-->

Solved Question paper of Political Science 2021

  

HS second (Special Exam) 2021
Political Science

Part-A / ক-অংশ
(contemporary World Politics)
(সমসাময়িক বিশ্ব ৰাজনীতি)

1. যিকোনো ছটা প্ৰশ্নৰ উত্তৰ কৰাঃ  1x6=6
(a) NIEO ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ- New International Economic Order.
(b) কোনখন ৰাষ্ট্ৰৰ পতনক "দ্বিতীয় বিশ্ব"ৰ পতন হিচাবে জনা যায়?
উত্তৰঃ- ছোভিয়েট (সংঘ) ইউনিয়ন
(c) C.I.S. ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ- Commonwealth of Independent States
(d) প্ৰথম উপসাগৰীয় যুদ্ধক _________ বুলিও জনা যায়। (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ- Operation Desert Storm বা মৰুভূমিৰ ধুমুহা অভিযান
(e) একমেৰু বিশিষ্ট বিশ্ব বুলিলে কি বুজা?
উত্তৰঃ- কেতিয়াবা কেতিয়াবা আন্তৰ্জাতিক সমস্ত ব্যৱস্থাটোত কোনো এটা অতি উচ্চকাংক্ষী শক্তিয়ে আধিপত্য বিস্তাৰ কৰে আৰু ইয়াক একমেৰু ব্যৱস্থা বুলি কোৱা হয়।
(f) আগ্ৰা শীৰ্ষ সন্মিলন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। (হয় নে নহয় লিখা)
উত্তৰঃ- হয়
(g) বাৰ্লিন দেৱাল _________ চনত ভংগ হৈছিল। (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ- ১৯৮৯.
(h) ৰিঅ সন্মিলনে 'কাৰ্যসূচী-২১' নামৰ উন্নয়নমূলক কৰ্মসূচীক অনুমোদন জনাইছিল। (হয় নে নহয় লিখা)
উত্তৰঃ- হয়
(i) খিলঞ্জীয়া জনসাধাৰণৰ বিশ্বপৰিষদ গঠন হৈছিল ১৯৭৪/১৯৭৫/১৯৭৬ চনত। (শুদ্ধ উত্তৰটো বাচি উলিওৱা)
উত্তৰঃ- ১৯৭৫ চনত


2. ৰাষ্ট্ৰপতি গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম লিখা।    2
উত্তৰ:- ৰাষ্ট্ৰপতি গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম হ'ল Glasnost (মুক্ত বাতাবৰণ) আৰু perestroika (পুনৰ্গঠন) 


3. মাৰ্কিন আধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতা লিখা।        2
উত্তৰঃ- মাৰ্কিন আধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতাবোৰ হ'ল-
(ক) সাংবিধানিক গাঁথনি
(খ) উত্তৰ আটলাণ্টিক চুক্তি সংগঠন (NATO)


4. ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা।         2
উত্তৰঃ- পাকিস্তানৰ সৈতে ভাৰতৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰবোৰ হ’ল-
(ক) কাশ্মীৰ সমস্যা আৰু
(খ) সন্ত্ৰাসবাদী সমস্যা


 5. শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা।            2
উত্তৰঃ- শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম হ’ল-
(ক) তামিল আৰু
(খ) সিংহালী


6. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা।        2
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ হ’ল-
(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ, বৃটেইন, ৰাছিয়া, ফ্ৰান্স, চীন


7. মানৱজাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকিৰ উত্‍স উল্লেখ কৰা।    2
উত্তৰ:- মানৱজাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি হ'ল— বিশ্বৰ দৰিদ্ৰতা আৰু সন্ত্ৰসাবাদ।


8. বৃহত্‍ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে মিত্ৰতাৰ কিয় প্ৰয়োজন? চাৰিটা কাৰণ লিখা।  4
উত্তৰ:-  বৃহত্‍ শক্তি ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ প্ৰয়োজন আছিল। ইয়াৰ মূল কাৰণবোৰ তলত উল্লেখ কৰা হ’ল—
 (ক) সৰু সৰু ৰাষ্ট্ৰসমূহৰ ভিন্ন প্ৰাকৃতিক সম্পদ, যেনে— তেল, তীখা, খনিজ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰা,
(খ)সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা বৃহত্‍ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শত্ৰু ৰাষ্ট্ৰত সামৰিক বাহিনী মোতায়েন আৰু ক্ষেপণাস্ত্ৰ (Missile) নিক্ষেপ কৰাত সুবিধা হয়।
(গ) সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা শত্ৰু পক্ষৰ ৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰাত সহায় কৰা।  
(ঘ) বহুত ৰাষ্ট্ৰৰ মিত্ৰতাই একেলগলে সামৰিক ব্যয় বা খৰচ বহন কৰাত সহায় কৰা।
    আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ এই দুই বৃহত্‍ শক্তিয়ে শক্তি বৃদ্ধি আৰু নিজৰ নিজৰ আদৰ্শ আন আন ৰাষ্ট্ৰত বিস্তাৰ কৰাৰ উদ্দেশ্যত সৰু সৰু ৰাষ্ট্ৰবোৰৰ লগত মিত্ৰতা স্থাপন কৰিছিল।

9. (a) ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্ৰদান কৰিব লাগে বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্তা দিয়া।        4
উত্তৰ:- মই ভাৰতৰ নাগৰিক হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্ৰদান কৰিব লাগে বুলি বিচাৰো। ৰাষ্ট্ৰসংঘৰ গোটেই ব্যৱস্থাটোৰ ওপৰত বৰ্তমান সময়ত পৰিৱৰ্তিত বিশ্ব ৰাজনীতি আৰু সামাজিক প্ৰেক্ষাপটৰ বাবে কেতবোৰ সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে আন্ত:ৰাষ্ট্ৰীয়ভাৱে দাবী উঠিছে।তাৰ ভিতৰত অন্যতম হৈছে নিৰাপত্তা পৰিষদ। ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য পদৰ অন্যতম দাবীদাৰ। কাৰণ—
(১) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহত্‍ জনসংখ্যাৰ দেশ। সমগ্ৰৰ ১/৫) অংশ জনসংখ্যাই ভাৰতত বসবাস কৰে,
(২) ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। আৰম্ভণিৰে পৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসনব্যৱস্থা প্ৰৱৰ্তন হৈ আছে,
(৩) ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আহিছে,
(৪) ৰাষ্ট্ৰসংঘৰ সকলো শান্তি ৰক্ষামূলক কামত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে,
(৫) ভাৰতবৰ্ষই নিৰস্ত্ৰীকৰণ সমৰ্থনত আৰু বৰ্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্ৰকাশ কৰি আহিছে।
(৬)দেশৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগতিত আগবাঢ়ি আছে, ভাৰতবৰ্ষৰ অৱস্থা বৰ্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে।
(৭) ভাৰতবৰ্ষই সদায় নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ আৰ্থিক বৰঙণি আগবঢ়াই আহিছে আৰু ইয়াৰ পৰা কেতিয়াও বিৰত থকা নাই।  
    ওপৰোক্ত কাৰণত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ দাবী কৰিছে। ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভূক্ত হ’লে ই হ’ব ভাৰতবৰ্ষৰ বাবে এটা প্ৰতীকস্বৰূপ।

অথবা/or

(b) ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।        4
উত্তৰ- ভাৰতৰ বৈদেশিক নীতিৰ ভিত্তি হৈছে শান্তি আৰু সহযোগিতা। ভাৰতে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিছে। কিন্তু ভাৰতে পাকিস্তানৰ লগত ১৯৪৭-৪৮, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনত চাৰিখনকৈ যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছিল।
    ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৪৭-৪৮ চনত হোৱা যুদ্ধৰ পৰিণতি স্বৰূপে পাকিস্তানে অধিকৃত কাশ্মীৰ (Occupied Kashmir) আৰু ভাৰতে জম্মু আৰু কাশ্মীৰ প্ৰদেশৰ অধিকাৰী হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ ভিতৰত কৰা আক্ৰমণৰ বাবে যুদ্ধ হৈছিল। ১৯৭১ চনত বাংলাদেশক লৈ ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতবৰ্ষই জয়লাভ কৰিছিল, কিন্তু কাশ্মীৰ সমস্যাটো অমীমাংসিত ভাৱেই ৰৈ গৈছিল।
    ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰ, ধন সামৰিক প্ৰশিক্ষণ আদি দি ভাৰতত সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি দোষাৰোপ কৰে। আনহাতে, পাকিস্তানৰ সিন্ধু আৰু বেলুচিস্তান এই প্ৰদেশ দুখনত সৃষ্টি হোৱা অস্থিৰ অৱস্থাৰ বাবে ভাৰত চৰকাৰ তথা ইয়াৰ নিৰাপত্তা বিভাগক পাকিস্তানে দোষাৰোপ কৰে।
১৯৬০ চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘সিন্ধু জল চুক্তি’ (Indus Water Treaty)-ৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল। অৱশ্যে এই চুক্তিখন ব্যাখ্যাৰ ক্ষেত্ৰত যদিও কিছুমান মতানৈক্য আছে তথাপি বৰ্তমানলৈকে এই চুক্তিখন কাৰ্যকৰী হৈ আছে।১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ পাছত ১৯৬৬ চনৰ ৪ জানুৱাৰীত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মধ্যস্থতাত টাছখণ্ডত এটা স্থায়ী সমাধানৰ চুক্তি স্বাক্ষৰিত হৈছিল।
      ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পাছত ২০০১ চনৰ ১৪-১৬ জুলাইত আগ্ৰা শীৰ্ষ সন্মিলনখনকো ঐতিহাসিক আখ্যা দিয়া হয়। 

       ২০১৬ চনৰ জানুৱাৰীত পাঠানকোট বিমানসেৱা ঘাটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত হোৱা তথা ২০০৮ চনত মুম্বাইৰ ভয়াৱহ আক্ৰমণত পাকিস্তানী চোৰাংচোৱা এজেন্সী ISI জড়িত থকা বুলি প্ৰমাণ হোৱাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছিল। সেই বছৰতে ছেপ্টেম্বৰ মাহত জম্মু আৰু কাশ্মীৰৰ উৰিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ভাৰত-পাক সম্পৰ্কৰ অধিক অৱনতি ঘটে। পাঠানকোট আৰু উৰিত পাকিস্তানৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই আজাদ কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটি আক্ৰমণ কৰি যথেষ্ট ক্ষতি সাধন কৰে। আনকি সেই বৰ্ষৰ নৱেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ছাৰ্কৰ ১৯তম শীৰ্ষ সন্মিলনৰো বিৰোধিতা ভাৰতে কৰে। 

10. বিশ্বজনীন দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা।             4
উত্তৰ:- বিশ্বৰ দৰিদ্ৰতাই মানুহৰ দৈনন্দিন জীৱনত আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভুগায়। ই মানৱ জীৱনৰ নিৰাপত্তাহীনতাৰ এক প্ৰধান কাৰণ। ৰাষ্ট্ৰ এখনত যেতিয়া জনসংখ্যা অনুপাতে পৰ্যাপ্ত কৰ্মসংস্থাপনৰ সুবিধা নাথাকে, তেতিয়া সাধাৰণতে জনসাধাৰণ দৰিদ্ৰতাত ভোগে। দৰিদ্ৰতা হ’ল এনে এক অৱস্থা য’ত মানুহৰ জীৱিকাৰ আয়ৰ পৰ্যাপ্ত সুবিধা নাই। যাৰ ফলত ৰাষ্ট্ৰখনৰ জনসাধাৰণে দুবেলা দুমুঠি খাবলৈ নাপায়। ল’ৰা-ছোৱালীক উপযুক্ত শিক্ষা দিব নোৱাৰে, উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হয়, মাতৃ আৰু শিশু পুষ্টিহীনতাত ভূগে। এনেদৰে দৰিদ্ৰতাই মানুহক সকলো ফালৰ পৰা নিৰাপত্তা ধনতাত ভূগায়। চমু কথাত দৰিদ্ৰতাই মানুহক তিল-তিলকৈ শাস্তি প্ৰদান কৰে আৰু জীয়াই থকাৰ অৰ্থ হৈ পৰে বঞ্চনাৰ নামান্তৰ। পৃথিৱীত, বিশেষকৈ তৃতীয় বিশ্বৰ কেতবোৰ দেশত বৰ্ধিত জনসংখ্যাই আৰু ধনী আৰু দুখীয়া লোকৰ বৃদ্ধি পোৱা আয় তথা সা-সুবিধাৰ বৈষম্যই দৰিদ্ৰতাৰ সমস্যাক ভয়াৱহ কৰি তুলে।
          উল্লেখযোগ্য যে বৰ্তমান বিশ্বৰ জনসংখ্যা প্ৰায় ৭০০ কোটি আৰু এনেদৰে বৃদ্ধি হ’লে ২৫ বছৰৰ পাছত এই সংখ্যা বৃদ্ধি হৈ ৮০০ বা ৯০০ কোটি হ’ব। মুঠ জনসংখ্যাৰ আধা সংখ্যক বৃদ্ধি হৈছে চীন, ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, নাইজেৰিয়া আৰু ইণ্ডোনেছিয়া, এই ছয়খন ৰাষ্ট্ৰত। মন কৰিবলগীয়া বিষয়টো হ’ল যে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰত দ্ৰুত হাৰতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে কমি আহিছে। ধনী দেশসমূহৰ গড় জনমূৰি আয় এনেয়ে বেছি। তদুপৰি জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কমি গলে জনমূৰি আয় আৰু বৃদ্ধি পায়। সেয়ে জনসংখ্যা বৃদ্ধি হাৰ হ্ৰাস কৰি জনমূৰি আয় বৃদ্ধি কৰি জনসাধাৰণৰ জীনৱৰ নিৰাপত্তাৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ দিন বৰ্তমান আহি পৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় যেনে- শিক্ষাৰ ইন্নয়ন, পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰা আদি অতি প্ৰয়োজন হৈ পৰিছে।
                                                                             
