-->

The Enemy translated by Mr. Rupjyoti Goswami

The Enemy translated by Mr. Rupjyoti Goswami


Part-I (Pages-24, 25)
"Dr. Sadao Hoki's house was built .......... he would love her if it were at all possible."
ডক্টৰ চাদাও হকিৰ ঘৰটো জাপানৰ সামুদ্ৰিক উপকূলৰ এনেকুৱা ঠাইত নিৰ্মাণ কৰা হৈছিল, য'ত চাদাওৱে এটা সৰু ল'ৰা হিচাপে প্ৰায়েই খেলিছিল। চাপৰ আৰু বৰ্গক্ষেত্ৰাকাৰ ঘৰটো হাউলি থকা পাইন গছেৰে দৃশ্যমান কৰি ৰখা এটা ঠেক সামূদ্ৰিক উপকূলৰ যথেষ্ট ওপৰত বনোৱা হৈছিল। ল'ৰা হৈ থাকোতে খালি ভৰিৰে খোপনি পুতি পুতি তেওঁ পাইন গছবোৰ বগাইছিল কাৰণ তেওঁ দক্ষিণ সাগৰৰ লোকসকলে সেইধৰণেৰে নাৰিকল গছ বগোৱা দেখিছিল। তেওঁৰ দেউতাকে সেই সাগৰবিলাকৰ সমীপবৰ্তী দ্বীপসমূহলৈ তেওঁক প্ৰায়েই লৈ গৈছিল আৰু কাষত থকা সৰু সাহসী ল'ৰাটোক কেতিয়াও এষাৰ কথা নোকোৱাকৈ থকা নাছিল, "তাত থকা সেই দ্বীপবিলাক, সেইবোৰ জাপানৰ ভবিষ্যত উন্নতিৰ খটখটি। চাদাওৱে গম্ভীৰভাবে সুধিছিল, "আমি তাৰপৰা ক'লৈ বগাম? "কোনে জানে?" তেওঁৰ দেউতাকে উত্তৰ দিলে।"আমাৰ ভবিষ্যত কোনে সীমাবদ্ধ কৰিব পাৰে? এইটো নিৰ্ভৰ কৰে আমি কি কৰো।"

       চাদাওৱে এই কথাষাৰ তেওঁৰ মনত সুমুৱাই লৈছিল যেনেকৈ তেওঁ দেউতাকে কোৱা প্ৰত্যেকটো কামেই কৰিছিল, কাৰন তেওঁৰ দেউতাকে তেওঁৰ লগত কেতিয়াও ব্যংগ বা ধেমালি কৰা নাছিল কিন্তু তেওঁ একমাত্ৰ পুতেকৰ বাবে সীমাহীন কষ্ট কৰিছিল। চাদাওৱে জানিছিল যে তেওঁৰ শিক্ষাদীক্ষাই দেউতাকৰ মূল চিন্তাৰ বিষয় আছিল। এইবাবেই তেওঁক বাইশ বছৰ বয়সতে আমেৰিকালৈ পঠোৱা হৈছিল যাতে তেওঁ শল্য চিকিৎসা আৰু ঔষধ সম্বন্ধে সকলো কথা শিকিব পাৰে। ত্ৰিশ বছৰ বয়সত তেওঁ ওভতি আহিছিল আৰু তেওঁৰ দেউতাকে মৃত্যুৰ আগতেই তেওঁক এজন শল্য চিকিৎসক আৰু বিজ্ঞানী হিচাপে বিখ্যাত হোৱা দেখিবলৈ পাইছিল। চাদাওক সৈন্যসকলৰ লগত বাহিৰলৈ পঠোৱা হোৱা নাছিল কাৰণ তেওঁ এটা আবিষ্কাৰ সম্পূৰ্ণ কৰাৰ পথত আছিল, যাৰ যোগেদি দেহত হোৱা ঘা সম্পূৰ্ণকৈ শুকাই দিব পৰা গৈছিল। তেওঁ এইটোও জানিছিল যে বৃদ্ধ সেনাধক্ষজন যাক এটা বিশেষ অবস্থাৰ বাবে চিকিৎসা কৰি থকা হৈছিল, তেওঁৰ এটা অস্ট্ৰোপ্ৰচাৰ হোৱাৰ আশংকা বা বিপদ আছিল, আৰু এই সম্ভাৱনাৰ বাবে চাদাওক জাপানতে ৰখা হৈছিল। মহাসাগৰৰ পৰা দাৱৰবোৰ ওপৰলৈ উঠি আহিছিল।বিগত কিছুদিনৰ অপ্ৰত্যাশিত গৰমে ৰাতিৰ শীতল ঢৌবোৰৰ পৰা ডাঠ কুৱলিৰ সৃষ্টি কৰিছিল। সমূদ্ৰ উপকূলৰ ওচৰৰ এটা সৰু দ্বীপৰ অবয়বক কূৱলীয়ে ঢাকি ধৰা চাদাওৱে লক্ষ্য কৰিছিল আৰু তাৰপাছত সেই কুৱলিয়ে ঘৰটোৰ নামনিভাগত থকা উপকূলটোত বগাই আহি পাইন গছবিলাকত মেৰিয়াই ধৰিছিল। কেই মিনিটমানৰ ভিতৰত ঘৰটোকো কুৱলীয়ে ঢাকি ধৰিছিল। তাৰপাছত চাদাও সেই কোঠাটোলৈ গৈছিল য'ত তেওঁৰ পত্নী হানা দুটা ল'ৰা ছোৱালীৰে সৈতে তেওঁৰ বাবে অপেক্ষা কৰি আছিল।

       এই মূহুৰ্ততে দুৱাৰখন খোল খাইছিল আৰু হানাই বাহিৰলৈ চাইছিল, তেওঁৰ কীমোনোটোৰ ওপৰত আছিল এটা ডাঠ নীলা হাওঁৰি। খুব মৰমত তেওঁ চাদাওৰ ওচৰলৈ আহিছিল আৰু তেওঁ থিয় হৈ থাকোতেই এখন হাতেৰে তেওঁক মেৰিয়াই ধৰিছিল, মিচিকিয়াই হাহিছিল আৰু একো কোৱা নাছিল। তেওঁ হানাক আমেৰিকাত লগ পাইছিল আৰু হানা জাপানী বুলি নিশ্চিত নোহোৱা পৰ্য্যন্ত, তেওঁ প্ৰেমত পৰিবলৈ অপেক্ষা কৰিব লগীয়া হৈছিল। তেওঁ জাতিত বিশুদ্ধ জাপানী নোহোৱা হ'লে, দেউতাকে তেওঁক কেতিয়াও গ্ৰহন নকৰিলেহেতেন। তেওঁ প্ৰায়েই এই কথা ভাবি আচৰিত হৈছিল যে হানাক লগ নোপোৱাহ'লে তেওঁ কাক বিয়া পাতিলেহেতেন, আৰু ভাগ্যৰ কি ফেৰত তেওঁ আকস্মিকভাবে এজন আমেৰিকান অধ্যাপকৰ ঘৰত হানাক লগ পাইছিল। অধ্যাপকজন আৰু তেওঁৰ পত্নী তেওঁলোকৰ কেইজনমান বিদেশী ছাত্রৰ বাবে কিবা এটা কৰিবলৈ সদায় উদ্বিগ্ন, দয়ালু ব্যক্তি আছিল আৰু ছাত্ৰ ছাত্ৰী সকলে যদিও আমনি পাইছিল, তথাপি এই দয়া গ্ৰহন কৰিছিল। চাদাওৱে হানাক প্ৰায়েই কৈছিল যে তেওঁ সেইদিনা অধ্যাপকজনৰ ঘৰলৈ নোযোৱাৰ কথাই আছিল— কোঠাবোৰ ইমান সৰু আছিল, খাদ্যবোৰ ইমান বেয়া আছিল আৰু অধ্যাপকজনৰ পত্নী ইমান কথাচহকী/কথকী আছিল। কিন্তু তেওঁ তালৈ গৈছিল আৰু তাতেই এগৰাকী নতুন ছাত্ৰী হানাক লগ পাইছিল আৰু অনুভৱ কৰিছিল যে সম্ভৱ হ'লে তেওঁৰ সৈতে প্ৰেম কৰিব।

Part-II (Pages-25,26,27)
"Now he felt her hand .......... he must be badly torn."
    সেই সময়তে তেঁওৰ  বাহুত হানাৰ হাতৰ স্পৰ্শ অনুভৱ কৰিছিল আৰু এই স্পৰ্শই দিয়া আনন্দ অনুভৱ কৰিছিল,আনকি যদিও তেওঁলোকৰ বিয়া হোৱাও বহুত বছৰ হৈছিল আৰু দুটা সন্তানো আছিল।তেওঁলোকে আমেৰিকাত নভবা নিচিন্তাকৈ বিয়া পতা নাছিল। আমেৰিকাত তেওঁলোকৰ কৰ্ম শেষ কৰি জাপানৰ ঘৰলৈ আহিছিল আৰু দেউতাকে যেতিয়া দেখিছিল(হানাক), তেতিয়াহে প্ৰাচীন জাপানী ৰীতি-নীতি অনুসৰি বিবাহ খনৰ।আয়োজন কৰা হৈছিল, যদিও চাদাও আৰু হানাই সকলো কথা আগতীয়াকৈ পাতি থৈছিল।তেওঁলোক সম্পূৰ্ণ সুখী আছিল। তাই তেওঁৰ বাহুত গালখন ভেজাদি থ'লে।

    ঠিক সেই মূহুৰ্ততেই তেওঁলোক দুয়োৱে কুঁৱলীৰ মাজেৰে কিবা এটা ক'লা। বস্তু ওলাই অহা দেখিলে। এইজন এজন মানুহ আছিল। তেওঁক মহাসাগৰৰ পৰা আছাৰ খাই পৰিছিল(/ওফৰি পৰিছিল), এনে লাগিছিল যেন তেওঁক এটা ঢৌৱে ভৰিত খুন্দা মাৰি পেলাইছিল। তেওঁ কেইখোজমান ঢলং পলং কৰিছিল(থৰক বৰক কৰিছিল), তেওঁৰ দেহাটো কুৱলিৰ মাজত দেখা গৈছিল, তেওঁৰ বাহু দুটা আছিল মুৰৰ ওপৰত। কুন্দলী পকাই অহা ঢৌৱে তেওঁক আকৌ ঢাকি ধৰিছিল।

    "সেইটো কোন?" হানাই চিঞৰি উঠিছিল। চাদাওৰ হাতখন আতৰালে আৰু তেওঁলোক দুয়োৱে বাৰাণ্ডাৰ ৰেলিঙৰ ওপৰেদি হাউলি চাইছিল। তেওঁলোকে তেওঁক আকৌ দেখিছিল। মানুহ জনে হাত আৰু ভৰিৰে চুচৰি আহিছিল। তাৰপাছত তেওঁলোকে মানুহজনক মুখখন গুজি মাটিত পৰা দেখিলে।

    "খুব সম্ভৱত নাৱৰ পৰা চিটিকি পৰা এজন মাছমৰীয়া", চাদাওৱে কৈছিল। তেওঁ খৰখেদাকৈ চিৰিয়েদি তললৈ নামি গৈছিল আৰু তেওঁৰ পাছে পাছে হানাও আহিছিল, তাইৰ বহল চোলাটোৰ হাতৰ অংশ উৰি থকাৰ নিচিনা লাগিছিল। সাগৰৰ উপকূলৰ দুয়ো দাতিত এক বা দুই মাইল পয্যন্ত মাছমৰীয়াৰ গাঁও আছিল, কিন্তু চাদাওৰ ঘৰৰ ওচৰত আছিল শিলেৰে বিপদজনক হৈ থকা উদং আৰু অকলশৰীয়া উপকূলটো। উপকূলৰ সিপাৰে ফেনযুক্ত ঢৌৰ মাজেদি জোঙাজোঙাকৈ শিলবোৰ ওলাই আছিল। মানুহজন কিবাউপায়েৰে সেই শিলবিলাকৰ মাজেৰে আহিবলৈ সমৰ্থ হৈছিল—তেওঁ নিশ্চয় বেয়াকৈ আঘাটপ্ৰাপ্ত হৈছিল।
শব্দাৰ্থ:
Voluble-কথকী
flung up- আছাৰ বা কৰ্ফাল খাই পৰিছিল
staggered- ঢলং পলংকৈ খোজ কাঢ়িছিল
surf- ফেনযুক্ত ঢৌ

Part-III (Page-27)
"They saw when they came towards him ........ the rock had struck the wound."
    যেতিয়া তেওঁলোক তেওঁৰ(মানুহজনৰ)ওচৰলৈ আহিছিল তেওঁলোকে দেখিছিল যে বাস্তবিকতে সেইটোৱেই সত্য আছিল(মানুহজন আঘাতপ্ৰাপ্ত হোৱাটো)। তেওৰ দেহৰ একাষৰ বালিবোৰত ৰঙা তেজেৰে ভিজি থকা এটা দাগ/চেকুৰা আছিল।
       "তেওঁ আঘাতপ্ৰাপ্ত", চাদাওৱে চিঞৰি উঠিছিল। মূখখন বালিত গুজি নিথৰ হৈ পৰি থকা মানুহজনৰ ওচৰলৈ তেওঁ লৰালৰিকৈ গৈছিল। সাগৰীয় পানীত ভিজি থকা এটা পুৰনা টুপী তেওঁৰ মুৰত লাগি আছিল।তেও পিন্ধি থকা কাপোৰযোৰ তিতা আছিল। চাদাও ৰৈছিল। তেওঁৰ কাষত থকা হানাই মানুহজনৰ মূৰটো ঘূৰাই দিছিল।তেওঁলোক মূখখন দেখিছিল।
"এজন বগা ৰঙৰ মানুহ", হানাই ফুচফুচাই কৈছিল।
হয়, সেইজন এজন বগা বৰনৰ মানুহেই আছিল। ভিজা টুপীটো খহি পৰিল আৰু তাৰপাছত দেখা গ'ল বহু সপ্তাহ ধৰি নকটাকৈ থকা তেওঁৰ হালধীয়া দীঘল তিতা দাঢ়ি আৰু তেওঁৰ ডেকা আৰু নিৰ্যাতিত মূখমন্ডলৰ  খহটা হালধীয়া দাঢ়ি। তেওঁ অচেতন আছিল আৰু তেওঁলোকে তেওঁৰ বাবে কৰা কামৰ বিষয়ে একো জনা নাছিল।
       সেই সময়তে মানুহজনৰ ঘাঁ ডোখৰৰ কথা চাদাওৰ মনত পৰিল আৰু তেওঁৰ সুদক্ষ আঙুলিকেইটাৰে ইয়াৰ সন্ধান কৰা আৰম্ভ কৰিলে। তেওঁৰ স্পৰ্শত নতুনকৈ তেজ ওলাবলৈ ধৰিলে। তেওঁৰ পিঠিৰ তলৰ সোফালে বন্দুকৰ গুলী লাগি এটুকুৰা ঘাঁ খোল খাই গৈছিল। মঙহটুকুৰা গান পাউডাৰ লাগি ক'লা হৈ গৈছিল। কিছুসময়ৰ আগত,বহু দিনৰ আগৰ কথা নহয়) মানুহজনক গুলীওৱা হৈছিল আৰু তেওঁৰ ঘা টুকুৰা পৰিচৰ্য্যা কৰা হোৱা নাছিল। এইটো দুৰ্ভাগ্যৰ কথা যে শিলটোৱে তেওঁৰ  ঘাঁ ডোখৰত খুন্দা মাৰিছিল।
শব্দাৰ্থ:
Made haste-ল'ৰালৰিকৈ গৈছিল,
whispered-ফুচফুচাই কৈছিল,
tortured-নিৰ্যাতিত
soak-ভিজি থকা

