল দহ দিনৰ আগত জন্ম হোৱা কেচুৱাটো যিয়েই এই শব্দবোৰ ইমান স্পষ্টকৈ উচ্ছাৰণ কৰিছিল।
মূখ্য জ্যোতিষীজনে তেওঁৰ চশমাজোৰ খুলিছিল আৰু কেচুৱাটোলৈ তধা লাগি চাইছিল।
"জন্ম গ্ৰহণ কৰা সকলোৱেই এদিন মৃত্যুক সাবটিব। সেইটো কথা জানিবলৈ আমাক আপোনালোকৰ ভবিষ্যতবাণীৰ প্ৰয়োজন নাই। যদি আপোনালোকে মৃত্যুৰ ধৰনটোৰ কথা ক'ব পাৰে, তেতিয়া কিবা এটা অৰ্থ থাকিব", উচ্চশ্বৰে ৰাজপৰিয়ালৰ শিশুটোৱে এই শব্দবিলাক উচ্চাৰণ কৰিছিল।
মূখ্য জ্যোতিষীজনে আশ্চৰ্যত তেওৰ নাকত আঙুলিটো ৰাখিছিল। কথমপি দহদিন বয়স হোৱা এটা কেচুৱাই বক্তৃতা দিবলৈ মুখ খুলিছে! মাত্ৰ সেয়াই নহয়, ই বুদ্ধিদীপ্ত প্ৰশ্নৰো অবতাৰণা কৰিছে! অবিশ্বাস্য! যুদ্ধৰ লগত জড়িত কাৰ্যালয়বোৰে দিয়া খবৰৰ দৰে!
মূখ্য জ্যোতিষীজনে নাকৰপৰা তেওঁৰ আঙুলিটো আতৰাই আনিছিল আৰু সৰু ৰাজকুমাৰৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছিল।
"ৰাজকুমাৰজন বলধৰ ক্ষণত জন্ম হৈছিল। বলধ আৰু বাঘ শত্ৰু, সেইবাবে বাঘৰ হাতত মৃত্যুযোগ আছে।", তেওঁ ব্যাখ্যা কৰিছিল।
তোমালোকে চাগে ভাবিছা "বাঘ" শব্দটো শুনামাত্ৰেই ৰাজকুমাৰ জুঙ জুঙ বাহাদুৰৰ গাত কম্পন হৈছিল। কিন্তু সেয়া হোৱা নাছিল। যেতিয়াই তেওঁ এই শব্দটো উচ্চাৰণ হোৱা শুনিছিল, ৰাজকুমাৰে এটা গেঙনি/গোজৰণি মাৰিছিল। তেওঁৰ ওঠৰ পৰা ভয়ানক শব্দ বাহিৰ হৈছিল। "সাবধান বাঘ"।
এই বৰ্ণনাটো প্ৰতিবন্দপুৰমত সক্ৰিয় হৈ থকা/প্ৰচলিত হৈ থকা এটা উৰাবাতৰিহে মাত্ৰ। কিন্তু আপাতদৃষ্টিত আমি এই সিদ্ধান্তত উপনিত হ'ব পাৰো যে এইটো কিছু সত্যৰ ওপৰত আধাৰিত আছিল।

Part II