11. বিশ্বজনীন পাৰিবেশিক বিতৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি চমুকৈ আলোচনা কৰা।        4
উত্তৰ:- বিশ্বজনীন পাৰিৱেশিক বিতৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি বৰ সবল নহয়; কিয়নো পৰিকল্পনাহীন নগৰীকৰণ, দ্ৰুত উদ্যোগীকৰণ তথা কৰ্মক্ষম আইন প্ৰণয়ন কাৰ্য তথা সজাগতাৰ অভাৱৰ ফলস্বৰূপে ভাৰতত পাৰিৱেশিক সংকটে দেখা দিছে। পৰিৱেশিক বিশেষজ্ঞসকলে ভৱিষ্যতবাণী কৰিছে যে ধ্বংসমূখী বননি, প্ৰদূষিত নদ-নদী, বিষাক্ত খোৱাপানী, ক্ষয়প্ৰাপ্ত ভূমি, প্ৰদূষিত বায়ু আৰু ক্ৰমাতভাৱে হ্ৰাস প্ৰাপ্ত বন্য জীৱনেৰে ভাৰত অতি সোনকালে এক ভয়াবহ পাৰিৱেশিক সংকটৰ সন্মুখীন হ’ব।
    উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ পৰিৱেশ সমস্যাটো প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি—
    (i) উদ্যোগীকৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত ঋনাত্মক প্ৰভাৱ।
    (ii) দৰিদ্ৰতা আৰু অধঃবিকাশৰ পৰিৱেশৰ ফলশ্ৰুতিত সৃষ্টি হোৱা সমস্যা।
    এনে পৰিস্থিতিত ভাৰতবৰ্ষই পৰিৱেশৰ সমস্যাটো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আহিছে। পাৰিৱেশিক ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বিশ্বৰ কম সংখ্যক সংবিধানৰ ভিতৰত ভাৰতীয় সংবিধানখনো অন্যতম। তদুপৰি ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিত পৰিৱেশৰ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আনহাতে ভাৰত চৰকাৰে বিভিন্ন সময়ত পৰিবেশৰ ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে বিভিন্ন আইন প্ৰণয়ন কৰি আহিছে। ঠিক সেইদৰে উচ্চতম ন্যায়ালয়েও বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি পৰিৱেশৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব পালন কৰি আহিছে। ন্যায়ালয়ে পৰিৱেশৰ অধিকাৰক মৌলিক অধিকাৰৰ মৰ্যাদা প্ৰদানেৰে ভাৰতবৰ্ষৰ পৰিৱেশ আইনৰ স্থিতি শক্তিশালী কৰিছে।
      আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে গুৰুত্ব প্ৰদান কৰি ১৯৯৭ চনৰ কায়ট’ প্ৰ’টকলত ২০০২ চনৰ আগষ্ট মাহত স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে উদ্যোগীকৰণৰ সময়ছোৱাত উন্নয়নশীল ৰাষ্ট্ৰসমূহে নিৰ্গত কৰা সেউজগৃহ গেছৰ মাত্ৰা তাত্প৭ৰ্যপূৰ্ণ নহয় বুলি কায়ট’ সন্মিলনে ধাৰণা কৰিছিল। ২০০৫ চনৰ জুন মাহত অনুষ্ঠিত G-4 ৰাষ্ট্ৰসমূহৰ সভাতো ভাৰতে দাবী কৰে যে জনমূৰি হিচাপত উন্নয়নশীল ৰাষ্ট্ৰসমূহে উন্নত ৰাষ্ট্ৰৰ তুলনাত যথেষ্ঠ কম মাত্ৰাত সেউজগৃহ গেছ নিৰ্গত কৰি আছে। ভাৰতৰ এই স্থিতি ২০১০ চনৰ কানকুন জলবায়ু সন্মিলন পৰ্যন্ত অব্যাহত আছে।
      এনে পৰ্যায়ত ভাৰতবৰ্ষৰ মতে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ প্ৰথম আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ দিবলগীয় বিষয় হ’ল অৰ্থনৈতিক আৰু সামাজিক বিকাশ। সেয়ে, ভাৰতবৰ্ষই সাম্প্ৰতিক সময়ত উদ্যোগিক বিকাশ লাভ কৰি থকা উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ওপৰত বাধ্যতামূলক নীতি-নিয়ম জাপি দিব বিচৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে ২০০৯ চনৰ কোপেনহেগেন জলবায়ু সন্মিলনত এই ক্ষেত্ৰত ভাৰতবৰ্ষই যথেষ্ট দৃঢ় স্থিতি গ্ৰহণ কৰে।
     বৰ্তমান সময়ত ভাৰতে বিভিন্ন আইনৰ লগতে অন্যান্য বিভিন্ন ধৰণৰ পৰিবেশ ৰক্ষণাবেক্ষণ সংক্ৰান্তীয় উদ্যোগ গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে ৰাষ্ট্ৰীয় যান-বাহন ইন্ধন নীতি, ২০০১ চনৰ শক্তি সংৰক্ষণ আইন, ২০০৩ চনৰ বিদ্যুত্‍ আইন আদি। শেহতীয়াকৈ ভাৰতবৰ্ষই জৈৱ ইন্ধনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এই উদ্দেশ্যে ভোট এৰা গছৰ খেতি বৃহত্‍ হাৰত কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা উত্সাশহিত কৰা হৈছে। উল্লেখযোগ্য যে নৱীকৃত ইন্ধন কাৰ্যসূচী ব্যৱহাৰ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতবৰ্ষ সৰ্ববৃহত্‍।
    ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্ট হ’ল যে ভাৰতবৰ্ষই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উন্নয়নশীল ৰাষ্ট্ৰসমূহে যাতে শক্তিশালী ৰূপত পাৰিবেশিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত একত্ৰিত ভাৱে স্থিতি প্ৰদৰ্শন কৰে, এই বিষয়টোও জোৰ দি আহিছে।

12. (A) বিশ্বায়নৰ ৰাজনৈতিক পৰিণতি সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।        4
উত্তৰ:- বিশ্বায়নে কোনো দেশৰ ৰাজনীতি তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে। এই প্ৰভাৱ সম্পৰ্কেও বিভিন্ন বিতৰ্ক পৰিলক্ষিত হয়। বিশ্বায়নে ৰাজনীতি আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে সংক্ষেপে তলত দিয়া ধৰণে ক’ব পাৰি :
    (ক) বিশ্বায়নে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষেত্ৰত সীমাৱদ্ধতা আনি দিছে।
    (খ) বিশ্বায়নৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ কল্যাণকামী কাৰ্যসূচীক সংকুচিত কৰিছে।
    (গ) বিভিন্ন দেশৰ চৰকাৰ ব্যক্তিগত আৰু বহুজাতিক পুঁজিৰ সেৱাত অধিকভাৱে ব্যস্ত হৈ পৰিছে।
    (ঘ) বিশ্বায়নে বিভিন্ন দেশৰ ৰাজনীতিত ব্যাপক দূৰ্নীতিৰো সূচনা কৰিছে। এই ক্ষেত্ৰত ভাৰতবৰ্ষ এক গুৰুত্বপূৰ্ণ উদাহৰণ ।

অথবা/or

(B) বিশ্ব বেংকৰ কাৰ্য্যাৱলীসমূহ চমুকৈ আলোচনা কৰা।            4
উত্তৰ:- দ্বিতীয় মহাসমৰ অন্ত পৰাৰ ঠিক পিচে পিচে অৰ্থাত্‍ ১৯৪৫ চনত বিশ্ব বেংক গঠন কৰা হৈছিল। বিশ্ব বেংকৰ প্ৰমুখ কাৰ্য হ’ল অনুন্নত আৰু উন্নয়নশীল দেশসমূহলৈ আৰ্থিক সহায় কৰা।
    বিশ্ব বেংকৰ মূল কাৰ্যসমূহ হ’ল মানৱ উন্নয়ন, যেনে— শিক্ষা, স্বাস্থ্য আদি, কৃষি আৰু গ্ৰাম উন্নয়ন, যেনে— খেতিত পানী যোগান, গ্ৰাম্য সেৱা আদি, পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ যেনে— প্ৰদূষিতকৰণক নিয়ন্ত্ৰণ আৰু ইয়াৰ বাবে বিধি প্ৰৱৰ্তন, ৰাস্তা নিৰ্মাণ আৰু নতুনকৈ নগৰ সৃষ্টিকৰণ, বৈধ অনুষ্ঠানসমূহক উন্নীতকৰণ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আদি।
    বিশ্ব বেংকে ইয়াৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহক ঋণ আৰু মঞ্জুৰি দিয়ে যাতে এই ৰাষ্ট্ৰসমূহৰ পুনৰ্গঠন আৰু বিকাশ সাধন কৰাত সহায় হয়। ইয়াৰ জৰিয়তে বিশ্ববেংকে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।
    অৱশ্যে বিশ্ববেংকে দৰিদ্ৰ দেশসমূহৰ উন্নতিৰ বাবে কেতিয়াবা কেতিয়াবা অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰে, যাৰ বাবে ই সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। বিশ্ব বেংকে এনেদৰে অনুন্নত ৰাষ্ট্ৰসমূহৰ বিকাৰত যথেষ্ট বৰঙণি আগবঢ়ায়।

13. ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল? বিশদভাৱে আলোচনা কৰা।            6
উত্তৰ:- আন্তৰ্জাতিক ৰাজনীতিত সাতটা দশকৰো অধিক কাল ধৰি এনে গুৰুত্বপূৰ্ণ ফূমিকা পালন কৰি অহা ছোভিয়েট ইউনিয়নৰ ভাঙোন বিংশ শতিকাৰ আন্তৰ্জাতিক ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ ভিতৰত অন্যতম। ছোভিয়েট ইউনিয়নৰ ভাঙোন  অছোভিয়েট ইউনিয়নৰ ভাঙোন অন্তৰালত বহুবোৰ কাৰণ নিহিত আছে। সেইবোৰ তলত আলোচনা কৰা হ’ল:-
(ক) প্ৰসাশণিক কাৰণ:-
মিখাইল গৰ্বাচেভে যিবোৰ সংস্কাৰ কৰিব বিচাৰিছিল বা প্ৰশাসনৰ ক্ষেত্ৰত যি শিথিলতা আনিব বিচাৰিছিল সেইবোৰ অতি লেহেম গতিত আগবাঢ়িছিল। ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণ ধৈৰ্য্যচ্যুত আৰু নিৰাশ হৈ পৰিছিল। কাৰণ, তেওঁলোকৰ মতে ইমান লেহেম গতিত কামবোৰ আগবাঢ়়িলে তেওঁলোকে আশা কৰা অনুসৰি লাভৱান নহ’ব।  
(খ) ঐতিহাসিক কাৰণ:-
    ছোভিয়েট ইউনিয়ন পতনৰ আন এটা কাৰণ হ’ল ঐতিহাসিক কাৰণ, ছোভিয়েট ইউনিয়নৰ কেতবোৰ স্বাধীন প্ৰজাতন্ত্ৰ হৈ গঠিত হৈছিল। গতিকে, এই প্ৰজাতন্ত্ৰবোৰৰ বহুত বিষয়ত বৈসাদৃশ্য আছিল আৰু ইয়াৰ বাবে প্ৰজাতন্ত্ৰবোৰৰ মাজত অভ্যন্তৰীণ সমস্যাই দেখা দিছিল।
(গ) জাতীয়তাবাদী উত্থানৰ কাৰণ:-
    ছোভিয়েট ইউনিয়নৰ অংশীদাৰ ইউৰোপৰ প্ৰজাতন্ত্ৰবোৰ আৰু জয়জয়-ময়ময় অৱস্থাৰ প্ৰজাতন্ত্ৰবোৰ যেনে : ৰাছিয়া, বাল্টিক অঞ্চল, ইউক্ৰেইন আৰু জৰ্জিয়াৰ জাতীয়তাবাদীসকলৰ মতে তেওঁলোকে মধ্য এছিয়াৰ প্ৰজাতন্ত্ৰবোৰক ছোভিয়েট ইউনিয়নৰ অংশীদাৰ কৰি ৰখাৰ বাবে অধিক উচ্চ হাৰত আৰ্থিক সহায় দিবলগীয়া হয়। এইটোও ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ আন এটা কাৰণ।
(ঘ) সাৰ্বভৌমত্বৰ আকাংক্ষা:-
ছোভিয়েট ইউনিয়নৰ পতনৰ আন এটা কাৰণ হ’ল : ৰাছিয়া, বাল্টিক প্ৰজাতন্ত্ৰ (ইষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া) ইউক্ৰোইন, জৰ্জিয়া আৰু ছোভিয়েট ইউনিয়নৰ অংশ হিচাপে থকা বিভিন্ন প্ৰজাতন্ত্ৰবোৰৰ মাজত গঢ়ি উঠা জাতীয়তাবাদ আৰু সাৰ্বভৌমত্ব লাভৰ আকাংক্ষা।  
(ঙ) গৰ্বাচেভৰ সংস্কাৰমূলক নীতি:-
মিখাইল গৰ্বাচেভৰ সংস্কাৰ ব্যৱস্থাইও ছোভিয়েট ইউনিয়ন পতন মাতি আনিছিল। তেখেতে দেশৰ জনগণক স্বাধীনতা, সমতা, জাতীয়তাবোধ, অৰ্থনৈতিক স্ব-নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্ৰস্তুত নকৰাকৈ ছোভিয়েট ইউনিয়নত তেওঁৰ বিখ্যাত Glasnost (ব্যাপক স্বচ্ছতা) আৰু Parestroika ৰ (পুনৰ নিৰ্মাণ) ধাৰণা কাৰ্যকৰী কৰিব বিচাৰিছিল।  
(চ) অৰ্থনীতি কাৰণ:-
পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট ইউনিয়ন আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অৰ্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপ।

