-->

Solved Question Paper of Swadesh Adhyayan 2019


Higher Secondary First Year, 2019
Swadesh Adhyayan
Full Marks : 86
Time : 3 hours


1. নিম্নোক্ত প্রশ্নকেইটাৰ শুদ্ধ উত্তৰ বাছি উলিওৱা :     1x14=14
(a) ভাৰতবৰ্ষৰ কোনকেইখন ৰাজ্যৰ পৰিসীমা অসমৰ পৰিসীমাৰ লগত সংযোজিত হৈ আছে?

(i) অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু পশ্চিমবঙ্গ
(ii) অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়
(iii) অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰাম
(iv) অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গ

উত্তৰঃ- (ii) অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়।

(b) অসমৰ মুঠ ভৌগোলিক এলেকা কিমান?
(i) ৭৪৮২৩ বর্গ কি. মি.         (ii) ৭৮৪২৩ বর্গ কি. মি.
(iii) ৭৩৮৪২ বর্গ কি. মি.    (iv) ৭০৪৮৩ বর্গ কি. মি.

উত্তৰঃ- (ii) ৭৮,৪২৩ বর্গ কিঃ মিঃ

(c) বর্তমান অসমত জিলাৰ সংখ্যা কিমান?
(i) ২৯         (ii) ৩০
(iii) ৩১     (iv) ৩৩

উত্তৰঃ- (iv) ৩৩

(d) তলৰ কোনখন ব্ৰহ্মপুত্র নদৰ দক্ষিণ পাৰৰ উপনৈ?
(i) সাোৱণশিৰি    (ii) সোণকোষ
(iii) ধনশিৰি    (iv) পাগলদিয়া।

উত্তৰঃ- (iii) ধনশিৰি।।

(e) ভাৰতৰ আটাইতকৈ পুৰণি শোধানাগাৰ ডিগবৈ কোন চনত স্থাপন কৰা হয়?
(i) ১৮০১            (ii) ১৯০১
(iii) ১৯৫০        (iv) ১৯৪৭

উত্তৰঃ- (ii) ১৯০১

(f) তলৰ কোনখন জিলাত জনসংখ্যা ঘনত্ব সর্বনিম্ন?
(i) ডিমা হাচাও        (ii) কাৰ্বি আংলং
(iii) হাইলাকান্দি        (iv) ওদালগুৰি

উত্তৰঃ- (i) ডিমা হাচাও

(g) অসমৰ কোনখন জিলাত নামবৰ বন্যপ্রাণী অভয়াৰণ্য অবস্থিত?
(i) মৰিগাও            (ii) শাণিতপুৰ
(iii) নগাঁও        (iv) গোলাঘাট

উত্তৰঃ- (iv) গোলাঘাট

(h) বর্মন ৰাজবংশৰ প্রতিষ্ঠাতা কোন আছিল।
(i) নৰক                            (ii) পুষ্য বৰ্মন
(iii) মহাভূতি বৰ্মন            (iv) কুমাৰ ভাস্কৰ বৰ্মন

উত্তৰঃ- (ii) পুষ্য বৰ্মন


(i) শালস্তম্ভ বংশৰ শেষ ৰজা আছিল-
(i) শালস্তম্ভ            (ii) বনমাল বর্মন
(ii) হর্জৰ বৰ্মন        (iv) ত্যাগসিংহ

উত্তৰঃ- (iv) ত্যাগসিংহ

(j) তলত উল্লিখিত উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যত নেগ্রিট জনগোষ্ঠীৰ লোক সর্বাধিক?
(i) মিজোৰাম            (ii) মণিপুৰ
(iii) নাগালেণ্ড            (iv) ত্ৰিপুৰা

উত্তৰঃ (iii) নাগালেণ্ড।

(k) তলৰ কোনজন ব্যক্তিক 'বাঘ হাজৰিকা' নমেৰে জনা যায়?
(i) চিদ্দিকী হাজৰিকা        (ii) শ্বাহ মিৰান
(iii) গিয়াছুদ্দিন                (iv) টুখ্রিল খাঁ

উত্তৰঃ- (i) চিদ্দিকী হাজৰিকা।

(l) পোনপ্রথমে কোনে বাইবেল ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল?
(i) মাইলছ ব্ৰন্সন        (ii) নাথান ব্রাউন
(iii) আত্মৰাম শৰ্মা        (iv) নিধিৰাম কেঁউট

উত্তৰঃ- (ii) নাথান ব্রাউন (১৮৪৮ চনত)

(m) সন্ধা, ললিতা আৰু কান্ত- এই তিনি জলধাৰাৰ সংগম স্থলত কি মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল?
(i) অক্লান্ত            (ii) বশিষ্ঠ
(iii) মহাভৈৰৱ    (iv) হয়গ্ৰীৱ মাধৱ।

উত্তৰঃ- (ii) বশিষ্ঠ

(n) অসমৰ কোনখন নগৰৰ সমীপত শ্রীসূৰ্য্য পাহাৰ অৱস্থিত?
(i) গোৱালপাৰা    (ii) ধুবুৰী
(ii) বঙাইগাঁও    (iv) তেজপুৰ