ৰাজসিংহাসনৰ উত্তৰাধিকাৰী  ৰাজকুমাৰ জুঙ জুঙ বাহাদুৰ দিনক দিনে ওখ আৰু শক্তিশালী হৈ উঠিছিল। ইতিমধ্যে বৰ্ণনা কৰা ঘটনাটোৰ বাহিৰে তেওঁৰ শৈশৱৰ দিনবিলাকত অন্য কোনো অদ্ভুত ঘটনা ঘটা নাছিল। ল'ৰাটোৱে এজনী ইংৰাজ গাইগৰুৰ গাখীৰ খাইছিল, এগৰাকী ইংৰাজ ধাইৰ দ্বাৰা লালিত পালিত হৈছিল, ভাৰতৰ অন্যান্য ৰাজ্যবিলাকৰ ৰাজকুমাৰসকলে চোৱাৰ দৰে কেৱল ইংৰাজী চিনেমা চাইছিল, বেলেগ একো চোৱা নাছিল। তেওঁ যেতিয়া বিশ বছৰ বয়সত পৰিপক্ক হৈছিল, তেতিয়া "ওৱাৰ্ডসকলৰ ক'ৰ্টৰ"পৰা ৰাজ্যৰ ক্ষমতা তেওঁৰ হাতলৈ আহিছিল।
কিন্তু ৰাজ্যৰ প্ৰত্যেকেই জ্যোতিষীজনৰ ভবিষ্যতবাণীটো মনত ৰাখিছিল। বহুতে বিষয়টোৰ ওপৰত আলোচনা চলাই আছিল। লাহে লাহে কথাটো মহাৰাজৰ কানত পৰিছিল।
প্ৰতিবন্দপুৰম ৰাজ্যত অগণন হাবি জংঘল আছিল। তাত বাঘ আছিল। মহাৰাজে পুৰণা প্ৰবচনটো জানিছিল, "আত্মৰক্ষাৰ বাবে তুমি আনকি এজনী গৰু হত্যা কৰিব পাৰা।
"আত্মৰক্ষাৰ খাতিৰত বাঘ মৰাটোত নিশ্চয় কোনো আপত্তি থাকিব নোৱাৰে। মহাৰাজ বাঘ চিকাৰত নামি পৰিছিল।
মহাৰাজৰ আনন্দৰ সীমা নাইকিয়া হৈছিল যেতিয়া তেওঁ প্ৰথমটো বাঘ মাৰিছিল। তেওঁ ৰাজপ্ৰসাদৰ জ্যোতিষীজনক মাতি পঠিয়াইছিল আৰু তেওক মৰাশটো দেখুৱাইছিল।
"এতিয়া আপুনি কি কয়?" তেওঁ দাবী কৰিছিল।
"মহাৰাজে এনেধৰনেৰে নিৰানব্বৈটা বাঘ মাৰিব পাৰিব। কিন্তু......"জ্যোতিষীজন থমকি ৰৈছিল।
"কিন্তু কি? নিসংকোচে কওক।"
"কিন্তু এশ নম্বৰ বাঘটোৰ ক্ষেত্ৰত আপুনি সতৰ্ক হ'বই লাগিব।"
"যদি এশ নম্বৰ বাঘটোও মৰি যায়, তেতিয়া কি হ'ব?"
"তেতিয়া মই মোৰ জ্যোতিষৰ সকলো কিটাপ ফালি পেলাম,সেইবোৰত জুই লগাই দিম আৰু...."
"আৰু..."
"মই মোৰ টিকনী কাটি পেলাম, চুলি চুটিকৈ কাটিম আৰু এজন ইন্সুৰেন্স এজেন্ট হ'ম, "এটা অসংলগ্ন সুৰত জ্যোতিষীজনে সামৰণি মাৰিছিল।

Part III
সেইদিনাৰ পৰাই প্ৰতিবন্দপুৰমত বাস কৰা সকলো বাঘৰ বাবে এইটো আছিল উদযাপনৰ (উলহ মালহৰ)সময়।