অথবা/or

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।                    6
উত্তৰ:- স্বাধীনতা লাভৰ ঠিক পাচতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক ভাল নাছিল। শীতল যুদ্ধৰ কালছোৱাত ভাৰতৰ ছোভিয়েট সংঘৰ লগতহে ভাল সম্পৰ্ক আছিল। ছোভিয়েট ইউনিয়নৰ পতন পাছত ভাৰতে মুক্ত আৰু বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিব বিচাৰিছিল। সেই কাৰণে আমেৰিকাকে ধৰি বিশ্বৰ বহুবিলাক দেশে ভাৰতৰ লগত অৰ্থনৈতিক উন্নয়নৰ অংশীদাৰ হ’বলৈ বিচাৰিলে।
কিন্তু সাম্প্ৰতিক কালত দুটা কাৰকে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক স্থাপনত সহায় কৰিছে। এটা হ’ল কাৰিকৰী আৰু আনটো হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ ভূমিকা।
    (i) ভাৰতে ৰপ্তানি কৰা চফ্টওৱেৰৰ শতকৰা ৬৫ ভাগ আমেৰিকাই ক্ৰয় কৰে।
    (ii) ব’য়িংঙত কাম ৰা কাৰিকৰি কৰ্মচাৰীৰ শতকৰা ৩৫ ভাগ ভাৰতৰ বংশোদ্ভৱ
    (iii) চিলকন উপত্যকাত ৩,০০,০০০ ভাৰতীয়ই কাম কৰে।
    (iv) শতকৰা ১৫ ভাগ সকলো উচ্চ প্ৰযুক্ত ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰৰিচালিত হয়।
    মুঠতে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক এটা মাত্ৰ উপায় অৱলম্বন কৰি গঢ়ি তোলা সম্ভৱ নহয়। আমেৰিকাৰ লগত যোগসূত্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত ভাৰতে নিজৰ দেশৰ বৈদেশিক নীতিক উন্নত কৰি লাগিব।

14. ASEAN ৰ মূল স্তম্ভ কেইটা কি কি বিশদভাৱে আলোচনা কৰা।                6
উত্তৰ:- ১৯৬৭ চনত দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা (Association of South East Asian Nations), আছিয়ান প্ৰতিষ্ঠিত হৈছিল। আছিয়ানৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰসমূহ হ'ল- ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ, আৰু থাইলেণ্ড। এই পাঁচখন ৰাষ্ট্ৰই প্ৰথমে বেংককৰ ঘোষণা-পত্ৰত স্বাক্ষৰ কৰিছিল। ইয়াৰ পিছৰ সময়ত ব্ৰুনেই, ভিয়েটনাম, লাওচ পি ডি আৰ, ম্যানমাৰ আৰু কম্পোডিয়া সমস্যভুক্ত হোৱাৰ ফলত ইয়াৰ সদস্যৰ সংখ্যা ১০ খনলৈ বৃদ্ধি হয়।
    
    আছিয়ানৰ মুখ্য লক্ষ্য হ’ল অৰ্থনৈতিক উন্নতিৰ প্ৰতি মনোনিবেশ কৰি সামাজিক আৰু সাংস্কৃতিক দিশত উন্নতি সাধন কৰা। বিশ্বখন বৰ্তমান যিটো অগ্ৰগতিৰে ধাৱিত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আছিয়ান (ASEAN) য়ে ইয়াৰ লক্ষ্য কেৱল অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতে সীমাবদ্ধ নাৰাখি বহল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে এই ৰাষ্ট্ৰসমূহে তিনিটা স্তম্ভ গঠন কৰিছে। সেইবোৰ হ'ল—
    (ক) আছিয়ান নিৰাপত্তা পৰিষদ (Asean Security Community)
    (খ) আছিয়ান অৰ্থনৈতিক পৰিষদ (Asean Economic Community)
    (গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদ (Asean Socio-Cultural Community)
(ক) আছিয়ান নিৰাপত্তা পৰিষদৰ উদ্দেশ্য :
    আছিয়ান নিৰাপত্তা পৰিষদ গঠন কৰাৰ মূল উদ্দেশ্য হ'ল এছীয় ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদে যাতে সশস্ত্ৰ সংঘৰ্ষলৈ ৰূপান্তৰিত নহয় তাৰ প্ৰতি পৰিষদে লক্ষ্য ৰাখিব। আছিয়াৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহে শান্তি-সম্প্ৰীতি তথা নিৰপেক্ষতা বজাই ৰখা, ৰাষ্ট্ৰসমূহে সহযোগিতাৰ মাজেৰে কাম কৰা, আন ৰাষ্ট্ৰৰ কাৰ্যত হস্তক্ষেপ নকৰা আৰু সকলো ৰাষ্ট্ৰৰে সাৰ্বভৌম অধিকাৰৰ প্ৰতি সন্মান জনোৱা আদিৰ বাবে ২০০৩ চনলৈকে বহুত চুক্তি সম্পাদন কৰিছিল। আছিয়ানৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা আৰু বৈদেশিকৰ নীতিৰ মাজত সমন্বয় ৰক্ষাৰ বাবে আছিয়ান ৰীজ'নেল ফ'ৰাম (ARF) ১৯৯৪ চনত প্ৰতিষ্ঠা কৰিছিল।
(খ) আছিয়ান অৰ্থনৈতিক পৰিষদৰ উদ্দেশ্য :
    আছিয়ানে যদিও সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা তথা বৈদেশিক নীতিৰ ক্ষেত্ৰত কিছুমান কাৰ্য সমাপন কৰি আছে, বৰ্তমান ই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক ক্ষেত্ৰত অধিক মনোনিবেশ কৰা দেখিবলৈ পোৱা যায়। আছিয়ানৰ অঞ্চলৰ অৰ্থনৈতিক ব্যবস্থা যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় সংঘ আৰু জাপানৰ সমপৰ্যায়ৰ নহয়, তথাপি ই অৰ্থনৈতিক দিশত যি দ্ৰুতগতিৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছে তাৰ প্ৰতি লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে ভৱিষ্যতে ই অৰ্থনৈতিক দিশত আন ৰাষ্ট্ৰতকৈ যথেষ্ট আগবাঢ়়ি অৰ্থনৈতিক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব।
(গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদৰ উদ্দেশ্য :
    আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদৰ উদ্দেশ্য হ'ল সংস্থাটোৰ সদস্য ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ মাজত সংহতি আৰু একতা স্থাপনৰ অৰ্থে জনমুখী আৰু সামাজিকভাৱে দায়বদ্ধ আছিয়ান সম্প্ৰদায় সৃষ্টিত বৰঙণি আগবঢ়োৱা। এই পৰিষদে জনসাধাৰণৰ সল্যাণ সাধন হোৱা এখন সমাজ গঠনৰ লগতে এক উমৈহতীয়া আত্মপৰিচয় দাঙি ধৰিব বিচাৰে। পৰিষদে বহনক্ষম বিকাশৰ বাবে মানৱ, সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদৰ পৃষ্ঠপোষকতা কৰাত গুৰুত্ব প্ৰদান কৰে।

অথবা/or

ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান ক্ষেত্ৰবোৰ বিশদভাৱে আলোচনা কৰা।            6
উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক গাঁথনিটো একেবাৰে ভাগি পৰিছিল। সেয়েহে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ইউৰোপীয় দংশসমূহৰ মাজত দেখা দিয়া শত্ৰুতাৰ ভাব পৰিহাৰ কৰি এই দেশসমূহে আন্তৰ্জাতিক সহযোগিতাৰ পোষকতা কৰিছিল। ছোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত ১৯৯২ চনত মাষ্ট্ৰিষ্ট চুক্তিৰ আধাৰত ইউৰোপীয় সংঘ (European Union) নামৰ এটা নতুন আঞ্চলিক অনুষ্ঠান গঠন কৰা হৈছিল। ‘ ইউৰোপীয় সংঘ’ স্থাপনৰ জৰিয়তে ইউৰোপীয় ৰাষ্ট্ৰসমূহে সমূহীয়া বৈদেশিক আৰু নিৰাপত্তা নীতি গ্ৰহণ কৰিছে আৰু সমগ্ৰ ইউৰোপৰ বাবে এক মুদ্ৰা (Single currency) প্ৰচলনৰ ব্যৱস্থা কৰিছে, ইয়াক 'ইউৰো' (Euro) বোলা হয়। ইউৰোপীয় সংঘ যদিও প্ৰথম অৱস্থাত কেৱল অৰ্থনৈতিক দিশত প্ৰৱেশ কৰিছিল কিন্তু সময়ত ই ৰাজনৈতিক আৰু কূটনৈতিক প্ৰেক্ষাপটতো প্ৰৱেশ কৰি 'জাতি ৰাষ্ট্ৰ' (Nation state)ৰ দৰে কাৰ্যকলাপ আৰম্ভ কৰিছে। ইয়াৰ নিজস্ব পতাকা, জাতীয় সংগীত আৰু মুদ্ৰা আছে।
অৰ্থনৈতিক ক্ষেত্ৰত :
        ইউৰোপীয় সংঘৰ অৰ্থনীতি হ'ল বিশ্বৰ আটাইতকৈ বৃহত্‍ অৰ্থনীতি। ২০০৫ বৰ্ষৰ হিচাবত এই সংঘৰ সৰ্বমুঠ ঘৰুৱা উত্পা দন (GDP) আছিল ১২ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ। এই পৰিমাণ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ ঘৰুৱা উত্পাাদনতকৈও কিছু পৰিমাণে বেছি। অৰ্থনৈতিক ক্ষেত্ৰত আমেৰিকাৰ 'ডলাৰে' (মুদ্ৰা) ইমান দিনে বিশ্বত যি আধিপত্য বিস্তাৰ কৰি আছিল তাক ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰা 'ইউৰো'ৱে (Euro) ভাবুকিৰ সৃষ্টি কৰিছে। তদুপৰি, বিশ্ব বাণিজ্যত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইউৰোপীয় সংঘই তিনি গুণ বেছি অংশ দখল কৰি আছে আৰু ইয়াৰ আধাৰত আন্তৰ্জাতিক বাণিজ্য সম্পৰ্কীয় লেন-দেন বা বিবাদৰ বেলিকা মাৰ্কিন যুক্তৰাষ্ট্ৰ বা চীনতকৈ ইউৰোপীয় সংঘই অধিক দৃঢ়তাৰে নিজৰ মত সাব্যস্ত কৰিবে পাৰে। ইউৰোপীয় সংঘৰ অৰ্থনৈতিক ক্ষমতাই এছিয়া আৰু আফ্ৰিকাতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। বিশ্ব বাণিজ্য সন্থা (World Trade Organization, WTO)-ৰ মঞ্চতো ইউৰোপীয় সংঘই শক্তিশালী অৰ্থনৈতিক গোট হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত :
         ইউৰোপীয় সংঘই আন্তৰ্জাতিক ৰাজনীতিত ৰাাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত বিশ্বত প্ৰভাৱ বিস্তাৰ কৰাত সক্ষম হৈছে। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ— বৃটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিযদৰ স্থায়ী সদস্য। তদুপৰি, ইয়াৰ কেইবাখনো সদস্য ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। ফলত নিৰাপত্তা পৰিষদৰ সিদ্ধান্ত নিৰ্ণয়ত ইউৰোপীয় সংঘৰ প্ৰভাৱ বৃদ্ধি পাব ধৰিছে। ইউৰোপীয় সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেতবোৰ নীতিক ৰাষ্ট্ৰসংঘত বিৰোধ কৰাৰ বাবে সুযোগ গ্ৰহণ কৰিব পাৰিছে। ইউৰোপীয় সংঘই জোৰজবৰদস্তি বা সামৰিক শক্তি প্ৰয়োগ কৰাতকৈ যিকোনো সমস্যা কূটনৈতিক বা আলাপ-আলোচনাৰ জৰিয়তে মীমাংসা কৰিব বিচাৰে। উদাহৰণস্বৰূপে, ইৰাণৰ পাৰমাণৱিক নীতিৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্থিতি কি হ'ব সেই ক্ষেত্ৰতো ইউৰোপীয় সংঘৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। নিজৰ অৰ্থনৈতিক ক্ষমতা আৰু কূটনৈতিক কৌশলেৰে ইউৰোপীয় সংঘই বহুবোৰ আন্তৰ্জাতিক সমস্যা আৰু প্ৰত্যাহ্বানৰ বেলিকা গুৰুত্বপূৰ্ণ প্ৰভাৱ সাব্যস্ত কৰা দেখা যায়।
সামৰিক ক্ষেত্ৰত :
      সামৰিকভাৱেই ইউৰোপীয় সংঘৰ স্থিতি আজি অত্যন্ত শক্তিশালী। ইউৰোপীয় সংঘৰ সামৰিক শক্তিলৈ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে ই বিশ্বৰ দ্বিতীয় বৃহত্‍ সামৰিক বাহিনী। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইউৰোপীয় সংঘৰ দেশসমূহে কৰা সৰ্বমুঠ ব্যয় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পাছতেই দ্বিতীয় স্থানত। ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ বৃটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুই স্থায়ী সদস্য ৰাষ্ট্ৰ পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী আৰু এই ৰাষ্ট্ৰ দুখনৰ সৰ্বমুঠ ৫৫০ আণৱিক ৱাৰহাউচ (Warehouse) আছে। ইউৰোপীয় সংঘই মহাকাশ আৰু তথ্য প্ৰযুক্তিবিদ্যাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
     ইউৰোপীয় সংঘ এক অতি-ৰাষ্ট্ৰীয় সংস্থা। অৰ্থাত্‍ এই সংস্থাই জাতিৰাষ্ট্ৰৰ সীমা অতিক্ৰম কৰিছে। সেয়েহে ইউৰোপৰ সকলোবিলাক দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত এই সংঘই হস্তক্ষেপ কৰিব পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত, বিশেষকৈ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ আইন-শৃংখলাৰ দৰে প্ৰশ্নত ইউৰোপীয় সংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰৰ কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰে। বৈদেশিক নীতিৰ প্ৰশ্নতো সদস্য ৰাষ্ট্ৰসমূহৰ নিজা নিজা স্থিতি পৰিলক্ষিত হয়।


