-->

Lost spring translated Mr. Rupjyoti Goswami

Lost Spring (হেৰোৱা বসন্ত) by Rupjyoti Goswami PGT (English)

Stories of Stolen Childhood (হেৰোৱা শৈশৱৰ কাহিনী)
Explained by Sri Rupjyoti Goswami PGT (English)
H.N.Seminary Model HS school, Dhubri.


শব্দাৰ্থ (Word meaning):
1. Encounter- come across,meet,লগ পোৱা
2. Scrounge- to seek,বিচৰা, খেপিয়াই ফুৰা
3. garbage dumps- আবৰ্জনাৰ দ'ম
4. swept away- destroyed,তচনচ কৰিছিল, ধ্বংস কৰিছিল
5. hollow- meaningless, valueless,অৰ্থহীন, মূল্যহীন, ফোপোলা
6. glibly- confidently, cleverly, আত্মবিশ্বাসেৰে, বুদ্ধিমত্তাৰে
7. neighbourhood- চুবুৰী
8. embarrassed- annoyed,felt ashamed,লাজ পাইছিল, হাৰাশাস্তি খাইছিল
9. abound in- found in large number or amount,full of something,পৰ্যাপ্ত, সহজতে পোৱা
10. bleak- dull,insipid,নিৰস
11. Unaware of- without knowledge,নজনাকৈ
12. Shuffle- drag or move feet,ভৰি চোচৰোৱা বা লৰচৰ কৰা
13. walk barefoot- খালী ভৰিৰে খোজকঢ়া
14. excuse- pretext,অজুহাত
15. a perpetual state of poverty- দাৰিদ্ৰতাৰ এক নিৰবচ্ছিন্ন অবস্থা
16. drowned in an air of desolation- পৰিত্যক্ততাৰ পৰিবেশত নিমজ্জিত হৈছিল
17. arrived panting- ফোপাই জোপাই আহি পাইছিল
18. rag-picker- জাবৰ খোচৰোতা
19. acquaintance- চা-চিনাকি, পৰিচয়
20. periphery- দাতিকাষৰীয়া
21. squatters- অবৈধ দখলকাৰী বা অনুপ্ৰৱেশকাৰী
22. wilderness- বৰ্জিত স্থান, চন পৰা মাটি
23. tarpaulin- টিৰপাল
24. devoid of sewage, drainage- নলা নৰ্দমা আৰু বৰ্জনীয় বস্তু নিষ্কাশনৰ ব্যৱস্থা নথকা
25. tattered saris- ফটা চিটা শাৰী
26. pitch their tents- তম্বু তৰে
27. partners in survival- জীৱনধাৰণৰ অংশীদাৰ
28. acquired- আহৰণ কৰিছিল
29. proportions of a fine art- সুকুমাৰ কলাৰ মৰ্যাদা
30. wrapped in wonder- ৰহস্যাবৃত
31. the swing- দোলনা
32. discarded shoes- পেলনীয়া জোতা
33. canister- চাহ গাখীৰ কঢ়িওৱা জগ
34. carefree look- সজল চাৱনি, চিন্তা ক্লেশমুক্ত চাৱনি
35. insists on- জোৰ দিয়া
36. looms like a mirage- এটা মৰিছীকাৰ নিচিনাকৈ দেখা দিয়ে
37. bangles- খাৰু
38. furnaces- জুইশাল
39. weld- জ্বালাই কৰা
40. dingy- লেতেৰা, অপৰিষ্কাৰ
41. stinking lanes choked with garbage- জাবৰভৰ্তি দূৰ্গন্ধময় গলি
42. hovels- লেতেৰা জুপুৰি ঘৰ
43. crumbling walls- উৱঁলি যোৱা বেৰ
44. wobbly doors- সোলোক ঢোলোক বা ধলং পলং দুৱাৰ
45. Coexisting in a Primeval state- আদিম অবস্থাত সহাবস্থান কৰা
46. vessel of sizzling spinach leaves- গৰম হৈ উতলি থকা পালেংশাকৰ পাত্ৰ
47. platters- থালি বা থাল
48. chopped vegetables- কাটি থোৱা শাকপাচলি
49. frail- weak,দূৰ্বল
50. command respect- earn respect,সন্মান আহৰণ কৰা
51. withdraws- goes away,পিছুৱাই যোৱা, আতৰি যোৱা
52. impoverished- poor, দৰিদ্ৰতাই কোঙা কৰা
53. despite- in spite of, স্বত্বেও
54. god-given lineage- ইশ্বৰপ্ৰদত্ত বংশ পৰম্পৰা
55. purple- dark red,কজলা
56. unkempt yards- বিশৃংখল চোতাল
57. shanty town- সৰু অবহেলিত চহৰ
58. flickering oil lamps- ঢিমিকঢামাক কৰি থকা তেলৰ চাকি
59. solder- জোৰা লগোৱা
60. sanctity- sacredness,পবিত্রতা
61. auspicious- শুভ, মংগলময়
62. It will dawn on her suddenly- এইটো তাইৰ মনলে হঠাৎ আহিব
63. bride- কন্যা
64. a voice drained of joy- আনন্দৰহিত কন্ঠশ্বৰ
65. echo- প্ৰতিধ্বনিত কৰা
66. lament- sorrow, sadness,দুখ
67. mind-numbing toil- মন বুদ্ধি কোঙা কৰা পৰিশ্ৰম
68. vicious- cruel,violent, নিষ্ঠুৰ, উগ্ৰ
69. haul up- চোচোৰাই নিয়া
70. apathy- lack of interest,অমনোযোগিতা, আলস্য, উদাসীনতা
71. stigma- কলংক,অপবাদ
72. hurtle- to move at very high speed, দ্ৰুতগতিত যোৱা
73. firewood stove- খৰিৰ চৌকা

