-->

সমাৰ্থক শব্দ । HSLC Synonyms in Assamese


—অ—
অতি : অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।
অগ্নি : জুই, অনল, বহ্নি, হুতাশন, পাৱক। [HSLC—2014]
অনুৰাগ : আসক্তি, প্ৰেম।
অন্ধকাৰ : তমঃ, তিমিৰ, আন্ধাৰ, নিশি।
অমৰাপুৰী : স্বৰ্গ, দেৱলোক।
অমৃত : সুধা, অমিয়, পীযুষ।
অৰ্থ : ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা, সম্পদ, বিত্ত, ঐশ্বৰ্য।
অলংকাৰ : আভৰণ, কানি-কাপোৰ।
অসুৰ : দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি, দিতিসুত, দেৱৰিপু।
অসুখ: অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।
অনন্তকাল : আজীৱন  HSLC-2024

—আ—
আকাশ : অম্বৰ, গগণ, ব্যোম, শূণ্য। [HSLC—2005, 2007, 2010, 2014, 2015, 2017]
আচমান : আকাশ। [HSLC—2016]
আত্মীয় : কুটুম, আপোন, মানুহ, সম্বন্ধীয় মানুহ।
আনন্দ : ৰং, আমোদ, ধেমালি।
আভৰণ : অলংকাৰ, কানি-কাপোৰ।
আহত : আঘাত, কোব, মাৰ, প্ৰহাৰ।
আবেদন : দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
আৰাও : মাত, চিঞৰ, শব্দ।

—ই—
ইচ্ছা : আকাংক্ষা, অভিলাষ, অভিপ্ৰায়, কামনা,বাঞ্ছা, স্পৃহা, অনুৰোধ, কামনা, হেঁপাহ, হাবিয়াহ, হাবিলাষ।

—ঈ—
ঈশ্বৰ : নাৰায়ণ, ভগৱান, দীননাথ, দীনদয়াল, দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, ঈশ, জগদীশ, বিধাতা, আল্লা, খোদা, পৰমেশ, প্ৰভু, কৃষ্ণ, জগ‍‍‍‍ৎ পিতা, ধাতা, দয়াময়, জগতস্ৰষ্টা, কৰুণাময়।

—উ—
উজু : সৰল, সহজ, ঢিলা।
উত্তম : উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
উভতি : উলটি।
উপাসনা : ব্ৰতHSLC-2024
—ঋ—
ঋণ : কৰ্জ, দেনা, ধাৰ।

—ক—
কথা : উক্তি, বচন, বাক্য, ভাষণ, শব্দ।
কন্যা : দুহিতা, তনয়া, জীয়াৰী।
কপাল : কপোল, ললাট।(HSLC—2005)
কম : তাকৰ, নগণ্য।
কৰুণ : কাতৰ, ব্যাকুল। [HSLC—2013]
কলংক : দাগ,
কাপোৰ : বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন।
কাৰেং : ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা।
কিতাপ : পুস্তক, গ্ৰন্থ, পুথি।
কিৰণ : জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ।
কুশল : কল্যান, মঙ্গল, শুভ, সুখ, সমৃদ্ধি।
কুসুম : পুষ্প, ফুল, কুঞ্জ [HSLC—2019]
কেৰাহি : বেকাঁ দৃষ্টি,
কেৰাহী : লোহৰা,
কেৰু : কেয়ুৰ, থুৰীয়া।

—গ—
গছ : বৃক্ষ, মহীৰুহ, বিটপী, শাখী, পাদপ, ডৰু, দ্ৰুম, অগম, নগ, বিটপ, ক্ষিতিজ [HSLC—2014, 2016]
গধূলি : গধূলা, সন্ধিয়া, সন্ধ্যা, দিন-ৰাতিৰ সন্ধি।
গাখীৰ : ক্ষীৰ, দধী।
গীত : গান, স্বৰ।
গৃহস্থ : সংসাৰী, বিবাহিত, বিষয়ী, পৰিণীত।

—ঘ—
ঘৰ : আবাস, আলয়, গৃহ, ভৱন, নিলয়। [HSLC—2015]
ঘাট : নৈ, উপকূল।
ঘাঁহ : তৃণ, বন, হাবি। [HSLC—2018]
ঘিউ : ঘৃত, হবিস, সৰ্পি, অমৃত, আয়ু, হোম।
ঘোঁৰা : অশ্ব, হয়, তুৰঙ্গ, ঘোটক।

