-->

বিস্তীৰ্ণ পাৰৰে । Bistirno Parore — ড. ভুপেন হাজৰিকা

 

(i) বিস্তীৰ্ণ পাৰৰে [Bistirno Parore]
বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
হাহাকাৰ শুনিও
নি:শব্দে নিৰবে বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয়?
নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ অলসভাৱে বোৱা কিয়?
জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নিৰক্ষৰৰ
জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নিৰক্ষৰৰ
নেতৃবিহীনতাত নিৰৱ কিয়?
সহস্ৰ বাৰিষাৰ
উন্মাদনাৰ
অভিজ্ঞতাৰে
পঙ্গু মানৱক
সবল সংগামী
আৰু অগ্ৰগামী
কৰি নোতোলা কিয়?
ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক
সমষ্টি যদি ব্যক্তিত্ব ৰহিত
তেনে শিঠিল সমাজক নাভাঙা কিয়?
তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ
সেই পিতৃত্ব তেনে নামমাত্ৰ
নহ’লে প্ৰেৰণা নিদিয়া কিয়?
উন্মাদ ধৰাৰে
কুৰুক্ষেত্ৰৰ
শৰ শয্যাকে
আলিঙ্গন কৰা
ভীষ্মৰূপী বীৰক
জগাই নোতোলা কিয়?
 
(ii) মেঘে গিৰ্‌ গিৰ্‌ কৰে [Meghe gir gir kore] 
মেঘে গিৰ গিৰ কৰে
হিৰ্‌ হিৰ্‌ মেঘে কৰে
বা লাগি আগলতি
কলাপাত লৰে
এজাক যেন বৰষুণ
আহো আহো কৰে।।
বহুদিনে চন পৰা মোৰ গাঁৱৰ মাটি ডৰা
চাহ কৰি সেউজ কৰি আনন্দে নধৰে।
বহুটোযে ঘাম সৰলো
তেজও বুকুৰ বহু দিলো
কাচিখন সা দিলো
সাহস ভৰি পৰে।
ধাৰ নিদিও ঋণো নলওঁ
সুদ নিদিও আৰু
মহাজনৰ নিঠুৰ বুধি
সহো কেলেই বাৰু।
 
(iii) আকাশী যানেৰে [Aakashi janere]
আকাশী যানেৰে
উৰণীয়া মনেৰে
দোকমোকালিতে
পশ্চিমৰ পৰা বঙ্গৰ মাজৰ পৰা মাৰিলো উৰা
মোৰ লক্ষ্যস্থান হ’ল তেজপুৰ আকাশীযানেৰে।
মই লাহে লাহে ধৰিত্ৰী এৰিলোঁ
মই উৰি উৰি মেঘতে সাতুৰিলোঁ
মোৰ মন বগ আজি দেখো বিমান হ’ল
মোৰ বিমানখনি দেখো কল্পনা হ’ল
কাৰ মিঠা মাতে কৰে মোক আত্মহাৰা
শুনো চিনাকী সৱদী সৰ—
পদ্মা নৈ, অ’ পদ্মা নৈ
তই গলি ক’লৈ?
পদ্মা নৈ ওপৰেদি আমাৰ বিমান নুৰে
হঠাতে ভুমুকি মাৰে গৌৰি শংকৰে
ধৱল ধৱল গিৰিৰ শীৰত প্ৰভাতী ৰ’দ পৰে
কাঞ্চনজংঘাৰ কাষেদি আমাৰ বিমান আজি ঘুৰে
কেতিয়ানো শুনোগৈ চিনাকী মোৰ সুৰ
তলত দেখিলোঁ মই গাৰো পাহাৰ
সেইয়া যেন কৰবাৰ সেউজ সাগৰ
ওখৰা মোখৰা কতনা লহৰ
অলপ আগুৱালোঁ অলপ নামিলো
সেইয়া কিবা চিনাকী দৃশ্য দেখিলোঁ
কি সেই ধনীয়া অলকা-পুৰী।
 
(iv) কপিলি কপিলি [Kapili kapili]
 
কপিলি কপিলি
ৰাংঢালী চোৱালী
(তোৰ) মহিমা বুজাকে টান।
কপিলি কপিলি
তই হই বাউলী
বাৰিষাত মাৰিলি ধান।।
কপিলি কপিলি
গাভৰু ছোৱালী
চঞ্চলা নাই তোৰ মান।
কপিলি কপিলি
দেহাৰ ভাজে ভাজে
মিঠা যৌৱনৰ গান।।
কপিলি কপিলি
তইটো নাজান
তোৰ গাত কিমান শকতি।
তইটো নাজান
তোতেই লুকাই আছে
হেজাৰ সুৰুযৰ জ্যোতি।।
(সেয়ে) বিজ্ঞানী ডেকাটি
সাজিকাতি ওলালে
লগত ওলালে হেজাৰ
মৃত্যুক নেওচি
শ্ৰমিকো ওলালে
সাৱতি তোৰ দুয়ো পাৰ।।
কপিলি কপিলি
পাগলী ছোৱালী
মানুহক কৰিবি ত্ৰাণ
উমৰাংচু জনীও
তোৰেই লগ লাগি
হ’ব চিৰ জ্যোতিষ্মান।
Previous
Next Post »