Part I (Sometimes I find a Rupee in the garbage:কেতিয়াবা মই জাবৰৰ মাজত পইচা পাওঁ)
"তুমি কিয় এই কাম কৰা?", মই চাহেবক সোধো, যাক মই প্ৰত্যেক ৰাতিপুৱাই মোৰ চুবুৰীটোৰ আবৰ্জনাৰ দ'মবোৰত সোন (পইচা) খুচৰি থাকোতে লগ পাওঁ। চাহেবে বহু আগতেই তাৰ ঘৰ এৰি আহিছিল। ঢাকাৰ সেউজীয়া পথাৰবোৰৰ মাজত অবস্থিত তাৰ ঘৰটো আনকি এতিয়াও অতীত স্মৃতি হৈ যোৱা নাই। তাৰ মাকে তাক কয়, বহুত ধুমুহা হৈছিল যিবোৰে সিহঁতৰ পথাৰ আৰু ঘৰ তচনচ কৰিছিল (swept away)। সেইবাবে সিহঁতে যিখন ডাঙৰ চহৰত এতিয়া বাস কৰে তাত সোনৰ সন্ধান কৰি নিজৰ ঘৰ ত্যাগ কৰিছিল।
"মোৰ কৰিবলগীয়া একোৱেই নাই", সি বেলেগ এফালে চাই বিৰবিৰাই কয়।
"বিদ্যালয়লৈ যোৱা", মই বেপৰোৱাভাবে কওঁ, তাৎক্ষণিকভাবে উপলব্ধি কৰো এই উপদেশটো। শুনিবলৈ কিমান ফোপোলা (অন্ত:সাৰশূণ্য)।
"মোৰ চুবুৰীটোত কোনো বিদ্যালয় নাই। তেওঁলোকে যেতিয়া বনাব,মই নিশ্চয় যাম"।
"যদি মই এখন বিদ্যালয় আৰম্ভ কৰোঁ, তুমি আহিবানে?", মই আধা ধেমালি কৰি সোধো।
"হয়",ডাঙৰকৈ মিচিকিয়াই হাঁহি সি কয়।
কেইদিনমানৰ পাচত তাক মোৰ ওচৰলৈ দৌৰি অহা দেখোঁ। "আপোনাৰ বিদ্যালয়খন সাজু হ'লনে?"
"বিদ্যালয় এখন নিৰ্মাণ কৰিবলৈ সময় লাগে", ৰাখিম বুলি নভবা প্ৰতিশ্ৰুতি এটা দি লাজ পাই মই কওঁ। কিন্তু তাৰ নিৰানন্দ জগতখনৰ (bleak world) চুকে কোণে মই দিয়াৰ নিচিনা প্ৰতিশ্ৰুতিবোৰ সহজতে পোৱা যায়।
তাক চিনি পোৱাৰ কেইমাহমানৰ পাছত, মই তাক তাৰ নামটো সোধো। "চাহেব-ই-আলম", সি ঘোষণা কৰে। ইয়াৰ অৰ্থ কি সি নাজানে। যদি সি ইয়াৰ অৰ্থ জানিলেহেতেন—বিশ্ব ব্ৰহ্মান্ডৰ গৰাকী—এইটো বিশ্বাস কৰোঁতে তাৰ বহুত কষ্ট হ'লহেতেন। তাৰ নামটোৱে কি বুজাই সেইটো নজনাকৈয়ে সি বন্ধুবৰ্গৰ লগত ঘূৰি ফুৰে, খালিভৰিৰে থকা এজাক ল'ৰা যিবোৰে ৰাতিপুৱাৰ চৰাইবোৰৰ দৰে দেখা দিয়ে আৰু দুপৰীয়া হ'লে নাইকিয়া হয়। কেইমাহমানৰ ভিতৰতে মই সিহঁতৰ প্ৰত্যেককে চিনি পোৱা হ'লো।
"তুমি কিয় চেন্দেল পিন্ধি থকা নাই?", মই এজনক সোধো।
"মোৰ মায়ে সেইজোৰ চেল্ফৰ পৰা নমাই দিয়া নাছিল", সি সহজতে উত্তৰ দিয়ে।
"আনকি তেখেতে নমাই দিলেও, সি দলিয়াই পেলাই দিব", অন্য এটা ল'ৰাই কয়, যি পিন্ধিথকা জোতাযোৰ ভালকৈ খাপ খোৱা নাই। যেতিয়া মই এই বিষয়ে মন্তব্য কৰোঁ, সি ভৰিখন আতৰাই নিয়ে। "মোক জোতা লাগে", তৃতীয় এটা ল'ৰাই কয় যি জীৱনত কেতিয়াও এজোৰ জোতাও পোৱা নাই। দেশত ভ্ৰমণ কৰি থাকোঁতে নগৰ আৰু গাৱলীয়া ৰাস্তাত খালীভৰিৰে খোজকাঢ়ি থকা ল'ৰাছোৱালীবোৰ দেখিছোঁ। ইয়াৰ এটা ব্যাখ্যা হ'ল, এইটো ধনৰ অভাবৰ বাবে নহয় কিন্তু খালীভৰিৰে থকাৰ এটা পৰম্পৰা। মই ভাবি আচৰিত হওঁ দৰিদ্ৰতাৰ এটা নিৰবচ্ছিন্ন ধাৰাক গুৰুত্বহীন কৰাৰ এইটো এটা অজুহাত নেকি।
উদিপিৰ এজন মানুহে কোৱা এটা কাহিনী মোৰ মনত পৰে। ল'ৰা হিচাপে তেওঁ বিদ্যালয়লৈ যাওঁতে এটা পুৰনা মন্দিৰ পাৰ হৈ গৈছিল, য'ত তেওঁৰ দেউতাক এজন পুজাৰী আছিল। তেওঁ মন্দিৰত ক্ষন্তেক ৰৈছিল আৰু এজোৰ জোতাৰ বাবে প্ৰাৰ্থনা কৰিছিল। ত্ৰিশ বছৰৰ পাছত মই তেওঁৰ চহৰখন আৰু মন্দিৰটো পৰিদৰ্শন কৰিছিলোঁ, যিটো এতিয়া পৰিত্যক্ততাৰ পৰিবেশত নিমজ্জিত আছিল। পিচ চোতালত, য'ত নতুন পুজাৰীজন বাস কৰিছিল, তাত বহুতো ৰঙা আৰু বগা প্লাষ্টিক চকী আছিল। ধোৱাবৰণীয়া গণবেশ আৰু জোতা মোজা পৰিহিত এটা সৰু ল'ৰা ফোপাই জোপাই আহি পাইছিল আৰু এখন ফ'ল্ডিং বিচনালৈ তেওঁৰ বিদ্যালয়ৰ বেগটো দলিয়াই দিছিল। ল'ৰাটোলৈ চাই থাকোতে অন্য এটা ল'ৰাই শেষত জোতা এজোৰ পোৱাৰ পাছত দেবীলৈ কৰা প্ৰাৰ্থনাটো মোৰ মনত পৰিছিল। "এই জোতাযোৰ যাতে কাহানিও নেহেৰায়"। দেবীয়ে তেওঁৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিছিল। পুৰোহিতজনৰ পুতেকৰ নিচিনা সৰু ল'ৰাবোৰে আজিকালি জোতা পিন্ধিছে। কিন্তু মোৰ চুবুৰীটোত থকা জাবৰ খোচৰা অন্যান্য বহুতো আজিও জোতাহীন হৈ আছে।
খালিভৰিৰে এই জাবৰ খোচৰা ল'ৰাবিলাকৰ লগত হোৱা মোৰ চিনাকিয়ে মোক দিল্লীৰ দাতিকাষৰীয়া কিন্তু উন্নতিৰ ফালৰ পৰা বহুত দূৰত থকা চিমাপুৰি নামৰ এখন ঠাইলৈ লৈ যায়। যিসকলে ইয়াত বাস কৰে, তেওঁলোক ১৯৭১ চনত বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰী। চাহেবৰ পৰিয়ালটোও তাৰ মাজৰে এটা। চিমাপুৰি তেতিয়া এখন চনপৰা অসাৰুৱা ভূখন্ড আছিল। এতিয়াও একেই আছে, কিন্তু খালী হৈ থকা নাই। 

