-->

কত জোৱানৰ মৃত্যু হ’ল । Koto Jowanor mrityu hol-ড. ভুপেন হাজৰিকা

 


কত জোৱানৰ মৃত্যু হ’ল । Koto Jowanor mrityu hol

কত জোৱানৰ মৃত্যু হ’ল?
কাৰ জীৱন যৌৱন গ’ল?
সেই মৃত্যু অপৰাজেয়?
তেনে মৃতক নহ’লো কিয় মই?
হেনো হিমালয় ভাৰত প্ৰহৰী
তাহানি শুনিলো কাহিনী,
পিছে মৃত জোৱান সৱে চিঞৰিছে
লাগে চিৰজাগ্ৰত এটি বাহিনী
আমি কামেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ
আৰু মৃত মৌন শত যোৱানলৈ
মোৰ অশ্ৰু অঞ্জলি যাছিলোঁ।
কত পিতৃ পুত্ৰহাৰা হ’ল
কোন মাতৃৰ বুকু শুদা হ’ল?
ৰঙা সেন্দুৰ কাৰ মচা গ’ল?
কাৰ বাসনা অপূৰ্ণ ৰ’ল?
প্ৰতি জোৱানৰ ৰক্তৰে বিন্দু
হ’ল সাহসৰ অনন্ত সিন্ধু
সেই সাহসৰ দুৰ্জেয় লহৰে
যাচিলো প্ৰতিজ্ঞা জয়ৰে।
 


2.  অগ্নিযুগৰ ফিৰিঙতি মই । Agnijugor figingoti moi


অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব
পুনৰ ফিৰাই আনিম
নতুন ভাৰত গঢ়িম।।
নৰ-কঙ্কালৰ অস্ত্ৰ সাজি
শোষণকাৰীক বধিম
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব
পুনৰ ফিৰাই আনিম।
নতুন ভাৰত গঢ়িম।
ধৰ্ম্ম-ব্যৱসায়ীৰ ঠাই নাই তাত
জাতিৰ অহংকাৰ লয় পাব তাত
অস্পৃশ্যতাৰ মহাদানৱক
আপোন হাতেৰে নাশিম।
নতুন ভাৰত গঢ়িম।।
হৰিজন, পাহাৰী, হিন্দু-মুছলিমৰ
বড়ো, কোচ, চুতীয়া কছাৰী, আহোমৰ
অন্ত ভেদি মৌ বোৱাম
ভেদাভেদৰ প্ৰাচীৰ ভাঙি
সাম্যৰ সৰগ ৰচিম
নতুন ভাৰত গঢ়িম।।


3. নেকান্দিবা নেকান্দিবা । Nekandiba nekandiba

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা
পাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা
মইনা নেকান্দা মইনা।
আনৰে সোণ লুকুৱাবলৈ—পিতায়ে শিক্ষা নিদিলে
সমাজৰ ধন চান কাঢ়িবলৈ— আয়ে শিক্ষা নিদিলে
কুবেৰৰো পো নহ’লো— দিবলৈ সোণ-গহনা
পাহাৰ বগাই ধৰি আনিম এটি জীয়া মইনা মইনা
মইনা নেকান্দা মইনা।
ধনীৰ ঘৰত পৰাহেঁতেন, আজি তুমি কইনা
পেৰা ভৰাই মণি-কেৰু পালাহেঁতেন কতনা
পাহৰিব খোজাঁ যদি পেটৰ ভোকৰ যাতনা
দিখুৱাব পাৰোঁ মই কংস বধৰ ভাওনা
ভাওঁনা নেকান্দা কইনা।।
আনক মাৰি ধন সাঁচিবলৈ—গুৰুৱৈ শিক্ষা নিদিলে
মিঠাতেলত বিহ ঢালিবলৈ—গুৰুৱৈ শিক্ষা নিদিলে
আগলি বাঁহৰে যদি লাহৰী গগনা
শুনিব খুজিছাঁ যদি বজাই শুনাম মইনা
মইনা নেকান্দা মইনা।।


4. লুইতপৰীয়া ডেকা বন্ধু । Luitporeeya deka bondhu

লুইতপৰীয়া ডেকা বন্ধু
তোমাৰ তুলনা নাই
জীয়াই থকাৰ যুঁজত নামিছা
মৃত্যু শপত খাই।
পুৰণি পুৰুষে হাত সাবটি
বহুতো হেৰুৱালে;
উদাৰতাক শতৰুৱে
দুৰ্ব্বলতা বুলি ল’লে।
আজি বজ্ৰৰ দৰে গৰ্জ্জন কৰি
শতৰুক ওফৰাই;
জীয়াই থকাৰ যুঁজত নামিছাঁ
মৃত্যু শপত খাই।।
তোমাৰ পৱিত্ৰ সাহত কলঙ্ক
সানোতা যিসৱ আছে,
(চোৱাঁ) এটি এটিকৈ লাজতে সিহঁতে
নিজৰে সমাধি ৰচে।
লুইতে আজি ফেনে-ফোটোকাৰে
তীব্ৰ বেগেৰে ব’লে
তোমাৰ সাহৰ জোৱাৰ দেখি
নতশিৰে প্ৰণামিলে।
পৃথিৱীয়ে আজি তোমাৰ পিনে
ডিঙি মেলি মেলি চায়
জীয়াই থকাৰ যুঁজত নামিছাঁ
মৃত্যু শপত খাই।


5. পলাসৰ ৰং । Polaxor rong

 
পলাসৰ ৰং
পৰাশৰে ৰং কোনেনো সানিলে
এই মিঠা সেউজ বননীত
আৰু তোমাৰ কোমল চাৱনিত
জীৱনৰে ৰং পলাশে সানিলে
কোমল কোমল ঘাঁহনিত
আৰু তোমাৰ বুকুখনিত
যৌৱনৰে এই বলিয়া বানত
তুমিয়ে ময়ে সাঁতোৰোঁ আহা
মৰমৰে এই এনাজৰীৰে
দুয়ো দুয়োকে বান্ধো আহাঁ
বান্ধ ভাঙি গ’লে হেৰাব সৰগ
ধুমুহা আহিব ধৰণীত।।
মনে ভবা কথাটি নাথাকে গুপুত
আৰু কথা থাকিল বহুত
নোকোৱা কথাষাৰি
নোকোৱাকৈ থাকিলেও
ধৰা পৰে তোমাৰ চকুত
নীলা আকাশত আজি আউজিলৈ
হালিছে জালিছে পলাশৰে ফুল
ফুলটো নহয় এইয়া মৰমেৰে জুই
নেমানে মৰমে কোনো জাতি কুল
দানৱী বিভেদক মানৱী চেনেহে
কৰিব এদিন পৰাজিত।

Previous
Next Post »