উত্তৰঃ- (i) গোৱালপাৰা।

2. তলত দিয়াকেইটাৰ চমু উত্তৰ লিখা।         2x10=20
(a) অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখা।
উত্তৰঃ- ডিমা হাচাও, কাৰ্বি আংলং

(b) অসমৰ জলবায়ুৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা।
উত্তৰঃ- অসমৰ জলবায়ুৰ দুটা বৈশিষ্ট্য হ'ল—
(ক) গ্রীষ্মকালত প্ৰচুৰ বৃষ্টিপাত আৰু শীতকালত বৰষুণৰ পৰিমাণ কম হয়।।
(খ) অতিমাত্রা আর্দ্রতা আৰু নিম্ন উত্তাপৰ দ্বাৰা অসমৰ জলবায়ু নিয়ন্ত্রিত।

(c) অসমৰ মাটিৰ মুখ্য বিভাগসমূহ কি কি?
উত্তৰঃ-অসমত বহলভিক্তিত বিভক্ত কৰা মাটিৰ চাৰিটা। সেইবোৰ হ'ল-
(ক) পলসুৱা মাটি
(খ) পাহাৰীয়া মাটি
(গ) গিৰিপদ মাটি
(ঘ) ৰঙা মাটি

(d) জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণসমূহ কি কি?
উত্তৰঃ- জন্মৰ হাৰ বৃদ্ধি, মৃত্যুৰ হাৰ হ্ৰাস আৰু জনপ্ৰব্ৰজন।

(e) নিৰ্ভৰশীল জনসংখ্যা বুলিলে কি বুজা?
উত্তৰঃ-


(f) কামৰূপৰ শাসকসকলে গ্ৰহণ কৰা দুটা সার্বভৌম শক্তি অর্থসূচক উপাখি উল্লেখ কৰা।
উত্তৰঃ- 'মহাৰাজাধিৰাজ' (পূষ্যবৰ্মনে) আৰু 'ৰাজপুত' (হৰ্ষবৰ্দ্ধনে)


(g) উত্তৰ-পূব ভাৰতলৈ হোৱা জনপ্ৰব্ৰজনৰ দুটা পথ উল্লেখ কৰা।
উত্তৰঃ- (ক) পাটকাই পৰ্বতৰ গিৰিপথেৰ আৰু
(খ) 


(h) উত্তৰ-পূব ভাৰতৰ মংগোলীয়সকলক কোন দুটা বহল ভাগত ভগাব পাৰি?
উত্তৰঃ- উত্তৰ-পূব ভাৰতৰ মংগোলীয়সকলক দুটা বহল ভাগত ভগাব পাৰি- (ক) উত্তৰ অসম ভাগ আৰু (খ) অসম-ব্ৰহ্ম ভাগ।

(i) নাটক বুজাবলৈ শংকৰদেৱে কোনটো শব্দ ব্যৱহাৰ কৰিছিল? 'চিহ্নযাত্রা' শব্দটোৱে কি অর্থ প্রকাশ কৰে?
উত্তৰঃ-

(j) পাণিনিৰ মতে ভক্তিৰ অর্থ কি?
উত্তৰঃ- পাণিনীয়ে তেওঁৰ 'অষ্টাধ্যায়ী'ত ভক্তিৰ অর্থ এইদৰে দিছে যে ভক্তি হ'ল অতি ভালপোৱা বা কাৰোবাক অনুভূতিৰ বোলেৰে ভজন কৰা।

3. তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়া।                 4x10=40
(a) কোনবোৰ কাৰকে অসমৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়, ব্যাখ্যা কৰা।     4

উত্তৰঃ- অসমৰ জলবায়ু নিম্নোক্ত কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰে-
(ক) উপক্ৰান্তীয় অৱস্থা।
(খ) ভূ-প্ৰকৃতি আৰু বন্ধুৰতা।
(গ) বংগোপসাগৰৰ উত্তৰ-পশ্চিম আৰু উত্তৰ-পূব দিশত সৃষ্টি হোৱা সম্পূৰ্ণ বিপৰীতমুখী আৰু বিপৰীতধৰ্মী চাপবলয় আৰু সেইবোৰৰ ঋতু অনুযায়ী সাময়িকভাৱে স্থান পৰিবৰ্তন।
(ঘ) ক্ৰান্তীয় সামুদ্ৰিক বায়ুপ্ৰৱাহৰ প্ৰভাৱ।
(ঙ) স্থানীয় পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা বলা বায়ুপ্ৰৱাহ।