      বোকাৰে নিৰ্মিত অবয়ববোৰত, টিনপাত আৰু টিৰপালৰ মুধচেৰে, নলা-নৰ্দমা, আবৰ্জনা নিষ্কাশনৰ ব্যৱস্থা আৰু চলন্ত পানী নোহোৱাকৈয়ে তাত ১০০০০ জাবৰ খোচৰা মানুহ বাস কৰে। কোনো পৰিচয় আৰু অনুমতি অবিহনে তেওঁলোক ইয়াত প্ৰায় ৩০ বছৰতকৈও বেছি সময় বাস কৰিছে, কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে তেওঁলোকৰ নাম ভোটাৰ তালিকাত সোমায় আৰু তেওঁলোকক খাদ্য শস্য কিনিবলৈ সমৰ্থ কৰে। জীৱনধাৰণৰ বাবে এটা পৰিচয়তকৈও খাদ্যহে বেছি আবশ্যকীয়। "যদি দিনটোৰ শেষত আমি পৰিয়ালটোক খুৱাব পাৰো আৰু পেটৰ বেদনা নোহোৱাকৈ বিচনাত উঠিব পাৰোঁ, আমি সেই শস্য নিদিয়া পথাৰবোৰতকৈ ইয়াতেই বাস কৰিম", ফটাচিটা শাৰী পিন্ধা এদল মহিলাই কৈছিল যেতিয়া মই তেওঁলোকক সোধো যে কিয় তেওঁলোকে সেউজীয়া পথাৰ আৰু নদ-নদী থকা সুন্দৰ ঠাইখন এৰি আহিছিল। য'তেই তেওঁলোকে খাদ্য পায় তাতেই তেওঁলোকৰ তম্বু তৰে, যিবোৰ অস্থায়ী ঘৰত পৰিণত হয়। জীৱনসংগ্ৰামৰ অংশীদাৰ হৈ ল'ৰাছোৱালীবোৰ তাতেই ডাঙৰ হয়। আৰু চিমাপুৰিত জীৱনধাৰণ মানে জাবৰ খোচৰা। বছৰ বাগৰি ই এটা সুকুমাৰ কলাৰ মৰ্য্যদা আহৰণ কৰিছে। তেওঁলোকৰ বাবে জাবৰ হ'ল সোণ। এইটো হ'ল তেওঁলোকৰ দৈনন্দিন আহাৰ, মুৰৰ ওপৰৰ এখন চাল, আনকি যদিও চালখনৰ ফুটাইদি পানী পৰে। কিন্তু এটা শিশুৰ বাবে ইয়াৰ (জাবৰৰ)মূল্য তাতোকৈও বেছি।
      "মাজেসময়ে মই এটা টকা পাও, আনকি দহটকীয়া নোটো", চিকমিকাই থকা চকুৰে চাহেবে কয়। যদি তুমি জাবৰৰ দ'ম এটাত এটা ৰূপৰ মুদ্ৰা পাব পাৰা, তুমি বিচৰা বন্ধ নকৰা কাৰন আৰু পোৱাৰ আশা আছে। এনে লাগে যেন ল'ৰাছোৱালীয়ে পোৱা আবৰ্জনাৰ অৰ্থটো মাক দেউতাকে বুজি পোৱা অৰ্থতকৈ বেলেগ। ল'ৰাছোৱালীৰ কাৰণে ই ৰহস্যত আবৃত, মাক দেউতাকৰ বাবে জীৱিকাৰ উপায়। শীতকালৰ এদিন ৰাতিপুৱা মই চাহেবক ওচৰৰ ক্লাবটোৰ ফেন্সিং দিয়া গেটখনৰ ওচৰত থিয় হৈ বগা পোছাক পৰিহিত দুজন ল'ৰাৰ মাজত হোৱা টেনিছ খেল চাই থকা দেখো। "মই খেলখন ভাল পাও", ফেন্সিংৰ বাহিৰত থিয় হৈ খেল চাই সন্তুষ্ট থকা চাহেবে ভুনভুনায়। "কোনো নাথাকিলে মই ভিতৰলৈ যাওঁ", সি স্বীকাৰ কৰে। "গেটৰখীয়াজনে মোক দোলনা ব্যৱহাৰ কৰিবলৈ দিয়ে"।
        চাহেবেও টেনিছ জোতা পিন্ধি আছে যিজোৰ তাৰ ৰঙ যোৱা কামিজ আৰু হাফপেন্টৰ সৈতে অদ্ভুত লাগিছে। "কোনোবাই মোক এইজোৰ দিছিল," সি ব্যাখ্যাৰ সুৰত কয়। এই কথাটো যে সেইজোৰ কোনোবা চহকী ঘৰৰ ল'ৰাৰ পেলনীয়া জোতা, যি সম্ভৱত এপাতত ফুটা থকাৰ কাৰণে পিন্ধিবলৈ অস্বীকাৰ কৰিছিল, এইটোৱে চাহেবক আমনি নকৰে। যিজনে সদায় খালী ভৰিৰে খোজকাঢ়ি আহিছে, আনকি ফুটা থকা জোতা এযোৰো এটা সপোন বাস্তৱ হোৱাৰ নিচিনা। কিন্তু যিখন খেল সি ইমান আগ্ৰহেৰে চাই আছে, সেইখন তাৰ সাধ্যৰ বাহিৰত।
        আজি ৰাতিপুৱা চাহেব গাখীৰৰ দোকানখনলৈ গৈ আছে। তাৰ হাতত ষ্টীলৰ এটা জগ। "মই আজিকালি ৰাস্তাটোৰ শেষত এখন চাহদোকানত কাম কৰো", দূৰলৈ আঙুলিয়াই সি কয়। "মোক ৮০০ টকা আৰু সকলো খোৱা-বোৱা দিয়া হয়"। সি কামটো ভাল পাইছেনে? মই তাক সোধো। তাৰ মুখখনে, মই লক্ষ্য কৰিছোঁ, সেই চিন্তামুক্ত চাৱনিটো হেৰুৱালে। প্লাষ্টিকৰ বেগটো যিটো সি অনায়াসে কান্ধত লৈ ফুৰিছিল, তাতকৈ ষ্টীলৰ জগটো বেছি গধুৰ যেন লাগিছে। বেগটো তাৰ আছিল। জগটো চাহ দোকানৰ মালিকজনৰ। চাহেব আৰু নিজৰ গৰাকী/মালিক হৈ থকা নাই।

