-->

ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । Recent Issues and Challenges

Questions Answers of AHSEC Solution for Class 12 Political Science ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । Recent Issues and Challenges. All the important questions answers are discussed in this article.

 ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ
Recent Issues and Challenges

Political Science ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । Recent Issues and Challenges ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । Recent Issues and Challenges has been discussed in systematic way. There are approximately important 40 questions answers in this article.

1. ভাৰচৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰ:-উদাৰীকৰণ

2. কোন চনত ভাৰতবৰ্ষৰ নৱ্য অৰ্থনৈতিক নীতি সূচনা কৰা হয়?
উত্তৰ:- 1991 চনত

3. কোন চনত মণ্ডল আয়োগৰ পৰামৰ্শাৱলী প্ৰয়োগ কৰা হয়?
উত্তৰ:-1990 চনত

4. কোন চৰকাৰৰ দিনত মণ্ডল আয়োগৰ পৰামৰ্শাৱলী প্ৰয়োগৰ সিদ্ধান্ত লোৱা হয়?
উত্তৰঃ- নেশ্যনেল ফ্ৰন্ট (National Front) চৰকাৰৰ দিনত।

5. মণ্ডল আয়োগৰ পৰামৰ্শাৱলী প্ৰয়োগৰ সিদ্ধান্ত লোৱাৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰঃ-ভি. পি. সিঙ
 
6. বহুজন সমাজ পাৰ্টী কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ- কাশীৰামে (Kanshi Ram)
 
7. কাশীৰাম কোন আছিল?
উত্তৰঃ-কান্সী ৰাম আছিস বহুজন সমাজবাদী পাৰ্টিক প্ৰতিষ্ঠাপক।

8. বাব্‌ৰি মছজিদ ধ্বংস কৰাৰ সময়ত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰঃ- কল্যাণ সিঙ

9. কোন চনৰ কোন তাৰিখে গোধ্‌ৰাকাণ্ড সংঘটিত হৈছিল?
উত্তৰঃ- 2002 চনৰ 27 ফেব্ৰুৱাৰীত

10. গোধ্‌ৰাকাণ্ড সংঘটিত হোৱাৰ সময়ত গুজৰাটত কোন দলৰ চৰকাৰ আছিল?
উত্তৰঃ- বি.জে.পি (BJP)ৰ

11. মণ্ডল আয়োগৰ যিকোনো এটা পৰামৰ্শ লিখা।
উত্তৰঃ- চৰকাৰী চাকৰী বা শৈক্ষিক অনুষ্ঠানসমূহত ২৭ শতাংশ পদ আৰু আসন অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত কৰিব লাগে।

12. কিমান চনত আৰু কি উদ্দেশ্য আগত ৰাখি মণ্ডল আয়োগ গঠন কৰা হয়?
উত্তৰঃ- 1978 চনত প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ নেতৃত্বত জনতা দলৰ চৰকাৰে সাংসদ বি.পি. মণ্ডলৰ নেতৃত্বত মণ্ডল আয়োগ গঠন কৰে। ইয়াৰ মূল উদ্দেশ্য হ’ল-সামাজিক আৰু শৈক্ষিকভাবে পিছপৰি থকাসকলক চিনাক্ত কৰা।

13. ভাৰত চৰকাৰে মণ্ডল আয়োগ__চনত নিযুক্তি দিছিল।(খালীঠাই পুৰণ কৰা)     HS-2014, 2019
উত্তৰ:- ১৯৭৮ চনত।

15. কাৰ উদ্যোগত মণ্ডল আয়োগ গঠন হৈছিল?
উত্তৰ:- ১৯৭৮ চনত বি. পি. মণ্ডলৰ মণ্ডল আয়োগ গঠন হৈছিল।

16. UPA-ৰ সম্পূৰ্ণ নাম কি?                HS-2013
উত্তৰ:- United Progressive Alliance

17. NDA-ৰ সম্পূৰ্ণ নাম কি?                  HS-2019
উত্তৰ:- National Democratic Alliance

18. OBC মানে কি?
উত্তৰ:-other Backward Classes অৰ্থাত্‍ অন্যান্য পিছপৰা শ্ৰেণী।

18. 1989 চনৰ ভি.পি. সিঙৰ নেতৃত্বত গঠিত হোৱা National Front চৰকাৰখনক কোনে সমৰ্থন কৰিছিল?
উত্তৰ:-জ্যোতি বসু নেতৃত্বাধীন বাঁওপন্থী আৰু এল.কে. আদৱানী নেতৃত্বাধীন ভাৰতীয় জনতা দলে সমৰ্থন কৰিছিল।