ৰাজ্যখনত মহাৰাজৰ বাহিৰে অন্য কোনোবাই বাঘ চিকাৰ কৰাটো নিষিদ্ধ কৰা হৈছিল। এটা আদেশযুক্ত ঘোষণা কৰা হৈছিল যে কোনোবাই যদি বাঘলৈ এটা শিলগুটি দলিয়াবলৈও সাহস কৰে, তেতিয়া তেওঁৰ সকলো ধন সম্পত্তি বাজেয়াপ্ত কৰা হ'ব।
মহাৰাজে প্ৰতিজ্ঞা কৰিছিল যে তেওঁ এশটা বাঘ হত্যা কৰাৰ পাছতহে অন্যান্য বিষয়বিলাকত মনোনিবেশ কৰিব।
আৰম্ভণিতে ৰজাক নিজৰ লক্ষ্যত উপনীত হোৱাত অবিচলিত যেন দেখা গৈছিল।
এইটো নহয় যে তেওঁ বিপদৰ মুখামুখি হোৱা নাছিল। এনেকুৱা সময় আহিছিল যেতিয়া গুলীটো লক্ষ্যভ্ৰষ্ট হৈছিল, বাঘটোৱে তেঁওৰ ওপৰত জপিয়াইছিল আৰু তেওঁ খালী হাতেৰে জন্তটোৰ লগত যুদ্ধ কৰিছিল।প্ৰত্যেক বাৰেই মহাৰাজে জয়লাভ কৰিছিল।
অন্য এক সময়ত, তেওঁ সিংহাসন হেৰুওৱাৰ বিপদত পৰিছিল। এজন উচ্চ পদস্থ ব্ৰিটিছ বিষয়াই প্ৰতিবন্দপুৰম ভ্ৰমণ কৰিছিল। তেওঁ বাঘ চিকাৰ কৰাটো বৰ প্ৰিয় আছিল। আৰু তেওঁ হত্যা কৰা বাঘবোৰৰ সৈতে ফটো।তোলাটো তাতকৈও প্ৰিয় আছিল। স্বাভাৱিকভাবেই তেওঁ প্ৰতিবন্দপুৰমত বাঘ চিকাৰ কৰিবলৈ ইচ্ছা কৰিছিল। কিন্তু মহাৰাজা তেওঁৰ সংকল্পত দৃঢ় আছিল। তেওঁ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল। "মই অন্য যিকোনো চিকাৰৰ আয়োজন কৰি দিব পাৰো। আপুনি বনগাহৰি চিকাৰত যাব পাৰে। আপুনি নিগনি চিকাৰ কৰিব পাৰে। আমি মহ চিকাৰৰ বাবে সাজু আছো। কিন্তু বাঘ চিকাৰ! সেইটো অসম্ভৱ!"
ব্ৰিটিছ বিষয়াজনৰ সচিবে মহাৰাজলৈ ডিৱানৰ যোগেদি খবৰ পঠিয়ালে যে দুৰাইজনে(বিষয়াজনে)নিজে বাঘ মৰাৰ প্ৰয়োজন নাছিল। বাঘ চিকাৰ প্ৰকৃততে মহাৰাজেই কৰিব।
ডুৰাইজনৰ বাবে প্ৰয়োজনীয় আছিল বাঘটোৰ মৃতদেহৰ ওচৰত থিয় দি হাতত বন্দুক ধৰি থকা তেওঁৰ নিজৰ এখন ফটো। কিন্তু মহাৰাজাই আনকি এই প্ৰস্তাৱটোতো সন্মতি দিয়া নাছিল। তেওঁ যদি এতিয়া সন্মতি দিয়ে, তেতিয়া কি হ'ব যদি অন্যান্য ব্ৰিটিছ বিষয়াবোৰেও বাঘ চিকাৰৰ বাবে তেওঁক দেখা কৰে?