Part-IV (Pages 27+28+29)
"Oh how he is bleeding ........ fetch hot water I will watch him."
        "অ', তেওঁৰ কেনেকৈ যে তেজ ওলাইছে", গহীন কন্ঠশ্বৰেৰে হানাই ফুচফুচাই কৈছিল। কুৱলীবোৰে তেওঁলোকক সম্পূৰ্ণৰূপে ঢাকি পেলাইছিল আৰু দিনটোৰ সেই সময়ত কোনো অহা নাছিল। মাছমৰীয়াসকল ঘৰলৈ গৈছিল আৰু আনকি আকস্মিক উপকূলভ্ৰমণকাৰীসকলে দিনটোৰ সমাপ্তি বুলি গণ্য কৰিলেহেতেন।
     "আমি এই মানুহজনৰ ক্ষেত্ৰত  কি কৰিম?", চাদাওৱে ভোৰভোৰাই কৈছিল। কিন্তু তেওঁৰ প্ৰশিক্ষণপ্ৰাপ্ত হাতদুখনে সিহঁতৰ নিজ ইচ্ছামতেই ভয়ানক ৰক্তক্ষৰণটো বন্ধ কৰিবলৈ যি কৰিব পাৰে, কৰি থকা যেন লাগিছিল। তেওঁ উপকূল ঢাকি থকা সামূদ্ৰিক শেলাইৰেই ঘাডোখৰ ঢাকি দিছিল। অচেতন অবস্থাতেই মানুহজনে বিষত আৰ্তনাদ কৰিছিল, কিন্তু সাৰ পোৱা নাছিল।
     "আমি কৰিব পৰা আটাইতকৈ ভাল কামটো হ'ল তেওঁক সাগৰলৈ নিক্ষেপ কৰা", চাদাওৱে নিজকে উত্তৰ দিয়াৰ সুৰত কৈছিল।
    যিহেতু ৰক্তক্ষৰণটো সাময়িকভাবে বন্ধ হৈছিল, তেওঁ(চাদাও) থিয় হৈছিল আৰু হাতৰ ধূলিবোৰ কোবাইছিল। "হয়, নিসন্দেহে সেইটোৱেই আটাইতকৈ ভাল হ'ব", হানাই স্থিৰভাবে কৈছিল। কিন্তু তেওঁ নিথৰ মানুহজনলৈ একেথৰে চাই থাকিল। "আমি যদি এজন বগা মানুহক আমাৰ ঘৰত আশ্ৰয় দিও আমাক গ্ৰেপ্তাৰ কৰা হব আৰু যদি এজন বন্দী হিচাবে গতাই দিও, তেওঁ নিশ্চয় মৰিব", চাদাওৱে কৈছিল।
"তেওঁক সাগৰত পেলাই দিয়াটোৱেই আটাইতকৈ দয়াবান কাম হ'ব", হানাই কৈছিল। কিন্তু তেওঁলোকৰ কোনোজনেই লৰচৰ নকৰিছিল। তেওঁলোকে নিথৰ অবয়বটোক (মানুহজনৰ দেহাটো) এক অদ্ভূত ঘৃণাৰ ভাবেৰে একেথিৰে চাই আছিল।
"তেওঁ কোন?", হানাই ফুচফুচাই সুধিছিল।
"তেওঁক কিবা এটা কথাত আমেৰিকান যেন লাগে", চাদাওৱে কৈছিল। তেওঁ পুৰণি ফটা টুপীটো বুটলি লৈছিল। হয়, তাত প্ৰায় মচি যোৱা কেইটামান অস্পষ্ট আখৰ আছিল। "এজন নাবিক", তেওঁ কৈছিল, "এখন আমেৰিকান যুদ্ধ জাহাজৰ। "তেওঁ শব্দকেইটা বানান কৰিছিল, "ইউ. এচ. নেভী।"
মানুহজন এজন যুদ্ধবন্দী আছিল।
"তেওঁ পলাইছিল", হানাই কোমলতাৰে ছিঞৰিছিল, "আৰু সেইবাবে তেওঁ আঘাটপ্ৰাপ্ত হ'ল।"
"পিঠিত", চাদাওৱে সন্মতিসূচকভাবে কৈছিল।
তেওঁলোক ইজনে সিজনলৈ চাই ইত:স্ততবোধ কৰিছিল। তাৰপাছত হানাই দৃঢ়তাৰে কৈছিল, "আহা, আমি তেওঁক সাগৰত পেলাও, পাৰিবানে?"
"যদি মই পাৰো, তুমি সমৰ্থনে?", চাদাওৱে সুধিছিল।
"নোৱাৰো", হানাই কৈছিল। "কিন্তু তুমি যদি অকলে এইটো কৰিব পাৰা.....
চাদাওৱে আকৌ থেৰোগেৰো কৰিছিল। তেওঁ কৈছিল, "অদ্ভুত কথাটো হ'ল যে মানুহজন যদি সুস্থ সবল/সম্পূৰ্ণ হ'লহেতেন, মই কোনো কষ্ট নোহোৱাকৈ আৰক্ষীক চমজাই দিব পাৰিলোঁহেতেন"। মই তেওঁৰ প্ৰতি মুঠেই গুৰুত্ব নিদিও। তেওঁ মোৰ শত্ৰু। সকলো আমেৰিকানেই মোৰ শত্ৰু। আৰু তেওঁ মাত্ৰএজন সাধাৰণ মানুহ। চোৱাচোন তেওঁৰ মুখখন কিমান মূৰ্খৰ নিচিনা। কিন্তু তেওঁ যে আঘাটপ্ৰাপ্ত সেইবাবে......"
"তুমিও তেওঁক সাগৰলৈ দলিয়াই পেলাব নোৱাৰা", হানাই কৈছিল। তেতিয়াহ'লে কৰিবলগীয়া এটাই কাম আছে। তেওঁক আমি ঘৰলৈ কঢ়িয়াই লৈ যাব লাগিব।"
"কিন্তু চাকৰবিলাক?", চাদাওৱে প্ৰশ্ন কৰিছিল।
"আমি তেওঁলোকক সহজভাৱে ক'ব লাগিব যে আমি তেওঁক পুলিচক গতাই দিবলৈ মনস্থ কৰিছো---যিটো আমি কৰিবই লাগিব, চাদাও। আমি সন্তানকেইটাৰ কথা আৰু তোমাৰ মৰ্যাদাৰ কথা ভাবিবই লাগিব। মানুহজনক যুদ্ধবন্দী হিচাপে গতাই নিদিলে আমাৰ সকলো বিপদত পৰিম"।
"নিশ্চয়কৈ", চাদাওৱে সন্মতি জনাইছিল। "মই অন্য কিবা কৰাৰ কথা ভবা নাই"।
সেইদৰে সন্মত হোৱাৰ পাছত তেওঁলোকে একেলগে মানুহজনক দাঙিলে। তেওঁ বৰ পাতল আছিল, এটা চৰাইৰ দৰে যিটো বহুদিন লঘোণে ভোকে থকাৰ বাবে পাখি আৰু জকাটোহে থাকি গৈছে। সেইবাবে ওলমি থকা বাহুৰে সৈতে মানুহজনক তেওঁলোকে চিৰিয়েদি কঢ়িয়াই নিছিল আৰু কাষৰ দুৱাৰেদি ঘৰলৈ নিছিল। দুৱাৰখন খোল খাই এটা ৰাস্তা ওলাল আৰু সেই ৰাস্তাইদি মানুহজনক তেওঁলোকে এটা খালী শোৱণী কোঠালৈ কঢ়িয়াই লৈ গৈছিল। এইটো আছিল চাদাওৰ দেউতাকৰ শোৱণী কোঠা আৰু তেওঁৰ মৃত্যুৰ পৰাই এইটো ব্যৱহাৰ কৰা হোৱা নাই। ডাঠ দলিছাৰ মজিয়াখনত তেওঁলোকে মানুহজনক শুৱাই দিলে।কোঠাটোৰ প্ৰত্যেকটো বস্তুৱেই বৃদ্ধ মানুহজনক সন্তুষ্ট কৰিব পৰাকৈ জাপানীজ আছিল, তেওঁ কেতিয়াও নিজৰ ঘৰত চকীত বহা নাছিল বা বিদেশী বিচনাত শোৱা নাছিল। হানা বেৰত থকা কাবাৰ্ডৰ ওচৰলৈ গৈছিল, এখন দৰ্জা ঠেলা মাৰিছিল আৰু এটা কোমল গাৰু উলিয়াই আনিছিল। তাই ইত:স্তত কৰিছিল। গাৰুটোত ফুলখছিত চিল্কৰ আবৰণী আছিল আৰু পাৰিবিলাক বিশুদ্ধ বগা চিল্ক আছিল।
"তেওঁ ইমান লেতেৰা", অতিশয় অশান্তিত হানাই ভোৰভোৰাইছিল।
"হয়, তেওঁক ধুৱাই পখলাই দিয়া হ'লে ভাল হ'লহেতেন, "চাদাওৱে সন্মতি জনাইছিল।"যদি তুমি গৰম পানী আনি দিয়া, মই তেওঁক ধুৱাই দিম"।
শব্দাৰ্থ:
beachcombers- উপকূলবিচৰনকাৰী,
mutter- ভোৰভোৰাই কোৱা,
stanch- নিয়ন্ত্ৰণ কৰা বা বন্ধ কৰা,
strewed- ঢাকি ধৰিছিল,
moaned- আৰ্তনাদ কৰিছিল,
stupor- অচেতন অবস্থা,
repulsion- ঘৃণা,
inert- নিথৰ,
battered- ফটা পুৰনা,
hesitated- ইত:স্তত কৰিছিল,
quilt- গাৰু

Part-V (Pages- 29, 30)
"I cannot bear for you to touch him"......will take revenge on us."
"তুমি তেওঁক স্পৰ্শ কৰাটো মই সহ্য কৰিব নোৱাৰো, "তেওঁ কৈছিল। "আমি চাকৰবিলাকক ক'ব লাগিব যে তেওঁ ইয়াতে আছে। মই এতিয়াই ইউমিক ক'ম।তাই ল'ৰাছোৱালীকেইটাক কেইমিনিটমানৰ বাবে এৰিব পাৰে আৰু তায়েই তেওঁক ধুৱাব পাৰে।"
চাদাওৱে এক মূহুৰ্তৰ বাবে চিন্তা কৰিলে। "সেয়াই হওঁক তেতিয়াহ'লে", তেওঁ সন্মতি জনালে। "তুমি ইউমিক কোৱা আৰু মই বাকীবিলাকক ক'ম।"
কিন্তু মানুহজনৰ অচেতন মূখমন্ডলৰ অতিমাত্ৰা শেতা বিবৰ্ণ অবস্থাই তেওঁক প্ৰথমতে হাউলি যাবলৈ আৰু হৃদস্পন্দন পৰীক্ষা কৰিবলৈ বাধ্য কৰালে। ই একেবাৰে অস্পষ্ট হৈছিল কিন্তু তেতিয়াও আছিল। মানুহজনৰ শীতল বুকুখনত তেওঁ হাতখন থ'লে। কলিজাখন তেতিয়াও সজীব হৈ আছিল।
"অস্ট্ৰোপ্ৰচাৰ নকৰিলে তেওঁৰ মৃত্যু হ'ব, "চাদাওৱে ভাবিচিন্তি কথাষাৰ কৈছিল। "প্ৰশ্নটো হ'ল তেওঁ কোনোৰকমে নমৰাকৈ থাকিব নেকি"
হানাই ভয়ত চিঞৰ মাৰি ক'লে, "তেওঁক বচাবলৈ চেষ্টা নকৰিবা! তেওঁ জীয়াই থাকিলে কি হ'ব বাৰু?"
"তেওঁ মৰি গ'লে কি হ'ব?", চাদাওৱে উত্তৰ দিছিল। নিথৰ মানুহজনলৈ তেওঁ একেৰাহে চাই থিয় দি থাকিল। এই মানুহজনৰ নিশ্চয় অসাধাৰণ জীৱনীশক্তি আছে নহলে তেওঁৰ তেতিয়ালৈ মৃত্যু হ'লহেতেন। কিন্তু তেওঁ বহুত কম বয়সীয়া আছিল----হয়তো তেওঁৰ পছিশ বছৰ হোৱাই নাছিল।
"তেওঁ অস্ট্ৰোপ্ৰচাৰত মৰিব বুলি ভাবিছানেকি?", হানাই সুধিছিল।
"হয়", চাদাওৱে কৈছিল।
হানাই এই কথাটো সন্দেহজনকভাবে লৈছিল আৰু যেতিয়া তাই উত্তৰ দিয়া নাছিল, চাদাওৱে মুখ ঘূৰাইছিল। "যিকোনো প্ৰকাৰেই তেওঁৰ ক্ষেত্ৰত কিবা এটা নিশ্চয় কৰিব লাগিব", তেওঁ কৈছিল, "আৰু প্ৰথমতে তেওঁক ধুৱাব লাগিব।" তেওঁ তৎক্ষণাত কোঠাৰ বাহিৰলৈ গৈছিল আৰু হানাও তেওঁৰ পিছে পিছে আহিছিল। বগা মানুহজনৰ লগত তেওঁক অকলে এৰি থৈ যোৱাটো বিচৰা নাছিল। আমেৰিকা এৰি অহাৰ পাছত তেওঁ দেখা পোৱা তেৱেই প্ৰথমজন বগা মানুহ আছিল আৰু এতিয়া তাই আমেৰিকাত লগ পোৱা বা চিনি পোৱা মানুহবোৰৰ লগত তেওঁৰ যেন একো কৰিবলগীয়া নাছিল। ইয়াত সি তাইৰ শত্ৰু আছিল, জীৱিত বা মৃতই হওক,এটা ভাবুকি আছিল।হানা ওমলা ঘৰটোৰ ফালে ঘুৰিছিল আৰু মাতিছিল, "ইউমি"।
কিন্তু সন্তানকেইটাই তাইৰ মাত শুনিছিল আৰু এক মূহুৰ্তৰ বাবে গৈ সিহঁতলৈ চাই মিচিকিয়াই হাহিবলগীয়া হৈছিল আৰু প্ৰায় তিনিমহীয়া কেচুৱা ল'ৰাটোৰ লগত খেলিবলগীয়া হৈছিল। কেচুৱাটোৰ কোমল ক'লা চুলিৰ ওপৰেদি তাই ইউমিক মুখেৰে সংকেত দিছিল, "ইউমি, মোৰ লগত আহা।"
"মই কেচুৱাটো থৈ লও", ইউমীয়ে উত্তৰ দিছিল। "তেওঁ সাজু"। ওমলাঘৰটোৰ কাষত থকা শোৱণী কোঠাটোলৈ তাই ইউমিৰ লগত প্ৰবেশ কৰিলে আৰু যেতিয়া ইউমিয়ে শোৱা গাৰু তুলিখন মজিয়াত মেলি আছিল তেতিয়া ল'ৰাটোক বাহুত লৈ হানা থিয় হৈ থাকিল আৰু তাৰপাছত ইউমিয়ে কেচুৱাটোক তাত শুৱাই দিছিল।
তাৰপাছত হানা লৰালৰিকৈ আৰু সন্তৰ্পনে পাকঘৰলৈ গৈছিল। চাকৰদুটাই তেওঁলোকৰ মালিকে অলপ আগতে কোৱা কথাটোত অতিমাত্ৰা ভয় খাইছিল। বৃদ্ধ মালিজন যি ঘৰখনৰ এজন চাকৰ আছিল, তেওঁৱো অপ্ৰত্যাশিত আচৰন কৰিছিল।
"মালিকে এই বগা মানুহজনৰ ঘাডোখৰ পৰিচৰ্য্যা কৰা উচিত নহয়, "তেওঁ চিধাচাধাকৈ হানাক কৈছিল।"বগা মানুহজন মৰা উচিত। প্ৰথমতে তেওঁক গুলীওৱা হৈছিল। তাৰপাছত সাগৰে তেওঁক ধৰিছিল আৰু শিলেৰে ক্ষতবিক্ষত কৰিছিল।যদি মালিকে বন্দুক আৰু সাগৰে কৰা ঘা পৰিচৰ্য্যা কৰি তেঁওক সুস্থ কৰি তোলে, তেতিয়া তেওঁলোকে আমাৰ ওপৰত প্ৰতিশোধ ল'ব। 