(b) অসমৰ জনসংখ্যা বিতৰণত বিভিন্ন ভৌগোলিক কাৰকৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা।     4
উত্তৰঃ- অসমৰ জনসংখ্যাৰ বিতৰণৰ বিভিন্ন ভৌগোলিক কাৰকসমূহ তলত আলোচনা কৰা হ'ল- সাধাৰণতে ইয়াৰ সমতল ভূমি, সাৰুৱা নদী উপত্যকাত কৃষি-বাণিজ্য আৰু বসতিৰ সুবিধা আৰু পানী যোগানৰ সুচলৰ বাবে জনসংখ্যাৰ সম বিতৰণ হোৱা দেখা যায় আৰু ঘনত্বও অধিক হয়। অসম ৰাজ্যৰ অধিকাংশ অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত বাবে ইয়াৰ প্ৰায়বোৰ জিলাতে জনবসতি ঘন। ইয়াৰ বিশেষকৈ নগৰীয় অঞ্চলসমূহত অতি ঘন জনবসতি দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াত ব্যৱস্থা উন্নত, শিক্ষা, স্থাস্থ্য, উপাৰ্জনৰ সুযোগ-সুবিধা অধিক আৰু সেইবাবে জনপ্ৰব্ৰজনো অধিক। এনে কাৰণতে অসমৰ যিবোৰ জিলাত নগৰীকৰণৰ হাৰ বেছি, তেনেবোৰ জিলাত জনসংখ্যাৰ বসতিও ঘন। উদাহৰণস্বৰূপে কামৰূপ মেট্ৰ'ত (ঘনত্ব ১৩১৩ প্ৰতি বৰ্গ কিলোমিটাৰ) জনবসতিত ঘনত্ব ৰাজ্যখনত গড় জনবসতিৰ ঘনত্বৰ তিনিগুণ বেছি।
        অসমত অতি কম জনবসতিৰ জিলাকেইখন হ'ল ডিমা হাচাও (৪৪/বৰ্গ কিঃমিঃ), কাৰ্বি আংলং (৯২/বৰ্গ কিঃমিঃ) আৰু ধেমাজী (২১২/বৰ্গ কিঃমিঃ)। ইয়াৰে প্ৰথম দুখন জিলা পাহাৰীয়া হোৱাৰ বাবে আৰু ধেমাজীত বানপানীৰ প্ৰকোপৰ বাবে প্ৰধানকৈ জনবসতিৰ বিস্তাৰ সেৰেঙা।

(c) অসমৰ অর্থনৈতিক অৱস্থাৰ এটা চমু আভাস দিয়া।        4
উত্তৰঃ- অসমৰ সামগ্রিক অর্থনীতি প্রধানকৈ নিৰ্ভৰ কৰিছে ৰাজ্যখনৰ মানৱ সম্পদৰ ওপৰত। ২০১১-১২ চনক ভিত্তি বছৰ হিচাপে লৈ অসমৰ সামগ্রিক ঘৰুৱা উৎপাদনৰ মূল্য ২০১৪-১৫ চনৰ ১৬৬৭০৮.৮৫ কোটি টকাৰ বিপৰীতে ২০১৫-১৬ চনত ১৭৯৩৯৪.৭৩ কোটি টকা হৈছে বুলি এক সমীক্ষাত কোৱা হৈছে। সেই হিচাপে ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নৰ হাৰ সেই সময়ছোৱাত হয়গৈ ৭.৭৩ শতাংশ। অৱশ্যে ৰাজখনৰ এই উন্নয়নৰ হাৰ ভাৰতবৰ্ষৰ সামগ্রিক উন্নয়নৰ হাৰৰ তুলনাত ০.১৫ শতাংশ কম। উক্ত সময়ছোৱাত উল্লিখিত উন্নয়নৰ হাৰ সকলো খণ্ডত উন্নয়ন হাৰ ৩.৮৮ শতাংশৰ তুলনাত উদ্যোগ খণ্ডত এই হাৰ ৯.৪১ শতাংশ আৰু সেৱা খণ্ডত ৮.২১ শতাংশ বুলি কোৱা হৈছে। এই গণনা অনুসৰি ২০১৪-১৫ চনৰ তুলনাত ২০১৫-১৬ চনত উদ্যোগ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি পৰিলক্ষিত হৈছে।  
 
(d) অসমৰ কিমান শতাংশ লোক কৃষিকার্যত জড়িত? ৰাজ্যখনৰ কৃষি ব্যৱস্থাৰ আসোঁৱাহসমূহ বহলাই লিখা।         4
উত্তৰঃ- অসমৰ ৮০ শতাংশ লোক কৃষিকার্যত জড়িত।
    ৰাজ্যখনৰ কৃষি ব্যৱস্থাৰ প্ৰধান আসোঁৱাহসমূহ হ'ল—
(i) কৃষিক্ষেত্ৰসমূহৰ আকাৰ সৰু, যাৰ বাবে ট্রেক্টৰ আদিৰে মাটি চহোৱা অসুবিধাজনক।
(ii) জনমূৰি কৃষিমাটিৰ পৰিমাণ অতি কম, যাৰ ফলত বহুতো কৃষকে নিজৰ প্ৰয়োজনখিনিকেপূৰাব নোৱাৰা অৱস্থা হয়।
(iii) পুৰণি কৃষি পদ্ধতিকে খামুচি থকাৰ বাবে হেক্টৰে প্ৰতি যিমান উৎপাদন হ'ব লাগিছিল তাতকৈ বহুত কম উৎপাদন হয়।
(v) প্রতি বছৰে বানপানীৰ কবলত পৰি কৃষি শস্যৰ ব্যাপকভাৱে ক্ষতি হয়।