Part II (I want to drive a car)
       মুকেশে নিজে নিজৰ মালিক হোৱাত জোৰ দিয়ে। "মই এজন গাড়ী মেকানিক হ'ম", তেওঁ ঘোষণা কৰে।
"তুমি গাড়ীৰ বিষয়ে কিবা জানানে?", মই সোধো।
"মই গাড়ী চলাবলৈ শিকিম", মোৰ চকুলৈ পোনে পোনে চাই তেওঁ উত্তৰ দিয়ে। খাৰুৰ কাৰণে বিখ্যাত ফিৰোজাবাদ চহৰৰ ৰাস্তাবোৰ পুৰ কৰি ৰখা ধুলিবোৰৰ মাজেৰে তাৰ সপোনটো মৰিছীকাৰ দৰে প্ৰবল হয়। ফিৰোজাবাদৰ অন্য প্ৰত্যেকটো পৰিয়ালেই খাৰু নিৰ্মাণৰ লগত জড়িত। এইটো ভাৰতবৰ্ষৰ কাচৰ সামগ্ৰী নিৰ্মাণৰ কেন্দ্ৰবিন্দু য'ত পৰিয়ালবোৰে ইটো প্ৰজন্মৰ পাছত সিটোৱে কাচ জ্বালাই কৰি, গোটেই ভূখন্ডৰ মহিলাসকলৰ বাবে খাৰু তৈয়াৰ কৰি জুইশালৰ কাষত সময় অতিবাহিত কৰিছে।


