-->

বিশ্ববিজয়ী নৱ জোৱান । Biswabijayi nava Jowan জ্যোতি সঙ্গীত । Jyoti Sangeet

 

বিশ্ববিজয়ী নৱ জোৱান । Biswabijayi nava Jowan

1. বিশ্ববিজয়ী নৱ জোৱান।
বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
ওলাই আহাঁ, ওলাই আহাঁ
সন্তান তুমি বিপ্লবৰ
সমুখ সমৰ সমুখতে
মুক্তি যুজাৰু হুচিয়াৰ
মৃত্যু-বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ॥


2.  সাত সাগৰৰ দেশ-বিদেশৰ 

সাত সাগৰৰ দেশ-বিদেশৰ
              তেৰ নদীৰ পাৰে
আমাৰ দেশৰ নানা বৰণৰ
              নানান নিচান উৰে।
নানা খনিকৰে নানা কাৰিকৰে
              যতনেৰে যিখিনি কৰে
নোহোৱা নোপোৱা কত অমূল্য
              বাহানি গঢ়িছে নৰে।
তাকো তোমালৈ মাত পাবলৈ
             আনিছোঁ সকলোটি
   মাতা অ’ নিমাতী।।


3. জাগা জননীৰ সন্তান জাগা । Jaga Jononir Hontan jaga

জাগা জননীৰ সন্তান জাগা
জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ।
মৃত্যু গছকি আনা জয় জিনি
কৰি দুৰ্জয় অভিযান।
কৰ্মহীনতা কাপুৰুষতাই
তোমাক কৰিলে জয়
তুমি দুৰ্বল ম্ৰিয়মান
তথাপিও নাই ভয়
জাগা শক্তিমান জাগা মাতৃপ্ৰাণ
শক্তি গায়ত্ৰী মনত পেলোৱা
হ'বা দুৰ্নিবাৰ
তেতিয়া তোমাৰ জয় নিনাদত
শত্ৰু কম্পমান।
অ'মোৰ আপোন পাহৰা দুৰ্মদ বীৰ
অজেয় নৱজোৱান।
জাগা শক্তিমান জাগা মাতৃপ্ৰাণ।


4. জিলিকা পাখিৰে । Jiliki Pakhire


জিলিকি পাখিৰে
অ' সোন ম'ৰা চৰাই
ৰঙা সেউজীয়া তৰাফুটুকীয়া
তোৰে গোটে গাৱতে
অ' সোন ম'ৰা চৰাই।
জুৰিটিৰ পাৰতে নাট ঠেও ধৰি
চোৰ মৰমতে মৰো
অ' সোন মৰা চৰাই। 


5. ৰূপৰে তই জুঁই জ্বলালি । Rupare toi jui jwolali

ৰূপৰে তই জুঁই জ্বলালি
নিত্য নতুন ছবিৰে
চিনাকি তোৰ যুগ যুগৰে
ৰবিৰে।

আজিৰ দিনা
নেমানি মনা
সথি পতালি
বিপ্লৱী মোৰ কবিৰে।


Previous
Next Post »