15. যিকোনো ছটা প্ৰশ্নৰ উত্তৰ কৰাঃ            1X6=6
(a) ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তৰঃ-শ্যামা প্ৰসাদ মুখাৰ্জী
(b) ভাৰতীয় সংবিধানখন কেতিয়া বলবত্‍ কৰা হৈছিল?
উত্তৰঃ- 1950 চনৰ 26 জানুৱাৰীত
(c) কোন চনত পৰিকল্পনা আয়োগ স্থাপিত হৈছিল?
উত্তৰঃ- ১৯৫০ চনৰ ১৫ মাৰ্চত।
(d) বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে?
উত্তৰঃ- নীতি আয়োগ (NITI AYOG)
(e) ভাৰতত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে কোন চনত জাতীয় জাতীয় জসৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল?
উত্তৰঃ- 1975 চনত
(f) MNF ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ-Mizo National Front
(g) সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল?
উত্তৰঃ-ড. বি.আৰ. আম্বেডকাৰ
(h) চিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু ________ ৰ মাজত। (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ- পাকিস্তান
(i) ভাৰতত বহুদলীয় ব্যৱস্থা আছে। (সত্য নে অসত্য লিখা)
উত্তৰঃ- সত্য


16. অৰ্থনৈতিক পৰিকল্পনাৰ দুটা প্ৰধান সুবিধা লিখা।        2
উত্তৰঃ- অৰ্থনৈতিক পৰিকল্পনাৰ দুটা প্ৰধান সুবিধা হ'ল-
(ক) অৰ্থনৈতিক পৰিকল্পনাই অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁঠনি সৃষ্টিত সহায় কৰে।
(খ) অৰ্থনৈতিক পৰিকল্পনাই আঞ্চলিক বৈষম্য হ্ৰাস কৰাত সহায় কৰে।


17. ভাৰত আৰু চীনৰ মাজৰ সংঘাতৰ যিকোনো দুটা কাৰণ লিখা।        2
উত্তৰঃ- (ক) তিব্বতৰ সমস্যা লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত বিৰোধৰ পৰিৱেশ সৃষ্টি হৈছে।
(খ) তিব্বতৰ ধৰ্মগুৰু দলাইলামাক ভাৰতে ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰি চীনৰ সৈতে শত্ৰুতা বৃদ্ধি কৰিছিল।

18. ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা।        2
উত্তৰঃ- ১৯৭৭ চনৰ মাৰ্চ মাহত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। ষষ্ঠ লোকসভা নিৰ্বাচন ভাৰতীয় ৰাজনীতিৰ বাবে বিভিন্ন দিশৰ পৰা বিশেষভাৱে তাত্পকৰ্যপূৰ্ণ আছিল। এই নিৰ্বাচনৰ কেইটামান গুৰুত্বপূৰ্ণ পৰিণামৰ বিষয়ে তলত আলোচনা কৰা হৈছে।
(ক) কংগ্ৰেছৰ আধিপত্যৰ অন্তঃ ১৯৭৭ চনৰ নিৰ্বাচনে কংগ্ৰেছ দলৰ আধিপত্য কিছু সময়ৰ বাবে হ’লেও অন্ত পেলায়। লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে পৰাস্ত হয় কংগ্ৰেছ। কেন্দ্ৰত কংগ্ৰেছৰ একক আধিপত্যৰ অন্ত পৰে।
(খ) ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছতে ভাৰতৰ গুৰুত্বপূৰ্ণ উত্তৰ ভাৰতত কংগ্ৰেছৰ আধিপত্যৰ অৱসান ঘটিছিল।

19. ভাৰতত আঞ্চলিকতাবাদৰ উত্‍পত্তিৰ দুটা কাৰণ লিখা।        2
উত্তৰ:- আঞ্চলিকতাবাদৰ উদ্ভৱৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-
(ক) ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ত উল্লেখ থকা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ কাৰ্যকৰী কৰাত হোৱা বিফলতা আঞ্চলিকতাবাদ উদ্ভৱৰ এটা কাৰণ।
(খ) অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মাজত থকা অসৰ্মতাও আঞ্চলিকতাবাদৰ এটা কাৰণ।

20. ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট লিখা।            2
উত্তৰ:- ভাৰতত সন্মিলিত চৰকাৰৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল-
(ক) অস্থিৰতাপূৰ্ণ মৰ্চাঃ-
মৰ্চা চৰকাৰসমূহ সাধাৰণতে অস্থিৰতাপূৰ্ণ। ভাৰতত, বিশেষকৈ কেন্দ্ৰত অধিকাংস মৰ্চা চৰকাৰে ব্যৰ্থ হৈছে। মৰ্চা চৰকাৰত আভ্যন্তৰীণ কন্দল এক সাধাৰণ ঘটনা। এই আভ্যন্তৰীণ সংঘাতে মৰ্চা চৰকাৰৰ সুস্থিৰতাত বাধা সৃষ্টি কৰে।
(খ) কংগ্ৰেছৰ বিৰোধিতাঃ-
ভাৰতত মৰ্চা চৰকাৰৰ উদ্ভৱ হৈছিল কংগ্ৰেছ দলক ক্ষমতাচ্যুত কৰাৰ উদ্দেশ্যে। বিৰোধী দলসমূহে সন্মিলিতভাৱে কংগ্ৰেছক প্ৰতিৰোধ কৰাত সফলতাও লাভ কৰিছে।

21. ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ ৰোধৰ বাবে দুটা পৰামৰ্শ দিয়া।        2
উত্তৰ:- ভাৰতৰবৰ্ষত সাম্ৰদায়িকতাবাদ ৰোধ কৰাৰ উপায়-
(ক) সংখ্যালঘুসকলৰ মনত বৈষম্যৰ মনোভাবৰ সৃষ্টি নহ’বলৈ অৰ্থনৈতিক বৈষম্য আৰু অসমতা হ্ৰাস কৰাটো অত্যন্ত প্ৰয়োজন।
(খ) শিক্ষা ব্যৱস্থাটোক সাম্প্ৰদায়িকতাবাদী মনোভাৱ নিৰ্মূল কৰাৰ উপযুক্ত মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগে।

22. ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনো চাৰিটা বৈশিষ্ট লিখা।                4
উত্তৰঃ- ভাৰতৰ দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল-
(ক) বহুদলীয় ব্যৱস্থাঃ-
    বৃটেইন অথবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত ৰাষ্ট্ৰৰ দ্বিদলীয় ব্যৱস্থাৰ পৰিৱৰ্তে ভাৰতত বহুদলীয় ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছে। বিশেষকৈ বিগত পাঁচটা দশকত ৰাজনৈতিক দলৰ সংখ্যা ভাৰতত অভিলেখসংখ্যক বৃদ্ধি পাইছে। স্বাধীনতাৰ পাছৰে পৰা ভাৰতত শতাধিক ৰাজনৈতিক দলৰ উদ্ভৱ হৈছে।
(খ) জাতি আৰু সম্প্ৰদায়ৰ ভিত্তিত গঠিত দলৰ উপস্থিতিঃ-
    ভাৰতৰ দলীয় ব্যৱস্থাত জাতি আৰু সম্প্ৰদায়ে এক আধিপত্যকাৰী ভূমিকা গ্ৰহণ কৰি আছে। ভাৰতৰ কিছুসংখ্যক ৰাজনৈতিক দলে মুকলিকৈ সাম্প্ৰদায়িক চৰিত্ৰপ্ৰতিফলিত কৰাৰ বিপৰীতে কিছুসংখ্যকে ধৰ্মনিৰপেক্ষ চৰিত্ৰ প্ৰদৰ্শন কৰি আহিলেও জাতি অথবা সম্প্ৰদায়গত চিন্তা-ধাৰণাৰ পৰা মুক্ত নহয়।
(গ) ৰাজনৈতিক দলসমূহত ব্যক্তিৰ আধিপত্যঃ-
    ভাৰতীয় দলীয় ব্যৱস্থাৰ অইন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল দলসমূহত ব্যক্তিৰ আধিপত্য। ভাৰতত প্ৰায়ে দেখা যায় যে দলসমূহ মতাদৰ্শগত অথবা কৰ্মসূচীগত ভিত্তিৰ পৰিৱৰ্তে কোনো প্ৰভাৱশালী ৰাজনৈতিক নেতাক কেন্দ্ৰ কৰিহে গঢ় লৈ উঠে।
(ঘ) মতাদৰ্শগত দ্বিধাগ্ৰস্ততাঃ-
    বাওঁপন্থী দলসমূহৰ বাহিৰে ভাৰতৰ কোনো এটা ৰাজনৈতিক দলৰে সুস্পষ্ট মতাদৰ্শ নাই। প্ৰায় প্ৰতিটো দলে গান্ধীবাদ গণতন্ত্ৰ, সমাজবাদ আৰু ধৰ্মনিৰপেক্ষতাবাদৰ কথা কৈ থাকে যদিও এই আদৰ্শসমূহৰ প্ৰতি দলসমূহৰ শ্ৰদ্ধা সন্দেহজনক।

23. (A) "দ্বি জাতি তত্ত্ব" সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা।            4
উত্তৰঃ-দ্বি-জাতি তত্ত্ব (Two Nation Theory) ১৯৪৭ চনৰ ভাৰত বিভাজনৰ মূল কাৰক আছিল। এই তত্ত্ব মুছলীম লীগৰ নেতা মহম্মদ আলী জিন্নাই আগবঢ়াইছিল। এই তত্ত্ব অনুসৰি মুছলমান আৰু হিন্দু দুটা সম্পূৰ্ণ সুকীয়া জাতি আৰু সেয়ে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক অধিকাৰৰ সুৰক্ষাৰ বাবে বৃটিছ ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ সামৰি মুছলমানসকলৰ এক স্বতন্ত্ৰ গৃহভূমি থকা উচিত। মাউণ্টবেটেন আঁচনিৰ জৰিয়তে দ্বি-জাতি তত্ত্ব আঁচনিয়ে পূৰ্ণৰূপ ধাৰণ কৰে।
       এই তত্ত্বৰ মূল কথা এইয়ে যে ভাৰতবৰ্ষ আচলতে এটা জাতিৰ দ্বাৰা গঠিত হোৱা নাই- ই দুটা পৃথক জাতিৰ সমষ্টি। এই পৃথক জাতি দুটা আধাৰ হ’ল ধৰ্ম আৰু জাতি দুটা হ’ল ক্ৰমে হিন্দু জাতি আৰু মুছলিম জাতি। এই দুটা জাতি এটা ৰাজনৈতিক শাসন ব্যৱস্থাৰ মাজত — অৰ্থাত্‍ এখন জাতি-ৰাষ্ট্ৰৰ অধীনত থাকিব নোৱাৰে। গতিকে হিন্দু আৰু মুছলিমসকলৰ বাবে দুখন পৃথক ৰাষ্ট্ৰ গঠন কৰিব লাগে। এই তত্ত্বৰ আধাৰতে মুছলিম লীগে মুছলিমসকলৰ বাবে "পাকিস্তান"ৰ দাবী উত্থাপন কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে এই তত্ত্ব মানি লোৱা নাছিল। কিন্তু ১৯৪০-ৰ দশকত মুছলীম লীগে গঢ়ি তোলা তীব্ৰ আন্দোলন আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসকে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ ভিত্তিত ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে পাকিস্তান নামৰ এখন সাৰ্বভৌম ৰাষ্ট্ৰ গঠিত হয়। এইদৰে দ্বি-জাতি তত্ত্বৰ অধীনত ১৯৪৭ চনত ১৪ আগষ্টত পাকিস্তান আৰু ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে জন্মলাভ কৰিছিল।