         মুকেশৰ পৰিয়ালটোও তাৰ মাজৰে এটা। তেওঁলোকৰ কোনেও নাজানে যে বায়ু আৰু পোহৰ সোমাব নোৱাৰা অন্ধকাৰ, সৰু কুঠৰীৰ উচ্চ উষ্ণতাৰ জুইশালত কাচৰ কাম কৰাটো তেওঁৰ দৰে শিশুসকলৰ কাৰনে বেআইনী/অবৈধ; যে যদিহে আইন বলবৎ কৰা হয় সেই উতপ্ত জুইশালবোৰত দিনৰ সময়ছোৱা পাৰ কৰি প্ৰায়েই চকুৰ উজ্জ্বলতা হেৰুওৱা সেই ২০০০০ শিশুৰ লগতে তাকো মুক্ত কৰিব পৰা যাব। মুকেশে যেতিয়া মোক তাৰ ঘৰলৈ নিবলৈ আগবাঢ়ি আহে তাৰ চকুৱে চিকমিকাই, তাৰ ঘৰটো পুনৰ নিৰ্মাণ কৰি থকা বুলি সি গৰ্বেৰে কয়। আবৰ্জনাৰে ঠাহ খাই থকা দুৰ্গন্ধময় গলিয়েদি আমি খোজকাঢ়ি যাওঁ, কিছুমান ঘৰ পাৰ হওঁ যিবোৰ উৱলি যোৱা বেৰ, সোলোক ঢোলোক দুৱাৰ, খিৰিকীবিহীন, মানুহ আৰু জীৱজন্তৰ পৰিয়াল থুপ খাই এটা আদিম অবস্থাত সহাবস্থান কৰাৰ ফলত লেতেৰা জুপুৰি ঘৰলৈ পৰ্য্যবসিত হৈছে। এনেকুৱা এটা ঘৰৰ দুৱাৰমুখত সি ৰয়, এখন সোলোক ঢোলোক লৌহ দুৱাৰত ভৰিৰে গোৰ মাৰি দিয়ে আৰু ঠেলামাৰি খোলে। এটা অৰ্ধনিৰ্মিত জুপুৰিত আমি প্ৰবেশ কৰো। শুকান মৰা ঘাহেৰে চাল বনোৱা ইয়াৰ এটা অংশত এটা খৰিৰ চৌকা আছে যাৰ ওপৰত উতলা পালেংশাক ৰখা এটা ডাঙৰ বাচন আছে। মাটিত ডাঙৰ এলুমিনিয়ামৰ থালিত কাটি থোৱা আৰু পাচলি আছে। এগৰাকী দূৰ্বল গাভৰু তিৰোতাই গোটেই পৰিয়ালটোৰ বাবে আবেলিৰসাজ আহাৰ ৰান্ধি আছে। ধোঁৱা সোমাই থকা চকুৰেই তেওঁ মিচিকিয়াই হাহে। তেওঁ হ'ল মুকেশৰ ককায়েকৰ পত্নী। বয়সত বেছি ডাঙৰ ন'হলেও ঘৰৰ তিনিজন মানুহ—গিৰিয়েক, মুকেশ আৰু শহৰেকৰ দায়িত্ব লৈ আৰু ঘৰখনৰ বোৱাৰী হিচাপে তেওঁ সন্মান আহৰণ কৰিবলৈ আৰম্ভ কৰিছে। জেষ্ঠ ব্যক্তিজন যেতিয়া প্ৰবেশ কৰে, তাই নম্ৰতাৰে ভগা বেৰখনৰ পাছফালে আতৰি যায় আৰু তাইৰ ওৰণিখন মুখৰ ওচৰলৈ লৈ আহে। ৰীতি-নীতিয়ে বিচৰামতে, বোৱাৰীসকলে জেষ্ঠ পুৰুষসকলৰ সন্মুখত তেওঁলোকৰ মুখ ঢাকি ৰাখিব লাগে। এইক্ষেত্ৰত জেষ্ঠজন হ'ল দৰিদ্ৰতাত জুৰুলা এজন খাৰু নিৰ্মাতা। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ পাছতো, প্ৰথমতে এজন দৰ্জী হিচাপে আৰু পাছত এজন খাৰু নিৰ্মাতা হিচাপে, তেওঁ ল'ৰাছোৱালীক বিদ্যালয়লৈ পঠিওৱা আৰু ঘৰটো মেৰামতি কৰাত ব্যৰ্থ হৈছে। তেওঁ যি কৰিবলৈ সমৰ্থ হৈছে সেয়া হ'ল তেওঁ যি জানে সেইটো শিকোৱা—খাৰু নিৰ্মাণৰ কলা।