(e) মুক্ত শিল্পোদ্যোগ বুলিলে কি বুজা? উদাহৰণ দিয়া।     4
উত্তৰঃ- যিবোৰ উদ্যোগক প্রায় সকলো ঠাইতে স্থাপন কৰা যায় তেনে উদ্যোগকে চলন্ত বা মুক্ত শিল্পোদ্যোগ (Footloose Industries) বোলা হয়। মুক্ত উদ্যোগৰ স্থান উদ্যোগৰ বাবে প্রয়োজনীয় কাৰক যেনে কেঁচামাল, নিপুণ বণুৱা, যাথায়াত তথা বজাৰৰ অৱস্থানে নির্ধাৰণ নকৰে। সেয়েহে এনে উদ্যোগ যিকোনো ঠাইত স্থাপন কৰিব পাৰি। সেইবাবেই এনে উদ্যোগক চলন্ত শিল্পউদ্যোগ বোলা হয়। চলন্ত যদিও উপযুক্ত যাতায়াত, নিয়মীয়া বিদ্যুৎ সৰবৰাহ আৰু অতি নিপুণ শ্রমিক অবিহনে এনে উদ্যোগ স্থাপন কৰাত অসুবিধা হয়। এনে উদ্যোগত কেঁচামাল কমকৈ লাগে আৰু উৎপাদিত সামগ্ৰীৰ পৰিমাণো কম হয়, কিন্তু উভয়ৰে বজাৰ মূল্য অধিক। সেয়েহে এনে উদ্যোগ স্থাপনৰ বাবে কেঁচামাল আৰু উত্‍পাদিত সামগ্ৰী কঢ়িওৱাৰ খৰচ কম। চলন্ত বা মুক্ত উদ্যোগৰ পৰা প্ৰদূষণো কমকৈ হয়। অৱশ্যে কিছুমান মুক্ত উদ্যোগৰ বাবে প্ৰদূষণমুক্ত পৰিৱেশ অতি আৱশ্যক। সেইবাবে বহুতো মুক্ত উদ্যোগ তুলনামূলকভাৱে কম প্ৰদূষণ হোৱা চহৰৰ উপকণ্ঠত স্থাপন কৰা ছফট্‌ৱেৰ টেকন'লজি পার্ক, ইণ্ডিয়া এনে কাৰণতে স্থান কৰা উদ্যোগৰ এটা উদাহৰণ।

(f) 'প্রাগজ্যোতিষ' আৰু 'কামৰূপ' নাম দুটাৰ উৎপত্তি সম্পর্কে কি জানা?      4
উত্তৰঃ- 'প্রাগজ্যোতিষ' আৰু 'কামৰূপ' নাম দুটাৰ উৎপত্তি উত্‍স বেলেগ বেলেগ। প্রাচীন সংস্কৃত শাস্ত্ৰত উল্লেখ কৰা কিংবদন্তিমতে প্রাগজ্যোতিষ আছিল জ্যোতিষচর্চা আৰু সূর্যপূজাৰ দেশ। পিছে ড° বাণীকান্ত কাকতিৰ মতে, প্রাগজ্যোতিষ নামটোৰ উৎস মূলতঃ অষ্ট্রিক ভাষাৰ; আৰু তাকে সংস্কৃতৰ ৰূপ দিহে শাস্ত্ৰকাৰসকলে তাক প্ৰাগজ্যোতিষ কৰিছে।
        প্রাচীন ফলি আৰু সাহিত্যসমূহত 'প্রাগজ্যোতিষ' নামটো 'লৌহিত্য' (লোহিত, লুইত) বা ব্ৰহ্মপুত্ৰৰে একে কৰিও কোনো কোনো তথ্যত দেখুওৱা হৈছিল। আনকি বহু সময়ত 'লৌহিত্য' শব্দৰে প্ৰাগজ্যোতিষ ৰাজ্যৰ ভৌগোলিক অঞ্চলখিনিকো বুজোৱা হৈছিল। তদুপৰি, প্ৰাগজ্যোতিষ নামৰ লগত 'কামৰূপ' নামটোও ব্যৱহাৰ কৰি দুয়োটা নামকে প্ৰায় একাকাৰ কৰা হৈছিল।
        প্ৰাচীন সংস্কৃত শাস্ত্ৰত উল্লেখ কৰা কিংবদন্তিমতে প্ৰাগজ্যোতিষ আছিল জ্যোতিষচৰ্চা আৰু সূৰ্যপূজাৰ দেশ। পিছে ড° বাণীকান্ত কাকতিৰ মতে কামৰূপ শব্দটো মূল চান্থালী 'কামৰূ' বা 'কামৰূপ'ৰ পৰা আহিছে। ইয়াৰ অৰ্থ যাদু বা প্রেতাত্মাক আহ্বান কৰা বিদ্যা। কামৰূপ নামটোৰ উৎপত্তিৰ বিষয়েও প্রাচীন সংস্কৃত শাস্ত্ৰত-এটা কিংবদন্তি আছে। সেই কিংবদন্তি মতে, শিৱৰ দাৱানলত পতিত হৈ হিন্দুৰ প্ৰেমৰ কামদেৱ মৃত্যুমুখত পৰে। সেই কাৰণে প্রাচীন প্রাগজ্যোতিষপুৰ ৰাজ্যৰ নাম কামৰূপ হয়। কালিকা পুৰাণৰ উল্লেখমতে প্রাগজ্যোতিষত নৰকাসুৰ ৰজা হোৱাৰ পিছতেই ৰাজ্যখনৰ নাম কামৰূপ হয়।
        খ্রীঃ চতুর্থ শতিকামানৰ পিছৰ পৰা কামৰূপ নামটোৰ প্রচলন হয়। এতিয়ালৈকে প্রতিষ্ঠিত হোৱা তথ্যসমূহৰ ভিতৰত গুপ্তসম্রাট সমুদ্রগুপ্তৰ (খ্ৰীঃ ৩৫০-৩৭৫) এলাহবাদ বিখ্যাত স্তম্ভ লিপিত কামৰূপ নামটো প্রথম উল্লেখ কৰা দেখা যায়। সেই সময়ত সংস্কৃত সাহিত্যৰাজিৰ ভিতৰত কালিদাসৰ 'ৰঘুবংশ' নামৰ গ্ৰন্থতো কামৰূপ নামটোৰ প্রথম ব্যৱহাৰ হোৱা দেখা যায়।