19. কৰসেৱক কি?
উত্তৰ:- 1992 চনৰ ডিচেম্বৰ মাহত ৰাম মন্দিৰৰ সমৰ্থনকাৰী কেইবাটাও সংগঠনে কৰসেৱকৰ ব্যৱস্থা কৰে। এই কৰসেৱকসকল হৈছে প্ৰকৃততে অয্যোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে স্ব-ইচ্চাই আত্মত্যাগ কৰা।

20. UPA (সংযুক্ত প্ৰগতিশীল মৰ্চা) কি?
উত্তৰ:- 2004 চনৰ মে মাহত কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলবোৰকলৈ গঠিত মৰ্চাটোক UPA বা ‘সংযুক্ত প্ৰগতিশীল মৰ্চা’ বুলি কোৱা হয়।

21. ‘কংগ্ৰেছ ব্যৱস্থা’ বুলিলে কি বুজা?
উত্তৰ:-কংগ্ৰেছ দলে দীৰ্ঘকালীন শাসন ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় ৰাজনীতিত আধিপত্য বিস্তাৰ কৰাকে ‘কংগ্ৰেছ ব্যৱস্থা’ বুলি কোৱা হয়। ৰাজনীতি বিজ্ঞানী ৰজনী কোঠাৰীয়ে ভাৰতীয় দলীয় ব্যৱস্থাক ‘কংগ্ৰেছ ব্যৱস্থা’ আখ্যা দিছিল।

22. হিন্দুত্ব মানে কি বুজা?
উত্তৰ:- হিন্দুত্বৰ অৰ্থ হৈছে ভাৰত সনাতন হিন্দু ধৰ্ম আৰু সাংস্কৃতিৰ মূল্যবোধক অটুট ৰখা বুজায়।

23. নব্য অৰ্থনৈতিক নীতিৰ বিৰোধিতা কৰা দুটা গোটৰ নাম লিখা।
উত্তৰ:- (ক) বাওঁপন্থী ৰাজনৈতিক দলবোৰ
(খ) বাওঁপন্থী ৰাজনৈতিক ছাত্ৰ আৰু শ্ৰমিক সংস্থাবোৰ

24. 1980ৰ দশকত ভাৰতীয় ৰাজনীতিত আটাইতকৈ সংকটপূৰ্ণ পৰিস্থিতি কি আছিল?
উত্তৰ:- জাতীয় জৰুৰী অৱস্থাৰ ঘোষণা।

25. কিমান চনৰ কিমান তাৰিখে বাব্‌ৰি মছজিদ ধ্বংস কৰা হৈছিল?
উত্তৰঃ- 1992 চনৰ 6 ডিচেম্বৰত

26. কোন চনত শ্বাহ বানো ঘটনা বা বিবাদ হৈছিল?
উত্তৰ:- 1985 চনত শ্বাহ বানো ঘটনা বা বিবাদ হৈছিল।
 
দীঘল প্ৰশ্নোত্তৰঃ-
1. অযোধ্যা আৰু গোধৰা ঘটনাৰ সৈতে সম্পৰ্ক ৰাখি ভাৰতত সাম্প্ৰদায়িকতাবাদে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা।     HS-2013