অথবা/or

(B) ২০০১ ৰ মহিলা সবলীকৰণ ৰাষ্ট্ৰীয় নীতিৰ প্ৰধান উদ্দেশ্যসমূহ লিখা।        4
উত্তৰঃ- ভাৰতৰ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত মহিলাসকলে সন্মুখীন হৈ থকা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাসমূহৰ প্ৰতি সুবিচাৰ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ২০০১ চনত ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতি প্ৰণয়ন কৰে। এই নীতিৰ কেইটামান উদ্দেশ্য তলত উল্লেখ কৰা হ’ল।
(ক) মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু পৌৰ অধিকাৰৰ আইনগত আৰু বাস্তৱিক প্ৰয়োগ।
(খ) মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ আৰু এক কাৰ্যদক্ষ ন্যায়িক ব্যৱস্থা সৃষ্টি।
(গ) অৰ্থনৈতিক আৰু সামাজিক নীতিৰ জৰিয়তে এক ইতিবাচক পৰিবেশৰ সৃষ্টি কৰা যি পৰিৱেশত মহিলাসকলে তেওঁলোকৰ গুণগত মান নিৰ্ধাৰণ কৰি পূৰ্ণ বিকাশ লাভ কৰিব পাৰে।
(ঘ) মহিলাসকলক সম পদবী, স্বাস্থ্য, নিয়োগ, সামাজিক নিৰাপত্তা আৰু সুবিধা প্ৰদান কৰা।
    মহিলাসকলৰ অংশগ্ৰহণত উত্সা হিত কৰাৰ বাবে সংবিধানৰ ৭৩নং আৰু ৭৪নং সংশোধনীৰ জৰিয়তে পঞ্চায়ত আৰু পৌৰ নিগমসমূহত এক তৃতীয়াংশ আসন মহিলাসকলৰ বাবে সংৰক্ষণ কৰা হৈছে।

24. কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।            4
উত্তৰঃ- মৰিছ জনছৰ মতে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা হৈছে এটা দলৰ প্ৰধান্য থকা ব্যৱস্থা। ৰজনী কোঠাৰীয়ে ভাৰতৰ দলীয় ব্যৱস্থাক কংগ্ৰেছী ব্যৱস্থা আখ্যা দিছে। ইয়াৰ পৰা বুজা যায় যে ভাৰতত কংগ্ৰেছ দলৰ গুৰুত্ব আৰু আধিপাত্যৰ বিষয়ে জানিব পাৰি। কিন্তু চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ পাছত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস হোৱা দেখা গৈছে। তলত কাৰণসমূহ আলোচনা কৰা হ’ল—
(ক) প্ৰথম আৰু দ্বিতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰিছিল। কিন্তু ১৯৫৭ চনত কেৰেলাত কংগ্ৰেছ দলৰ পতন ঘটে আৰু সাম্যবাদী দলৰ নেতৃত্বত কেৰেলাত পোন প্ৰথমবাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰ গঠন হয়।
(খ) ১৯৬২ চনত চীনৰ লগত হোৱা পৰাজয়ে কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস কৰিছিল।
(গ) ইন্দিৰা গান্ধীৰ শক্তীশালী নেতৃত্বই দলৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল আৰু আনহাতে, তেওঁৰ স্বেচ্ছাচাৰী শাসনে দলটোৰ প্ৰভূত পৰিমাণে ক্ষতি কৰিছিল।
(ঘ) ১৯৬৭ চনৰ সমসাময়িত সময়ত বিভিন্ন কাৰণত কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত দেখা দিয়া মতপাৰ্থক্যই কংগ্ৰেছ (ইন্দিৰা) আৰু কংগ্ৰেছ (সাংগঠনিক) ভাগত বিভক্ত হৈছে।
(ঙ) অ-কংগ্ৰেছী দলবোৰে একগোট হৈ ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে মুখথেকেচা খাবলৈ বাধ্য হৈছিল।

25. নৰ্মদা বচাও আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা।             4
উত্তৰঃ- মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকা ৰক্ষা কৰাৰ উদ্দেশ্য নৰ্মদা বাচাও আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনক বিকাশ আক্ৰান্ত লোকৰ আন্দোলন হিচাপে চিহ্নিত কৰা হৈছে। ভাৰতত বিকাশ আৰু পৰিবেশৰ মাজৰ সংঘাত এই আন্দোলনৰ জৰিয়তে স্পষ্ট হৈ পৰে। এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি আছে মেধা পাটেকাৰে।
    ১৯৮০ৰ দশকৰ আৰম্ভণিত নৰ্মদা উপত্যকাত এটা বৃহত্‍‌ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হয়। এই প্ৰকল্পটোত ৩০ টা বৃহত্‍ নদীবান্ধ, ১৩৫ টা মজলীয়া ধৰণৰ আৰু প্ৰায় ৩,০০০ টা সৰু বান্ধ নৰ্মদা আৰু ইয়াৰ উপনৈসমূহৰ ওপৰত নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়। এই উপনৈসমূহ মধ্যপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰ মাজেৰে হৈছে। এই নদীবান্ধৰ জৰিয়তে জনসাধাৰণে খোৱা পানী, জলসিঞ্চনৰ বাবে পানী, বিদ্যুত্‍ উত্‍‌পাদন আৰু কৃষি উত্পাাদন বৃদ্ধি আদি সুবিধাসমূহ লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰা হৈছিল। কিন্তু নৰ্মদা বাচাও আন্দোলনে দাবী জনায় যে প্ৰকল্পয়ে ২৪৫ খন গাঁও জলমগ্ন হোৱাৰ লগতে প্ৰায় দুই লাখ ৫০ হেজাৰ লোক ক্ষতিগ্ৰস্ত হ’ব। আন্দোলনটোৰ মতে বৃহত্‍ প্ৰকল্পৰ সিদ্ধান্ত গ্ৰহণৰ সময়ত স্থানীয় সম্প্ৰদায়ৰ মতে প্ৰকাশৰ অধিকাৰ থাকিব লাগিব।
      নৰ্মদা বাচাও আন্দোলনটো যথেষ্ট যুক্তিসংগত আছে, কাৰণ এই আন্দোলনৰ দ্বাৰা নৰ্মদা উপত্যকাত বসবাস কৰা অগণনন লোকৰ ন্যায্য অধিকাৰ ৰক্ষা কৰিবলৈ বিচৰা হৈছিল।

26. ভাৰতীয় জনতা দলৰ উত্থানৰ বিষয়ে চমুকৈ আলোচনা কৰা।        4

উত্তৰঃ- উত্তৰঃ- ভাৰতীয় জনতা পাৰ্টিয়ে আনুষ্ঠানিকভাৱে ১৯৮০ চনৰ ৬ এপ্ৰিল দিনাখন জনসংঘৰ উত্তৰাধিকাৰী হিচাপে জন্মলাভ কৰিছিল। ১৯৫১ চনত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত গঠন হোৱা জনসংঘৰ নতুন ৰূপ হ'ল ভাৰতীয় জনতা পাৰ্টি। ১৯৭৭ চনৰ ২৩ জানুৱাৰী তাৰিখে জনতা পাৰ্টি গঠন কৰিছিল আৰু জনসংঘও জনতা দলৰ অংশীদাৰ হৈছিল।
    ১৯৭৭ চনত অনুষ্ঠিত হোৱা লোকসভাৰ সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টি বিপুল ভোটত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰত অ-কংগ্ৰেছী চৰকাৰ গঠন কৰিছিল আৰু পূৰ্বৰ জনসংঘৰ নেতা অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানি আদি শীৰ্ষ নেতাসকলে জনতা পাৰ্টিৰ চৰকাৰত গুৰুত্বপূৰ্ণ স্থান পাইছিল। কিন্তু জনতা পাৰ্টিৰ মাজত হোৱা দলীয় মতভেদৰ ফলশ্ৰুতিত মাত্ৰ ২৮ মাহৰ ভিতৰত চৰকাৰখনৰ পতন ঘটিছিল। ইতিমধ্যে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (RSS)ৰ বিষয়ক কেন্দ্ৰ কৰি জনতা পাৰ্টিৰ মাজত অন্তৰ্দ্বন্দ্ব সৃষ্টি হৈছিল আৰু জনতা পাৰ্টিৰ লগত চামিল হোৱা জনসংঘ গোটটোৱে আন কিছুমান সদস্যৰ সৈতে জনতা পাৰ্টি ত্যাগ কৰি 'ভাৰতীয় জনতা পাৰ্টি' (BJP) নামৰ এটা নতুন দলৰ জন্ম দিছিল। নৱগঠিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হৈছিল অটল বিহাৰী বাজপেয়ী। ১৯৮০ চনৰ ২৪ এপ্ৰিল তাৰিখে নিৰ্বাচন আয়োগ ভাৰতীয় জনতা পাৰ্টিক 'পদুম ফুল'ক প্ৰতীক প্ৰদান কৰি ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিছিল। 'ভাৰতীয় জনতা পাৰ্টি'য়ে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ চৰকাৰ চলাইআছে।

 
27. পৰিকল্পিত বিকাশ মানে কি বুজা? ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।     6
উত্তৰঃ- পৰিকল্পিত বিকাশ হ'ল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ বিকাশ। অৰ্থাত্‍ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ'ব ইয়াৰ এক পৰিকল্পনা অথবা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পিত বিকাশ আখ্যা দিয়া হয়।

           ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে পৰিকল্পনা আয়োগ কৰা হয়। ভাৰতৰ চৌপিনৰ বিকাশৰ ক্ষেত্ৰত ইয়াৰ উন্নয়নৰ কৌশল তৈয়াৰ কৰাৰ ক্ষেত্ৰত, কোনটো দিশ পৰিগ্ৰহণ কৰিব ইত্যাদি ক্ষেত্ৰত পৰিকল্পনা আয়োগে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। পৰিকল্পনা আয়োগৰ উদ্দেশ্য আছিল দেশৰ জাতীয় আয় বৃদ্ধি কৰা, দেশৰ কৃষি আৰু উদ্যোগীকৰণৰ অ-আধুনিকীকৰণ, অৰ্থনৈতিক ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। ভাৰতৰ পৰিকল্পনা আয়োগে অৱশ্যে যথেষ্ট সাফাল্য লাভ কৰিব পৰা নাই। ১৯৫০ আৰু ১৯৮০ৰ দশকৰ মাজত ভাৰতীয় অৰ্থনীতিত অতি লেহেম গতি আছিল, বছৰি ৩ৰ পৰা ৩.৫ শতাংশকৈ বৃদ্ধি পায়। অদক্ষতা, দুৰ্নীতি আৰু প্ৰশাসক তথা আমোলাসকলৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অনীহাৰ বাবে পৰিকল্পনা আয়োগে নিজৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পৰা নাছিল।

অথবা/or

পাকিস্তানৰ সৈতে ভাৰতৰ পৰিবৰ্ত্তনশীল সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।            6
উত্তৰ- ভাৰতৰ বৈদেশিক নীতিৰ ভিত্তি হৈছে শান্তি আৰু সহযোগিতা। ভাৰতে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিছে। কিন্তু ভাৰতে পাকিস্তানৰ লগত ১৯৪৭-৪৮, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনত চাৰিখনকৈ যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছিল।
     ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৪৭-৪৮ চনত হোৱা যুদ্ধৰ পৰিণতি স্বৰূপে পাকিস্তানে অধিকৃত কাশ্মীৰ (Occupied Kashmir) আৰু ভাৰতে জম্মু আৰু কাশ্মীৰ প্ৰদেশৰ অধিকাৰী হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ ভিতৰত কৰা আক্ৰমণৰ বাবে যুদ্ধ হৈছিল। ১৯৭১ চনত বাংলাদেশক লৈ ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতবৰ্ষই জয়লাভ কৰিছিল, কিন্তু কাশ্মীৰ সমস্যাটো অমীমাংসিত ভাৱেই ৰৈ গৈছিল।
       ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰ, ধন সামৰিক প্ৰশিক্ষণ আদি দি ভাৰতত সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি দোষাৰোপ কৰে। আনহাতে, পাকিস্তানৰ সিন্ধু আৰু বেলুচিস্তান এই প্ৰদেশ দুখনত সৃষ্টি হোৱা অস্থিৰ অৱস্থাৰ বাবে ভাৰত চৰকাৰ তথা ইয়াৰ নিৰাপত্তা বিভাগক পাকিস্তানে দোষাৰোপ কৰে।
        ১৯৬০ চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘সিন্ধু জল চুক্তি’ (Indus Water Treaty)-ৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল। অৱশ্যে এই চুক্তিখন ব্যাখ্যাৰ ক্ষেত্ৰত যদিও কিছুমান মতানৈক্য আছে তথাপি বৰ্তমানলৈকে এই চুক্তিখন কাৰ্যকৰী হৈ আছে।১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ পাছত ১৯৬৬ চনৰ ৪ জানুৱাৰীত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মধ্যস্থতাত টাছখণ্ডত এটা স্থায়ী সমাধানৰ চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পাছত ২০০১ চনৰ ১৪-১৬ জুলাইত আগ্ৰা শীৰ্ষ সন্মিলনখনকো ঐতিহাসিক আখ্যা দিয়া হয়।
       ২০১৬ চনৰ জানুৱাৰীত পাঠানকোট বিমানসেৱা ঘাটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত হোৱা তথা ২০০৮ চনত মুম্বাইৰ ভয়াৱহ আক্ৰমণত পাকিস্তানী চোৰাংচোৱা এজেন্সী ISI জড়িত থকা বুলি প্ৰমাণ হোৱাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছিল। সেই বছৰতে ছেপ্টেম্বৰ মাহত জম্মু আৰু কাশ্মীৰৰ উৰিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ভাৰত-পাক সম্পৰ্কৰ অধিক অৱনতি ঘটে। পাঠানকোট আৰু উৰিত পাকিস্তানৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই আজাদ কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটি আক্ৰমণ কৰি যথেষ্ট ক্ষতি সাধন কৰে। আনকি সেই বৰ্ষৰ নৱেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ছাৰ্কৰ ১৯তম শীৰ্ষ সন্মিলনৰো বিৰোধিতা ভাৰতে কৰে।

28. জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতৰ্কসমূহ আলোচনা কৰা। তুমি জৰুৰীকাৰপূবলীন অৱস্থা ঘোষণা কৰাটো প্ৰয়োজনীয় আছিল বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা ডাঙি ধৰা।        6
উত্তৰঃ- ১৯৭৫ চনত ভাৰতত পোন প্ৰথমবাৰৰ বাবে ইন্দিৰা গান্ধীৰ চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ইন্দিৰা গান্ধীয়ে কৰুৰীকালীন ব্যৱস্থা প্ৰৱৰ্তনৰ কৰাৰ কাৰণকেইটা হ’ল—
(ক) ১৯৭১ চনৰ পাকিস্তানৰ সৈতে যুদ্ধ, ১৯৭২-৭৩ চনৰ খাদ্য-শস্য উত্পাীদনৰ দ্ৰুত গতিত হ্ৰাস আৰু ১৯৭৩-৭৪ চনৰ তেলৰ মূল্য বৃদ্ধি।
(খ) ১৯৭৪ চনৰ বিহাৰৰ ছাত্ৰ আন্দোলন, গুজৰাটৰ নৱ নিৰ্মাণ আন্দোলন আৰু ১৯৭৪ চনৰ ৰে’লকৰ্মীৰ ঘৰ্মঘট।
(গ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ লোকসভাৰ নিৰ্বাচনৰ জয়লাভ নাকচ কৰি প্ৰদান কৰা লেখ (writ)।
       এতিয়া প্ৰশ্ন হ’ল সেই সময়ত জৰুৰী অবস্থা ঘোষণা কৰাটো দৰকাৰ আছিল নে? চৰকাৰে ইয়াৰ সমৰ্থনত এইবুলি যুক্তি দৰ্শাইশিল যে যে এখন গণতান্ত্ৰিক চৰকাৰত বিৰোধী দলসমূহে শাসনাধিষ্ঠ দলক চৰকাৰী কাম-কাজ পৰিচালনা কৰাত সম্পূৰ্ণ সহায়-সমৰ্থন আগবঢ়োৱা উচিত আৰু চৰকাৰৰ নীতি অনুসৰি কাম-কাজ কৰাৰ সন্মতি প্ৰদান কৰিব লাগে। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে চৰকাৰ বিৰোধী আন্দোলনত লিপ্ত হ’লে গণতন্ত্ৰ কেতিয়াও সফল হ’ব নোৱাৰে।
     জৰুৰীকালীন অৱস্থা বলবত্‍ হৈ থকাৰ সময়ত যিবিলাক ৰাজনৈতিক দলে কংগ্ৰেছক সমৰ্থন জনাইছিল তাৰ ভিতৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI) অন্যতম। জৰুৰীকালীন অৱস্থাৰ সমৰ্থক এই দলৰ মতে সেই সময়ত ভাৰতবৰ্ষত জাতীয় ঐক্য বিনষ্ট কৰিব লক্ষ্যৰে আন্তৰ্জাতিক পৰ্যায়ত গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। এনে পৰিস্তিতিত দেশৰ ভিতৰৰ বিদ্ৰোহসমূহ দমন কৰাতো চৰকাৰৰ পক্ষে জৰুৰী হৈ পৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তীকালত এই দলে নিজৰ এনে মতামতক ভূল বুলি অনুভৱ কৰিছিল।
     আনহাতে জৰুৰীকালীন অৱস্থাৰ সমালোচকসকলৰ মতে ইন্দিৰা গান্ধী চৰকাৰে আগবঢ়োৱা যুক্তিসমূহ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। জয়প্ৰকাশ নাৰায়ণ আৰু অন্যান্য বিৰোধী নেতাৰ মতে জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিবাদ প্ৰদৰ্শনৰ অধিকাৰ আছে। গুৰুত্বপূৰ্ণভাৱে বিহাৰ আৰু গুজৰাটৰ আন্দোলন আছিল প্ৰায় শান্তিপূৰ্ণ আৰু অহিংসা। এই আন্দোলনে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছিল বুলিব নোৱাৰি। আকৌ যিসকল নেতা অথবা কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল সেইসকলে কোনোধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত নাছিল। সেয়ে জৰুৰীকালীন অৱস্থা কেৱল ইন্দিৰা গান্ধীৰ স্বাৰ্থতহে প্ৰৱৰ্তন কৰাটো সহজে অনুমান কৰিব পাৰি।

অথবা/or

উত্তৰ-পূৱ ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা।        6
উত্তৰ:- ভাৰতৰ উত্তৰ-পূৱ অঞ্চল আঞ্চলিক অনুভূতিক কেন্দ্ৰস্থল বুলি ক’ব পৰা যায়।  নাগালেণ্ড, মিজোৰামৰ আৰু অসমত  সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ বাবে সশস্ৰ পন্থা অৱলম্বন কৰি আহিছে। ভাৰতৰ স্বাধীনতাৰ সময়ৰ পৰাই উত্তৰ-পূৱত এনে প্ৰৱণতা পৰিলক্ষিত হৈ আহিছে।

নাগালেণ্ড
      ১৯৫১ চনত আংগামী জাপু ফিজোৰ নেতৃত্বত নগাসকলৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে।  ১৯৬৩ চনত পৃথক নগালেণ্ড ৰাজ্য গঠনেও এই সমস্যাৰ কোনো সমাধান কৰিব পৰা নাছিল। ১৯৭৫ চনত প্ৰখ্যাত "শ্বিলং চুক্তি" স্বাক্ষৰিত হয়, কিন্তু National Socialist Council of Nagaland (NSCN)-ৰ এটা গোটে এই চুক্তিক প্ৰত্যাখ্যান কৰিছিল। ফলত NSCN-ৰ বিভাজিত হয়। গঠিকে নাগালেণ্ডত এতিয়াও শান্তি ঘূৰি অহা নাই।

মিজোৰাম
        স্বাধীনতাৰ পাছত মিজো পাহাৰ অঞ্চলক স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰি দিয়া হয়। ১৯৫৯ চনত মিজো পাহাৰত দুৰ্ভিক্ষই ভয়াৱহ ৰূপ লয়। অসম চৰকাৰে এই দুৰ্ভিক্ষৰ মোকাবিলা কৰাত সম্পূৰ্ণ ব্যৰ্থ হয়। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে লালডেংগাৰৰ নেতৃত্বত মিজো নেশ্যনেল ফ্ৰণ্ট (National National Front) গঠন কৰা হয়। ১৯৬৬  চনত এই সংগঠনে স্বাধীনতাৰ বাবে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে। মিজো নেশ্যনেল ফ্ৰণ্টে পাকিস্তানৰ পৰা সাহায্য লাভ কৰিছিল। প্ৰায় দুই দশক মিজো বিদ্ৰোহী আৰু ভাৰতীয় সেনাৰ মাজত সশস্ত্ৰ সংঘাত চলি থাকে। অৱশেষত ১৯৮৬ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু লালডেংগাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হয়। তাৰ ভিক্তিতে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামক সম্পূৰ্ণ ৰাজ্যত্ব প্ৰদান কৰা হয় আৰু লালডেংগাৰ মূখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।
     নাগালেণ্ড আৰু মিজোৰামৰ নিচিনা অসমত ULFA, NDFB, কাৰ্বি আৰু ডিমাছাসকলে নিজৰ নিজৰ পৃথক ৰাজ্য গঠনৰ বাবে আন্দোলন কৰি আছে।


HN Seminary Model HS School, Bagribari, Dhubri
Solved First Unit-Test Examination 2021
H.S. 2nd Year
MIL (Assamese)
Full Marks 25 Time : 1 hour

১. চমু উত্তৰ দিয়াঃ-       
(ক) যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ- ১৮৯২ চনত।
(খ) 'মোৰ মাতৃমুখ দৰ্শন' পাঠটি কৰ পৰা হৈছে?
উত্তৰঃ- ড. নগেন শইকীযা সম্পাদনা কৰা "বেজবৰুৱাৰ ৰচনাৱলী"ৰ (প্ৰথম খণ্ড)ৰ পৰা।
(গ) মাধবদেৱৰ এখন নাটকৰ নাম লিখা।
উত্তৰঃ- অৰ্জুন ভঞ্জন
(ঘ) কথা কবিতাৰ জনক কোন?
উত্তৰঃ- ৰুছ সাহিত্যিক আইভাগন টুৰ্গেনিভৰ।
(ঙ) 'ভ্ৰমৰংগ' নাটকখন কেতিয়া প্ৰকাশ পাইছিল?
উত্তৰঃ- ১৮৮৮ চনত।
(চ) সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
উত্তৰঃ- যতীন্দ্ৰ নাথ দুৱাৰা।
(ছ) তোমাৰ পাঠ্যপুথিত থকা "বৰগীত"টি কৰ পৰা লোৱা হৈছে?
উত্তৰঃ- হৰিনাৰায়ণ দত্ত বৰুৱা সম্পাদিত "বৰগীত" নামৰ গ্ৰন্থখনৰ পৰা।
(জ) মাধৱ দেৱে আনুষ্ঠানিক শিক্ষা কৰ পৰা লাভ কৰিছিল?
উত্তৰঃ-মাধৱ দেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ ছত্ৰশালত আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল।
(ঝ) ইন্দ্ৰ থকা পৰী বা নগৰখনৰ নাম কি?
উত্তৰঃ- অমৰাৱতী
(ঞ) শ্বেক্সপিয়েৰৰ 'Comedy of Errors' অসমীয়ালৈ অনুৱাদ কৰি কি নামেৰে প্ৰকাশ কৰিছিল?
উত্তৰঃ- ভ্ৰমৰংগ (1888)

২. উত্তৰ লিখা। 2 x 4 = 8
(ক) ড. বানীকান্ত কাকতিয়ে বৰগীতক কিয় Noble Numbers বুলি কৈছে?
উত্তৰঃ- বৰগীতৰ ৰাগ, তাল, সংগীতক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰবাহ লক্ষ্য কৰা যায়; সেইবাবে ড. বানীকান্ত কাকতিয়ে বৰগীতক Noble Numbers বুলি কৈছে।

(খ) ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰৰ দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ- ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰৰ দুখন গ্ৰন্থৰ নাম হ'ল-
(ক) The Beggar
(খ) Poem in Prose

(গ) লক্ষ্মীনাথ বেজবৰুৱাদেৱক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱাদেৱে সম্বলপুৰৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ দিনাই কটন কলেজৰ ছাত্ৰ সকলে কলেজত এখন সভা অনুষ্ঠিত কৰি বেজবৰুৱাদেৱক অভিনন্দন জনাইছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে সভাত গৈ ছাত্ৰসকলৰ আগ্ৰহ আৰু উত্‍সাহ দেখি আনন্দিত হৈছিল। সভাত ছাত্ৰ সকলোৰ কোনোৱে সুললিত কণ্ঠৰে গীত গাইছিল, কোনো কোনোৱে ইংৰাজী আৰু অসমীয়া শুৱলা বক্তৃতা দিছিল, কোনোৱে আকৌ ওজাপালি হৈ অংগী-ভংগীৰে হাস্য ৰসপূৰ্ণ বিয়াহ গাইছিল। এনেদৰে কটন কলেজৰ ছাত্ৰসকলে বেজবৰুৱাৰ সৰু কালৰ আনন্দময় সময়ছোৱাক জীপাল কৰি তুলিছিল।

(ঘ) "পানীত থাকিও মাছ তৃষ্ণাতুৰ
    শুনি শুনি হাঁহি উঠে মোৰ"--
পদফাকিৰ তাত্বিক অৰ্থ লিখা।

উত্তৰঃ- পদফাকিৰ তাত্ত্বিক অৰ্থ হ'ল- মানুহৰ অন্তৰতে ইশ্বৰ আছে তথানী ভক্তিহীন অজ্ঞানী মানুহে ইশ্বৰ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞানীজনৰ এনে অৱস্থা দেখি কৰিব হাঁহি উঠে।

৩. বাখ্যা কৰা         
(ক) "যথা নিযুক্তোহষ্মি তথা কৰোমি"

উত্তৰঃ-
(খ) সিদ্ধ মুনি গনে    চিন্তিয়া নপাৱে
    সো হৰি যশোৱা বোলে।
ত্ৰিজগত পতি        ভকতি মিলল
    মুৰুখ মাধৱে বোলে।

উত্তৰঃ- উত্তৰঃ- উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি "সাহিত্য সৌৰভ"ৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত "উঠৰে উঠ বাপু গোপালহে" নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।
       উক্ত বৰগীত ফাঁকিত কবি মাধৱদেৱে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ বৰ্ণনাৰ লগতে ভক্তিৰ শ্ৰেষ্ঠত্ব কিদৰে প্ৰকাশ ঘটিছে তাৰে বৰ্ণনা কৰিছে।
       শ্ৰীকৃষ্ণ ত্ৰিজগতৰ পতি অৰ্থাত স্বৰ্গ, মৰ্ত্ত, পাতালৰ গৰাকী, পৰমেশ্বৰ পৰমপুৰুষ ইশ্বৰ বা কৃষ্ণৰ সান্নিধ্য লাভ কৰিবলৈ যোগী ঋষি মুনি সকলে সদায় ধ্যান আৰু সাধনা কৰে। যদিও বহু ধ্যান সাধনাৰ পাছতো ভগৱান শ্ৰীকৃষ্ণৰ সান্নিধ্য নাপায়। কিন্তু যশোদাই পৰম ভক্তিৰ বলত কৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। যশোদা একান্ত বিষ্ণ ভক্ত। ভক্তৰ অধীন ভগৱান। সেয়ে কৃষ্ণই ভক্তৰ মনৰ বাঞ্ছা পুৰণ কৰিবলৈ পুত্ৰ ৰূপে যশোদাৰ ঘৰত আহিছে। যশোদাই সেইজনকে পুত্ৰ ৰূপে লাভ কৰি কোলাত লৈ মৰমও কৰিব পাৰিছে। এনেদৰে কবি মাধৱদেৱে বৰগীত ফাঁকিৰ মাজেৰে কৃষ্ণৰ ঐশ্বৰিক ৰূপৰ লগতে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে।