       "এইয়া তেওঁৰ কৰ্ম, তেওঁৰ ভাগ্য", মুকেশৰ আইতাকে কয়, যি তেওঁৰ নিজৰ গিৰিয়েকক কাচ মিহি কৰি থাকোতে অহা ধুলিত অন্ধ হোৱা দেখিছে। "ইশ্বৰপ্ৰদত্ত এটা বংশ পৰম্পৰা জানো নেওচা দিব পাৰি?", তেওঁ ব্যাখ্যা কৰে। খাৰু নিৰ্মাতাৰ জাতত জন্ম হৈ তেওঁলোকে খাৰুৰ বাহিৰে একো দেখা নাই—ঘৰত, চোতালত, প্ৰত্যেক ঘৰত, প্ৰত্যেকখন চোতালত, ফিৰোজাবাদৰ প্ৰত্যেকটো ৰাস্তাত। ৰামধেনুৰ সাতোটো ৰঙৰ পৰা উৎপত্তি হোৱা বাৰেবৰণীয়া খাৰুৰ কুন্ডলীবোৰ (সোনালী সুৰুজবৰনীয়া, সেউজীয়া ধানসদৃশ, ৰাজকীয় নীলা, গুলপীয়া, কজলা) বিশৃংখল চোতালত দ'ম হৈ পৰি থকাৰ পৰাই চাৰিচকীয়া ঠেলাত জাপি দিয়া হয় আৰু সৰু চহৰখনৰ ঠেক গলিয়েদি ডেকা ল'ৰাবোৰৰ হতুৱাই ঠেলি নিয়া হয়। আৰু অন্ধকাৰ জুপুৰিত ঢিমিকঢামাক কৰি থকা তেলৰ চাকিৰ পোহৰত ল'ৰা ছোৱালীবোৰে মাক দেউতাকৰ সৈতে বহি ৰঙীন কাচবোৰ জ্বালাই কৰি খাৰুলৈ ৰূপান্তৰ কৰে। বাহিৰৰ পোহৰতকৈও আন্ধাৰতহে তেওঁলোকৰ চকুবোৰ বেছি অভ্যস্ত। সেইকাৰণেই প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই তেওঁলোকে দৃষ্টিশক্তি হেৰুৱাই পেলায়।


