-->

পৰ জনমৰ শুভ লগনত । Poro janamor shubho logonot-বিষ্ণুপ্ৰসাদ ৰাভা


1. পৰ জনমৰ শুভ লগনত । Poro janamor shubho logonot-বিষ্ণুপ্ৰসাদ ৰাভা


পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা।
এই জনমৰ কুসুম-মালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
শূণ্য মোৰ বুকু হ’ল যে উকা
এই জীৱনৰ আউসী ৰাতি
চকুলো টুকি যায় যে কাটি
কাহানিও সুখৰ ৰূপহী জোনাই
হৃদয়তে জিলিকনি নিবিলায়।
এই জনমত গোপন কথা
গুপুতে থাকি দিয়ে যে ব্যাথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াত অঁকা।
 

2. কাষতে কলচি লৈ । Kashote kolchi loi

 
কাষতে কলচি লৈ
যায় ঐ ৰচকী বাই
সপোনৰ সঁফুৰা চকুযুৰি লৈ
মৰমৰ অমিয়া ভৰাই ঐ ৰচকী বাই
যায় ঐ ৰচকি বাই
ৰাংঢালী ওঁঠেদি বনগীত এফাকি
জ্বলাই সুৱলা সুৰৰে চাকি
কাষৰে ফুলনি উজ্বলাই ৰচকী বাই
মলয়াৰ চুমাৰে ক’লা চুলিটাৰি  
ভেতুৰা ৰেণুৰে ঢৌ শাৰী শাৰী  
বিজুলীৰে মিলি উজ্বলাই ৰচকী বাই।



3. নিছলা আইৰে । Nissala Aairei


নিছলা আইৰে
আমি খাঁটি অসমীয়া
অসমী আইৰে আমি
ছোৱালী ধুনীয়া
খোপাত কপৌফুল, হাতত জেতুকাৰ বোল
ওঁঠত পৃখৰ বোল, সজোৱা বুলোৱা
বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা।
নিছলা... ... ... ধুনীয়া
কবিতাৰে মোহ ছন্দ পাহৰি পেলোৱা অ’ পাহৰি পেলোৱা
বিলাষিণী বেশ ধৰি অগনি জ্বলোৱা
বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা।
নিছলা... ... ... ধুনীয়া।



4. মোৰ জীৱনৰ আকাশতে । Mor jiwonor akashote 


মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম।
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম।
কিন্‌কিনীয়া চকুলোৰে
হুমুনিয়াহৰ ভাপকণেৰে।
প্ৰণয় সূৰুয দেৱতাৰে
জিলিকনি সানিম।
মেদুৰ মেঘৰ মাদল কোবাই
গগন গগনা আল্‌ফুলে বাই।
বিজুলী নটীৰ নাচোনটি চাই
ডেও দি ডেও দি নাচিম।। 
Previous
Next Post »