-->

মায়া মায়া মাথোঁ মায়া । Maya maya maatho maya-জুবিন গাৰ্গ

 

মায়া মায়া মাথোঁ মায়া । Maya maya maatho maya

মায়া মায়া মাথোঁ মায়া,
তুমি জানো সঁচানে
মৰমৰে মায়া।
মায়া ভৰা দুচকুলৈ
হিয়া জুৰি আছাহি বৈ
দূৰণীৰে জোনাকী হৈ
ৰ’লা কিয় হে
মায়া মায়া...
সাগৰৰ দৰে গভীৰ
তুমি অনা মৰমকে লৈ
আছোঁহি জীয়াই
দেহে মনে আছা যদি
বাৰে বাৰে গুচি যোৱা মোক
কিয় কন্দুৱাই
নানিবা সেমেকা ৰাতি
নেলাগে মোক সোঁৱৰণী হে
মায়া মায়া...
মায়াবিনী সেই ৰাতি আহিছিলো
কাষলে তোমাৰ দুখ হ’বলে হাঁহি হাঁহি সাৱটিলো
অশ্ৰুভৰা অনুভূতিবোৰ মনত গোপনে
মৰমৰ মায়াৱী তৃষা
দিবহি মাথোঁ বেদনা হে
মায়া মায়া...।।


2. নাওঁ লৈ আনিম গৈ । Nao loi aanim goi


নাওঁ লৈ আনিম গৈ
বোকাৰে পদুম ঐ
সাঁতুৰি মৰমৰে সুৰভি বৰষে
সাহসী কৰিছে মোক
সাহসী কৰিছে মোক
ৰৈয়া ৰৈ... ।
হ’লে হওক বৰ নৈ
ভয় নাই ভয় নাই মোৰ
দুবাহুত শিপাইছে
মৰমে মৰমে তোৰ...
দুবাহু মেলি সাঁতুৰি-নাদুৰি
দুবাহু মেলি সাঁতুৰি-নাদুৰি
বোকা পানী নেওচি
কাষলে আহি...
কাষলে আহি...
ৰাখিম বকুতে তোক
ৰৈয়া ৰৈ... ।
ইকৰা বিৰিণাই
দিব দলিচা পাৰি
নৈৰে বোকাৰে
ল’ম ঠাই মচি...।
জোনাকে যাচিব
কোনে বা জোনালী...
কোনে বা জোনালী...
মৰমে মৰমক
পাবই বিচাৰি...
হেঁপাহৰ নপলাই ঢৌ
ৰৈয়া ৰৈ... ।।

3. উন্মনা মনে মাথোঁ । Unmanaa mone matho


উন্মনা মনে মাথোঁ
বিচাৰি ফুৰে
দিশে দিশে আজি তোমাকে
ধুমুহা ৰমাজতো
অ’... মন ভঙা
ৰাতিবোৰ সাৱটি থাকি
কতদিন তুমি থাকিবা
দুখৰে জুই জ্বলি
গোপনে নীৰৱে অকলে
এতিয়া এন্ধাৰ নিশায়ে
আগছে মোৰ জীৱনক
এতিয়া মনত নিশাৰ
আঁউসীৰ ভৰা প্লাৱন
নোৱাৰো আঁকিব সপোনৰ ছবি
নোৱাৰো আঁকিব গানৰ ছবি
এতিয়া সাথোঁ তুমিয়েই জীৱন
উন্মনা....
সময়ে দুবাহু মেলি
দিয়েহি গোপনে ব্যথা
জীৱনে শুনালে বহু
পোৱা নোপোৱাৰ কথা
ভাগৰুৱা কলিজা
ভাগৰুৱা দেহা
ভাগৰুৱা মন মোৰ
ভাগৰুৱা আশা
এতিয়া মাথোঁ তুমিয়েই জীৱন
উন্মনা...।।


4. মনৰ নিজানত । Monor nijaanat-জুবিন গাৰ্গ


মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানি লৈ
হঠাতে শুকালে পোহৰৰ ফুলনি
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰা।
হৃদয়ে আৱেগক কোৱাৰে সহিব
চকুলো বাগৰে নীৰৱে
কিমান সাৱটিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱা
দুখৰ তৰা হৈ নাচাবা চকু মেলি
ওৰে নিশা।।
জীৱন সুৰভি তোমাৰ মাজতে
আছিলে অকলে নীৰৱে
সঁচা প্ৰেমৰো উশাহ আছিলে
অকলশৰীয়া বুকুতে।।
মৰুভুমিৰ মায়া হৈ
নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে
মনৰ নিজানত...।

5. আজি তুমি নহ’লে । Aaji tumi nohole-জুবিন গাৰ্গ


আজি তুমি নহ’লে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
গোলপীয়া ওঁঠৰে মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দুণিৰে সময় হ’লে পাবা নিবিড়ে
আজি তুমি...
আছিলো অকলে সপোনে নিবীড়ে
অচিনাকি নিশাতে
বুকুৰে উমকে সাঁচিলো তোমালে’
বহু বহু যুগৰে।
আজি মন কোমল মেঘৰ দৰে
নিগৰে অশ্ৰু আৱেগৰে
আজি তুমি...
কোনোবা জনমৰ পাহৰা মৰমে
আহিলে ওচৰলে’
বুকুৰে আমঠু ৰঙালে ৰঙেৰে
মৰমী চাৱনীৰে
আজীৱন তোমাৰ মায়েই অনল
জ্বলি ৰ’ম তোমাৰেই বুকুৰে হৈ
আজি তুমি... ।

Previous
Next Post »