        শেতা গুলপীয়া পোছাক পৰিহিত সবিতা নামৰ এজনী সৰু ছোৱালীয়ে এগৰাকী বয়োজেষ্ঠ মহিলাৰ কাষত বহি কাচৰ টুকুৰাবোৰ গলাই যায়। যেতিয়া তাইৰ হাতদুখন মেচিনৰ হাতোৰাৰ দৰে যান্ত্ৰিকভাবে ঘূৰে, মই ভাবি আচৰিত হও যি খাৰু বনোৱাত তাই সহায় কৰিছে তাৰ পবিত্ৰতা জানেনে। ই এগৰাকী ভাৰতীয় মহিলাৰ সুহাগ,বিবাহৰ মাংগলিকতাক প্ৰতিকী ৰূপত বুজায়। এইটো এদিন তাইৰ মনলৈ নিজে নিজে আহিব যেতিয়া তাইৰ মুৰটো ৰঙা ওৰণিৰে ঢাকি দিয়া হ'ব,হাতত হেনাৰ প্ৰলেপ দিয়া হ'ব আৰু ৰঙা খাৰু তাইৰ হাতৰ ঠাৰিত পিন্ধাই দিয়া হ'ব। তাই তেতিয়া এগৰাকী কইনা হ'ব। ঠিক তাইৰ কাষত থকা বৃদ্ধ মহিলাগৰাকীৰ দৰে, যি বহুত বছৰৰ আগতে এনেকুৱা ৰূপ লৈছিল। তেওঁৰ হাতৰ ঠাৰিত এতিয়াও খাৰু আছে, কিন্তু চকুত উজ্জ্বলতা নাই। এটা আনন্দৰহিত কন্ঠেৰে (in a voice drained of joy) তেওঁ কয়, "এবাৰো পেট ভৰাই খানা খোৱা নাই"। তেওঁ গোটেই জীৱনত এবাৰো পেট ভৰাই এসাঁজ খোৱা নাই—তেওঁ এই পৰিনামেই ভূগিছে! তেওঁৰ গিৰিয়েক, উৰি থকা ডাঢ়িৰে এজন বৃদ্ধ ব্যক্তি, তেওঁ কয়, "মই খাৰুৰ বাহিৰে একো চিনি নাপাওঁ। মই যি কৰিছোঁ সেয়া হ'ল পৰিয়ালটো থাকিবৰ কাৰণে এখন ঘৰ বনোৱা"।