যিহেতু তেওঁ এজন ব্ৰিটিছ বিষয়াক তেওঁৰ ইচ্ছা পূৰণ কৰাত বাধা দিছিল, সেইবাবে মহাৰাজে নিজৰ ৰাজ্য হেৰুওৱাৰ বিপদত পৰিছিল।
মহাৰজা আৰু ডিৱানজনে এই বিষয়ত আলাপ আলোচনা কৰিছিল। ইয়াৰ ফলত কলিকতাত থকা এটা বিখ্যাত ব্ৰিটিছ অলংকাৰনিৰ্মাতা কোম্পানীলৈ তৎক্ষণাত এখন টেলিগ্ৰাম পঠোৱা হৈছিল। "দামী বিভিন্ন দিজাইনৰ হীৰাৰ আঙুঠিৰ চেম্পল পঠিওৱা।"
পঞ্চাশটামান আঙুঠি আহি পাইছিল। মহাৰাজে গোটেইখিনি ব্ৰিটিছ বিষয়াজনৰ পত্নীলৈ পঠিয়াইছিল। ৰজা আৰু তেওঁৰ মন্ত্ৰীয়ে আশা কৰিছিল যে ডুৰাইছানিয়ে এটা বা দুটা আঙুঠি পচন্দ কৰি বাকীবোৰ ঘূৰাই দিব। খুব সোনকালেই ডুৰাইছানিয়ে উত্তৰ দিছিল, "আপোনালোকে দিয়া উপহাৰবোৰৰ বাবে বহুত ধন্যবাদ।"
দুদিনৰ ভিতৰত, ব্ৰিটিছ অলংকাৰনিৰ্মাতা সকলৰ পৰা তিনি লাখ টকাৰ এখন বিল আহিল। মহাৰজা এইবাবেই সুখী আছিল যে যদিও তেওঁ তিনি লাখ টকা হেৰুৱাইছিল, তথাপি তেওঁ নিজৰ সিংহাসনখন বচাবলৈ সক্ষম হৈছিল।

Part IV
মহাৰাজাৰ বাঘ চিকাৰ অতিশয় সফল হৈ গৈ থাকিল। দহ বছৰৰ ভিতৰত তেওঁ ৭০টা বাঘ মাৰিবলৈ সক্ষম হৈছিল। আৰু তাৰপাছত, এটা পূৰ্বাভাস নোপোৱা বাধাই তেওঁৰ অভিযানটো স্থবিৰতালৈ লৈ আনিছিল। প্ৰতিবন্দপুৰমৰ জংঘলবোৰত বাঘৰ জনসংখ্যা লুপ্ত হৈ পৰিল। কোনে জানে বাঘবিলাকে জন্ম নিয়ন্ত্ৰণৰ অভ্যাস কৰিছিল নে আত্মহত্যা কৰিছিল? বা সিহতে ব্ৰিটিছৰ হাতত মৰিবলৈ আকাংক্ষা কৰি ৰাজ্যৰ পৰা পলাই গৈছিল?
এদিনাখন মহাৰাজাই দেৱানক মাতি পঠাইছিল। "দেৱান চাহাব, আপুনি এই কথাটো নাজানে নেকি যে মোৰ এই বন্দুকটোৰে এতিয়াও ৩০টা বাঘ মাৰিবলৈ বাকী আছে?" বন্দুকটো প্ৰদৰ্শন কৰি তেওঁ কৈছিল।
বন্দুকৰ দৃশ্যত ভয়ত কপি দেৱানে চিঞৰি উঠিছিল, "মহাৰাজ! মই বাঘ নহয়!"
"কোন মূৰ্খই আপোনাক বাঘ বুলি ক'লে?"
"নাইকোৱা, আৰু মই বন্দুকো নহয়!"
"আপুনি বাঘো নহয়, বন্দুকো নহয়। দেৱান চাহাব, মই আপোনাক বেলেগ এটা উদ্দেশ্যৰ কাৰণেহে মখতিছিলো। মই বিয়া পাতিবলৈ সিদ্ধান্ত কৰিছোঁ।"
দেৱানে আৰু বেছিকৈ বকিবলৈ আৰম্ভ কৰিছিল। "মহাৰাজ, মোৰ ইতিমধ্যে দুজনী পত্নী আছেই। যদি মই আপোনাক বিয়া কৰো........"
"মূৰ্খামী নকৰিব! মই আপোনাক কিয় বিয়া পাতিম? মই যি বিচাৰিছোঁ সেয়া হ'ল বাঘ....."
"মহাৰাজ! ভালকৈ ভাবক। আপোনাৰ পূৰ্বপুৰুষে তৰোৱালৰ লগত বিয়া হৈছিল। যদি ইচ্ছা কৰে বন্দুকটোকে বিয়া পাতক। এই ৰাজ্যৰ কাৰনে এজন বাঘৰজাই যথেষ্ট হৈছে। আৰু বাঘৰাণী এজনী নালাগে।!"