(g) চুকাফাই কিদৰে ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্য প্রতিষ্ঠা কৰিছিল?         4
উত্তৰঃ- আহোমসকল টাই জাতিৰ অন্তৰ্গত শ্বানসকলৰ বংশধৰ আছিল। অনুঃ ১২১৫ খ্রীষ্টাব্দত সিংহাসন লাভৰ পৰা বঞ্চিত হৈ চুকাফাই মাওলুং ৰাজ্য এৰি পৰিয়ালবৰ্গ আৰু কিছু সংখ্যক অনুগামীক লৈ অসমৰ ফাললৈ আগবাঢ়ে আৰু অসম-ব্ৰহ্মদেশৰ সীমাত থকা পাটকাই পর্বত পাৰ হৈ খ্রীষ্টাব্দ ১২২৮ চনত ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিয়ে। চুকাফাৰ লগত অহা লোকৰ সংখ্যা আছিল বৰ কম; মহিলা প্ৰায় নাছিলেই। স্বাভাৱিকতে চুকাফাৰ যাত্রা আছিল নিতান্তই বিপদসংকুল। কিন্তু চুকাফাই মৰম আৰু বন্ধুত্বপূর্ণ ব্যৱহাৰৰ মাজেৰে মৰাণ-বৰাহী আদি লোকসকলক নিজৰ সমর্থক কৰি ল'বলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ কন্যা বিয়া কৰি সেই সকল লোকেৰে ঘৰুৱা সম্পর্ক গঢ়ি তুলিছিল। অৱশ্যে নগা আদি কোনো কোনো জনজাতিৰ ক্ষেত্ৰত চুকাফাই সামৰিক আৰু দমন নীতিও অৱলম্বন কৰিব লগা হৈছিল। এইদৰে সূদীর্ঘকাল যুঁজ-বাগৰ আৰু শান্তি-সম্প্রীতিৰ মাজেৰে পাৰ কৰি চুকাফাই খ্রীঃ ১২৫৩ চনত বর্তমান অভিভক্ত শিৱসাগৰ জিলাৰ দক্ষিণ-পূবে চৰাইদেউ পাহাৰত ৰাজধানী পাতি আহোম ৰাজ্যৰ ভেটি প্রতিষ্ঠা কৰে। চুকাফাৰ বংশধৰ শাসন একেলেথাৰিয়ে প্ৰায় ছশ বছৰ কাললৈ চলিছিল।