৪) উত্তৰ লিখা।         
(ক) মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰ মাজত হোৱা কথোপকথন খিনি তোমাৰ ভাষাত লিখা।
উত্তৰঃ- মগনিয়াৰ শীষক কথা কবিতাটিৰ যোগেদি কবি যতীন্দ্ৰ নাথ দুৱৰাৰ এদিনাখন বাটেৰে গৈ থাঁকোতে এজন মগনিয়াৰক লগ পোৱাৰ পিছত তেওঁলোকৰ মাজত হোৱা কথোপকথনখিনিৰ অতিজ্ঞতা বৰ্ণনা কৰিছে এনেদৰে-
    বাটেদি গৈ থাকোতে এদিন কবিয়ে মগনিয়াৰ এজনৰ মুখা-মুখী হয়। বুঢ়া বেমাৰী গাৰ হাড়-ছাল ওলোৱা, শেতাঁ ওঠ, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ পৰিধান কৰি মগনিয়াৰ জন দুহাত মেলি অতি কাতৰ মনে কবিৰ পৰা অকন সহায় ভিক্ষা মাগিছিল। কিন্তু সেই সময়ত তেওঁক দিব পৰাকৈ কবিৰ লগত একো নাছিল। এনেকি ৰুমাল এখনো নাছিল। সেয়ে কবিয়ে মানৱীয় সহানুভূতিৰে মগনিয়াৰ দুখন সাবটি ধৰি নিজৰ অৱস্থাটো প্ৰকাশ কৰিছিল, "ককাই মোৰ ওপৰত খং নকৰিব মোৰ হাতত একোৱেই নাই" কবিৰ এনে মানৱীয় ভাৱ মগনিয়াৰ জনক আচৰিত কৰি তুলিছিল। মগনিয়াৰ জনেও কবিৰ হাত দুখন ধৰি অতি কষ্টৰে কৈছিল যে "কি হ'ল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ হও যে এটা দান। কবিৰ পৰা পোৱা আন্তৰিকতাখিনি পৰম দান বুলি গ্ৰহণ কৰি মগনিয়াৰ জনে কবিক ধন্যবাদ জ্ঞাপন কৰিলে।

(খ) লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অনুৱাদ কেনে হোৱা উচিত বুজাই লিখা।
উত্তৰঃ- এসময়ত অসমত বিদেশী নাটক অসমীয়ায়ৈ ভাঙি অসমীয়া ৰংগশালত অভিনয় কৰাটো অনেকে দায় ধৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে এনে কাৰ্যত যে সন্তোষ পাইেছিল এনেকুৱা নহয়। বেজবৰুৱাদেৱৰ মতে বিদেশী ভাষাৰ নাটক একেবাৰেই অসমীয়া ৰংগশালৰ বাহিৰ কৰি দিয়া উচিত নহয়। যদি বিদেশী ভাষাৰ নাটকৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত ই জীন যোৱা হয় তেন্তে ভাল বিদেশী নাটকৰ উত্‍কৃষ্ট ভাৱ সম্পাদন অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা-যদি সেই ভাৱ সম্পদক বাৰে বঙনুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া হয়। উদাহৰণস্বৰূপে কলিকতাত পঢ়ি থকা জনচোৰক অসমীয়া ছাত্ৰই শ্বেক্সপিয়েৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি তাৰ নাম ভ্ৰমৰংগ দি অভিনয় কৰিছিল। অনুবাদকৰ লগত বেজবৰুৱা জড়িত নাছিল যদিও তেখেত বিশ্বাস কৰিছিল যে ইংৰাজী নাটকৰ সেই অনুবাদ অকেবাৰেই অসমীয়া হৈ পৰি অসমীয়া সৰ্বসাধাৰণৰ মন হৰণ কৰিব পাৰিছিল।
      ভাৰতৰ নানা দেশৰ পৰা মানুহ আহি অসমত বসতি কৰিছে। যদি সেইবোৰে অসমক সৰ্বতোভাৱে কৰণ কৰি অসমীয়া হৈ যায় তাৰ দ্বাৰাই অসমৰ আপদহে নাবাঢ়ি সম্পদ হে বাঢ়িব।


 HN Seminary Model HS School, Bagribari, Dhubri
Solved First Unit-Test Examination 2021
H.S. 2nd Year
Political Science
Full Marks 25 Time : 1 hour

1. তলত দিয়াবোৰৰ নিৰ্দেশ অনুযায়ী উত্তৰ লিখা :        1 X 5=5

(a) NATO-ৰ সম্পূৰ্ণ ৰূপটো লিখা।    

উত্তৰঃ- North Atlantic Treaty Organization.
(b) বাৰ্লিন দেৱাল ভংগ হৈছিল 1989/1990/1991 চনত।
উত্তৰঃ- 1989 চনত।
(c) খালী ঠাই পূৰণ কৰা:-
    কিউবা ক্ষেপণাস্ত্ৰ সংকট ____ চনত হৈছিল।
উত্তৰঃ- 1962 চনত
(d) প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM)ৰ সন্মিলন কেতিয়া হৈছিল?
উত্তৰঃ- প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM) ৰ সন্মিলন 1961 চনত অনুষ্ঠিত হৈছিল।
(e) ছোভিয়েট ইউনিয়ন (সংঘ)ৰ বিভাজনৰ পিছত সৃষ্টি হোৱা এখন দেখৰ নাম লিখা।
উত্তৰঃ- ৰাছিয়া, বেলাৰুচ
2. ৰাষ্ট্ৰপতি মিখাইল গৰ্বাছেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা।
উত্তৰ:- Glasnost (মুক্ত বাতাবৰণ) আৰু perestroika (পুনৰ্গঠন)                              2
3. শীতল যুদ্ধ কি? শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?                                    2
উত্তৰ:- শীতল যুদ্ধ হ’ল এনে এক পৰিস্থিতি য’ত আণৱিক শক্তিৰ অধিকাৰী দুই মহাশক্তি প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ হ’ব নোৱাৰে অথচ বিশ্বত নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে।
শীতল যুদ্ধ দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত আৰম্ভ হৈছিল।
4. তৃতীয় বিশ্ব মানে কি? এখন তৃতীয় বিশ্বৰ নাম লিখা।                             2
উত্তৰ:- দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত স্বাধীনতা লাভ কৰা অ-উন্নত দেশবোৰক ‘তৃতীয় বিশ্ব’ বুলি কোৱা হয়। এখন তৃতীয় বিশ্বৰ নাম হ’ল ভাৰত।
5. নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলোচনা কৰা।                     4
উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনে শীতল যুদ্ধৰ সময়ছোৱাত দুই শত্ৰু-মিত্ৰ গোষ্ঠীৰ মাজত মধ্যস্থতা অৱলম্বন কৰিছিল। গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰসমূহে প্ৰতিষ্ঠিত আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ গুণগত পৰিবৰ্তন সাধন কৰি এক নতুন আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলা (New International Economic Order) গঢ়ি তোলাৰ দাবী উত্থাপন কৰিছিল। 1972 চনত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ 'বাণিজ্য আৰু উন্নয়ন'ৰ অধিবেশনত 'উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি' শীৰ্ষক এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল। প্ৰতিবেদনত উল্লেখিত দাবীবোৰ বা লক্ষ্যসমুহ আছিল—
    (ক)উন্নত পশ্চিমীয়া দেশসমূহে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদৰ ওপৰত কম উন্নত দেশসমূহৰ নিজস্ব নিয়ন্ত্ৰণত থাকিব লাগে,
(খ) কম উন্নত ৰাষ্ট্ৰসমূহে যাতে উত্পাাদিত সামগ্ৰীসমূহৰ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া বজাৰসমূহত প্ৰৱেশৰ ক্ষমতা দিব লাগে,
(গ) পশ্চিমীয়া দেশসমূহে সৰবৰাহ কৰা কাৰিকৰী কৌশল (Technology) ৰ মূল্য হ্ৰাস কৰিব লাগে,
(ঘ) আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠানবোৰত কম উন্নত ৰাষ্ট্ৰসমূহক বিশেষ ভূমিকা লবলৈ দিব লাগে।
    1980-ৰ দশকৰ শেষৰ পৰা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ দাবীবোৰ ক্ৰমে দুৰ্বল বৈ আহে। ছোভিয়েট সংঘৰ পতন আৰু বিশ্বায়ন প্ৰক্তিয়া আৰম্ভ হোৱাৰ পাছত ক্ৰমে অ-প্ৰসংগিক হৈ পৰে।
6. “আঘাত নিৰাময়” (Shock Therapy) ৰ পৰিণতিসমূহৰ বিষয়ে আলোচনা কৰা।                  4
উত্তৰ:- "আঘাট নিৰাময় বা আতংক প্ৰতিকাৰ" সৃষ্টি কৰা ভয়াৱহ পৰিণতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল:
 (ক) উদ্যোগ ব্যৱস্থাৰ নি:শেষকৰণ:-
     ছোভিয়েট ইউনিয়নৰ সমাজবাদী অৰ্থব্যৱস্থাত ৰাষ্ট্ৰৰ পৃষ্টপোষকতাত গঢ়ি তোলা উদ্যোগসমূহক “আঘাট নিৰাময় বা আতংক প্ৰতিকাৰ” প্ৰক্ৰিয়াই সম্পূৰ্ণকৈ ধ্বংস কৰি পেলালে। ৰাছিয়াত বৃহত্‍ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ প্ৰায় 90% উদ্যোগকেই ব্যক্তি বা ব্যক্তিগত কোম্পানীক অতি কম মূল্যত বিক্ৰী কৰিবলগীয়া হয়। তাকে ইতিহাসত “বৃহত্তম গেৰেজ বিক্ৰি” নামেৰে জনা যায়।
(খ) মুদ্ৰাৰ মূল্য হ্ৰাস আৰু অভাৱনীয় মূল্যবৃদ্ধি:-
    সমাজবাদৰ পৰা পুঁজিবাদলৈ হোৱা বিৱৰ্তন প্ৰক্ৰিয়াত ৰাছিয়াৰ প্ৰচলিত মুদ্ৰা ৰুবলৰ মূল্য দ্ৰুতগতিত হ্ৰাস হয়। অন্যহাতে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পালে। এনে পৰিস্থিতিত জনসাধাৰণে দীৰ্ঘদিন ধৰি ৰাখি থোৱা সঞ্চয় তত্কা লীন অভাৱ পূৰণৰ বাবে খৰচ কৰিবলৈ বাধ্য হৈ পৰিল।
(গ) অৰ্থনীতিৰ অপৰাধীকৰণ:-
    পুঁজিবাদী ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অধীনস্থ গণৰাজ্যসমূহত অতদিনে বৰ্তি থকা সামাজিক কল্যাণৰ আধাৰ ভাঙি পেলোৱা হ’ল। গোটেই অৰ্থব্যৱস্থাটো ক্ৰমাগতভাৱে এটা অপৰাধী চক্ৰই নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। এনে এক পৰিস্থিতিত ষ্টিগলিট্‌জে কোৱাৰ নিচিনাকৈ মধ্যবিত্ত শ্ৰেণীটো দৰিদ্ৰতাৰ বুকুত সোমাই পৰিছিল।
(ঘ) স্বৈৰতন্ত্ৰী শাসন ব্যৱস্থাৰ বিকাশ:-
    "আঘাট নিৰাময় বা আতংক প্ৰতিকাৰ"ৰ অভিয়ানৰ অন্যতম লক্ষ্য আছিল পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অধীনস্থ অংগৰাজ্যসমূহ তথা পূব ইউৰোপৰ পূৰ্বৰ সমাজবাদী দেশসমূহত গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰা। কিন্তু বাস্তৱ ক্ষেত্ৰত গণতান্ত্ৰিক ব্যৱস্থাই গা কৰি উঠাতকৈ কাৰ্যপালিকা বা ৰাষ্ট্ৰপতিৰ দ্বাৰা এক ধৰণৰ স্বৈৰতন্ত্ৰী শাসন ব্যৱস্থাহে বিকাশ হৈছিল।
    