মহাৰাজে ডাঙৰ ডাঙৰকৈ অট্টহাস্য কৰিছিল। মই বাঘ বা বন্দুক বিয়া পতাৰ কথা ভবা নাই, কিন্তু মানুহৰ মাজৰ পৰা এজনী ছোৱালী বিয়া পাতিব বিচাৰিছো। প্ৰথমতে আপুনি দাতিকাষৰীয়া ৰাজ্যবোৰৰ থকা বাঘৰ পৰিসংখ্যা সংগ্ৰহ কৰক। তাৰপাছত আপুনি অনুসন্ধান কৰক বাঘৰ বেছি জনসংখ্যা থকা কোনো ৰাজ্যৰ ৰাজপৰিয়ালত মই বিয়া পাতিব পৰা কোনো ছোৱালী আছেনেকি।"
দেৱানে তেওঁৰ আদেশ পালন কৰিছিল। বহুসংখ্যক বাঘ থকা এখন ৰাজ্যৰ এজনী উপযুক্ত ছোৱালী ৰজাৰ কাৰণে বিচাৰি পাইছিল।
মহাৰাজ জুঙ জুঙ বাহাদুৰে যিবাৰেই তেওঁৰ শহুৰৰ ঘৰলৈ গৈছিল, তেওঁ ৫/৬টা বাঘ মাৰিছিল। এনেদৰেই প্ৰতিবন্দপুৰমৰ ৰাজপ্ৰসাদৰ অভ্যৰ্থনা কক্ষটোত ৯৯টা বাঘৰ ছালে সুশোভিত কৰিছিল।

Part V
এশ বাঘৰ সংখ্যাটো চুবলৈ যেতিয়া মাত্ৰ এটা বাঘ বাকী আছিল তেতিয়া মহাৰাজাৰ দু:চিন্তাই এক উত্তেজনাময় পৰিবেশ পাইছিল। গোটেই দিনটো তেওঁৰ এইটো চিন্তাই আছিল আৰু ৰাতিও সপোনত সেইটোকে দেখিছিল। সেই সময়ত তেওঁৰ শহুৰৰ ৰাজ্যটো বাঘৰ সংখ্যা নাইকিয়া হৈছিল। যিকোনো স্থানতেই বাঘ বিচাৰি পোৱাটো অসম্ভৱ হৈ পৰিছিল। তথাপিও মাত্ৰ এটা বাঘৰ প্ৰয়োজন হৈছিল। তেওঁ আৰু মাত্ৰ এটা বাঘ যদি মাৰিব পাৰে, মহাৰাজৰ কোনো ভয় শংকা নাথাকিব। তেওঁ বাঘ চিকাৰ একেবাৰেই ত্যাগ কৰিব পাৰিব।
কিন্তু সেই শেষৰ বাঘটোৰ ক্ষেত্ৰত তেওঁ অত্যন্ত সতৰ্ক হ'বলগীয়া হৈছিল। সেই মৃত মুখ্য জ্যোতিষীজনে কি কৈছিল? "আনকি ৯৯টা বাঘ মৰাৰ পাছতো মহাৰাজে এশ নম্বৰ বাঘটোৰ পৰা সাবধানে থকা উচিত... "সচা কথা। মুঠৰ ওপৰত বাঘ এটা হিংস্ৰ জন্ত আছিল। ইয়াৰ পৰা সতৰ্ক হ'বলগীয়া আছিল। কিন্তু সেই এশ নম্বৰ বাঘটো ক'ত বিচাৰি উলিয়াব পৰা যায়? জীবন্ত বাঘতকৈ বাঘৰ গাখীৰ পোৱাটোহে সহজ যেন লাগিছিল।
সেইদৰে মহাৰাজ হতাশাত ডুব গৈছিল। কিন্তু সোনকালেই সেই সুখদায়ক খবৰটো আহিছিল যিটোৱে সেই নিৰাশা দুৰ কৰিছিল। তেওঁৰ নিজৰ ৰাজ্যতে পাহাৰৰ দাতিকাষৰীয়া এখন গাৱৰ পৰা সঘনাই ভেড়াবিলাক নাইকিয়া হ'বলৈ ধৰিলে।