—চ—
চকু : লোচন, নয়ন, অক্ষি, নেত্ৰ। [HSLC—2005,2009,2015]
চন্দ্ৰ : ইন্দু, জোন, জোনবাই, শশী, শশধৰ, শশাংক, নিশাপতি, নিশাকৰ, সুধাকৰ, সুধাংশু, চন্দ্ৰমা, সোম, শশধৰ, সুধাকৰ, শশাণ্ঙ্ক।
চৰা : উচ্চ, বৰ্ধিত।
চৰাই : পক্ষী, বিহগ, বিহংগ, চিৰিকতি, বিহংগম, খেচৰ, খগ, দ্বিজ।
চাকৰ : দাস, ভৃত্য, বন্দী।
চাৰু : উত্তম, সুন্দৰ, মিহি, নিমজ, ধুনীয়া, শুৱনি।
চিকুণ : মিহি, সুন্দৰ, উত্তম, পুষ্ট।
চিনেমা : চলচিত্ৰ, বোলছবি, কথা।
চিন্তো : ভাবোঁ।

—ছ—
ছাল : চৰ্ম, চামৰা, ত্বক, বাকলি।
ছিদ্ৰ: বিন্ধা, ফুটা, জলঙা।

—জ—
জন্ম : উৎপত্তি, জনন, জনম, উদ্ভৱ, অৱিৰ্ভাৱ।
জলক : দীপ্তি, চকমকীয়া পোহৰ।
জড় : অচেতন, জীৱনহীন।
জিভা : জিহ্বা, ৰসনা।
জীৱিত : জীয়া, প্ৰাণযুক্ত, প্ৰাণৱন্ত, জীৱন্ত।
জুই : অগ্নি, বহ্নি, অনল, হুতাহন, পাৱক। [HSLC-2016]
জোন : জোনবাই, চন্দ্ৰ।

—ড—
ডাঙৰ : বৃহৎ, বৰ, শ্ৰেষ্ঠ, প্ৰবল, বয়সীয়া, দায়িত্বপূৰ্ণ, গধুৰ, গুৰু।

—ত—
তপ্ত : গৰম, উত্তাপ ।
তৰংগ, তৰঙ্গ : উৰ্মি, ঢৌ, লহৰ, হিল্লোল। [HSLC—2019]
তেজ : ৰক্ত, শোণিত, ৰুধিৰ।
ত্যাগ : পৰিহাৰ, বৰ্জন, বিসৰ্জন, পৰিত্যাগ।

—দ—
দক্ষিণা : বৰঙণি, দান, অৰিহণা।
দৰিয়া : সাগৰ, নদী।
দাহ : পোৰণি, দহন, শোক, সন্তাপ।থ
দিন : অহঃ, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ।
দুখ : বেদনা, বেজাৰ, মনৰ কষ্ট।
দেৱতা : সুৰ, অমৰ, দেৱ, ত্ৰিদশ, দানবাৰি, অদিতিনন্দন।

—ধ—
ধন : অৰ্থ, ঐশ্বৰ্য, টকা, পইচা, বিত, বিত্ত, বিভৱ,সম্পদ, লক্ষ্মী, সম্পত্তি।
ধনী : চহকী, আঢ্যৱন্ত।
ধৰা : পৃথিৱী। [HSLC—2014]
ধৱল : বগা, শুক্ল, শ্বেত, ধৱল। [HSLC—2017]
ধুনীয়া : সুন্দৰ, শুৱনী, সুশ্ৰী, ধুন-মৰা।
ধাম : পবিত্ৰ ঠাই, দেৱতা আৱাস।

—ন—
নাবালক : কম বয়সৰ ল'ৰা, কিশোৰ।
নাৰী : অংগনা, অবলা, বনিতা, কামিনী, মহিলা, স্ত্ৰী, ৰমনী, অৱলা, তিৰোতা।
নিগাজী : স্থায়ী, বহুদিন ধৰি, চিৰকলীয়া, যুগমীয়া।
নিপুণ : পাকৈত [HSLC—2016]
নিশা : ৰজনী, ৰাতি, নিশি। [HSLC—2009]
নিঃশব্দ: নিৰ, নীৰৱ, নিস্তব্ধ, নিমাওমাও।
নৈ/নদী : তটিনী, সৰিৎ, স্ৰোতৱতী, তৰঙ্গিনী, তৰংগিনী, স্ৰোতস্বিনী, প্ৰবাহিনী, নিম্নগা, নি্ৰ্ঝৰিণী, সমুদ্ৰগা, শৈবালিনী, সমুদ্ৰকান্তা, সাগৰগা। [HSLC—2004,2009,2015]