Part-VI (Page- 31)
"I will tell him ........ when he was a child."
     "তুমি যি কৈছা মই তেওঁক ক'ম", হানাই সৌজন্যতাৰে উত্তৰ দিছিল। কিন্তু তেওঁ নিজেও ভয় খাইছিল, যদিও তেওঁ বৃদ্ধ মানুহজনৰ দৰে অন্ধবিশ্বাসী নাছিল। শত্ৰুক সহায় কৰাটো ভাল হ'ব পাৰে জানো? যিকি নহওক তাই ইউমিক গৰম পানী আনিবলৈ কৈছিল আৰু সেইটো কোঠালৈ নিবলৈ কৈছিল য'ত বগা মানুহজন আছিল।
তাই আগবাঢ়ি গৈছিল আৰু কোঠাটো পৃথক কৰি ৰখা কাপোৰ কেইখন টানি দিছিল। চাদাও তেতিয়াও তাত নাছিল। ইউমিয়ে পিছে পিছে আহি কাঠৰ বাকেটটো নমাই থৈছিল। তাৰপিছত তাই বগা মানুহজনৰ ওচৰলৈ গৈছিল। যেতিয়া তাই তেওঁক দেখিছিল তেতিয়া তাইৰ ডাঠ ওঠজুৰি এক আকোৰগোজ ভাবত কোচ খাই গৈছিল। "মই কেতিয়াও বগা মানুহ ধুৱাই পোৱা নাই", তাই কৈছিল, "আৰু মই ইয়াৰ নিচিনা লেতেৰা মানুহ নুধুৱাও"।
হানাই কঠোৰভাবে তাইক চিঞৰিছিল। "তোমাৰ মালিকে যি আদেশ দিয়ে, সেয়া পালন কৰিবই লাগিব"।
ইউমিৰ শেতা গোলাকাৰ মূখমন্ডলত প্ৰতিৰোধৰ এনেকুৱা এটা উগ্ৰ চাৱনি দেখা গৈছিল যে হানাই অযুক্তিকৰভাবে ভয় খাইছিল। মুঠৰ ওপৰত ঘটনাটো যেনেকৈ ঘটিছিল তেনেদৰে নুবুজাই চাকৰবিলাকে যদি বেলেগ ধৰনে জনাজাত কৰে? "ঠিক আছে", তেওঁ মৰ্য্যদাসহকাৰে কৈছিল। "তুমি বুজিছানে যে আমি তেওঁৰ চেতনা ঘূৰাই আনিব বিচাৰো যাতে তেওঁক বন্দী হিচাপে গতাই দিব পাৰোঁ?"
"মোৰ এইক্ষেত্ৰত কৰিবলগীয়া একো নাই", ইউমিয়ে কৈছিল, "মই এজন দুখীয়া ব্যক্তি আৰু এইটো মোৰ কাম নহয়"।
"তেতিয়াহলে অনুগ্ৰহ কৰি", হানাই নম্ৰতাৰে কৈছিল, "তোমাৰ নিজৰ কামত ধৰাগৈ"।
তৎক্ষণাত ইউমিয়ে কোঠাটোৰ পৰা গুছি গৈছিল। কিন্তু এই কাৰ্য্যই হানাক বগা মানুহজনৰ লগত অকলশৰীয়া কৰি থৈ গৈছিল।
যদি ইউমিৰ আকোৰগোজালিৰ ওপৰত উঠি থকা খংটোৱে তেওঁক ধৰি নাথাকিলেহেতেন, তেওঁ ভয়ত সেই স্থানত থাকিব নোৱাৰিলেহেতেন।
"মূৰ্খ ইউমি", তেওঁ উগ্ৰভাবে ভোৰভোৰাইছিল।" এইজন এজন মানুহ হ'ল নেকি? আৰু তেওঁটো এজন আঘাটপ্ৰাপ্ত অসহায় মানুহ।"
নিজৰ শ্ৰেষ্ঠত্বৰ দৃহবিশ্বাসত তেওঁ নভবানিচিন্তাকৈ হালি গৈছিল আৰু বগা মানুহজনক ঢাকি থোৱা ৰগখনৰ গাঠিবোৰ খুলি গৈছিল। যেতিয়া তেওঁৰ বুকুখন ওলাই পৰিছিল, তেতিয়া তেওঁ ইউমিয়ে অনা সৰু পৰিষ্কাৰ টাৱেলখন ধোৱা বলি থকা গৰম পানীত ডুবাই দিছিল আৰু তেওঁৰ মুখখন সাবধানে ধুইছিল। মানুহজনৰ চালখন যদিও ৰ'দ বতাহ লাগি খহটা হৈছিল তথাপিও উৎকৃষ্ট গুনমখনবিশিষ্ট আছিল আৰু শিশু কালত তেওঁৰ চালখন চাগে বৰ সুন্দৰ আছিল।
শব্দাৰ্থ (Word meaning):
courteously- শিষ্টাচাৰপূৰ্নভাবে
superstitious- অন্ধবিশ্বাসী
nevertheless- যি কি নহওক
stubbornness- আকোৰগোজ স্বভাৱ
severely- কঠোৰতাৰে
sustained- ধৰি ৰাখিছিল
fierce- উগ্ৰ/প্ৰচন্ড
resistance- প্ৰতিৰোধ
conviction-- দৃঢ়বিশ্বাস
superiority-শ্ৰেষ্ঠত্ব,
impulsively-নভবানিচিন্তাকৈ

Part-VII (Page- 32)
"While she was thinking these thoughts ........ his swift concise movements."
    যেতিয়া তেওঁ এই চিন্তাবিলাক কৰি আছিল আৰু যদিও তেওঁ মানুহজনক প্ৰকৃততে ইমান ভাল পোৱা নাছিল যিহেতু তেওঁ শিশু হৈ থকা নাছিল, তেওঁ তাৰ দেহৰ ওপৰ অংশ সম্পূৰ্ণ পৰিষ্কাৰ নোহোৱালৈকে ধুই আছিল। কিন্ত তেওঁ তাক লুটিয়াই দিবলৈ সাহস কৰিব পৰা নাছিল। চাদাও ক'ত আছিল? তেতিয়ালৈ তেওঁৰ খং শাম কাটিছিল, আৰু তেওঁ উদ্বিগ্ন হৈ পৰিছিল আৰু ভূলক্ৰমে এখন বেলেগ টাৱেলত হাত মুচি মুচি উঠিছিল। তাৰ পাছত মানুহজনৰ ঠাণ্ডা লাগিব বুলি লেপ এখন তেওঁৰ গাৰ ওপৰত দি দিছিল।
"চাদাও", তেওঁ কোমল কন্ঠশ্বৰেৰে মাতিছিল।
হানাই তেওঁক মাতোতে চাদাও ভিতৰলৈ আহিবলৈ লৈছিল। তেওঁৰ হাতখন দুৱাৰত আছিল আৰু তেওঁ দুৱাৰখন খুলি দিছিল। তেওঁ লক্ষ্য কৰিছিল যে তেওঁ শল্য চিকিৎসকৰ জৰুৰী সেৱাৰ বেগটো আনিছিল আৰু আৰু তেওঁ শল্য চিকিৎসকৰ কোটটো পিন্ধিছিল।
"তুমি অস্ট্ৰোপ্ৰচাৰ কৰিবলৈ সিদ্ধান্ত ল'লা?", তেওঁ চিঞৰি উঠিছিল।
"হয়", তেওঁ চমুকৈ কৈছিল। তেওঁ হানাৰ ফালে পিঠি দিছিল আৰু ফুলসজ্জা ৰখা স্থানত এখন বীজানুমুক্ত টাৱেল মেলি দিছিল আৰু তাৰ ওপৰত তেওঁৰ সা-সৰঞ্জামবোৰ ৰাখিছিল।
"টাৱেলবোৰ লৈ আহা", তেওঁ কৈছিল।
হানাই মান্যতাসহকাৰে গৈছিল, কিন্তু ৰেশমী কাপোৰ থোৱা শ্বেল্ফবোৰৰ প্ৰতি তেওঁ কিমান যে উদ্বিগ্ন আছিল আৰু তাৰপৰাই টাৱেলবিলাক উলিয়াইছিল। মানুহজনৰ তেজে যাতে উৎকৃষ্ট মানবিশিষ্ট মজিয়া আবৰণীখন যাতে নষ্ট কৰিব নোৱাৰে তাৰ বাবে পুৰনা মেট থকাটো উচিত আছিল। তেওঁ পাছফালৰ বাৰাণ্ডালৈ গৈছিল য'ত মালীজনে ফুলৰ কোমল পুলিবোৰক শীতকালৰ ৰাতি সুৰক্ষা দিয়াৰ বাবে কিছুমান মেটৰ টুকুৰা ৰাখিছিল আৰু তাৰপৰাই হানাই হাতভৰ্ত্তি কৰি মেট লৈছিল।
কিন্তু যেতিয়া তেওঁ কোঠাটোত সোমাইছিল, তেওঁ দেখিছিল যে এইবিলাক নিষ্প্ৰয়োজন আছিল। মানুহজনৰ ঘাডোখৰত মৰা তাপলিৰ মাজেদি তেজ ইতিমধ্যেই নিগৰি আহিছিল আৰু তেওঁৰ তলত থকা মেটখন নষ্ট কৰি পেলাইছিল।
"অ' মেটখন", তেওঁ চিঞৰি উঠিছিল।
"হয়, এইখন নষ্ট হৈছে", চাদাওৱে এনেকৈ উত্তৰ দিছিল যেন তেওঁ কেৰেপ কৰা নাছিল। "তেওঁক লুটিয়াবলৈ মোক সহায় কৰা", তেওঁ হানাক আদেশ দিছিল।
এটাও শব্দ নোকোৱাকৈ তেওঁ চাদাওৰ আদেশ পালন কৰিছিল আৰু তেওঁ মানুহজনৰ পিঠিফালটো সাৱধানেৰে ধুবলৈ আৰম্ভ কৰিছিল।
"ইউমিয়ে তেওঁক নুধুলে", তেওঁ কৈছিল।
"তেতিয়াহ'লে তুমি তেওঁক ধুইছিলানেকি?", এক মূহুৰ্তও তেওঁৰ দ্ৰুত, সংক্ষিপ্ত গতিবিধিবোৰ বন্ধ নকৰাকৈ তেওঁ সুধিছিল।