প্ৰথমতে এইটো সুনিশ্চিত কৰা হৈছিল যে এইটো খাদেৰ মিঞা চাহেব বা বিৰাস্বামী নাইকাৰৰ কাম নাছিল, দুয়ো গোটে গোটে ভেড়া গিলিব পৰা সামৰ্থৰ বাবে বিখ্যাত আছিল। নিশ্চয়কৈ কামটোত বাঘেই জড়িত আছিল। মহাৰজাক খবৰ দিবলৈ গাওঁবাসী দৌৰি আহিছিল। মহাৰাজাই তিনি বছৰৰ বাবে সেই গাওখনক সকলো কৰ কাতলৰ পৰা ৰেহাই ঘোষণা কৰিছিল। আৰু তৎক্ষণাত চিকাৰৰ বাবে যাত্ৰা কৰিছিল।
বাঘটোক সহজতে পোৱা নগৈছিল। এনেকুৱা লাগিছিল যেন বাঘটোৱে মহাৰাজৰ ইচ্ছাক ভেঙুছালি কৰিবলৈ উদ্দেশ্যপ্ৰণোদিতভাবে নিজকে লুকাই ৰাখিছিল।
মহাৰাজো সমানেই দৃঢ়প্ৰতিজ্ঞ আছিল। বাঘটো বিচাৰি নোপোৱালৈকে তেওঁ জংঘলখন এৰিবলৈ অস্বীকাৰ কৰিছিল। যেতিয়া দিন বাগৰি গৈছিল, মহাৰাজৰ খং আৰু আকোৰগোজ স্বভাৱটোও ভয়াবহভাৱে বাঢ়ি গৈছিল। বহুত বিষয়াই তেওঁলোকৰ চাকৰি হেৰুৱাইছিল।
এদিনাখন তেওঁৰ খঙ যেতিয়া চুড়ান্ত পৰ্যায় পাইছিল, মহাৰাজাই দেৱানক মাতিছিল আৰু ভূমি কৰ ততালিকে দুগুণ কৰিবলৈ আদেশ দিছিল।
"ৰাইজ অসন্তুষ্ট হ'ব। তেতিয়া আমাৰ ৰাজ্যখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ চিকাৰ হ'ব।"
"তেতিয়াহ'লে আপুনি পদত্যাগ কৰিব পাৰে", ৰজাই কৈছিল।
দেৱানে এইটো সম্পূৰ্ণ পতিয়ন গৈ ঘৰলৈ গৈছিল যে মহাৰাজাই সোনকালে বাঘটো বিচাৰি নাপালে ফলাফল প্ৰলয়ংকাৰী হ'ব। তেওঁৰ জীৱনটো তেতিয়াহে ঘূৰি অহা যেন লাগিল যেতিয়া তেওঁ মাদ্ৰাজৰ "পিপলচ পাৰ্ক"ৰ পৰা অনা আৰু তেওঁৰ ঘৰত লুকুৱাই থোৱা বাঘটো দেখিলে।
মাজনিশা যেতিয়া নগৰবাসী শান্তিত টোপনি গৈছিল, দেৱান আৰু তেওঁৰ বয়সীয়াল পত্নীয়ে বাঘটোক গাড়ীখনলৈ টানি আনিছিল আৰু আসনলৈ ঠেলি সুমুৱাই দিছিল। দেৱানে চিধাচিধি মহাৰাজে বাঘ চিকাৰত থকা জংঘলখনলৈ গাড়ীখন চলাই নিছিল। যেতিয়া তেওঁলোক জংঘলখন গৈ পাইছিল, বাঘটোৱে সত্যাগ্ৰহ আৰম্ভ কৰিছিল আৰু গাড়ীখনৰ পৰা ওলাই যাবলৈ অস্বীকাৰ কৰিছিল। বাঘটোক টানি আজুৰি গাড়ীখনৰ বাহিৰলৈ আনি মাটিত নমাই দিয়াৰ প্ৰচেষ্টাটোত দেৱানজন সম্পূৰ্ণ ভাগৰি পৰিছিল।