(h) 'বুৰঞ্জী' শব্দটোৰে কি অর্থ প্রকাশ কৰে? বুৰঞ্জীসমূহৰ গুৰুত্ব সম্পর্কে চমুকৈ লিখা।  4
উত্তৰঃ- টাই ভাষাত বু' মানে মূখ বা অজ্ঞ, 'ৰণ' মানে শিক্ষা আৰু 'জী' মানে ভঁৰাল অর্থাৎ বুৰঞ্জী শব্দৰ অৰ্থ মূৰ্খ বা নজনা মানুহৰ শিক্ষাৰ ভঁৰাল।
         জন্ম-মৃত্যুৰ খবৰৰ পৰা আৰম্ভ কৰি দেশৰ সকলো আৱশ্যকীয় ঘটনা বুৰঞ্জীত সন্নিবিষ্ট কৰা হৈছিল। আহোম ৰাজত্বৰ শাসন নীতি, অর্থনৈতিক অৱস্থা, ৰাজনৈতিক অৱস্থা আদিৰ বিষয়ে জানিব পৰাৰ উপৰি চুবুৰীয়া কোঁচ, কছাৰী, চুতীয়া, জয়ন্তীয়া, ত্ৰিপুৰা আদি ৰাজ্যৰ ঐতিহাসিক বর্ণনাও এই বুৰঞ্জীবিলাকত সংকলিত হৈ আছে। ৰাজবংশাৱলীসমূহৰ পৰা সমসাময়িক চুবুৰীয়া ৰাজ্যসমূহৰ ৰাজনৈতিক অৱস্থা আৰু সমাজ-সংস্কৃতিৰ বিষয়েও বহু কথা জানিব পাৰি। ইয়াৰ উপৰি সত্ৰসমূহতো সত্ৰাধিকাৰসকলৰ বংশাৱলী লিখাৰ প্ৰথা আছিল। সত্ৰীয়া সংস্কৃতি অধ্যয়নত এইবোৰ অপৰিহাৰ্য সমল হিচাপে গণ্য কৰা হয়।
(i) কামাখ্যা মন্দিৰ অথবা পোৱা-মক্কাৰ ওপৰত এটা টোকা লিখা।        4
উত্তৰঃ-     কামাখ্যা মন্দিৰঃ-
কামাখ্যা মন্দিৰ হৈছে প্ৰাচীন অসমৰ অতি মহত্বপূৰ্ণ শক্তিপীঠ আৰু ভাৰতৰ ৫১খন পৱিত্ৰ পীঠৰ অন্যতম। এই মন্দিৰ গুৱাহাতীৰ পশ্চিমে থকা নীলাচল পাহাৰত অৱস্থিত। এই ঠাইতে ভগৱান বিষ্ণৱে সুদৰ্শন চক্ৰৰে কাটি খণ্ড-বিখণ্ড কৰা সদাশিৱৰ পত্নী সতীৰ জননাংগ পৰিছিল আৰু কামাখ্যা মন্দিৰ সৃষ্টি হৈছিল বুলি এক আখ্যান আছে। অন্য এক আখ্যান মতে কামাখ্যা মন্দিৰ আৰু শিলৰ খটখটী প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰে নিৰ্মাণ কৰাইছিল। মন্দিৰত ব্যৱহৃত ইটাবোৰ পাগতদি পুনৰ ঘিউত ভাজি লৈছিল বুলি 'দৰঙ্গ ৰাজবংশাৱলী'ত উল্লেখ আছে। মন্দিৰটোৱে কোচৰাজ্যৰ স্থপতি-কাৰিকৰৰ নিপুনতাৰ পৰিচয় দাঙি ধৰে।
        কামাখ্যা মন্দিৰত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহ তামৰ ফলি আছে। মন্দিৰ ভিতৰলৈ সোমোৱা প্ৰৱেশদ্বাৰত কোচৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ শৈলমূত্তি আছে। কামাখ্যা মন্দিৰত প্ৰতিবছৰে মহাসমাৰোহেৰে উদ্‌যাপিত হোৱা পূজা আৰু মেলাসমূহৰ ভিতৰত অম্বুবাচী মেলায়েই সবাতোকৈ বিখ্যাত। আহাৰ মাহৰ সাত তাৰিখৰ পৰা দহ তাৰিখলৈ আই বসুমতী শস্য-সম্ভৱা হ'বৰ বাবে ঋতুমতী হয় বুলি এক প্ৰাচীন লোকবিশ্বাস আছে। এই সময়তে প্ৰকৃতিৰ উৰ্বৰা শক্তিৰ আধাৰস্বৰূপা কামাখ্যা দেৱীও ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। এই উপলক্ষ্যে কামাখ্যাধামতে মহাসমাৰোহেৰে অম্বুবাচী উত্‍সৱ পালন কৰা হয়।

 পোৱামক্কাঃ-
    হাজোৰ সর্বোচ্চ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত পোৱামক্কা মুছলমানসকলৰ পবিত্র তীর্থস্থান। পোৱামক্কা প্রতিষ্ঠা কৰিছিল সিদ্ধপুৰুষ গিয়াছদ্দিন আউলিয়াই। পোৱামক্কা নামটোৰ উৎপত্তিৰ আঁৰত কেইবাটাও জনশ্রুতি আছে। এটাৰ মতে, প্রতিষ্ঠাপক সন্ত গিয়াছিউদ্দিন আউলিয়াই পোৱামক্কা স্থাপন কৰোঁতে অতি পবিত্ৰ তীর্থভূমি মক্কাৰপৰা এপোৱা পবিত্র মাটি আনি ইয়াৰ মাটিৰ সৈতে মিহলি কৰি দিছিল বাবেই এই পোৱামক্কা নামটো হৈছিল। আন এটা জনশ্রুতি মতে, পোৱামক্কা দর্শন কৰিলে মুছলমানসকলৰ অতি পৱিত্ৰ তীর্থস্থান মক্কা দৰ্শনৰ এক চতুর্থাংশ পুণ্য অর্জন হয় বুলি বিশ্বাস কৰা হয় বাবে এই স্থানক পোৱামক্কা বোলা হয়। পোৱামক্কাত সন্ত গিয়াছউদ্দিন আউলিয়াৰ সমাধিৰ লগতে এটা মছজিদ আছে। পোৱামক্কালৈ জাতি ধর্ম-নির্বিশেষে অগণন তীর্থযাত্রীৰ আগমন হয়।

(j) পাইক প্ৰথাৰ বিষয়ে এটা টোকা লিখা।        4
উত্তৰঃ-  ১৬০৯ খ্ৰীঃত পোনপ্ৰথমে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই সাংগঠনিক ৰূপত পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰে। এই প্ৰথাত ১৬ বছৰৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ সকলো কৰ্মঠ মুনিহ প্ৰজাকে পাইক বুলি কোৱা হৈছিল আৰু পাল পাতি পাতি প্ৰতিজন পাইকে বছৰত তিনি মাহকে ৰাজ্যৰ বাবে অৰ্থাত্‍ ৰজাৰ হৈ কাম কৰি দিব লাগিছিল। এই নিয়মকে পাইক প্ৰথা বুলি কোৱা হৈছিল।