Part- VIII (Pages- 33, 34)
"Yes," she said ........ just under the ear."
"হয়" তাই কৈছিল।
তেওঁ তাইৰ কৰাটো মন দিয়া যেন লগা নাছিল। কিন্তু তাই তেওঁ কাম কৰোঁতে থকা একাগ্ৰতাৰ প্ৰতি অভ্যস্ত আছিল। তাই এক মূহুৰ্তৰ বাবে ভাবি আচৰিত হৈছিল যে ইমান সুন্দৰকৈ যিটো দেহৰ ওপৰত তেওঁ ইমান দেৰি পৰীক্ষা নিৰীক্ষা চলাই আছিল, তেওঁৰ ওচৰত সেই দেহাটোৰ গুৰুত্ব আছিল জানো।
"যদি তেওঁৰ প্ৰয়োজন হয়, তুমি চেতনানাশকটো দিব লাগিব", তেওঁ কৈছিল।
"মই?", তাই পুনৰাবৃত্তি কৰিছিল। "কিন্তু মই কেতিয়াও.."
"এইটো তেনেই সহজ", তেওঁ অধৈৰ্যভাবে কৈছিল।
তেওঁ ইতিমধ্যে তাপলিটো এৰুৱাবলৈ ধৰিছিল, আৰু দ্ৰুতগতিত তেজ ওলাবলৈ ধৰিছিল। তেওঁৰ কপালত বান্ধি থোৱা শল্য চিকিৎসকে ব্যৱহাৰ কৰা লাইটোৰ যোগেদি তেওঁ ঘাডোখৰলৈ ভূমূকি মাৰি চাইছিল। "গুলীটো এতিয়াও তাতেই আছে", সামান্য আগ্ৰহ দেখুৱাই তেওঁ কৈছিল। "মই এতিয়া ভাবিছো শিলৰ আঘাটত হোৱা এই ঘাডোখৰ কিমান গভীৰ।যদি বেছি গভীৰ নহয়, মই গুলীটো বিচাৰি উলিয়াব পাৰোঁ। কিন্তু ৰক্তক্ষৰণটো বাহ্যিক নহয়। তেওঁ বহুত তেজ হেৰুৱাইছে"।
এই মূহুৰ্ততে হানাই মূখত সোপামাৰি ধৰিছিল। তেওঁ মুৰ দাঙি চাইছিল আৰু হানাৰ মূখমন্ডল চালফাৰৰ নিচিনা শেতা হালধীয়া বৰন হোৱা দেখিছিল। "মূৰ্চা নাযাবা", তেওঁ খঙেৰে কৈছিল। তেওঁ ঘাডোখৰ অনুসন্ধান কৰি থকা সৰঞ্জামটো নমাই থোৱা নাছিল। "মই এতিয়া যদি কাম কৰা বন্ধ কৰি দিও, মানুহজন নিশ্চয় মৰিব"। তাই হাতদুখনেৰে মুখখন খামুচি ধৰিছিল, জাপ মাৰিছিল আৰু কোঠাটোৰ পৰা দৌৰি ওলাই গৈছিল। বাহিৰৰ বাগিছাখনত তাই ওকালি মাৰি থকা তেওঁ শুনিছিল। কিন্তু তেওঁ কাম কৰি গৈছিল।
"পেটতো খালি কৰাতোৱেই তাইৰ বাবে ভাল হ'ব", তেওঁ ভাবিছিল। তেওঁ পাহৰি গৈছিল যে তাই কেতিয়াও এটা অস্ট্ৰোপ্ৰচাৰ কৰা দেখা নাছিল। কিন্তু তাইৰ বিপদ আৰু তৎক্ষণাত তাইৰ ওচৰলৈ যোৱাৰ অসমৰ্থতাৰ বাবে তেওঁ ব্যৱহাৰ কৰা কটাৰীখনৰ তলত মৃতপ্ৰায় অবস্থাত থকা মানুহজনৰ প্ৰতি অধৈৰ্য আৰু বিৰক্ত হৈ পৰিছিল।
"এই মানুহজন", তেওঁ ভাবিছিল, "তেওঁ জীয়াই থকাৰ কোনো কাৰণ নাই।"
অবচেতনভাবেই এই চিন্তাই তেওঁক ৰুক্ষ/নিৰ্দয় কৰি তুলিছিল আৰু তেওঁ কামত বেগাই আগবাঢ়িল। মানুহজনে কেকাইছিল কিন্তু চাদাওৱে ভোৰভোৰোৱাৰ বাহিৰে তেওঁৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল।
"আৰ্তনাদ কৰ", তেওঁ বকি গৈছিল, "কেকাই ভাল লগিছে যদি কেকাই থাক।মই নিজৰ আনন্দৰ বাবে এই কাম কৰা নাই।
প্ৰকৃততে মই এইটো কিয় কৰিছোঁ, মই নিজেই নাজানো।"
দুৱাৰখন খোল খালে আৰু হানা আকৌ আহিল।
"চেতনানাশকটো ক'ত আছে?", এটা স্পষ্ট মাতেৰে হানাই সুধিছিল।
চাদাওৱে তেওঁৰ থুতৰিটোৰ ভঙ্গীমাৰে দেখুৱাই দিছিল। "ভালেই হ'ল তুমি ওভটি  আহিলা", তেওঁ কৈছিল, "এইটোৱে লৰচৰ কৰিবলৈ আৰম্ভ কৰিছে"।
তাইৰ হাতত এটা বটল আৰু অলপ কপাহ আছিল।
"কিন্তু এই কাম মই কেনেকৈ কৰিম?", তাই সুধিছিল।
"কপাহটুকুৰা তাত ভিজাই দিয়া আৰু তেওঁৰ নাকৰ বিন্ধাৰ ওচৰত ধৰি ৰাখা", চাদাওৱে এক মূহুৰ্তৰ বাবেও নিজৰ সূক্ষ্ম আৰু জটিল কামবিলাক বন্ধ নকৰাকৈ উত্তৰ দিছিল। "যেতিয়া তেওঁ বেয়াকৈ উশাহ ল'ব,তেতিয়া অলপ আতৰাই আনিবা"।
শুই থকা আমেৰিকানজনৰ মুখৰ ওচৰলৈ তাই বগুৱা বাই গৈছিল। মূখখন দুখজনকভাবে ক্ষীণ আছিল, আৰু ওঠদুটা পাকখাই আছিল, তাই ভাবিছিল। মানুহজনে বহুত কষ্ট ভূগি আছিল, তেওঁ এইটো জানকেই বা নাজানক। তেওঁক লক্ষ্য কৰি থাকোতে তাই ভাবিছিল যে মাজে সময়ে তেওঁলোকে যুদ্ধবন্দীসকলৰ কষ্টৰ বিষয়ে শুনা কাহিনীবিলাক সচাঁ আছিল নেকি। সেই কাহিনীবিলাক মুখে মুখে প্ৰচলিত হোৱা আৰু বিৰোধিতাৰ সন্মুখীন হোৱা কিছুমান উৰাবাতৰিৰ চিকমিকনিৰ নিচিনাকৈ আহিছিল।
বাতৰিকাকতত সদায় এইবিলাক প্ৰতিবেদন ওলাইছিল যে য'লৈকে জাপানী সেনা গৈছিল, মানুহবিলাকে মুক্তিৰ আনন্দত চিঞৰবাখৰ কৰি আনন্দৰে আদৰনি জনাইছিল। কিন্তু মাজেসময়ে তেওঁৰ জেনেৰেল টাকিমাৰ নিচিনা মানুহৰ কথাও মনত পৰিছিল যিয়ে ঘৰত ঘৈণীয়েকক নিষ্ঠুৰভাবে প্ৰহাৰ কৰিছিল, যদিও এইটো কথা কোনেও উল্লেখ কৰা নাছিল যিহেতু তেওঁ মাঞ্চুৰিয়াত সাহসেৰে এখন যুদ্ধ কৰিছিল। যদি তেওঁৰ দৰে ক্ষমতাত থকা এজন মানুহ এগৰাকী নাৰীৰ প্ৰতি ইমান নিষ্ঠুৰ হ'ব পাৰে, তেন্তে এইজনৰ নিচিনা যুদ্ধবন্দীৰ প্ৰতিও নিষ্ঠুৰ ন'হ'বনে?
তাই উদ্বিগ্নতাৰে সৈতে আশা কৰিছিল যে এই ডেকা ল'ৰাজনক নিৰ্যাতন দিয়া হোৱা নাছিল। ঠিক এই মূহুৰ্ততে তাই ল'ৰাটোৰ ডিঙিত, ঠিক কানৰ তলত দ,ৰঙা কটা দাগ লক্ষ্য কৰিছিল।
শব্দাৰ্থ (Word meaning):
absorption- একাগ্ৰতা, মনোযোগ
anesthetic- চেতনানাশক
impatiently- অধৈৰ্যভাবে
fasten- বান্ধি থোৱা
superficial- বাহ্যিক
choked- সোপামাৰি ধৰিছিল
retch- ওকালি মৰা, বিৰক্ত
ruthless- নিৰ্দয় বা নিষ্ঠুৰ
muttered- ভোৰভোৰাইছিল
crouched- চুচৰি গৈছিল বা বগুৱাবাই গৈছিল
intricate- জটিল বা সূক্ষ্ম
flickers- চিকমিকনি বা পোহৰৰ ধিমিকধামাক অবস্থা
victorious- বিজয়ী
now that- যিহেতু
torture- নির্যাতন
liberation- মুক্তি
sufferings- দুখকষ্ট
scar- কটা দাগ,
breathe- উশাহ লোৱা
saturate- ভিজাই দিয়া
paid no heed- মনোযোগ দিয়া নাছিল

Part IX (Page 35)
"Those scars",she murmured ........ grew stronger."
"সেই কটা দাগবোৰ", তাই চাদাওলৈ মুৰ ডাঙি চাই ভুনভুনাই কৈছিল।
কিন্তু তেওঁ উত্তৰ দিয়া নাছিল। এই মূহুৰ্ততে তেঁওৰ যন্ত্ৰটোৰ আগৰ অংশই মানুহৰজনৰ বৃক্কৰ ওচৰত বিপদজনকভাবে থকা কঠিন কিবা এটাত খুন্দা মাৰিলে। তেওঁৰ মনৰ সকলো চিন্তা গুচি গ'ল। তেওঁ আটাইতকৈ বিশুদ্ধ আনন্দ অনুভৱ কৰিছিল। মানুহৰ দেহৰ প্ৰত্যেকটো অনু পৰমাণুৰ লগত সুপৰিচিত হৈ থকা তেওঁৰ আঙুলিকেইটাই আলফুলে কিবা খেপিয়াবলৈ/ বিচাৰিবলৈ ধৰিলে। তেওঁৰ এনাটমী(মানব দেহ)বিষয়ৰ বৃদ্ধ অধ্যাপকজনে তেওঁৰ সেই জ্ঞান আহৰণ কৰাটো সুনিশ্চিত কৰিছিল। "মানব দেহৰ বিষয়ে থকা অজ্ঞতা এজন শল্য চিকিৎসকৰ প্ৰাথমিক/প্ৰধান পাপ, "বছৰৰ পাছত বছৰ ধৰি তেওঁ শ্ৰেণীকক্ষত গৰ্জন কৰি কৈছিল। "মানব দেহৰ বিষয়ে সম্পূৰ্ণ জ্ঞান নোহোৱাকৈ অস্ট্ৰোপ্ৰচাৰ কৰাটো-যেনিবা দেহটো তোমালোকেহে বনাইছিলা -- প্ৰয়োজনীয় জ্ঞানতকৈ কম জ্ঞানেৰে কাম কৰাটো হত্যাৰ সমতুল্য"।
"এইটো একেবাৰে কিডনিত নাই,বন্ধু", চাদাওৱে সৰু সৰুকৈ কৈ গৈছিল। যেতিয়া তেওঁ এটা অস্ট্ৰোপ্ৰচাৰ কৰোঁতে নিজক সম্পূৰ্ণ পাহৰি গৈছিল, তেতিয়া ৰোগীজনক ভোৰভোৰাই কথা কোৱাটো তেওঁৰ অভ্যাস হৈ গৈছিল।" মোৰ বন্ধু", তেওঁ সদায় তেওঁৰ ৰোগীসকলক কৈছিল আৰু এতিয়াও কৈছিল, এইটো কথা পাহৰি যে এই মানুহজন তেওঁৰ শত্ৰু আছিল।
তাৰপিছত আটাইতকৈ সংক্ষিপ্ত আৰু আটাইতকৈ পৰিষ্কাৰ ছিদ্ৰ কৰাত গুলীটো বাহিৰ হ'ল। মানুহজনে লৰচৰ কৰিছিল, কিন্তু তেওঁ তেতিয়াও অচেতন হৈ আছিল। সি যিকি নহওক তেওঁ কেইটামান ইংৰাজী শব্দ উচ্চাৰণ কৰিছিল।
"মোৰ পেট আৰু অংগ বোৰ", তেওঁ সোপামৰা মাতেৰে উচ্চাৰণ কৰিছিল, "তেওঁলোকে পালে...মোৰ অংগবোৰ(পেটৰ)..."
"চাদাও!",হানাই কৰ্কশভাবে চিঞৰি উঠিল।
"মনে মনে থাকা", চাদাওৱে কৈছিল।
মানুহজন আকৌ ইমান গভীৰ নিস্তব্ধতাত নিমজ্জিত হৈছিল যে চাদাওৱে তেওঁৰ স্পৰ্শটো ঘৃণা কৰা স্বত্তেও হাতৰ ঠাৰিটো দাঙি ধৰিছিল। হয়, তেতিয়াও এক অত্যন্ত দূৰ্বল আৰু অস্পষ্ট হৃদস্পন্দন আছিল, কিন্তু পৰ্য্যাপ্ত আছিল, যদি মানুহজনক জীয়াই ৰাখিব বিচাৰে বা আশা দিব বিচাৰে।
"কিন্তু মই নিশ্চয়কৈ এই মানুহজন জীয়াই থকাটো নিবিচাৰোঁ", তেওঁ ভাবিছিল।
"আৰু চেতনানাশক নালাগে", তেওঁ হানাক কৈছিল। তেওঁ(চাদাওৱে) ইমান দ্ৰুতগতিত ঘূৰিছিল যেন তেওঁ থমকি ন'ৰব আৰু তেওঁৰ ঔষধবোৰৰ মাজৰপৰা এটা সৰু বটল বিচাৰি লৈছিল আৰু এটা চিৰিঞ্জত ভৰাই মানুহজনৰ বাওঁবাহুত বেজী দিছিল। তাৰপাছত বেজীটো থৈ তেওঁ মানুহজনৰ হাতৰ ঠাৰিটো আকৌ দাঙি ধৰিছিল। তেওঁৰ আঙুলিৰ তলত অনুভূত হোৱা হৃদস্পন্দনটো এবাৰ দুবাৰ ধিমিকধামাক কৰিছিল আৰু তাৰপাছত শক্তিশালী হৈ পৰিছিল।

শব্দাৰ্থ (Word meaning):
Probed- বিচাৰিছিল বা খেপিয়াইছিল
Ignorance- অজ্ঞতা
Thundered- গৰ্জন কৰি কৈছিল
quivered- কপি উঠিছিল
muttered- উচ্চাৰণ কৰিছিল
profound-গভীৰ
feeble- দূৰ্বল
faint-অস্পষ্ট
vial- বটল
fluttered-ঢিমিকঢামাক কৰিছিল