উত্তৰ:-১৯৯২ চনৰ ৬ ডিচেম্বৰৰ দিনটো ভাৰতীয় সভ্যতা সংস্কৃতিৰ বাবে এক কলংকিত দিন হিচাপে পৰিগণিত হৈ থাকিব। এই দিনটোতে ১৬ শতিকাৰ বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। মছজিদটো ভগৱান ৰামৰ মন্দিৰ ধ্বংস কৰি নিৰ্মাণ কৰা বুলি বিশ্বাস কৰে। উল্লেখযোগ্য যে অযোধ্যা ৰাম জন্মভূমি হিচাপে পৰিচিত। বাবৰি মছজিদ-ৰাম জন্মভূমি বিবাদটো বহু পুৰণি। ১৯৪০ৰ দশকৰ শেষৰ ফালে বিবাদৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশত মছজিদটোত তলা মাৰি দিয়া হয়। বাবৰি মছজিদ ধ্বংসৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ভাৰতত হিন্দু আৰু মুছলিম সম্প্ৰদায়ৰ মাজতৰ সংঘৰ্য হয়। এই সংঘৰ্ষত তিনি হাজাৰৰ অধিক লোকৰ মৃত্যু ঘটে।
২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধ্‌ৰা নামৰ ৰেল ষ্টেচন এটাত অযোধ্যাৰ পৰা উভতি অহা সবৰমতী এক্সপ্ৰেছৰ কৰ সেৱকেৰে ভৰ্তি হৈ থকা ডবা এটাত জুই লগাই দিয়াৰ ফলস্বৰূপে মহিলা আৰু শিশুকে ধৰি ৫৭ জন লোকে প্ৰাণ হেৰুৱাইছিল। সেই ঘটনাক গোধ্‌ৰা কাণ্ড বোলে। এই কাণ্ড স্থানীয় মুছলমান লোকে কৰা বুলি চলোৱা প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত গুজৰাটৰ প্ৰায় ১৫০খন চহৰ আৰু এহাজাৰ লোকৰ মৃত্যু ঘটে। বাবৰি মছজিদ ধ্বংস আৰু গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু ধৰ্মনিৰপেক্ষ নীতিত বৃহত্‍‌ আঘাত কৰে।

2. মণ্ডল আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা।         HS-2016
উত্তৰ:- মণ্ডল আয়োগৰ পৰামৰ্শ তলত উল্লেখ কৰা হ’ল-
(ক) চৰকাৰী চাকৰী বা শৈক্ষিক অনুষ্ঠানসমূহত ২৭ শতাংশ পদ আৰু আসন অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত কৰিব লাগে।
(খ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ দৰে একেধৰণে অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণমূলক আঁচনিৰ বাবেও ভাৰত চৰকাৰে পুঁজিৰ যোগান ধৰিব লাগে।
(গ) অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ উত্সা হিত আৰু সহায় কৰিব লাগে।
(ঘ) বৃত্তিমুখী (Vocational) প্ৰশিক্ষণ প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে বিশেষ শৈক্ষিক আঁচনি আৰম্ভ কৰিব লাগে।
3. ভাৰতৰবৰ্ষত সাম্ৰদায়িকতাবাদ ৰোধৰ বাবে দুটা পৰামৰ্শ দিয়া।     HS-2018
উত্তৰ:- ভাৰতৰবৰ্ষত সাম্ৰদায়িকতাবাদ ৰোধ কৰাৰ উপায়-
(ক) প্ৰচাৰ মাধ্যমসমূহে সাম্প্ৰদায়িকৰ ঘৃণা বৃদ্ধি কৰাৰ আশংকা থকা বাতৰি আদি প্ৰচাৰ কৰাৰ পৰা আঁতৰত থাকিব লাগে। ইয়াৰ পৰিবৰ্তে ধৰ্মনিৰপেক্ষতা, ধৰ্মীয় সহনশীলতা আৰু তাতৃত্ববোধৰ বাণী প্ৰচাৰত গুৰুত্ব দিব লাগে
(খ) সংখ্যালঘুসকলৰ মনত বৈষম্যৰ মনোভাবৰ সৃষ্টি নহ’বলৈ অৰ্থনৈতিক বৈষম্য আৰু অসমতা হ্ৰাস কৰাটো অত্যন্ত প্ৰয়োজন।
(গ) সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘুসকলৰ মাজত পাৰস্পৰিক বিশ্বাসৰ সৃষ্টিৰ জৰিয়তে সহজে সাম্প্ৰদায়িকতাবাদী মনোভাব আঁতৰ কৰিব পাৰি।
(ঘ) শিক্ষা ব্যৱস্থাটোক সাম্প্ৰদায়িকতাবাদী মনোভাৱ নিৰ্মূল কৰাৰ উপযুক্ত মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগে।

4. ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ দুটা কাৰণ লিখা।     HS-2017, 2022
উত্তৰ:- ভাৰতত সাম্প্ৰদায়িকতাবাদী মনোভাৱ সৃষ্টিৰ বহুত কেইটামান আলোচনা কৰা হল-
(ক) বৃষ্টিছৰ বিভাজন আৰু শাসন নীতিঃ-
        বৃটিছ শাসকে ভাৰতত তেওঁলোকৰ স্থিতি মজবুত কৰিবলৈ "বিভাজন আৰু শাসন' নীতি গ্ৰহণ কৰিছিল। তেওঁলোকে ভাৰতৰ বিভিন্ন সম্প্ৰায়ৰ মাজত বিভেদৰ সৃষ্টি কৰাৰ লগতে ভাৰতীয় লোকসকলৰ মাজত অবিশ্বাসৰ মনোভাৱ জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল।
(খ) সাম্প্ৰদায়িক সংগঠনঃ-
        ভাৰতত বিভিন্ন সময়ত বিভিন্ন সাম্প্ৰদায়িক সংগঠন গঠন কৰি অহা হৈছে। এই সংগঠনসমূহে বিভিন্ন ধৰণে ভাৰতৰ ধৰ্মীয় সাম্প্ৰদায়সমূহৰ মাজত ঘৃণাৰ মনোভাৱ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে।
(গ) নিষ্ক্ৰীয় নিৰ্লিপ্ত চৰকাৰঃ-
        চৰকাৰ সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ নকৰিলে সাম্প্ৰদায়িকতাবাদী মনোভাৱ জনসাধাৰণৰ মাজত বৃদ্ধি পায়।
(ঘ) সন্তুষ্টকৰণৰ ৰাজনীতিঃ-
        বহুসময়ত ৰাজনৈতিক উদ্দেশ্যেৰে ৰাজনৈতিক দলসমূহে গ্ৰহণ কৰা সিদ্ধান্তই সাম্প্ৰদায়িক সংঘাতৰ সূচনা কৰে। নিৰ্বাচনৰ সময়ত বহুতো ৰাজনৈতিক দলে কোনো বিশেষ ধৰ্ম অথবা সম্প্ৰদায়ক সন্তুষ্ট কৰাত আগ্ৰহ প্ৰকাশ কৰে।

5. ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।     HS-2015, 2020
উত্তৰ:-(ক) উদাৰীকৰণঃ-
    নতুন অৰ্থনৈতিক নীতিয়ে ভাৰতত ৰাষ্ট্ৰৰ অপ্ৰয়ো্জনীয় নিয়ন্ত্ৰণৰ পৰা অৰ্থনীতি মুক্ত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থনীতিৰ উদাৰীকৰণ আৰু নীতিৰ ক্ষেত্ৰত।
(খ) ব্যক্তিগতকৰণঃ-
    ব্যক্তগতকৰণ নীতিয়ে ৰাজহুৱা মালিকানাস্বত্ব আৰু পৰিচালনাৰ উদ্যোগসমূহত ব্যক্তিগত মালিকানাস্বত্ব প্ৰৱৰ্তন কৰাৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত ব্যক্তিগত নিয়ন্ত্ৰণ আৰু পৰিচালনা বুজাইছে।
(গ) বিশ্বয়নঃ-
    অৰ্থনীতিৰ বিশ্বায়নৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে ভাৰতৰ নতুন অৰ্থনৈতিক নীতিত বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে।
(গ) আধুনিকীকৰণঃ-
    নতুন অৰ্থনৈতিক নীতিয়ে উত্পাষদন ব্যৱস্থাত নতুন কাৰিকৰী কৌশল গ্ৰহণ কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছ।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »

10 Comments

Click here for Comments
Mini S
admin
June 21, 2022 at 1:10 PM ×

Short summary, focusing on what seems to be the most important are the most significant features of your notes. Keep it up,sir.

Reply
avatar
Unknown
admin
December 15, 2022 at 11:39 AM ×

Sir I loved your voice. Your voice is so sweet.

Reply
avatar
Unknown
admin
December 15, 2022 at 11:41 AM ×

Your voice is so sweet.

Reply
avatar
Unknown
admin
December 15, 2022 at 4:59 PM ×

Sir aponar gan bilak huni ballage

Reply
avatar
Unknown
admin
December 16, 2022 at 10:25 AM ×

Sir tammmam Val lagise

Reply
avatar
Unknown
admin
December 20, 2022 at 4:04 PM ×

Sir thank you sir aru ata question lagisil dibone?

Reply
avatar