—প—
পতি : অধীশ্বৰ, কৰ্তা, কান্ত, নাথ, প্ৰভু, দৰা, তৰ্তা, স্বামী, গৰাকী, মৰদ, গিৰিহঁত। [HSLC—2000, 2020]
পত্নী : ঘৈণী, তিৰোতা, জয়া, সহধৰ্মিণী, স্ত্ৰী, গৃহিনী, তিৰী।
পদ : ভৰি, চৰণ, পাৱ, ঠেং, পাদ।
পদূলি : চোতাল
পদুম : কমল, পদ্ম, পংকজ, শতদল [HSLC—2018]
পদুম ফুল : অৰবিন্দ, উৎপল, কমল, কোকনদ, তামৰস, নলিন, নলিনী, পদ্ম, পুণ্ডৰীক, পংকজ, শতদল, সৰোজ।
পণ্ডিত : জ্ঞানী, বিদ্বান, প্ৰাজ্ঞ, মনীষী, বিজ্ঞ, সুধী।
পৰ্বত : অগ, অচল, অৱনীধৰ, আদ্ৰ, গিৰি, ভূধৰ,মহীধৰ, ধৰণীধৰ, অদ্ৰি, শিখৰী, নাগ, শৃংগী,  শৈল, অদ্ৰি।
পহু : মৃগ, কুৰঙ্গ, হৰিণ, শাৰংগ, কুৰংগম।
পানী : জল, অপ, বাৰি, প্ৰাণ।
পিৰীতি : প্ৰেম, মৰম।
পীড়া : ব্যাধি, ৰোগ, কষ্ট, বেদনা, যন্ত্ৰণা।
পুথি : পুস্তক, গ্ৰন্থ, কিতাপ।
পূৰ্বতে : আদিতে, আগতে।
পৃথিৱী : বসুন্ধৰা, বসুধা, ধৰিত্ৰী, অৱনী, মহী, ভূ, মেদিনী, ধৰণী, ভূমী, ক্ষিতি, বসুমতী, ৰত্নগৰ্ভা। [HSLC-2004, 2007, 2009]
প্ৰয়াস : পুৰুষাৰ্থ, চেষ্টা, যন্ত।
প্ৰাচীন : পুৰণি, পুৰাতন, বহুদিনীয়া।
প্ৰিয় : মৰমৰ, চেনেহৰ, সাদৰৰ।

—ব—
বন : জংগল, হাবি, অৰণ্য।
বতাহ : বায়ু, পৱন, অনিল, সমিৰ, মৰুৎ, বাত। [HSLC—2016]
বন্ধু : বান্ধৱ, মিত্ৰ, মিতা, সুহৃদ, প্ৰিয়, মিতিৰ, ইষ্ট, সখি, সখা।
বধ : হত্যা, হনন, মাৰণ, নাশ।
বাট : পথ, ৰাস্তা, মাৰ্গ, আলিবাট।
বাৰি : পানী, জল।
বাৰিধি : সাগৰ [HSLC—2017]
বিখ্যাত : প্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত।
বিটপী : বিৰিখ, গছ। [HSLC—2016]
বৃত্তি : জীৱিকা, ব্যৱসায়।
বেছি : সৰহ, অধিক।
ব্যথা : দুখ, বেদনা। [HSLC—2013]

—ভ—
ভৰি : পদ, চৰণ, ঠেং।
ভাত : সিজোৱা চাউল, অন্ন, আহাৰ।
ভৃত : চাকৰ, দাস, লগুৱা, বনকৰা মানুহ।