 Part X (Pages- 36, 37)
"The man will live in spite of all ........ she herself could not understand."
"এই সকলোবোৰ হোৱা স্বত্বেও মানুহজন জীয়াই থাকিব,"তেওঁ হানাক কৈছিল আৰু হুমুনিয়াহ কাঢ়িছিল।
   ডেকা মানুহজন সাৰ পাইছিল, অতিশয় দূৰ্বল আছিল, যেতিয়া তেওঁ গম পাইছিল তেওঁ ক'ত আছিল তেওঁৰ নীলা চকুযুৰি ইমানেই আতংকিত হৈছিল যে হানাই ক্ষমা খুজিবলৈ বাধ্য হৈছিল। তাই নিজেই তেওঁৰ শুশ্ৰষা কৰিছিল কাৰণ চাকৰবিলাকৰ কোনোৱেই কোঠাটোত সোমোৱা নাছিল।
    যেতিয়া তাই প্ৰথমবাৰ সোমাই আহিছিল, তাই তেওঁক সামান্য শক্তি গোটাই কিবা ভয়ানক কামৰ বাবে প্ৰস্তত হোৱা দেখিছিল (খুব সম্ভৱ পলাই যোৱা)।
"ভয় নাখাবা", কোমলতাৰে তাই তেওঁক অনুনয় কৰিছিল।
"এইটো কেনেকুৱা কথা... তুমি ইংৰাজী কৈছা.." তেওঁ ফোপাই জোপাই কৈছিল।
"মই আমেৰিকাত বহুদিন আছিলোঁ," তাই উত্তৰ দিছিল।
তাই লক্ষ্য কৰিছিল যে তেওঁ উত্তৰ দিব বিচাৰিছিল, কিন্তু পৰা নাছিল আৰু সেইবাবে তাই আঠু কাঢ়িলে আৰু চীনামাটিৰ চামুচেৰে আলফুলে খুৱাই দিছিল। তেওঁ অনিচ্চুকভাবে খাইছিল, কিন্তু তেওঁ তথাপিও খাইছিল।
"এতিয়া তুমি সোনকালে শক্তিশালী হ'বা", ভাল নাপালেও তাই কথাষাৰ কৈছিল আৰু তেওঁক সান্তনা দিব বিচাৰিছিল।
তেওঁ উত্তৰ দিয়া নাছিল।
অস্ট্ৰোপ্ৰচাৰটোৰ পাচত চাদাও যেতিয়া তৃতীয় দিনা আহিছিল, তেওঁ ল'ৰাটোক বহি থকা অবস্থাত পাইছিল,সেই প্ৰচেষ্টাত তেওঁৰ মূখখন ৰক্তহীন, শেতা হৈ গৈছিল।
"শুই থাকা", চাদাওৱে চিঞৰি কৈছিল,"তুমি মৰিবলৈ বিচৰা নেকি?"
তেওঁ মানুহজনক জোৰ কৰি শুৱাই দিছিল আৰু ঘাডোখৰ পৰীক্ষা কৰিছিল। "এনেকুৱা কাম কৰিলে তুমি মৰি যাব পাৰা", তেওঁ গালি পাৰি কৈছিল।
"আপুনি মোক কি কৰিব বিচাৰিছে?", ল'ৰাটোৱে ভোৰভোৰাই কৈছিল। তেওঁক মাত্ৰ সোতৰ বছৰ বয়সীয়া যেন লাগিছিল। "আপুনি মোক চমজাই দিব খুজিছে নেকি"?
এক মূহুৰ্তৰ বাবে চাদাওৱে উত্তৰ দিয়া নাছিল। তেওঁ পৰীক্ষা শেষ কৰিলে আৰু ৰেশমী লেপখন মানুহজনৰ গাৰ ওপৰত মেলি দিলে।
"মই নিজেই নাজানো মই তোমাৰ ক্ষেত্ৰত কি কৰিম", তেওঁ কৈছিল। "মই অৱশ্যেই তোমাক পুলিচৰ হাতত গতাই দিয়া উচিত। তুমি এজন যুদ্ধবন্দী-নাই মোক আৰু একো ন'কবা।" ল'ৰাজনে কিবা এটা ক'বলৈ ধৰোতে তেওঁ হাতে দাঙি মানা কৰিছিল। "মই নুসুধিলে আনকি তোমাৰ নামটোও ন'ক'বা"।
তেওঁলোক দুইজনে ইজনে সিজনলৈ এক মূহুৰ্তৰ বাবে চাইছিল আৰু তাৰপাছত ডেকা ল'ৰাজনে চকুদুটা মুদিছিল আৰু বেৰৰ ফালে তেওঁৰ মুখখন ঘূৰাই দিছিল।
"ঠিক আছে", তেওঁ সৰুকৈ কৈছিল,মুখমণ্ডলত আছিল এডাল তিক্ততাৰ ৰেখা।
দুৱাৰৰ বাহিৰত হানা চাদাওৰ বাবে অপেক্ষা কৰি আছিল। তেওঁ তৎক্ষণাত গম পাইছিল যে হানা বিপদত পৰিছে।
"চাদাও, ইউমিয়ে মোক কৈছে, চাকৰবোৰে অনুভৱ কৰে আমি যদি এই মানুহজনক ইয়াত লুকাই ৰাখো তেওঁলোক ইয়াত থাকিব নোৱাৰে। তাই কৈছিল। "তাই মোক কৈছে যে চাকৰবিলাকে হেনো কৈছে যে তুমি আৰু মই ইমানদিন আমেৰিকাত আছিলো যে আমি প্ৰথমে নিজৰ দেশৰ কথা ভাবিবলৈ পাহৰি গৈছোঁ। সিহঁতে ভাবে আমি আমেৰিকানবোৰক ভাল পাওঁ"।
  "এইটো সচাঁ নহয়," চাদাওৱে কৰ্কশভাবে কৈছিল, "আমেৰিকানসকল আমাৰ শত্ৰু। কিন্তু যিজন মানুহক মই বচাব পাৰো সেইজনক মৰিবলৈ এৰি নিদিবলৈ মোক প্ৰশিক্ষণ দিয়া হৈছে।"
"চাকৰবিলাকে সেইটো বুজি নাপায়, "তাই উদ্বিগ্নতাৰে কৈছিল।
"নাপায়," তেওঁ সন্মতি প্ৰকাশ কৰিছিল।
তেওঁলোক দুজনৰ এজনেও বেছি কথা ক'বলৈ সক্ষম নহয় যেন লাগিছিল আৰু কিবা উপায়েৰে ঘৰৰ কামবোৰ ঠেলি হেচি চলি থাকিল। তেওঁলোকৰ চাকৰবোৰ আৰু অধিক সতৰ্ক হ'বলৈ ধৰিছিল। সিহঁতৰ শিষ্টাচাৰ সৌজন্যতাবোৰো খুব সাবধানতাৰে প্ৰকাশ হৈছিল। যিদুজন ব্যক্তিৰ সেৱাৰ বাবে সিহঁতক ভাড়া কৰা হৈছিল, তেওঁলোকৰ প্ৰতি সিহঁতৰ চকুত এটা শীতলতাহে দেখা গৈছিল।
    এদিনাখন ৰাতিপুৱা বৃদ্ধ মালীজনে কৈছিল, "আমাৰ মালিকে কি কৰা উচিত সেইটো স্পষ্ট হৈ আছে"। তেওঁ গোটেই জীৱনটো ফুলৰ ওপৰত কাম কৰিছিল আৰু শেলুৱৈৰ ক্ষেত্ৰত তেওঁ এজন বিশেষজ্ঞ আছিল। চাদাওৰ দেউতাকৰ বাবে তেওঁ জাপানৰ আটাইতকৈ উৎকৃষ্ট শেলুৱৈ বাগিচাবিলাকৰ এখন তৈয়াৰ কৰিছিল, শেলুৱৈৰ উজ্জ্বল, সেউজীয়া দলিছাখন তেওঁ বাৰে সাৰিছিল যাতে পাইনৰ কাইট বা পাতে ভেলভেটসদৃশ উপৰিভাগক লেতেৰা কৰিব নোৱাৰে। "মোৰ পুৰনা মালিকৰ পুতেকে ভালদৰে জানে তেওঁ কি কৰা উচিত, "জোপোহাএটাৰ কলি এটা চিকুটি চিকুটি তেওঁ কৈ গৈছিল"। "মানুহজন যেতিয়া মৃত্যুৰ ইমান ওচৰত আছিল, তাক ৰক্তক্ষৰণ হৈ মৰিবলৈ কিয় দিয়া নাছিল?"
    "আমাৰ ডেকা মালিক তেওঁৰ জীৱন বচোৱাৰ কৌশলক লৈ ইমান গৰ্বিত যে তেওঁ যিকোনো মানুহৰ জীৱন বচাই দিয়ে", বিদ্ৰুপৰ সুৰত ৰান্ধনীজনীয়ে কৈছিল। তাই দক্ষতাৰে চৰাই (মূৰ্গী, হাহ আদি) এটাৰ ডিঙিটো দুচেও কৰিছিল, ধপধপাই থকা চৰাইটোক দাঙি ধৰিছিল আৰু ইয়াৰ তেজখিনি উইষ্টেৰিয়া ভাইন নামৰ লতাজাতীয় গছজোপাৰ গুৰিলৈ বৈ যাবলৈ দিছিল। উৎকৃষ্ট সাৰবিলাকৰ ভিতৰত তেজ অন্যতম আৰু বৃদ্ধ মালীজনে তাইক ইয়াৰ এটোপালো নষ্ট কৰিবলৈ দিয়া নাছিল।
   "আমি ল'ৰাছোৱালীকেইটাৰ কথা ভাবিবই লাগিব", ইউমিয়ে দুখেৰে কৈছিল। "সিহঁতৰ কিযে দুৰ্ভাগ্য হ'ব যদি দেউতাকক বিশ্বাসঘাতক হিচাপে মৃত্যুদণ্ড দিয়া হয়?"
    তেওঁলোকে যি কৈছিল হানাৰ কানৰ পৰা লুকুৱাব বিচৰা নাছিল যেতিয়া তেওঁ ওচৰৰ বাৰান্দাখনত দিনটোৰ বাবে ফুলখিনি সজাই আছিল আৰু তেওঁ জানিছিল যে তেওঁক শুনাবৰ বাবে উদ্দেশ্যে প্ৰণোদিতভাবেই সিহঁতে কথাষাৰ কৈছিল। তেওঁ নিজৰ অন্তৰৰ পৰাই জানিছিল যে সিহঁত শুদ্ধ আছিল। কিন্তু তেওঁৰ আৰু এটা কথা আছিল যিটো তেওঁ নিজেই বুজিব পৰা নাছিল।

শব্দাৰ্থ (Word meaning):
in spite of- সত্বেও
perceived- গম পাইছিল
felt compelled- বাধ্য হৈছিল
apologize- ক্ষমা খোজা
summon- তলব কৰ
strength- শক্তি গোটোৱা
fearful thing- ভয়ানক কাম
begged- অনুনয় কৰিছিল
porcelain spoon- চীনামাটিৰ চামুচ
moss- শেলুৱৈ
watchful- সতৰ্ক
mar- লেতেৰা কৰা বা দাগ লগোৱা
pinch- চিকুটি দিয়া
contemptuously- বিদ্ৰুপৰ সুৰত
traitor- বিশ্বাসঘাতক

Part XI (Page-38)
"It was not sentimental liking of the prisoner...... from other Japanese?"
    এইটো বন্দীজনৰ প্ৰতি  কোনো আবেগিক মৰম নাছিল। তাই তেওঁক এজন যুদ্ধবন্দী হিচাবেহে গন্য কৰিছিল। আনকি কালিও তাই তেওঁক ভালপোৱা নাছিল যেতিয়া তেওঁ বেপৰোৱাভাবে কৈছিল, "যিকি নহওক, মই তোমাক কও যে মোৰ নাম টম"। তাই কেৱল দূৰৰপৰা মুৰ দোৱাইছিল। তাই তেওঁৰ চকুত দুখ কষ্ট দেখা পাইছিল, কিন্তু তাই সেইটো উপশম কৰিবলৈ ইচ্ছা কৰা নাছিল।বাস্তবিকতে তেওঁ ঘৰখনত এটা সমস্যা হৈ পৰিছিল।
    চাদাওৰ ক্ষেত্ৰত ক'বলৈ গ'লে, প্ৰত্যেকদিনাই তেওঁ ঘাডোখৰ সাৱধানে পৰীক্ষা কৰিছিল। আজি ৰাতিপুৱা শেষৰ চিলাইকেইটাও খোলা হৈছিল আৰু ডেকা মানুহজন এপষেকৰ ভিতৰত সম্পূৰ্ণ সুস্থ হৈ যোৱাটো নিশ্চিত হৈছিল। চাদাও তেওঁৰ কাৰ্যালয়লৈ ঘূৰি গৈছিল আৰু পুলিচৰ মুৰব্বীজনলৈ গোটেই বিষয়টো বৰ্ণনা কৰি এখন চিঠি ছাপা কৰিছিল। "ফেব্ৰুৱাৰীৰ ২১তাৰিখে এজন পলাটক যুদ্ধবন্দী সাগৰত উটি আহি মোৰ ঘৰৰ সন্মুখৰ উপকূলটোত লাগি ধৰিছিল। তেনেদৰেই তেওঁ টাইপ কৰি গৈছিল আৰু তাৰপাছত তেওঁৰ দেষ্কখনৰ এটা গোপন দাৰ্জ খুলিছিল আৰু অসমাপ্ত প্ৰতিবেদনটো তাত থৈ দিছিল। তাৰ পাছত সপ্তম দিনটোত দুটা ঘটনা ঘটিছিল। ৰাতিপুৱাই চাকৰবাকৰবিলাকে ডাঙৰ বৰ্গক্ষেত্ৰাকাৰ কপাহী কাপোৰেৰে তেওঁবিলাকৰ সা-সামগ্ৰী বিলাক বান্ধি একলগে ঘৰ এৰি গুছি গৈছিল। যেতিয়া হানা ৰাতিপুৱা সাৰ পাইছিল, একোৱেই কৰা হোৱা নাছিল, ঘৰ পৰিষ্কাৰ কৰা হোৱা নাছিল, আৰু খাদ্য প্ৰস্তুত কৰা নাছিল আৰু এই সকলো বোৰৰ অৰ্থ কি তাই জানিছিল। তাই বৰ উদ্বিগ্ন হৈছিল আৰু ভয় খাইছিল, কিন্তু ঘৰখনৰ মালিক হিচাপে থকা তেওঁৰ গৰ্বৰ ভাবটোৱে তাইক এইটো প্ৰকাশ কৰিবলৈ দিয়া নাছিল। তাৰ পৰিবৰ্তে সিহঁতে যেতিয়া তাইক ৰন্ধনশালত দেখা কৰিছিল, তাই আকৰ্ষণীয়ভাবে মুৰটো লৰাইছিল, আৰু তাই সিহঁতক দৰমহা দিছিল আৰু তাইৰ বাবে কৰা কামবোৰৰ কাৰণে ধন্যবাদ যাছিচিল। সিহঁতে কান্দি আছিল, কিন্তু তাই কন্দা নাছিল। ৰান্ধনী আৰু মালীজনে দেউতাকৰ দিনৰ পৰাই চাদাওৰ শুশ্ৰষা কৰিছিল আৰু ইউমিয়ে ল'ৰাছোৱালীকেইটাৰ কাৰনে কান্দিছিল। তাই ইমানেই দুখ কৰিছিল যে গুছি যোৱাৰ পাছতো তাই হানাৰ কাষলে দৌৰি উভতি আহিছিল।"
"কেচুৱাটোৱে যদি আজি ৰাতি বৰকৈ মোৰ অভাৱ অনুভৱ কৰে, মোক মাতি পঠিয়াব। মই নিজৰ ঘৰলৈ যাওঁ আৰু আপুনি জানেই এইটো ক'ত"।
"ধন্যবাদ", হানাই মিচিকিয়াই হাঁহি কৈছিল। কিন্তু তাই নিজকে কৈছিল যে কেচুৱাটোৱে যিমানেই কান্দক কিয় তাই ইউমিক মাতি নপঠিয়াই।
তাই পুৱাৰ আহাৰ প্ৰস্তুত কৰিছিল আৰু চাদাওৱে ল'ৰাছোৱালীকেইটাৰ আলপৈচান ধৰিছিল। তেওঁলোকৰ এজনেও চাকৰকেইজন যোৱা খবৰবোৰ বাহিৰে সিহঁতৰ বিষয়ে একো কথা পতা নাছিল। কিন্তু হানাই ৰাতিপুৱাৰ আহাৰ যুদ্ধবন্দীজনৰ ওচৰলৈ নিয়াৰ পাছতে চাদাওৰ কাষলৈ উভতি আহিল।
"আমি কিয় সিদ্ধান্ত কৰিব নোৱাৰো যে আমি কি কৰা উচিত?", তাই তেওঁক সুধিছিল। আনকি চাকৰবিলাকেও আমাতকৈ স্পষ্টকৈ জানে, আমি অন্যান্য জাপানীসকলতকৈ কিয় বেলেগ?"
শব্দাৰ্থ (Word meaning):
Assuage- প্ৰশমন কৰা বা উপশম কৰোৱা
send for- মাতি পঠিওৱা