        পাইক প্ৰথাৰ মাধ্যমেৰে কৃষক-কাৰিকৰ শ্ৰেণীক শোষণ কৰিবলে সুবিধা হৈছিল। ব্যক্তি স্বাধীনতা হেৰুৱাই বাধ্য-বাধক নিয়ম-নীতিৰ মাজত অহৰহ গা খাটনি দি থাকিব লগা হোৱাত বিশেষকৈ বাধ্য হৈ যুদ্ধৰ সৈনিক হ'ব লগা হোৱাত পাইকসলকৰ মনত সময়ত পলায়নবাদী মনোভাৱ এটাই গঢ় লৈ উঠিছিল। ফলস্বৰূপে শান্তি আৰু যুদ্ধ সকলো সময়তে নিয়মিতভাৱে গা-খাটি দিয়াতকৈ বহুতে বিষয়াসকলৰ ঘৰত লগুৱা, লিকচৌ হিচাপে আৰু মন্দিৰত ভকত বা 'দেৱলীয়া' পাইক হিচাপে থাকিবলৈহে আহিছিল। গতিকে দেখা যায় যে পাইক প্ৰথাৰ মূল ভেটি আছিল সমসাময়িক অসমীয়া সমাজৰ স্ব-নিৰ্ভৰশীলতা। য'ত কোনো বাণিজ্যিক সম্পৰ্কৰ অবিহনেই ৰাজ্যৰ অৰ্থনীতি বিনিময় প্ৰথাৰ মাধ্যমেদি পৰিচালিত হৈছিল। সমাজত আকালো নাছিল, ভঁৰালো নাছিল। মুঠৰ ওপৰত উদ্ধৃত্ত শূন্য কৃষি উত্‍পাদন ব্যৱস্থাক পাইক প্ৰথাই প্ৰতিনিধিত্ব কৰিছিল।


4. (a) অসমৰ মূল ভূপ্রাকৃতিক বিভাগকেইটা কি কি? অসমৰ এখন আৰ্হি মানচিত্র আঁকি তাত বিভাগকেইটা চিহ্নিত কৰা।                 3+3=6
উত্তৰঃ-  অসমৰ মূল ভূপ্রাকৃতিক গঠন অনুযায়ী অসমক বহলভাৱে ৩ টা মুখ্য ভাগত ভগাব পাৰি-
    (১) মালভূমি অঞ্চল।
    (২) ভংগিল পাহাৰীয়া অঞ্চল
    (৩) সমভূমি অঞ্চল। 

অসমৰ মাচিত্ৰঃ-


অথবা

(b) অসমৰ প্রধান উদ্যোগসমূহ কি কি? ৰাজ্যখনৰ কুটীৰ শিল্পৰ সমস্যাসমূহ চমুকৈ আলোচনা কৰা।     4+2=6
উত্তৰঃ- অসমত গঢ়ি উঠা প্রধান উদ্যোগসমূহ হ'ল—
(১) চাহ উদ্যোগ
(২) খনিভিত্তিক উদ্যোগ
(৩) বনজ সামগ্ৰীভিত্তিক উদ্যোগ
(৪) কুটীৰ শিল্প

      অসমৰ কুটীৰ শিল্পৰ সমস্যাসমূহ তলত উল্লেখ কৰা হ'ল-
(ক) মূলধনৰ অভাব
(খ) ডাঙৰ উদ্যোগবোৰৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰে।
(গ) কাৰিকৰী জ্ঞান, যুক্ত উপযুক্ত বনুৱাৰ অভাৱ।