7. ছোভিয়েট ইউনিয়ন (সংঘ) কিয় ভংগ হৈছিল? কাৰণবোৰ আলোচনা কৰা।            6
উত্তৰ:- আন্তৰ্জাতিক ৰাজনীতিত সাতটা দশকৰো অধিক কাল ধৰি এনে গুৰুত্বপূৰ্ণ ফূমিকা পালন কৰি অহা ছোভিয়েট ইউনিয়নৰ ভাঙোন বিংশ শতিকাৰ আন্তৰ্জাতিক ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ ভিতৰত অন্যতম। ছোভিয়েট ইউনিয়নৰ ভাঙোন  অছোভিয়েট ইউনিয়নৰ ভাঙোন অন্তৰালত বহুবোৰ কাৰণ নিহিত আছে। সেইবোৰ তলত আলোচনা কৰা হ’ল:-
(ক) প্ৰসাশণিক কাৰণ:-
মিখাইল গৰ্বাচেভে যিবোৰ সংস্কাৰ কৰিব বিচাৰিছিল বা প্ৰশাসনৰ ক্ষেত্ৰত যি শিথিলতা আনিব বিচাৰিছিল সেইবোৰ অতি লেহেম গতিত আগবাঢ়িছিল। ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণ ধৈৰ্য্যচ্যুত আৰু নিৰাশ হৈ পৰিছিল। কাৰণ, তেওঁলোকৰ মতে ইমান লেহেম গতিত কামবোৰ আগবাঢ়়িলে তেওঁলোকে আশা কৰা অনুসৰি লাভৱান নহ’ব।  
(খ) ঐতিহাসিক কাৰণ:-
    ছোভিয়েট ইউনিয়ন পতনৰ আন এটা কাৰণ হ’ল ঐতিহাসিক কাৰণ, ছোভিয়েট ইউনিয়নৰ কেতবোৰ স্বাধীন প্ৰজাতন্ত্ৰ হৈ গঠিত হৈছিল। গতিকে, এই প্ৰজাতন্ত্ৰবোৰৰ বহুত বিষয়ত বৈসাদৃশ্য আছিল আৰু ইয়াৰ বাবে প্ৰজাতন্ত্ৰবোৰৰ মাজত অভ্যন্তৰীণ সমস্যাই দেখা দিছিল।
(গ) জাতীয়তাবাদী উত্থানৰ কাৰণ:-
    ছোভিয়েট ইউনিয়নৰ অংশীদাৰ ইউৰোপৰ প্ৰজাতন্ত্ৰবোৰ আৰু জয়জয়-ময়ময় অৱস্থাৰ প্ৰজাতন্ত্ৰবোৰ যেনে : ৰাছিয়া, বাল্টিক অঞ্চল, ইউক্ৰেইন আৰু জৰ্জিয়াৰ জাতীয়তাবাদীসকলৰ মতে তেওঁলোকে মধ্য এছিয়াৰ প্ৰজাতন্ত্ৰবোৰক ছোভিয়েট ইউনিয়নৰ অংশীদাৰ কৰি ৰখাৰ বাবে অধিক উচ্চ হাৰত আৰ্থিক সহায় দিবলগীয়া হয়। এইটোও ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ আন এটা কাৰণ।
(ঘ) সাৰ্বভৌমত্বৰ আকাংক্ষা:-
ছোভিয়েট ইউনিয়নৰ পতনৰ আন এটা কাৰণ হ’ল : ৰাছিয়া, বাল্টিক প্ৰজাতন্ত্ৰ (ইষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া) ইউক্ৰোইন, জৰ্জিয়া আৰু ছোভিয়েট ইউনিয়নৰ অংশ হিচাপে থকা বিভিন্ন প্ৰজাতন্ত্ৰবোৰৰ মাজত গঢ়ি উঠা জাতীয়তাবাদ আৰু সাৰ্বভৌমত্ব লাভৰ আকাংক্ষা।  
(ঙ) গৰ্বাচেভৰ সংস্কাৰমূলক নীতি:-
মিখাইল গৰ্বাচেভৰ সংস্কাৰ ব্যৱস্থাইও ছোভিয়েট ইউনিয়ন পতন মাতি আনিছিল। তেখেতে দেশৰ জনগণক স্বাধীনতা, সমতা, জাতীয়তাবোধ, অৰ্থনৈতিক স্ব-নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্ৰস্তুত নকৰাকৈ ছোভিয়েট ইউনিয়নত তেওঁৰ বিখ্যাত Glasnost (ব্যাপক স্বচ্ছতা) আৰু Parestroika ৰ (পুনৰ নিৰ্মাণ) ধাৰণা কাৰ্যকৰী কৰিব বিচাৰিছিল।  
(চ) অৰ্থনীতি কাৰণ:-
পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট ইউনিয়ন আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অৰ্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপ।

অথবা/or

(ii) শীতল যুদ্ধৰ যুগত গোষ্টীনিপেক্ষ আন্দোলন (NAM)-ৰ ভূমিকা আলোচনা কৰা। শীতল যুদ্ধত্তোৰ যু্গত গোষ্টীনিপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা থকা বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।
উত্তৰ:- শীতল যুদ্ধৰ কালত আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত দেশসমূহ একত্ৰিত হৈ এক প্ৰত্যাহ্বান বা প্ৰতিৰোধ গঢ়ি তুলিছিল। এনে প্ৰতিৰোধ গঢ়ি তোলা মঞ্চক গোষ্ঠীনিৰপেক্ষ আন্দোলন নামেৰে জনা যায়। এই আন্দোলনৰ মুলকথা আছিল মহাশক্তিৰ কৱলৰ পৰা নিজকে মুক্ত ৰাখি স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি নিৰ্ণয় কৰা।
(ক) গোষ্ঠীনিৰপেক্ষ আন্দোলনে যিকোনো বৈদেশিক ৰাষ্ট্ৰত সামৰিক ঘাটি নিৰ্মাণ নীতিৰ বিৰোধিতা কৰাটো অন্যতম ভূমিকা আছিল।  
    (খ) বিশ্বশান্তি আৰু নিৰাপত্তাক প্ৰাধান্য দিয়া এই আন্দোলনক পৃথিৱীৰ সৰ্ববৃহত্‍ শান্তি আন্দোলন (World’s Largest peace movement) নামেৰেও জনা গৈছিল।
    (গ) এই আন্দোলনে কি কৰিব বিচাৰিছিল বুলি সোধাতকৈ কি কৰিব বিচৰা নাছিল বুলি সুধিলেহে গোষ্ঠীনিৰপেক্ষ আন্দোলনক সঠিক চৰিত্ৰ বুজিব পাৰি। এই আন্দোলনে কোনো পৰিস্থিতিতে কোনো সামৰিক মিত্ৰজোঁটৰ অংশীদাৰ হোৱা নাছিল।
    (ঘ) এই মহাশক্তিৰ মাজত এক স্বতন্ত্ৰ অৱস্থান গ্ৰহণ কৰি শীতল যুদ্ধৰ উন্মাদনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গোষ্ঠীনিৰপেক্ষ আন্দোলনে ৰাষ্ট্ৰসংঘ আৰু আন্তৰ্জাতিক ৰাজনীতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ ঘটনাত প্ৰভাৱশালী ভূমিকা কৰিছিল।
    (ঙ) শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে সুবিধাজনক নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰাৰ পৰিৱৰ্তে সক্ৰিয়তাৰে শান্তিপূৰ্ণ আৰু নিৰাপদ বিশ্ব ৰাজনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
    (চ) গোষ্ঠীনিৰপেক্ষ আন্দোলনে সকলো দ্বন্দ্বৰ শান্তিপূৰ্ণ সমাধান আৰু সামৰিক মিত্ৰজোঁট তথা চুক্তিৰ পৰা আঁতৰি থকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

 শীতল যুদ্ধত্তোৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ এতিয়াও প্ৰাসংগিকতা আছে, কাৰণবোৰ হ’ল—
    (ক) বিশ্বত এতিয়াও এক মহাশক্তি বৰ্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীন অস্তিত্ব বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন আছে।
    (খ) শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এনে অ-গণতান্ত্ৰিকতাৰ বিৰুদ্ধে যুঁজ কৰিবলৈকো তৃতীয় বিশ্বৰ দেশসমূহক এক সামূহিক মঞ্চ লাগে।
(গ) শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি দিয়া নাই। এনে সমস্যা সমাধানৰ বাবেও তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ঠ প্ৰাসংগিকতা আছে।
    এনে প্ৰাসংগিকতাই গোষ্ঠীনিৰপেক্ষ আন্দোলনকো প্ৰাসংগিক কৰি ৰাখিছে।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan.

HN Seminary Model HS School, Bagribari, Dhubri
1st Unit Test 2021
Class : XII, Subject English


1. Where were the Prussian soldiers drilling?
Ans:- The Prussian soldiers were drilling in the open field back of the sawmill.

2. name of the river mentioned in "The Last Lesson"?
Ans:- The Saar.

3. What was the name of the blacksmith in "The Last Lesson"?
Ans:- Wachter.

4. Who is the author of "Lost Spring"?
Ans:- Anees Jung

5. What does Mukesh want to be?
Ans:- Mukesh wants to be a motor mechanic.

6. What is the meaning of Saheb's full name?
Ans:-Saheb's full name was Saheb-e-Alam which meant 'lord of the universe.

7. Where was the poet driving to?
Ans:- The poet was driving from her parent's home to the Cochin airport.

8. What was the poet's childhood fear?
Ans:- The poet felt that death might befall her mother at any time. She was obsessed with the fear of getting separated from her mother from her childhood.

9. Why did Little Franz want to spend his day out of doors?
Ans:- Little Franz was tempted to run away and spend the day outside instead of attending school as it was a warm and bright day with the birds chirping merrily. Moreover, he was tempted to watch the Prussian soldiers' drill.

10. What is Firozabad famous for and why?
Ans:- The city of Firozabad is famous for its bangles. Every other family in Firozabad is engaged in the business of bangle making.

11. Why has the mother been compared to the 'late winter's moon'?
Ans:- With the advancement of age, the vitality, radiance and strength of the poetess's mother have diminished rapidly. Hence the simile 'late winter's moon' is undoubtedly a presage of her approaching death. Winter is symbolic of lifelessness and dormancy. At the age of sixty six,the poetess's mother resembles a corpse with an 'ashen' face. So, her comparison with the pale colour of the moon is quite appropriate.

12. Describe the unusual things that Franz noticed on the day of the last lesson.   
Ans:- On the day of the last lesson, several unusual things came to Franz's notice. The usual commotion caused by the opening and closing of desks,loud reading of lessons and the teacher's great ruler rapping on the table,was not heard on that day. The whole school appeared to be quite solemn and strange. He was also surprised at the soft and lenient voice of M.Hamel who used to scold students on the slightest pretext. Moreover he was wearing his ceremonial apparel which he wore only on inspection and prize giving days. The most surprising of all things was the presence of the elderly people of the village inside the classroom. The back benches which were always empty were occupied by the village elders that included the former mayor the former postmaster and several others. Franz became sad and conscience stricken when M.Hamel declared that he was going to teach the last lesson in French. When it was Franz's turn to recite the rules on participles, he got mixed up on the first words, but to his surprise M. Hamel did not reprimand him. These were some of the unusual things noticed by Franz on the day of the last lesson.

13. Change the voice.
(a) He gave me a pen.
Ans:-(i) A pen was given me by him.
(ii) I was given a pen by him.
(b) Do the work immediately.
Ans:- Let the work be done immediately.

14. Put the verbs in brackets in their correct tense forms.
(a) He (work) here since 2001.
Ans:- He has been working here since 2001.
(b) I wish I (accept) the job.
Ans:-I wish I accepted the job.

15. Turn the following into an affirmative sentences.
(a) He was not present at the meeting yesterday.
Ans:- He was absent at the meeting yesterday
(b) None but he can do this sum.
Ans:- Only he can do this sum.

HS second (Special Exam) 2021 

English

6. Change the voice of any four of the following sentences :
(a) Some boys were helping the wounded man.
Ans:- The wounded man was being helped by some boys.
(b) Bring the boys home.
Ans:- Let the boys be brought home.
(c) I hope that you will pass the test.
Ans:-It is hoped (by me) that you will pass the test.
(d) Why was such a letter written by your sister?
Ans:- Why did your sister write such a letter?
(e) My pocket has been picked.
Ans:- Someone has picked my pocket.
(f) Salil has caught a fish.
Ans:- A fish has been caught by Salil.
(g) He dispensed with my services.
Ans:- My services were dispensed with by him.
(h) The Greeks made Ulysses their leader.
Ans:- Ulysses was made their leader (by the Greeks).

7. Rewrite any five of the following sentences using the verbs given in brackets in their correct tense forms:
(a) I (read) War and Peace for a month now.
Ans:- I have been reading War and Peace for a month now.
(b) The match (start) before we reached the stadium.
Ans:- The match had started before we reached the stadium.
(c) She (read) a novel now.
Ans:- She is reading a novel now.
(d) This paper (appear) twice a month.
Ans:- This paper appears twice a month.
(e) I never (see) a tiger before.
Ans:- I have never seen a tiger before.
(f) It started to rain while we (have) the picnic.
Ans:- It started to rain while were having the picnic.

8. Rewrite any five of the following sentences filling in the blanks with appropriate prepositions:
(a) He has no ability ________ hard work.
Ans:- for
(b) Pay proper attention ________ your studies.
Ans:- to
(c) I have full confidence ________ you.
Ans:- in
(d) Anger may be compared ________ fire.
Ans:- to
(e) One must abide ________ one's promise.
Ans:- by
(f) She triumphed ________ all obstacles by dint of her perseverance.
Ans:- over
(g) That person is gifted ________ remarkable intelligence.
Ans:- with
(h) I am trying to abstain ________ sweets for my new diet.
Ans:- from


Sri Rupjyoti Goswami
Post Graduate Teacher (English)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email: rupjyotigoswami983@gmail.com
Mobile: 9864425896.
For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, contact us (whatspp no 7020477396/email ID-brahmaratan@gmail.com)

Previous
Next Post »