 Part XII (Pages- 39, 40, 41)
"The children were asleep.....always feels stiff."
ল'ৰাছোৱালীকেইটা নিদ্ৰাত আছিল আৰু তেওঁ মাত্ৰ এক মূহুৰ্তৰ বাবে জিৰণি লৈছিল, কামৰ বোজাতকৈও তেওঁ ভয়ত বেছি ক্লান্ত হৈছিল।
"মই ভাবিছিলো তেঁওলোকে তোমাক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল", তাই কৈছিল।
তেওঁ তাইৰ উদ্বিগ্ন চকুযুৰিলৈ অপলক দৃষ্টিৰে চাইছিল।
"তোমাৰ খাতিৰত মই এই মানুহজনৰ পৰা মুক্ত হ'বই লাগিব", তেওঁ বিপদত পৰাৰ দৰে কৈছিল।"কিবা উপায়েৰে মই তেওঁৰ পৰা মুক্ত হ'বই লাগিব।"
(চাদাওৱে সেনাধক্ষজনক চোৱাচিতা কৰিবলৈ যায়।)
"অবশ্যই", সেনাধক্ষজনে নিশকতীয়া সুৰত কৈছিল।, "মই ভালদৰে বুজি পাওঁ। কাৰণ মই প্ৰিন্সটনত এটা ডিগ্ৰী লৈছিলো। খুব কম জাপানীলোকহে আছে"।
"মোৰ মানুহজনক মুঠেই গুৰুত্ব দিয়া নাই, সন্মানীয় সেনাধক্ষ মহোদয়", চাদাওৱে কৈছিল, "কিন্তু তেওঁৰ ওপৰত ইমান সফলতাৰে অস্ট্ৰোপ্ৰচাৰ কৰাৰ বাবে......"
"হয়, হয়", সেনাধক্ষজনে কৈছিল, "এই কথাটোৱে তুমি মোৰ বাবে কিমান বেচি অপৰিহাৰ্য সেইটো অনুভৱ কৰাইছে। এইটো স্পষ্ট যে তুমি যিকোনো ব্যক্তিকেই বচাব পাৰা--তুমি ইমান দক্ষতাসম্পন্ন।তুমি কৈছা তুমি ভাবা মই আজিৰ নিচিনাকৈ আৰু এবাৰ বিষত আক্ৰান্ত হব পাৰোঁ?"
"এটাতকৈ বেচি নহয়", চাদাওৱে কৈছিল।
"তেতিয়াহ'লে তোমাৰ ক্ষেত্ৰত একো ঘটনা ঘটিবলৈ দিব নোৱাৰো", সেনাধক্ষজনে বহু আশংকাত কথাটো কৈছিল। তেওঁৰ দীঘলীয়া, শেতা জাপানী মুখখন ভাবলেশহীন হৈ পৰিছিল, যিটোৱে অৰ্থ প্ৰকাশ কৰিছিল যে তেওঁ গভীৰ চিন্তাত আছিল।
"তোমাক গ্ৰেপ্তাৰ কৰিবলৈ দিব নোৱাৰি", চকু দুটা জপাই সেনাধক্ষজনে কৈছিল। "ধৰিলোৱা তোমাক মৃত্যুদন্ড বিহা হ'ল আৰু পিছদিনাই মোৰ অস্ট্ৰোপ্ৰচাৰ কৰিব লাগে?"
"অন্য শল্য চিকিৎসকো আছে মহোদয়", চাদাওৱে পৰামৰ্শ দিছিল।
"মই সিহঁতৰ কাকোৱেই বিশ্বাস নকৰোঁ", সেনাধক্ষজনে উত্তৰ দিছিল, "আটাইতকৈ ভালবিলাকক জাৰ্মানসকলৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁলোকে মই মৰিলেও অস্ট্ৰোপ্ৰচাৰ সফল হোৱা বুলি গণ্য কৰিব। সিহতৰ দৃষ্টিভঙ্গীক মই গুৰুত্ব নিদিওঁ"। তেওঁ হুমুনিয়াহ কাঢ়িছিল। "দুখৰ কথা এইটোৱেই যেন লাগে যে আমি জাৰ্মানসকলৰ নিৰ্দয়তাৰ লগত আমেৰিকানসকলৰ আবেগপ্ৰবনতাক ভালদৰে সংযোগ কৰিব নোৱাৰোঁ। তেতিয়া তুমি যুদ্ধবন্দীজনক মৃত্যুদন্ডৰ বাবে গতাই দিব নোৱাৰিলা আৰু তথাপিও মই নিশ্চিত হ'ব পাৰিছিলো যে মই যেতিয়া অচেতন হৈ আছিলোঁ তেতিয়া তুমি মোক হত্যা নকৰা"। সেনাধক্ষজনে ঢেকঢেকাই হাহিছিল। তেওঁৰ এটা অসাধাৰণ হাস্যৰস আছিল। "এজন জাপানী হিচাপে তুমি এই দুটা বিদেশী উপাদানক মিহলি কৰিব নোৱাৰানে?", তেওঁ সুধিছিল।
চাদাওৱে মিচিকিয়াই হাহিছিল। "মই নিশ্চিত নহয়," তেওঁ কৈছিল, "কিন্তু আপোনাৰ খাতিৰত মই চেষ্টা কৰিবলৈ ইচ্ছুক, মাননীয় মহোদয়"।
সেনাধক্ষজনে তেওঁৰ মুৰটো জোকাৰিছিল। "মই এই পৰীক্ষাৰ ভিত্তি ন'হ'লেই ভাল পাম", তেওঁ কৈছিল। তেওঁ হঠাৎ দূৰ্বল অনুভৱ কৰিছিল আৰু এজন চৰকাৰী বিষয়া হিচাপে  কৰিবলগীয়া চিন্তাচৰ্চাবোৰত তেওঁ ব্যতিব্যস্ত হৈ পৰিছিল যেনেকৈ বিভিন্ন সময়ত বাৰে বাৰে পুনৰাবৃত্তি হোৱা বিজয়বোৰে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দায়িত্ববিলাক বহুত বৃদ্ধি কৰিছিল। "এইটো বৰ দূৰ্ভাগ্যজনক যে এই মানুহটো সাগৰত উটি ভাঁহি তোমাৰ দুৱাৰমুখ পালেগৈ", তেওঁ বিৰক্তিৰে কৈছিল।
"মই নিজেও এইটো অনুভৱ কৰিছোঁ", চাদাওৱে নম্ৰতাৰে উত্তৰ দিছিল।
"তেওঁক সোনকালে মনে মনে মাৰি পেলাব পাৰিলেই আটাইতকৈ ভাল হ'ব", সেনাধক্ষজনে কৈছিল,"তোমাৰ হতুৱাই নহয়, কিন্তু তেওঁক চিনি নোপোৱা অন্য কোনোবা এজনৰ দ্বাৰা। মোৰ নিজৰ ব্যক্তিগত গুপ্তঘাটক আছে। ধৰিলোৱা সিহঁতৰ মাজৰ দুটাক আজি ৰাতি বা বেলেগ কোনোবা এটা ৰাতি তোমাৰ ঘৰলৈ পঠিয়াও। তুমি এই বিষয়ে একো জনাৰো প্ৰয়োজন নাই। এতিয়া গৰম দিন--ইয়াতকৈ আৰু স্বাভাৱিক কি হ'ব যে বগা মানুহটো শুই থাকোঁতে তুমি তেওঁৰ কোঠাত থকা পাৰ্টিশ্বনখন বাগিচাৰ দিশত খুলি থ'বা?"
"নিশ্চয়কৈ এইটো বহুত স্বাভাৱিক হ'ব", চাদাও সন্মত হৈছিল। "বাস্তবিকতে ৰাতি এইখন ৰাতি সদায় সেইদৰে খুলি থোৱা হয়"।
"ভাল কথা", সেনাধক্ষজনে হামিয়াই কৈছিল। "সিহঁত বৰ সমৰ্থবান গুপ্তঘাটক--সিহঁতে কোনো শব্দ নকৰে আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণৰ কৌশলটো জানে। যদি তুমি ইচ্ছা কৰা, মই সিহঁতৰ হতুৱাই আনকি  মৃতদেহটো আতৰাই দিয়াম"।
চাদাওৱে বিবেচনা কৰিছিল। "ডাঙৰীয়া, সেইটোৱেই আটাইতকৈ ভাল হ'ব", হানাৰ কথা ভাবি তেওঁ সন্মতি দিছিল।
তাৰপাছত তেওঁ সেনাধক্ষজনৰ কাষৰ পৰা গুচি আহিল আৰু আচনিটোৰ কথা ভাবি ঘৰলৈ গ'ল। এইদৰেই গোটেই দায়িত্বটো তেওঁৰ হাতৰ পৰা আতৰি যাব। তেওঁ হানাক এই বিষয়ে একো নকয় কাৰণ ঘৰত গুপ্তঘাটকৰ উপস্থিতিৰ কথা গম পালে তেওঁ বৰ ভয় খাব আৰু জাপানৰ নিচিনা এখন সম্পূৰ্ণ ৰাজ্যত এনেকুৱা মানুহ অতিশয় প্ৰয়োজনীয় আছিল। ন'হলে শাসকসকলে বিৰোধিতা কৰাসকলক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
যেতিয়া তেওঁ আমেৰিকাজন শুই থকা কোঠাটোলৈ গৈছিল তেওঁ নিজৰ মানসিক পৰিবেশত যুক্তিৰ বাহিৰে একোকেই সোমাবলৈ দিয়া নাছিল। কিন্তু তেওঁ যেতিয়া দুৱাৰখন খুলিছিল, তেওঁট আচৰিত কৰি মানুহজন বিচনাৰ পৰা উঠিছিল আৰু বাগিছাখনলৈ যাবলৈ প্ৰস্তুত হৈছিল।
"এইয়া কি!", তেওঁ চিঞৰি উঠিছিল। "তোমাক কোঠা এৰিবলৈ কোনে অনুমতি দিলে?"
"মই অনুমতিলৈ বাট চাই থকাত অভ্যস্ত নহয় (বা অভ্যাস নাই), টমে আনন্দেৰে কৈছিল। "মই আকৌ বহুত সুস্থ অনুভৱ কৰিছোঁ।! কিন্তু এইফালৰ মাংশপেশীবোৰ সদায় জথৰ হৈ থাকিবনেকি?"
শব্দাৰ্থ (Word meaning):
get rid of- মুক্ত হোৱা
indispensable- অপৰিহাৰ্য
expressionless- ভাবলেশহীন
condemn to death- মৃত্যুদন্ড দিয়া
ruthlessness- নিৰ্দয়তা
sentimentality- ভাবপ্ৰবণতা
irritably- বিৰক্তিৰে
assassins- গুপ্তঘাটক, হামিওৱা
timid- আতংকিত বা ভয়াতুৰ
gaily- আনন্দেৰে
stiff- জথৰ
not used to- অভ্যাস নাই বা অভ্যস্ত নহয়

Part-XIII (Pages-41,42,43)
"Is it so?" Sadao enquired.... many fathoms deep there."
"এনেকুৱা হৈছে নেকি?" চাদাওৱে আচৰিত হৈ সুধিছিল। তেওঁ সকলো পাহৰি গৈছিল।
"মই ভাবিছিলোঁ মই সেইটোৰ বিৰুদ্ধে ব্যৱস্থা কৰিছিলো", তেওঁ ভুনভুনাই কৈছিল। তেওঁ মানুহজনৰ কামিজটোৰ দাতিৰ(কাষৰ) পৰা দাঙি ধৰিছিল আৰু শুকাই যোৱা ঘাডোখৰ একেৰাহে চাইছিল। "মালিচ কৰিলে ভাল হ'ব পাৰে", তেওঁ কৈছিল, "যদি ব্যায়ামত ভাল নহয়"।
"এইটোৱে মোক বৰ বেছি অশান্তি/আমনি নকৰে", ডেকা ল'ৰাটোৱে কৈছিল। নৰাৰ নিচিনা থিয় ইষৎ হালধীয়া দাঢ়িখিনিয়ে ঢাকি ৰখা তেওঁৰ ডেকা/কোমল মুঠখন শুকাই ক্ষীনাই গৈছিল। "চাওক ডক্টৰ, মই আপোনাক কিবা এটা ক'ব বিচাৰো। মই যদি আপোনাৰ নিচিনা এজন জাপানী লোক লগ নাপালোহেতেন, মই আজি জীয়াই নাথাকিলোহেতেন। মই সেইটো জানো।"
চাদাওৱে মুৰ দোৱাইছিল, কিন্তু তেওঁ কথা ক'ব পৰা নাছিল।
"নিশ্চয়, মই সেইটো জানো", টম বন্ধুত্বসুলভভাবে কৈ গৈছিল। চকী এখন খামুচি ধৰি থকা তেওঁৰ দীঘল ক্ষীণ হাতদুখন অস্থিসন্ধিত বগা/শেতা হৈ পৰিছিল। "মই অনুমান কৰো যে গোটেই জাপানীসকল যদি আপোনাৰ দৰে হ'লহেতেন,তেতিয়া যুদ্ধই ন'হলহেতেন"।
"সম্ভবত", চাদাওৱে কষ্টেৰে কৈছিল। "আৰু মই ভাবোঁ এতিয়া তুমি বিচনালৈ যোৱা ভাল হ'ব।"
তেওঁ ল'ৰাটোক বিচনালৈ যোৱাত সহায় কৰিলে আৰু সম্ভাষণ জনালে। "শুভৰাত্ৰি", তেওঁ কৈছিল।
চাদাও সেইদিনা ৰাতি বেয়াকৈ শুইছিল। মাজে মাজে তেওঁ এইটো ভাবি সাৰ পাই গৈছিল যেন তেওঁ ভৰি চোচৰাই নিয়াৰ শব্দ শুনিছিল, গছৰ সৰু ঠাল-ঠেঙুলি এটা ভঙা বা বাগিছাৰ ক'ৰবাত শিল এটা স্থানচ্যুত হোৱা/বা পৰা শব্দ শুনিছিল—এনেকুৱা এটা শব্দ যিটো সাধাৰণতে বোজা কঢ়িওৱা মানুহ এজনে কৰিব পাৰে।
পিছদিনা ৰাতিপুৱাই তেওঁ পোনপ্ৰথমে অতিথিকক্ষটোলৈ যোৱাৰ অজুহাত বনাইছিল। আমেৰিকানজন নাথাকিলে তেওঁ সহজে হানাক ক'ব পাৰিব সেনাধক্ষজনে কি আদেশ দিছিল। কিন্তু তেওঁ যেতিয়া দুৱাৰখন খুলিছিল তেতিয়া তৎক্ষণাত গাৰুৰ ওপৰত থকা ইষৎ হালধীয়া আৰু বিশৃংখল চুলিৰ মুৰতো দেখিছিল। তেওঁ নিদ্ৰামগ্ন মানুহজনৰ শান্তিপূৰ্ণ স্বাস প্ৰস্বাসবোৰ শুনিব পাৰিছিল আৰু নিশব্দে দুৱাৰখন জপাই দিছিল।
"তেওঁ নিদ্ৰাৰত", তেওঁ হানাক কৈছিল। তেনেদৰে শোৱাটোৰ পৰা বুজা যায় যে তেওঁ সম্পূৰ্ণ সুস্থ।"
"তেওঁক লৈ আমি কি কৰো", হানাই তেওঁৰ পুৰনি আপ্তবাক্যটো ফুচফুচাই কৈছিল।
চাদাওৱে তেওঁৰ মুৰটো লৰাইছিল। "মই এক-দুই দিনৰ ভিতৰত সিদ্ধান্ত ল'বই লাগিব", তেওঁ প্ৰতিশ্ৰুতি দিছিল।
কিন্তু নিশ্চয়কৈ, তেওঁ ভাবিছিল দ্বিতীয় নিশাটোৱেই হ'ব সেই নিশা। সেইদিনাৰাতি বতাহ বলিছিল আৰু তেওঁ হালি-জালি থকা গছৰ ডালবোৰৰ শব্দ আৰু পাৰ্টিশ্বনৰ মাজেৰে অহা বতাহৰ হোহোৱনিৰ শব্দ শুনিছিল।
হানাইও সাৰ পাইছিল। "আমি গৈ অসুস্থ মানুহজনৰ কোঠাৰ পাৰ্টিশ্বনখন বন্ধ কৰি দিয়া উচিত ন'হবনে?", তেওঁ শুধিছিল।
"নালাগে", চাদাওৱে কৈছিল, "এতিয়া তেওঁ এইটো কাম নিজেই কৰিবলৈ সক্ষম।"
কিন্তু পাছদিনা ৰাতিপুৱাও আমেৰিকানজন তাতেই আছিল।
তেতিয়াহ'লে তৃতীয় নিশাটোৱেই নিশ্চয় সেই বহু প্ৰত্যাশিত নিশাটো হ'ব। বতাহছাটি এজাক শান্ত বৰষুণলৈ পৰিবৰ্তিত হৈছিল আৰু গোটেই বাগিছাখন ঘৰৰ চালৰ দাতিয়েদি বৈ অহা বৰষুনৰ পানীৰ শব্দেৰে ভৰি পৰিছিল।চাদাওৱে অলপ ভালকৈ শুইছিল কিন্তু এটা সংঘৰ্ষ/খুন্দাৰ শব্দত তেওঁ সাৰ পাইছিল আৰু জাপ মাৰি উঠিছিল।
"সেইটো কি আছিল?" হানাই চিঞৰি উঠিছিল। কেচুৱাটোৱে তাইৰ মাতত সাৰ পাইছিল আৰু কান্দিবলৈ আৰম্ভ কৰিছিল, "মই চাই আহোগৈ।"
"চাদাও", তাই চিঞঁৰি কৈছিল, "তোমাৰ কি হৈছে?"
"নাযাবা", তেওঁ ভোৰভোৰাই কৈছিল, "নাযাবা"।
তেওঁৰ ভয়টোৱে তাইকো আক্ৰান্ত কৰিছিল আৰু তাই উশাহ নোলোৱাকৈ থিয় দি অপেক্ষা কৰিছিল। কেৱল মাত্ৰ নিৰবতাহে আছিল। একেলগে তেওঁলোক দুয়ো বিচনাখনলৈ বগুৱা বাই গৈছিল, মাজত আছিল কেচুৱাটো।
তথাপিও ৰাতিপুৱা যেতিয়া তেওঁ অতিথিকক্ষৰ দুৱাৰখন খুলিছিল, ডেকাল'ৰাজন তাতেই আছিল।তেওঁ বৰ আনন্দিত আছিল আৰু গাধুই আহি থিয় হৈ আছিল। তেওঁ যোৱাকালি এখন দাঢ়ি কটা খুৰ বিচাৰিছিল আৰু দাঢ়ি কাটিছিল আৰু আৰু তেওঁৰ গালদুখনত সামান্য ৰং আহিছিল। "মই ভালে আছো", তেওঁ আনন্দেৰে কৈছিল।
চাদাওৱে তেওঁৰ কিমোনোটো তেওঁৰ ভাগৰুৱা দেহাটোত মেৰিয়াই দিছিল। তেওঁ নোৱাৰে, তেওঁ হঠাৎ সিদ্ধান্ত কৰিছিল-তেওঁ আৰু এটা ৰাতি পাৰ কৰিব নোৱাৰে। এইটো নহয় যে তেওঁ ডেকা মানুহজনৰ জীৱনৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল। নহয়, সহজতে ক'বলৈ গ'লে এইটো ইমান কষ্টৰ যোগ্য নাছিল।
"তুমি ঠিকেই আছা", চাদাওৱে সন্মতি জনাইছিল। তেওঁ কন্ঠশ্বৰটো সৰু কৰিছিল। "তুমি ইমানেই সুস্থ হ'লা যে মই ভাবো যদি আজি ৰাতি মোৰ নাওখন খাদ্য সামগ্ৰী আৰু অতিৰিক্ত কাপোৰৰ সৈতে উপকূলত ৰাখি দিও, তুমি উপকূলৰ পৰা বেছি দুৰত নথকা সেই সৰু দ্বীপটোলৈ যাব পাৰিবা। এইটো উপকূলৰ ইমান ওচৰত যে ইয়াক নিৰাপত্তা দিয়াৰ যোগ্য হোৱা নাই। ইয়াত কোনো বাস নকৰে কাৰণ ধুমুহাত ই জলমগ্ন হৈ যায়। কিন্তু এইটো ধুমুহাৰ ঋতু নহয়। কোৰিয়ান মাছমৰীয়াৰ নাওঁ এখন পাৰ হৈ নোযোৱালৈকে তুমি তাতেই থাকিব পাৰিবা। তেওঁলোক দ্বীপটোৰ খুব কাষেৰে পাৰ হৈ যায় কাৰন সেই ঠাইত সাগৰখন বহুত গভীৰ।"
শব্দাৰ্থ (word meaning):
Healing scar- শুকাই যোৱা ঘা
massage- মালিচ
bother- আমনি কৰা
gaunt- ক্ষীনাই শুকাই যোৱা
stubbly- ধানৰ নৰাৰ নিচিনা থিয়
blond- ইষৎ হালধীয়া
knuckles- অস্থিসন্ধি ৰু/বালিচ, বিশৃংখল
refrain- একেটা কথা বা সুৰ
woke- সাৰ পাইছিল
dripping- টোপ টোপকৈ পৰা
eaves- ঘৰৰ চালৰ একেবাৰে কাষৰ অংশ
crash- সংঘৰ্ষ বা খুন্দা
weary- ভাগৰুৱা বা ক্লান্ত
was not worth the strain- কষ্টৰ যোগ্য নাছিল
worth fortifying- নিৰাপত্তা দিয়াৰ যোগ্য
many fathoms deep- বহুত গভীৰ বা দ
submerge- জলমগ্ন হোৱা
Shaggy- বিশৃংখল