(c) মৈদাম কি? আহোমসকলৰ মৈদাম প্ৰথাৰ বিষয়ে কি জানা?     2+4=6
উত্তৰঃ- আহোম ভাষাত মৈদামৰ অৰ্থ হ'ল 'মৃতকৰ ভেটি'। আহোমসকলৰ মৃতকৰ শৱদেহটো 'ৰুঙ্গ-ডাং' নামৰ উৰিয়াম গছৰ কাঠেৰে নির্মিত পেৰা বা কফিন এটাৰ ভিতৰত থৈ পেৰাটো অনেক নীতি-নিয়মৰ মাজেৰে মাটিত গাঁত খান্দি পুতি ওপৰত মাটিৰে ওখকৈ অর্ধ-গোলাকাৰ ভেটি বা ঢিপ তৈয়াৰ কৰা হৈছিল। এই গোটেই পদ্ধতিটোৱেই হ'ল মৈদাম দিয়া।
        ৰজাৰ শৱদেহটো ৰুঙ্গ-ডাঙৰ ভিতৰত ভৰাই যি ঠাইত ৰুঙ্গ-ডাঙ পোতা হ'ব সেই ঠাইলৈ অহা হয়। সেই ঠাইত শাল কাঠৰ তক্তাৰে এটা ঘৰ সাজে তাক 'কাৰেং ৰুঙ্গ-ডাঙ' বোলে। ইটাৰ ব্যৱহাৰ কৰিবলৈ লোৱাৰ পিছত এই ঘৰটো ইটাৰে নিৰ্মাণ কৰা হৈছিল। এই ঠাইতে ৰুঙ্গ-ডাঙৰ পৰা শৱদেহটো উলিয়াই নানা নীতি-নিয়মৰ মাজেদি স্নান কৰাই, নতুন বস্ত্ৰ অলংকাৰ পিন্ধাই 'কাৰেং ৰুঙ্গ-ডাঙ'ৰ ভিতৰত সজাই থোৱা এখন খাটৰ ওপৰত শৱদেহটো পূৱৰ পিনে মূৰ আৰু পশ্চিমৰ পিনে ভৰি কৰি শুৱাই ৰাখে। আহোম স্বৰ্গদেউসকলে হিন্দুধৰ্ম গ্ৰহণ কৰাৰ পাছত মৃত শৱ দাহ কৰি ছাইখিনি চৰাইদেউ পৰ্বতত পোতাই মৈদাম দিয়াই হিন্দু নিয়মেৰে শ্ৰাদ্ধ কৰা নিয়ম প্ৰচলিত হৈছিল।
        অৱশ্যে আহোমৰ ৰজা-ৰাণী আৰু ৰাজপৰিয়ালৰ লোক, ডা-ডাঙৰীয়া, বৰুৱা-ফুকন আদিৰ লগতে সাধাৰণ লোকৰ মৈদাম দিয়া পদ্ধতি বেলেগ বেলেগ আছিল। চৰাইদেৱেই আছিল আহোমৰ ৰজা-ৰাণীসকলৰ প্ৰধান মৈদাম থলী। মৈদামসমূহ চোৱা-চিতা কৰিবৰ বাবে আহোম ৰাজত্বত 'মৈদামীয়া' নামৰ খেল এটা আছিল। কাৰণ মৈদামত থকা মৃতকৰ সৈতে দিয়া সোণ-ৰূপ আদিৰ বাবে চোৰ, আক্ৰমণকাৰী আদিয়ে যুগে যুগে মৈদামত লুটপাট চলাইছিল। উজনি অসমৰ বিভিন্ন ঠাইত এতিয়াও প্রায় অক্ষত অৱস্থাত অনেক মৈদাম দেখিবলৈ পোৱা যায়।

অথবা

(d) আহোম যুগত নির্মিত শিলা-সাঁকো আৰু গড়সমূহৰ বিষয়ে এটা টোকা লিখা।     6
উত্তৰঃ- গড়ঃ-
    গড় (Rampart) নিৰ্মাণ কৌশলতো প্ৰাচীন কালৰে পৰা অসম আগবঢ়া আছিল। নিৰাপত্তাৰ বাবে ৰজাসকলে ৰাজধানীৰ চৌকাষে নিৰ্মাণ কৰি লৈছিল সু-উচ্চ, দুৰ্ভেদ্য গড়। আগ্ৰাসী শত্ৰুক ভেঁটিবৰ বাবে বিভিন্ন সামৰিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চলত প্ৰধানকৈ মাটিৰে এই গড়বোৰ নিৰ্মাণ কৰা হৈছিল। আহোমসকলৰ গড় নিৰ্মাণ কৌশল আছিল অতি উচ্চ মানৰ। আহোম ৰাজত্বকালত যুদ্ধ কৰিবলৈ মৰা গড়বিলাকৰ ভগ্নাংশ আজিও অনেক ঠাইত দেখিবলৈ পোৱা যায়। প্ৰায়বোৰ গড় মাটিৰে মাৰিছিল। কিন্তু কোনো কোনো গড়ত মাটিৰ লগতে মাজে মাজে ইটাও দিছিল।
শিলা-সাঁকোঃ-
    নৈ, জান-জুৰি আদিৰ নিৰ্মাণ কৰা শিলা-সাঁকোসমূহ আহোম যুগৰ উন্নত স্থাপত্য কলাৰ নিদর্শন। প্রায় ষোড়শ শতিকা মানৰপৰা আহোম ৰজাসকলে শিলা-সাঁকো নির্মাণৰ কাম আৰম্ভ কৰিছিল বুলি কোৱা হয়। যাতায়াতৰ পথত পৰা নৈ বা জান-জুৰিৰ ওপৰত ইটা, লঠিয়া শিল, চটীয়া শিল, গোটা শিল আদিক 'কৰাল' ব্যৱহাৰ কৰি ইটা-শিল আদি গাঁথি এই শিলা-সাঁকোবোৰ নিৰ্মাণ কৰা হৈছিল। নামদাঙৰ শিলৰ সাঁকো, দৰিকা শিলা-সাঁকো, হাঁহচৰা শিলা-সাঁকো, ডিমৌৰ শিলা-সাঁকো আদি অনেক শিলা-সাঁকো আহোম যুগত নির্মিত হৈছিল। আহোম যুগৰ কাৰিকৰ-শিলাকুটীয়াসকলে এখন শিলা-সাঁকো একে ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰিছিল বুলিও প্ৰবাদ আছে।

Mr. Jugajit Bora,
Post Graduate Teacher (History)
Email : jugajitbora@gmail.com
Whatsapp no : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, MIL Assamese, Logic & Philosophy, Swadesh Adhyayan.

Previous
Next Post »