পাছদিনা সেই একেটা বৃদ্ধ বাঘেই মহাৰাজা উপস্থিত থকা অঞ্চলটোত ঘূৰা পকা কৰিছিল আৰু থিয় হৈছিল যেনিবা বিনম্ৰ নিবেদনতহে, "মালিক মোক কি আদেশ দিছে?" সীমাহীন আনন্দেৰে জন্তটোলৈ সতৰ্কতাৰে লক্ষ্য কৰিলে। বাঘটো সোতমোত খোৱা এটা দ'ম হৈ পৰি গৈছিল।
"মই এশ নম্বৰ বাঘটো বধ কৰিলোঁ। মোৰ প্ৰতিজ্ঞা পূৰ্ণ হ'ল", মহাৰাজ আনন্দত অধীৰ হৈছিল। বাঘটোক শোভাযাত্ৰা কৰি নগৰলৈ আনিবলৈ আদেশ দি মহাৰাজা তেওঁৰ গাড়ীখনত খৰখেদাকৈ আতৰি গৈছিল।
মহাৰাজা গুছি যোৱাৰ পাছত চিকাৰীকেইজনে বাঘটোক ওচৰৰ পৰা নিৰীক্ষণ কৰিবলৈ গৈছিল। দোধোৰ মোধোৰত পৰা বাঘটোৱে চকুকেইটা ঘূৰাই তেওঁলোকলৈ চাইছিল।
মানুহকেইজনে গম পাইছিল যে বাঘটো মৃত নাছিল; গুলীটোহে লক্ষ্যচ্যুত হৈছিল। হো হোৱাই পাৰ হৈ যোৱা গুলীটোৰ ভয়তহে ই মূৰ্চা গৈছিল। চিকাৰীকেইজনে ভাবিছিল তেওঁলোকে কি কৰা উচিত। তেওঁলোকে সিদ্ধান্ত কৰিছিল যে মহাৰাজাৰ গুলীটো যে লক্ষ্যভ্ৰষ্ট হৈছিল সেইটো তেওঁক জানিবলৈ দিব নালাগে। তেওঁ গম পালে তেওঁলোকৰ চাকৰি যাব।
চিকাৰীকেইজনৰ এজনে এফুট দূৰত্বৰ পৰা বাঘটোলৈ লক্ষ্য কৰিলে আৰু গুলী মাৰিলে। এইবাৰ লক্ষ্যভ্ৰষ্ট নোহোৱাকৈ তেওঁ তাক হত্যা কৰিলে।
তাৰপাছত ৰজাৰ আদেশ অনুসৰি মৃত বাঘটোক শোভাযাত্ৰা কৰি নগৰৰ মাজেৰে লৈ যোৱা হৈছিল আৰু সৎকাৰ কৰা হৈছিল। ইয়াৰ ওপৰত এটা সমাধি স্থাপন কৰা হৈছিল।
কেইদিনমানৰ পাছত মহাৰাজাৰ পুতেকৰ তৃতীয়টো জন্মদিন উদযাপন কৰা হৈছিল। তেতিয়ালৈকে মহাৰাজাই তেওঁৰ মন চিন্তা বাঘ চিকাৰতেই দিছিল। তেওঁৰ উত্তৰাধিকাৰী ৰাজকুমাৰৰ প্ৰতি মনোনিবেশ কৰিবলৈ সময় নাছিল। কিন্তু এতিয়া ৰজাই শিশুটোৰ প্ৰতি মনোযোগ ঘূৰালে। তেওঁৰ জন্মদিনত এটা বিশেষ উপহাৰ দিবলৈ তেওঁ ইচ্ছা কৰিছিল।
প্ৰতিবন্দপুৰমৰ ব্যৱসায়িক স্থানলৈ গৈছিল আৰু প্ৰত্যেকখন দোকান বিচাৰি চলাথ কৰিছিল, কিন্তু তেওঁ একো উপযুক্ত বস্তু পোৱা নাছিল। শেষত এখন পুতলাৰ দোকানত এটা কাঠৰ পুতলা দেখিছিল আৰু সেইটোৱেই উপযুক্ত উপহাৰ বুলি সিদ্ধান্ত কৰিছিল।