Part XIV (Pages-43,44,45)
"The young man stared at him.......That night he slept."
ডেকা ল'ৰা জনে লাহে লাহে কথাবোৰ বুজি তেওঁলৈ তধা লাগি চাই থাকিল। "মই যাব লাগিব নেকি?", তেওঁ সুধিছিল।
"মই তেনেকৈ ভাবো", চাদাওৱে নম্ৰভাবে কৈছিল। "তুমি বুজিছাই--তুমি যে ইয়াত আছা এইটো গোপন হৈ থকা নাই"।
ডেকা ল'ৰাজনে সম্পূৰ্ণকৈ কথাটো বুজি পাই মুৰ দুপিয়াইছিল।"ঠিক আছে", তেওঁ সহজভাৱে কৈছিল।
আবেলি নোহোৱালৈকে চাদাওৱে তেওঁক দেখা পোৱা নাছিল। আন্ধাৰ হোৱাৰ লগে লগে তেওঁ শক্তিশালী নাওখন উপকূলটোলৈ টানি আনিছিল আৰু ইয়াত তেওঁ দিনত গোপনে কিনি থোৱা খাদ্য আৰু পানীৰ বটল আৰু বস্তু বন্ধকত লৈ ঋণ দিয়া এখন দোকানৰ পৰা কিনা গৰম বিচনা চাদৰ দুখন ৰাখিছিল। সমুদ্ৰৰ উচ্চ জোৱাৰৰ বাবে নাওখন তেওঁ পানীৰ মাজৰ এটা খুটিত বান্ধিছিল। আকাশত জোন নাছিল আৰু তেওঁ টৰ্চ নোহোৱাকৈ কাম কৰিছিল।
যেতিয়া তেওঁ ঘৰলৈ আহিছিল তেওঁ এনেদৰে ঘৰ সোমাইছিল যেন তেওঁ কামৰ পৰা ঘূৰি আহিছিল, আৰু সেইবাবে হানাই একো গম পোৱা নাছিল। সন্ধ্যাৰ আহাৰ দিওঁতে তেওঁ কৈছিল, "আজি ইউমি ইয়াত আছিল"। যদিও হানা বহু আধুনিক আছিল, তথাপিও তাই তেওঁৰ লগত আহাৰ খোৱা নাছিল। "ইউমিয়ে কেচুৱাটোৰ কাৰণে কান্দিছিল", এটা হুমুনিয়াহ কাঢ়ি তাই কৈ গৈছিল। "তাই বৰকৈ তাৰ অভাৱ অনুভৱ কৰিছে"।
"বিদেশীজন গ'লেই চাকৰবিলাক উভতি আহিব", চাদাওৱে কৈছিল।
সেইদিনা ৰাতি শোৱাৰ আগতে তেওঁ অতিথি কক্ষটোলৈ গৈছিল আৰু আমেৰিকানজনৰ দেহৰ উষ্ণতা, ঘাডোখৰৰ অবস্থা আৰু তেওঁৰ হৃদস্পন্দন পৰীক্ষা কৰিছিল। খুব সম্ভবত উত্তেজনা উৎকন্ঠাৰ বাবে হৃদস্পন্দনটো অনিয়মীয়া আছিল। ডেকা মানুহজনৰ শেতা ওঠদুটাই চেপি ধৰিছিল আৰু তেওঁৰ চকুদুটাত পোৰনি উঠিছিল। মাত্ৰ তেওঁৰ ডিঙিত থকা কটা দাগবোৰ ৰঙচুৱা হৈ আছিল।
"মই উপলব্ধি কৰিছোঁ আপুনি আকৌ মোৰ জীৱনটো বচাইছে", তেওঁ চাদাওক কৈছিল।
"মুঠেই নহয়", চাদাওৱে কৈছিল। "তোমাক ইয়াত আৰু ৰখাই থোৱাত অসুবিধা হৈছে"।
মানুহজনক এটা টৰ্চ দিয়াৰ ক্ষেত্ৰত তেওঁ বৰ ইত:স্তত/থেৰোগেৰো কৰিছিল। কিন্তু শেষত তেওঁ এইটো দিবলৈ সিদ্ধান্ত কৰিছিল। এইটো এটা সৰু টৰ্চ আছিল যিটো তেওঁ ৰাতি ব্যৱহাৰ কৰিছিল যেতিয়া তেওঁক মাতি পঠিওৱা হৈছিল।
"তুমি এখন নাওঁ পোৱাৰ আগতেই যদি খাদ্য শেষ হৈ যায়", তেওঁ কৈছিল, "বেলি ডুব যোৱাৰ সময়তে দুবাৰ পোহৰ দি মোক সংকেত দিবা। আন্ধাৰত সংকেত নিদিবা, কাৰণ এইটো দেখা পোৱা যাব।যদি তুমি ঠিকেই থাকা কিন্তু তাতে থাকা, তেতিয়া মোক এবাৰ সংকেত দিবা। তুমি সহজতে সতেজ মাছ ধৰিবলৈ পাবা, কিন্তু তুমি কেচাই খাব লাগিব। জুই জলালে দেখা পোৱা যাব।"
"ঠিক আছে", ডেকা মানুহজনে উশাহ লৈছিল।
চাদাওৱে দিয়া জাপানী কাপোৰযোৰ তেওঁ পিন্ধি লৈছিল আৰু শেষ মূহুৰ্তত চাদাওৱে এখন ক'লা কাপোৰ তেওঁৰ ইষৎ হালধীয়া চুলিৰ মুৰটোত মেৰিয়াই দিছিল।
"এতিয়া", চাদাওৱে কৈছিল।
ডেকা আমেৰিকাজনে এটাও শব্দ নোকোৱাকৈ চাদাওক উষ্মভাবে কৰমৰ্দন কৰিছিল আৰু খুব সুন্দৰকৈ মজিয়াইদি খোজ কাঢ়ি গৈছিল আৰু খটখটিয়েদি বাগিছাখনৰ অন্ধকাৰত বিলীন হৈ গৈছিল। ৰাস্তাটো বিচাৰি উলিয়াবলৈ তেওঁ এবাৰ দুবাৰ টৰ্চ মাৰিছিল। কিন্তু সেইটো সন্দেহ কৰিবলগীয়া নাছিল। উপকূলৰ পৰা আৰু এবাৰ পোহৰ নহালৈকে তেওঁ অপেক্ষা কৰিছিল।তাৰপাছত তেওঁ পাৰ্টিশ্বনখন জপাই দিছিল। সেই নিশা তেওঁ শুইছিল।
শব্দাৰ্থ (Word meaning):
Comprehend- বুজি পোৱা
Stout- সবল, শক্তিশালী
Pawnshop- বস্তূ বন্ধকত ৰাখি ঋণ দিয়া দোকান
Wrapped- মেৰিয়াই দিছিল
Excitement- উত্তেজনা, উৎকন্ঠা

Part XV (Pages- 45,46,47)
"You say the man escaped?....why I could not kill him?"
"তুমি কৈছা মানুহজন পলাল?" সেনাধক্ষজনে দূৰ্বল কন্ঠশ্বৰত সুধিছিল। এসপ্তাহৰ আগতে তেওঁক অস্ত্ৰোপচাৰ কৰা হৈছিল, এটা জৰুৰী অস্ট্ৰোপচাৰ যিটোৰ বাবে চাদাওক ৰাতিয়ে মতা হৈছিল। বাৰ ঘন্টাৰ বাবে চাদাও নিশ্চিত নাছিল যে সেনাধক্ষজন জীয়াই থাকিব। পিত্তস্থলীত বেছি সমস্যা হৈছিল। তাৰপিছত বৃদ্ধ মানুহজনে দীঘল দীঘলকৈ উশাহ ল'বলৈ আৰম্ভ কৰিছিল আৰু খাদ্য বিচাৰিছিল। চাদাওৱে গুপ্তঘাটকৰ বিষয়ে সুধিবলৈ সক্ষম হোৱা নাছিল। তেওঁ যিমানদুৰ জানিছিল সিহঁত অহা নাছিল। চাকৰ-বাকৰবিলাক ঘূৰি আহিছিল আৰু ইউমিয়ে অতিথিকক্ষটো ভালদৰে চাফা  কৰিছিল আৰু বগা মানুহজনৰ গাৰ গোন্ধটো আতৰাবলৈ চালফাৰ জ্বলাইছিল। কোনেও একো কোৱা নাছিল। মাত্ৰ মালীজনৰ খং উঠি আছিল কাৰন তেওঁ ইন্দ্ৰমালতী ফুলৰ কামত পিছপৰি গৈছিল।
কিন্তু এসপ্তাহৰ পাছত চাদাওৱে অনুভৱ কৰিছিল যে বন্দীজনৰ বিষয়ে কথা পাতিব পৰাকৈ সেনাধক্ষজন যথেষ্ট সুস্থ হৈছিল।
"হয়, মান্যবৰ, তেওঁ পলাল", চাদাওৱে কৈছিল, তেওঁ কাহিছিল, এই তাৎপৰ্য বহন কৰি যে সেনাধক্ষজনক তেওঁ আমনি কৰিবলৈ অনিচ্ছুক আছিল আৰু যিমান কথা তেওঁ ক'ব পাৰিলেহেঁতেন, সেয়া কোৱা নাছিল। "সেই বন্দীজন", তেওঁ অলপ শক্তি গোটাই কৈছিল, "মই তোমাক প্ৰতিশ্ৰুতি দিয়া নাছিলোনে মই তোমাৰ হৈ তাক হত্যা কৰিম?"
"আপুনি দিছিল, মান্যবৰ", চাদাওৱে কৈছিল।
"ঠিক আছে, ঠিক আছে", বৃদ্ধ মানুহজনে এক আশ্চৰ্যৰ সুৰত কৈছিল, "মই সেইদৰেই কৈছিলো!" কিন্তু চোৱাচোন, মই বহুত কষ্ট ভূগি আছিলোঁ। সত্যটো হ'ল মই নিজৰ বাহিৰে একো কথাই ভবা নাছিলোঁ। চমুকৈ ক'বলৈ গ'লে, মই তোমাক দিয়া প্ৰতিশ্ৰুতি পাহৰিছিলো"।
"মই আচৰিত হৈছিলোঁ, মান্যবৰ", চাদাওৱে ভুনভুনাই কৈছিল।
"এইক্ষেত্ৰত মই নিশ্চয়কৈ বৰ অসাবধান আছিলোঁ", সেনাধক্ষজনে কৈছিল। "কিন্তু তুমি বুজিছাই, এইটোত দেশপ্ৰেমৰ অভাব বা কৰ্তব্যৰ গাফিলতি নাছিল", তেওঁ চিকিৎসকজনলৈ উদ্বিগ্নতাৰে চাইছিল। "যদি কথাটো ৰাজহুৱা হয় বা প্ৰকাশ হয় তুমি নিশ্চয় বুজিবা, নুবুজিবানে?"
"নিশ্চয়কৈ, মান্যবৰ", চাদাওৱে কৈছিল। তেওঁ হঠাৎ বুজি উঠিছিল যে সেনাধক্ষজন তেওঁৰ হাতৰ মুঠিত আছিল আৰু সেইবাবে তেওঁ নিজেই সম্পূৰ্ণ নিৰাপদ আছিল। "মই আপোনাৰ প্ৰতি আনুগত্যৰ শপত খাব পাৰোঁ, মান্যবৰ", তেওঁ বৃদ্ধ সেনাধক্ষজনক কৈছিল, "আৰু আপোনাৰ শত্ৰুৰ বিৰুদ্ধে থকা উদ্যমৰো"।
"তুমি এজন ভাল মানুহ", সেনাধক্ষজনে ভুনভুনাই কৈছিল আৰু তেওঁৰ চকু জপাইছিল। "তোমাক পুৰস্কৃত কৰা হব"।
কিন্তু চাদাওৱে অষ্টগামী সুৰুজৰ ৰাঙলী আভা পৰা সাগৰখনত ক'লা দাগৰ সন্ধান কৰি থাকোতেই তেওঁৰ পুৰষ্কাৰ পাইছিল। সন্ধ্যাৰ সেই সময়ত পোহৰৰ ক্ষুদ্ৰ কিৰনো নাছিল। দ্বীপটোত কোনোৱেই নাছিল। নিসন্দেহে তেওঁৰ বন্দীজন নিৰাপদে গুছি গৈছিল, কাৰন তেওঁক এখন কোৰিয়ান মাছমৰীয়াৰ নাও অহালৈকেহে ৰ'বলৈ সতৰ্ক কৰিছিল।
তেওঁ সাগৰখনলৈ একেথৰে চাই বাৰাণ্ডাত এক মূহুৰ্তৰ বাবে থিয় হৈছিল, য'ৰপৰা সেইনিশা ডেকা মানুহজন আহিছিল। আৰু কোনো কাৰণ নোহোৱাকৈ তেওঁৰ মনলৈ তেওঁ চিনি পোৱা অন্যান্য বগা মানুহৰ মুখবোৰ ভাহি আহিছিল--অধ্যাপকজন যাৰ ঘৰত তেওঁ হানাক লগ পাইছিল, এজন নিস্তেজ ব্যক্তি আৰু তেওঁৰ পত্নী, দয়াবান হ'বৰ ইচ্ছা থকা স্বত্বেও এগৰাকী মূৰ্খ কথকী তিৰোতা আছিল। তেওঁৰ মনত পৰিছিল এনাতমী বিষয়ৰ বৃদ্ধ শিক্ষকজনক, যি অস্ট্ৰোপচাৰ ৰ কটাৰীখন দয়াৰে ব্যৱহাৰ কৰাত আকোৰগোজ আছিল আৰু তাৰপাছত তেওঁৰ মনত পৰিছিল ঘৰৰ মালিকনীক যি শকত আৰু অপৰিষ্কাৰ মূখমন্ডলৰ আছিল।আমেৰিকাত এখন থকা ঠাই পাবলৈ তেওঁৰ বহুত কষ্ট হৈছিল কাৰণ তেওঁ এজন জাপানী ব্যক্তি আছিল। আমেৰিকানবোৰ পক্ষপাতপূৰ্ণ আছিল আৰু নিজকে সিহততকৈ শ্ৰেষ্ঠ বুলি জনাৰ পাচত তাত থকাটো বৰ তিক্ততাদায়ক আছিল। সেই অজ্ঞ আৰু লেতেৰা বৃদ্ধ মহিলাগৰাকী, যি শেষত তেওঁৰ শোচনীয় অবস্থাৰ ঘৰটোত চাদাওক আশ্ৰয় দিবলৈ সন্মতি দিছিল, তাইক তেওঁ কিমানযে ঘৃণা কৰিছিল/বেয়া পাইছিল! তেওঁ এবাৰ তাইৰ প্ৰতি কৃতজ্ঞ হ'বলৈ চেষ্টা কৰিছিল কাৰণ তেওঁৰ শেষৰ বছৰত ইনফ্লুৱেঞ্জা হওঁতে শুশ্ৰষা কৰিছিল, কিন্তু এইটো কঠিন আছিল, কাৰন তাইৰ দয়া প্ৰকাশ কৰোতেও কোনো গুণে কম বিৰক্তিদায়ক/আমনিদায়ক নাছিল। এতিয়া তেওঁৰ মনত পৰিছিল যুদ্ধবন্দীজনৰ ডেকা, ক্লান্ত জৰ্জৰিত মুখমণ্ডল--বগা আৰু মুঠেই ভাল নলগা।
"আচৰিত", তেওঁ ভাবিছিল, "মই আচৰিত হৈছো মই কিয় তেওঁক হত্যা কৰিব নোৱাৰিলোঁ?"
শব্দাৰ্থ (Word meaning):
Chrysanthemum (ক্ৰিচেন্ঠিমাম)- ইন্দ্ৰমালতী ফুল
Cross- খঙ উঠি থকা
lack of patriotism- দেশপ্ৰেমৰ অভাব
dereliction of duty- কৰ্তব্যত গাফিলতি
Come out- প্ৰকাশ হোৱা বা ৰাজহুৱা হোৱা
in the palm of his hand- হাতৰ মুঠিত
as a consequence- ফলস্বৰূপে
swear- শপত খোৱা
twilight- বেলি ডুব যোৱাৰ সময়ৰ পোহৰ
talkative-কথকী বা কথাচহকী
insistent-  আকোৰগোজ
slatternly- অপৰিষ্কাৰ লেতেৰা
despise- বেয়া পোৱা বা ঘৃণা কৰা
ignorant- অজ্ঞ
miserable- শোচনীয়
haggard- ক্লান্ত-জৰ্জৰিত
was no less repulsive- কোনো গুনেই কম বিৰক্তিদায়ক নাছিল
full of prejudice- পক্ষপাতপূৰ্ণ
 

Part XVI (Pages- 45,46,47)
"You say the man escaped?....why I could not kill him?"
"তুমি কৈছা মানুহজন পলাল?" সেনাধক্ষজনে দূৰ্বল কন্ঠশ্বৰত সুধিছিল। এসপ্তাহৰ আগতে তেওঁক অস্ত্ৰোপচাৰ কৰা হৈছিল, এটা জৰুৰী অস্ট্ৰোপচাৰ যিটোৰ বাবে চাদাওক ৰাতিয়ে মতা হৈছিল। বাৰ ঘন্টাৰ বাবে চাদাও নিশ্চিত নাছিল যে সেনাধক্ষজন জীয়াই থাকিব। পিত্তস্থলীত বেছি সমস্যা হৈছিল। তাৰপিছত বৃদ্ধ মানুহজনে দীঘল দীঘলকৈ উশাহ ল'বলৈ আৰম্ভ কৰিছিল আৰু খাদ্য বিচাৰিছিল। চাদাওৱে গুপ্তঘাটকৰ বিষয়ে সুধিবলৈ সক্ষম হোৱা নাছিল। তেওঁ যিমানদুৰ জানিছিল সিহঁত অহা নাছিল। চাকৰ-বাকৰবিলাক ঘূৰি আহিছিল আৰু ইউমিয়ে অতিথিকক্ষটো ভালদৰে চাফা  কৰিছিল আৰু বগা মানুহজনৰ গাৰ গোন্ধটো আতৰাবলৈ চালফাৰ জ্বলাইছিল। কোনেও একো কোৱা নাছিল। মাত্ৰ মালীজনৰ খং উঠি আছিল কাৰন তেওঁ ইন্দ্ৰমালতী ফুলৰ কামত পিছপৰি গৈছিল।
কিন্তু এসপ্তাহৰ পাছত চাদাওৱে অনুভৱ কৰিছিল যে বন্দীজনৰ বিষয়ে কথা পাতিব পৰাকৈ সেনাধক্ষজন যথেষ্ট সুস্থ হৈছিল।
"হয়, মান্যবৰ, তেওঁ পলাল", চাদাওৱে কৈছিল, তেওঁ কাহিছিল, এই তাৎপৰ্য বহন কৰি যে সেনাধক্ষজনক তেওঁ আমনি কৰিবলৈ অনিচ্ছুক আছিল আৰু যিমান কথা তেওঁ ক'ব পাৰিলেহেঁতেন, সেয়া কোৱা নাছিল। "সেই বন্দীজন", তেওঁ অলপ শক্তি গোটাই কৈছিল, "মই তোমাক প্ৰতিশ্ৰুতি দিয়া নাছিলোনে মই তোমাৰ হৈ তাক হত্যা কৰিম?"
"আপুনি দিছিল, মান্যবৰ", চাদাওৱে কৈছিল।
"ঠিক আছে, ঠিক আছে", বৃদ্ধ মানুহজনে এক আশ্চৰ্যৰ সুৰত কৈছিল, "মই সেইদৰেই কৈছিলো!" কিন্তু চোৱাচোন, মই বহুত কষ্ট ভূগি আছিলোঁ। সত্যটো হ'ল মই নিজৰ বাহিৰে একো কথাই ভবা নাছিলোঁ। চমুকৈ ক'বলৈ গ'লে, মই তোমাক দিয়া প্ৰতিশ্ৰুতি পাহৰিছিলো"।
"মই আচৰিত হৈছিলোঁ, মান্যবৰ", চাদাওৱে ভুনভুনাই কৈছিল।
"এইক্ষেত্ৰত মই নিশ্চয়কৈ বৰ অসাবধান আছিলোঁ", সেনাধক্ষজনে কৈছিল। "কিন্তু তুমি বুজিছাই, এইটোত দেশপ্ৰেমৰ অভাব বা কৰ্তব্যৰ গাফিলতি নাছিল", তেওঁ চিকিৎসকজনলৈ উদ্বিগ্নতাৰে চাইছিল। "যদি কথাটো ৰাজহুৱা হয় বা প্ৰকাশ হয় তুমি নিশ্চয় বুজিবা, নুবুজিবানে?"
"নিশ্চয়কৈ,মান্যবৰ", চাদাওৱে কৈছিল। তেওঁ হঠাৎ বুজি উঠিছিল যে সেনাধক্ষজন তেওঁৰ হাতৰ মুঠিত আছিল আৰু সেইবাবে তেওঁ নিজেই সম্পূৰ্ণ নিৰাপদ আছিল। "মই আপোনাৰ প্ৰতি আনুগত্যৰ শপত খাব পাৰোঁ, মান্যবৰ", তেওঁ বৃদ্ধ সেনাধক্ষজনক কৈছিল, "আৰু আপোনাৰ শত্ৰুৰ বিৰুদ্ধে থকা উদ্যমৰো"।
"তুমি এজন ভাল মানুহ", সেনাধক্ষজনে ভুনভুনাই কৈছিল আৰু তেওঁৰ চকু জপাইছিল। "তোমাক পুৰস্কৃত কৰা হব"।
কিন্তু চাদাওৱে অষ্টগামী সুৰুজৰ ৰাঙলী আভা পৰা সাগৰখনত ক'লা দাগৰ সন্ধান কৰি থাকোতেই তেওঁৰ পুৰষ্কাৰ পাইছিল। সন্ধ্যাৰ সেই সময়ত পোহৰৰ ক্ষুদ্ৰ কিৰনো নাছিল। দ্বীপটোত কোনোৱেই নাছিল। নিসন্দেহে তেওঁৰ বন্দীজন নিৰাপদে গুছি গৈছিল, কাৰন তেওঁক এখন কোৰিয়ান মাছমৰীয়াৰ নাও অহালৈকেহে ৰ'বলৈ সতৰ্ক কৰিছিল।
তেওঁ সাগৰখনলৈ একেথৰে চাই বাৰাণ্ডাত এক মূহুৰ্তৰ বাবে থিয় হৈছিল, য'ৰপৰা সেইনিশা ডেকা মানুহজন আহিছিল। আৰু কোনো কাৰণ নোহোৱাকৈ তেওঁৰ মনলৈ তেওঁ চিনি পোৱা অন্যান্য বগা মানুহৰ মুখবোৰ ভাহি আহিছিল--অধ্যাপকজন যাৰ ঘৰত তেওঁ হানাক লগ পাইছিল, এজন নিস্তেজ ব্যক্তি আৰু তেওঁৰ পত্নী, দয়াবান হ'বৰ ইচ্ছা থকা স্বত্বেও এগৰাকী মূৰ্খ কথকী তিৰোতা আছিল। তেওঁৰ মনত পৰিছিল এনাতমী বিষয়ৰ বৃদ্ধ শিক্ষকজনক, যি অস্ট্ৰোপচাৰ ৰ কটাৰীখন দয়াৰে ব্যৱহাৰ কৰাত আকোৰগোজ আছিল আৰু তাৰপাছত তেওঁৰ মনত পৰিছিল ঘৰৰ মালিকনীক যি শকত আৰু অপৰিষ্কাৰ মূখমন্ডলৰ আছিল।আমেৰিকাত এখন থকা ঠাই পাবলৈ তেওঁৰ বহুত কষ্ট হৈছিল কাৰণ তেওঁ এজন জাপানী ব্যক্তি আছিল। আমেৰিকানবোৰ পক্ষপাতপূৰ্ণ আছিল আৰু নিজকে সিহততকৈ শ্ৰেষ্ঠ বুলি জনাৰ পাচত তাত থকাটো বৰ তিক্ততাদায়ক আছিল। সেই অজ্ঞ আৰু লেতেৰা বৃদ্ধ মহিলাগৰাকী, যি শেষত তেওঁৰ শোচনীয় অবস্থাৰ ঘৰটোত চাদাওক আশ্ৰয় দিবলৈ সন্মতি দিছিল, তাইক তেওঁ কিমানযে ঘৃণা কৰিছিল/বেয়া পাইছিল! তেওঁ এবাৰ তাইৰ প্ৰতি কৃতজ্ঞ হ'বলৈ চেষ্টা কৰিছিল কাৰণ তেওঁৰ শেষৰ বছৰত ইনফ্লুৱেঞ্জা হওঁতে শুশ্ৰষা কৰিছিল, কিন্তু এইটো কঠিন আছিল, কাৰন তাইৰ দয়া প্ৰকাশ কৰোতেও কোনো গুণে কম বিৰক্তিদায়ক/আমনিদায়ক নাছিল। এতিয়া তেওঁৰ মনত পৰিছিল যুদ্ধবন্দীজনৰ ডেকা, ক্লান্ত জৰ্জৰিত মুখমণ্ডল--বগা আৰু মুঠেই ভাল নলগা।
"আচৰিত", তেওঁ ভাবিছিল, "মই আচৰিত হৈছো মই কিয় তেওঁক হত্যা কৰিব নোৱাৰিলোঁ?"
শব্দাৰ্থ (Word meaning):
Chrysanthemum (ক্ৰিচেন্ঠিমাম)- ইন্দ্ৰমালতী ফুল
Cross- খঙ উঠি থকা
lack of patriotism- দেশপ্ৰেমৰ অভাব
dereliction of duty- কৰ্তব্যত গাফিলতি
Come out- প্ৰকাশ হোৱা বা ৰাজহুৱা হোৱা
in the palm of his hand- হাতৰ মুঠিত
as a consequence- ফলস্বৰূপে
swear- শপত খোৱা
twilight- বেলি ডুব যোৱাৰ সময়ৰ পোহৰ
talkative- কথকী বা কথাচহকী
insistent- আকোৰগোজ
slatternly- অপৰিষ্কাৰ লেতেৰা
despise- বেয়া পোৱা বা ঘৃণা কৰা
ignorant- অজ্ঞ
miserable- শোচনীয়
haggard- ক্লান্ত-জৰ্জৰিত
was no less repulsive- কোনো গুনেই কম বিৰক্তিদায়ক নাছিল
full of prejudice- পক্ষপাতপূৰ্ণ


Syllabus of HS Second year English (Prose)

 

Syllabus of HS Second year English (Poetry)


Syllabus of HS Second year English (Supplementary Reader : Vistas)



Mr. Rupjyoti Goswami
Post Graduate Teacher (English)
Bhogeswar Hazarika Girls' Higher Secondary School, Bebejia, Nagaon, Assam.
Email: rupjyotigoswami983@gmail.com
Mobile: 9864425896.
Contact us (whatsapp no-7020477396) for free notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »

2 Comments

Click here for Comments
Taikaman
admin
July 17, 2022 at 12:06 PM ×

❤️❤️❤️❤️ Thank you so much

Reply
avatar
Mini S
admin
July 17, 2022 at 12:17 PM ×

Sir, I love the way you describe.It can be easily understood.Thanks again sir.

Reply
avatar