—ম—
মন্দিৰ : দেৱালয়, দ'ল, মঠ, দেৱাল।
মহিমা : মাহাত্ম্য, প্ৰতাপ, গৌৰৱ।
মণ্ডিত : অলংকৃত, বিভূষিত।
মাছ : মৎস্য, মীন, অণ্ডজ, মূক, কণ্টকী, মচ্ছ।
মাটি : মৃত্তিকা, মৃৎ, ক্ষিতি, মৃত্তি
মিত্ৰ : বন্ধু, বান্ধৱ, সখি, সুহৃদ, সহচৰ, লগৰীয়া।
মুখ : বদন, আনন, আস্য। [HSLC—2000, 2020]
মৃত্যু : মৰণ, প্ৰলয়, অন্ত, নাশ, নিধন, পঞ্চত্ব, পৰলোক গমন, দীৰ্ঘনিদ্ৰা, অবসান,অস্ত, নিপাত, বিলয়, বিনাশ, লয়, তিৰোভাব, পৰলোক গমন, দেহত্যাগ, স্বৰ্গ গমন।
মেঘ : ডাৱৰ, বাদল, জলধৰ ঘন, জলধ, নীৰদ, বাৰীদ, অমুদ, জীমুত। [HSLC—2004]

—য—
যম : যমৰাজ, কৃত্যন্ত, অন্তক, শমন, কাল, দণ্ডধৰ, দণ্ডপাণি, ধৰ্ম, ধৰ্মৰাজ, বৈবস্বত,মহিষধ্বজ, হৰি, কংক, জমহিষবাহন।
যত্ন : চেষ্টা, উদ্যোগ, পৰিশ্ৰম, শুশ্ৰুষা।

—ৰ—
ৰজা : নৰপতি, সম্ৰাট, নৰেশ্বৰ, নৃপতি, ভূপ [HSLC—2008,2010]
ৰ'দ : আতাপ, ৰ'দালি, কিৰণ।
ৰহম : দয়া।
ৰবি : সূৰ্য্য।
ৰাগি: খং, ক্ৰোধ, কোপ।
ৰাতি : নিশা, ৰজনী, তমসা, নিশি-নিশীথ, বিভাৱৰী,যামিনী, শৰ্বৰী। (HSLC—2004, 2008)
ৰোগ : ব্যাধি, বেমাৰ, নৰীয়া, অসুখ।

—ল—
লাঠী : লাখুটি, টোকোন, টাঙোন।
লেখীয়া : নিচিনা, দৰে।

—শ—
শত্ৰু : অৰি, বৈৰী, বৈৰ, অৰাতি, শতৰু।
শেষ : অন্ত, অৱসান, ওৰ, সমাপ্তি, বাকী, বিনাশ, মৃত্যু, অৱশিষ্ট, সমাপ্ত, অন্তিম।

—স—
সমীৰ : অনিল, বতাহ, বায়ু, পৱন, সমীৰণ, প্ৰভঞ্জন, বাত, মৰুৎ, মাৰুৎ, গন্ধবহ।
সঞ্চাৰ : তলা; সঁচাৰ।
সাউদ : মুদৈ, বেপাৰী, সদাগৰ।
সাগৰ : জলধি, জলধৰ, ৰত্নাকৰ, সমুদ্ৰ, পাৰাবাৰ, পৰিধি, অম্বুধি, পয়োধি, অৰ্ণৱ, জলনিধি।
সামৰণি : সমাপণ, অন্ত।
সুঘ্ৰাণ : ভাল গোন্ধ, মলমলনি।
সুচল : সুবিধা, ভাল উপায়, সহায়, উজু, সহজ।
সূৰ্য : ৰবি, বেলি, ভাস্কৰ, তপন, দিবাকৰ, ভানু, অৰুণ।
সোণ : হেম, কনক, হিৰণ্য, কাঞ্জণ, স্বৰ্গ।
স্থান : ঠাই, বাস, বাসস্থান, ঘৰ।
স্নিগ্ধ : কোমল, মসৃণ, শীতল, চেঁচা।
স্বৰ্গ : স্ব, নাক, ত্ৰিদিব, ত্ৰিদশালয়, দেৱলোক, দেৱলোক, সুৰলোক, দ্যো, দিব।
স্বৰ্ণ : সোণ, কাঞ্চন, হেম, সুৱৰ্ণ।

—হ—
হৰিষ : হৰ্ষ, হৰষ, আনন্দ।
হাট : বজাৰ।
হাত : হস্ত, কৰ, ভূজ, পাণি। [HSLC—2016]
হাতী : হস্তী, দ্বিপ, গজ, কুঞ্জৰ। [HSLC—2005]
হিয়া : হৃদয়, বুকু, অন্তৰ।
হৃদয়: বুকু, অন্তৰ, মন। [HSLC—2013]
হোজা : সৰল,
হ্ৰদ : সৰোবৰ, সৰসী, পুষ্কৰ্ণী।

অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              














Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Previous
Next Post »