কাঠৰ বাঘটোৰ মূল্য প্ৰায় ১৬ পইচা আছিল। কিন্তু দোকানীজনে জানিছিল যে মহাৰাজাক ইমান কম দাম ক'লে তেওঁক জৰুৰীকালীন নিয়মৰ অধীনত শাস্তি দিয়া হ'ব। সেইবাবে তেওঁ কৈছিল," এইটো শিল্পকলাৰ এক দূৰ্লভ চানেকি/নিদৰ্শন। ইয়াৰ দাম ৩০০ টকা।"
"খুব বঢ়িয়া। এইটোৱেই উত্তৰাধিকাৰী ৰাজকুমাৰৰ জন্মদিনৰ বাবে উপহাৰ হওঁক।" ৰজাই কৈছিল আৰু এইটো তেওঁৰ লগত লৈ গৈছিল। সেইদিনা পিতা পুত্ৰই এই সৰু কাঠৰ বাঘটোৰ লগত খেলিলে। এজন অদক্ষ কাঠমিস্ত্ৰীৰ দ্বাৰা এইটো বনোৱা হৈছিল। ইয়াৰ উপৰিভাগ খহটা আছিল; কাঠৰ সৰু সৰু আহ চৰাইৰ ফানৰ নিচিনাকৈ ইয়াৰ ওপৰত আছিল। এই জোঙবোৰৰ এডালে মহাৰাজৰ সোহাতত বিন্ধিছিল। তেওঁ বাওঁহাতেৰে সেইডাল উলিয়াই পেলাইছিল আৰু ৰাজকুমাৰৰ লগত খেল চলাই গৈছিল। পাছদিনা মহাৰাজৰ সোহাতত সংক্ৰমণে দেখা দিছিল। চাৰিদিনত ই পুজ ওলোৱা ফোহালৈ ৰূপান্তৰিত হৈছিল যিটো গোটেই বাহুলৈ বিয়পি গৈছিল।
মাদ্ৰাজৰ পৰা তিনিজন বিখ্যাত শল্য চিকিৎসকক অনা হৈছিল। এটা আলোচনাৰ অন্তত তেওঁলোকে অস্ট্ৰোপচাৰ কৰিবলৈ সিদ্ধান্ত কৰিছিল। অস্ট্ৰোপচাৰ হৈ গৈছিল।
যি তিনিজন চিকিৎসকে অস্ট্ৰোপচাৰটো কৰিছিল, তেওঁলোক কক্ষৰ পৰা ওলাই আহিছিল আৰু ঘোষণা কৰিছিল, "অস্ট্ৰোপচাৰ সফল হ'ল। মহাৰাজা মৰিল।"
এনেদৰেই এশ নম্বৰ বাঘটোৱে মহাৰাজাৰ ওপৰত শেষ প্ৰতিশোধ লৈছিল।
*******সমাপ্ত******


Syllabus of HS Second year English (Prose)

 

Syllabus of HS Second year English (Poetry)


Syllabus of HS Second year English (Supplementary Reader : Vistas)




Mr. Rupjyoti Goswami
Post Graduate Teacher (English)
Bhogeswar Hazarika Girls' Higher Secondary School, Bebejia, Nagaon, Assam.
Email: rupjyotigoswami983@gmail.com
Mobile: 9864425896.
Contact us (whatsapp no-7020477396) for free notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »

2 Comments

Click here for Comments
Mini S
admin
July 10, 2022 at 11:47 AM ×

Sir, your sacrifices don’t go unnoticed.You made this easy to understand. Thanks a lot.

Reply
avatar