           তেওঁৰ কথা শুনি যিকোনো এজন ব্যক্তিয়েই ভাবি আচৰিত হ'ব তেওঁ সেইটো আহৰণ কৰিছেনে যিটো বহুতে জীৱনকালটোত আহৰণ কৰাত ব্যৰ্থ হৈছে। তেওঁৰ মুৰৰ ওপৰত এখন মুধচ আছে! খাৰু বনোৱাৰ ব্যৱসায়টো চলাই নিয়াৰ বাহিৰে বেলেগ কিবা এটা কৰিবৰ বাবে ধন নথকা, আনকি পৰ্যাপ্ত খাবলৈ নোপোৱাৰ আৰ্তনাদটো প্ৰত্যেকখন ঘৰতেই ভাহি উঠে। ডেকা মানুহবিলাকেও তেওঁলোকৰ জেষ্ঠসকলৰ দুখ দুৰ্দশা প্ৰতিফলিত কৰে। এনেকুৱা লাগে যেন ফিৰোজাবাদত সময়ৰ লগত খাপ খুৱাই একোৱেই আগবঢ়া নাই। বছৰজোৰা মন অকামিলা কৰা পৰিশ্ৰমে মানুহৰ সপোন দেখাৰ সাৰ্মথ্য আৰু উৎসাহক হত্যা কৰিছে। "তোমালোকে নিজকে কিয় সমবায় হিচাপে সংগঠিত নকৰা?", মই এদল ডেকাল'ৰাক সোধো যি মধ্যভোগীৰ এটা নিষ্ঠুৰ চক্ৰৰ জালত পৰিছে যিটোৱে তেওঁলোকৰ দেউতাক আৰু ককাসকলক জালত ফচাইছিল। "আনকি আমি যদি সংগঠিত হও, আমাকেই পুলিচৰ দ্বাৰা চোচৰাই নিব, পিটিব আৰু কিবা এটা বেআইনী কৰা বুলি কাৰাগাৰলৈ টানি আজুৰি নিব", তেওঁলোকে কয়। তেওঁলোকৰ মাজত কোনো নেতা নাই যি তেওঁলোকক কথাবিলাক বেলেগকৈ চোৱাত সহায় কৰিব পাৰিব। তেওঁলোকৰ দেউতাকসকলো তেওঁলোকৰ নিচিনাই ক্লান্ত। তেওঁলোকে কুন্ডলী পকাই বিৰামহীনভাবে কথা কৈ যায় যিবোৰ দৰিদ্ৰতা, উদাসীনতাৰ পৰা লোভ আৰু অন্যায়ৰ মাজত ঘুৰি ফুৰে। তেওঁলোকৰ কথা মনদি শুনি মই দুখন পৃথক জগত দেখা পাওঁ—দৰিদ্ৰতাৰ জালত ফচি থকা এটা পৰিয়াল যিটো নীচ জাতিত জন্ম হোৱা কলংকৰ বোজাৰেও ভাৰাক্ৰান্ত; অন্যখন হ'ল চাহুকাৰ, মধ্যভোগী, আৰক্ষী, আইনৰ ৰক্ষক, আমোলাসকল আৰু ৰাজনৈতিক নেতাসকলৰ এটা নিষ্ঠুৰ চক্ৰ। তেওঁলোকে একেলগে শিশুটোৰ ওপৰত এনেকুৱা এটা বোজা আৰোপ কৰিছে যিটো তেওঁ নমাই থ'ব নোৱাৰে। তেওঁ সজাগ হোৱাৰ আগতেই দেউতাকৰ দৰে ইয়াক স্বাভাৱিকভাবে গ্ৰহণ কৰে। অন্য কিবা কৰা মানে দু:সাহস কৰা। আৰু দু:সাহস কৰাটো তেওঁৰ লালন পালনৰ অংশ নহয়। যেতিয়া মই মুকেশৰ মাজত এই সাহসৰ এপলক দেখা পাও, মই আনন্দিত হওঁ। "মই গাড়ী মেকানিক হ'ব বিচাৰোঁ", তেওঁ পুনৰ কয়। তেওঁ এটা গেৰেজলৈ যাব আৰু শিকিব। কিন্তু গেৰেজটো তেওঁৰ ঘৰৰ পৰা বহুত দুৰত। "মই খোজকাঢ়ি যাম", তেওঁ জোৰ দিয়ে। "তুমি উৰাজাহাজ চলোৱাৰো সপোন দেখা নেকি?" তেওঁ হঠাৎ নিৰৱ হৈ যায়। "নেদেখো", মাটিলৈ একেথৰে চাই তেওঁ কয়। তেওঁৰ সৰু ভুনভুননিত এটা অশান্তি আছে যিটো এতিয়াও অনুশোচনালৈ পৰিণত হোৱা নাই। তেওঁৰ চহৰখনৰ ৰাস্তাত তীব্ৰগতিত অহা গাড়ীবিলাকৰ সপোন দেখিয়েই তেওঁ সন্তুষ্ট। ফিৰোজাবাদৰ ওপৰেৰে উৰাজাহাজ নুৰাৰ নিচিনাই।

       ***সমাপ্ত***


Syllabus of HS Second year English (Prose)

 

Syllabus of HS Second year English (Poetry)


Syllabus of HS Second year English (Supplementary Reader : Vistas)



Mr. Rupjyoti Goswami
Post Graduate Teacher (English)
Bhogeswar Hazarika Girls' Higher Secondary School, Bebejia, Nagaon, Assam.
Email: rupjyotigoswami983@gmail.com
Mobile: 9864425896.
Contact us (whatsapp no-7020477396) for free notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »