-->

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । Congress System in Assamese

Questions Answers of AHSEC Solution for Class 12 Political Science কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । Congress System. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনৈতিক বিজ্ঞান

 কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান
Congress System

Class 12 Political Science

Political Science কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান। Congress System ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । Congress System has been discussed in systematic way. There are approximately important 43 questions answers in this article.

1. ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাসত পৰিৱৰ্তন আনিছিল। ('সত্য' নে 'অসত্য' লিখা)         HS-2018
উত্তৰ:- হয়


2. ভাৰতৰ প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে কোন চনত জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল?             HS-2018
উত্তৰ:- ১৯৭৫ চনত


3. কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল?     HS-2017
উত্তৰ:- ১৯৭৭ চনত


4. ১৯৮৯ চনৰ সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল?         HS-2019
উত্তৰ:- ভি.পি. সিংহ


5. ভাৰতৰ কোনটো দশকক 'ভয়ংকৰ দশক' বিচাপে চিহ্নিত কৰা হৈছে?      HS-2012
উত্তৰঃ- ১৯৬০ৰ দশকটোক

 
6. স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী নাম লিখা।         HS-2015
উত্তৰঃ- চৰ্দাৰ বল্লভ ভাই পেটেল


7. 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাসত পৰিৱৰ্তন আনিছিল। (‘সত্য’ নে ‘অসত্য’ লিখা)         HS-2018
উত্তৰঃ-সত্য


8. দলত্যাগ বিৰোধী আইন কোনজন প্ৰধানমন্ত্ৰীৰ সময়ত আৰু কেতিয়া প্ৰণয়ন কৰা হৈছিল?

উত্তৰঃ- প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ সময়ত ১৯৮৫ চনত (সংবিধানৰ দশম অনুসূচীত)নিৰ্দেশ, যি নিৰ্দেশ দলৰ প্ৰতিগৰাকী সদস্যই মানি চলাটো বাধ্যতামূলক।


9. কংগ্ৰেছ চিণ্ডিকেটৰ নেতৃত্ব কোন লৈছিল?
উত্তৰঃ-কে. কামৰাজ।


10. প্ৰিভি পাৰ্ছ কি?  HS-2024
উত্তৰঃ-প্ৰাক্তন ৰাজ পৰিয়ালৰ উত্তৰাধিকাৰীসকলে ভোগ কৰি অহা সুবিধাক প্ৰিভি পাৰ্ছ বোলে।



11. হুইপৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ- হুইপৰ অৰ্থ হ’ল— দলীয় নেতৃবৰ্গৰ দ্বাৰা সদস্যসকলক প্ৰদান কৰা কঠোৰ নিৰ্দেশ, যি নিৰ্দেশ দলৰ প্ৰতিগৰাকী সদস্যই মানি চলাটো বাধ্যতামূলক।


12. দলত্যাগৰ অৰ্থ কি?
উত্তৰঃ- দলত্যাগ মানে হ’ল যেতিয়া কোনো নিৰ্বাচিত প্ৰতিনিধিয়ে নিজে জয়ী হোৱা ৰাজনৈতিক দল ত্যাগ কৰি অন্য এক দলত যোগদান কৰে তাক দলত্যাগ বুলি কোৱা হয়।


13. তনত দিয়া বাক্যাংশৰ লগত আমি কাক চিনাক্ত কৰিব পাৰো?
(ক) জয় জোৱান, জয় কিষাণ    (খ) ইন্দিয়া হটাও (গ) গৰিবী হটাও
উত্তৰঃ- (ক) জয় জোৱান, জয় কিষাণ - লাল বাহাদুৰ শাস্ত্ৰী
(খ) ইন্দিয়া হটাও – অ-কংগ্ৰেছ দল (বিৰোধী দল)
(গ) গৰিবী হটাও – ইন্দিৰা গান্ধী


14. জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিল?
উত্তৰঃ- লাল বাহাদুৰ শাস্ত্ৰী


15. পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰঃ- ১৯৬৪ চনৰ


16. লোকসভাৰ ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল?
উত্তৰঃ- 283 খন


17. ১৯৬৭ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰধান বিৰোধী দলটোৰ নাম কি?
উত্তৰঃ- অ-কংগ্ৰেছ দল


18. চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰঃ- ১৯৬৭ চনত


19. লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছি?
উত্তৰঃ- ইন্দিৰা গান্ধী


20. ১৯৬৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে কোনজন প্ৰাৰ্থীক সমৰ্থন কৰিছিল?
উত্তৰঃ- ভি.ভি. গিৰি


21. কোন কংগ্ৰেছ সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক?
(ক) চি. নটৰাজন আন্নাদুৰাই         (খ) কে. কামৰাজ
(গ) ৰাম মনোহৰ লোহিয়া             (ঘ) নিজলিংগপা

 
উত্তৰঃ-ৰাম মনোহৰ লোহিয়া


22. সংযুক্ত চৰকাৰৰ যুগ আৰম্ভ হৈছিল—
(ক) ১৯৭১ চনত     (খ) ১৯৬৭ চনত
(গ) ১৯৪৭ চনত     (ঘ) ১৯৬৯ চনত


উত্তৰঃ-১৯৬৭ চনত


23. চিণ্ডিকেটৰ নেতা কোন আছিল?
(ক) কে. কামৰাজ        (খ) এন. সঞ্জীৱা ৰেড্ডি
(গ) এচ. কে. পাটিল    (ঘ) ওপৰৰ আটাইকেইজন


উত্তৰঃ-ওপৰৰ আটাইকেইজন


24. ১৯৭১ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধী কংগ্ৰেছে লাভ কৰিছিল—
(ক) ৪০৩ খন আসন     (খ) ৩৭৫ খন আসন
(গ) ২৫০ খন আসন    (ঘ) ৩৫২ খন আসন


উত্তৰঃ- ৩৫২ খন আসন


25. "আয়া ৰাম, গয়া ৰাম" কোনে কৈছিল?
উত্তৰঃ-হাৰিয়ানা বিধানসভাৰ সদস্য গয়া ৰামে দল বাগৰাৰ ক্ষেত্ৰত ৰাও বিৰেন্দ্ৰ সিঙে এই বাক্যশাৰী কৈছিল।


26. ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰা চাৰিখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ- মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবংগ আৰু তামিলনাডু


27. DMK (Dravida Munnetra Kazjhagam)-ৰ নেতা কোন আছিল?
উত্তৰঃ- কৰুণানিধি


দীঘল প্ৰশ্নোত্তৰ । Essay Type Questions' Answers:-
1. ১৯৬৭ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা কেনেদৰে পৰিৱৰ্তন কৰিছিল?     HS-2013 4
(অথবা) ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল, আলোচনা? HS-2015, 2017 4

উত্তৰঃ- ১৯৬৭ চনত অনুষ্ঠিত চতুৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতীয় ৰাজনৈতিক জগতলৈ আমূল পৰিৱৰ্তন কঢ়িয়াই আনিছিল। ১৯৬৭ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত লোকসভা আৰু ৰাজ্য বিধান সভাৰ নিৰ্বাচনে ১৯৫২ চনৰ পৰা প্ৰতিটো নিৰ্বাচনত চলাই অহা কংগ্ৰেছ দলৰ আধিপত্যক প্ৰত্যাহ্বানন জনায়। এই নিৰ্বাচনৰ পিছৰ পৰা ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলৰ চৰম আধিপত্যৰ তাত্পয়ৰ্ষপূৰ্ণ পৰিৱৰ্তন সাধন হয়। বিভিন্ন সমস্যাৰে জৰ্জৰিত ভাৰতীয় জনসাধাৰণৰ মনত পৰিৱৰ্তনৰ বতাহ বলে এই নিৰ্বাচনৰ পৰাই। অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা ভাৰতীয় জনসাধাৰণে বিভিন্ন পদ্ধতিৰে সংগ্ৰেছ চৰকাৰৰ বিপক্ষে আন্দোলন আৰম্ভ কৰে।
    দেশৰ চতুৰ্থ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ দুৰ্গত জোকাৰণি তুলিছিল। প্ৰথম বাৰৰ বাবে কংগ্ৰেছ দলটোৱে নেহৰুৰ দৰে প্ৰধান নেতাৰ অবিহনে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বৃহত্‍ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগীয়াত পৰে। এয়া আছিল স্বাধীন ভাৰতৰ ৰাজনীতিত কংগ্ৰেছৰ বাবে প্ৰথম প্ৰত্যাহ্বান। বহু ৰাজনৈতিক বিশ্লেষকৰ মতে এই নিৰ্বাচনৰ ফলাফল আছিল এক 'ৰাজনৈতিক ভূমিকম্প'। কংগ্ৰেছ দলে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও ভোট আৰু আসন লাভৰ ক্ষেত্ৰত এয়া আছিল ১৯৫২ চনৰ নিৰ্বাচনৰ পিছত সৰ্বনিম্ন। এই নিৰ্বাচনত ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ আধা সংখ্যক মন্ত্ৰী তথা কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ প্ৰভাৱশালী নেতা পৰাজিত হৈছিল।
    আনহাতে ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী ফলাফলতো সংগ্ৰেছ দল চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছিল। দেশৰ সাতখন ৰাজ্যত দলটোৱে সংখ্যাগৰিষ্ঠতা হেৰুৱাবলগীয়াত পৰে। উল্লেখযোগ্য যে মাদ্ৰাজত ডি.এম.কে.(DMK) দলে দেশৰ প্ৰথমটো আঞ্চলিক দল হিচাপে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে অইন আঠখন ৰাজ্যত বিৰোধী দলসমূহে মৰ্চা চৰকাৰ গঠন কৰিছিল।
    ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্ট হৈছিল যে এই নিৰ্বাচনৰ ফলাফলে এনে ধাৰণাৰ জন্ম দিছিল যে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছৰ আধিপত্যৰ অন্ত পৰিছিল। আনহাতে এই নিৰ্বাচনে স্বাধীন ভাৰতৰ ৰাজনৈতিক সমীকৰণত ব্যপক পৰিৱৰ্তন সাধন কৰিছিল।

2. 1960ৰ দশকক কিয় 'ভয়ংকৰ দশক' বুলি কোৱা হয়?
উত্তৰঃ- স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুৰ অৱদান অসামান্য। নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰখনক পণ্ডিত নেহৰুৰ সবল নেতৃত্বই এটা গতি প্ৰদান কৰিছিল। কিন্তু যি সময়ত নেহৰুৱে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোক এক শক্তিশালী নেতৃত্ব প্ৰদাননেৰে আগবঢ়াই নিছিল, সেই সময়ত ১৯৬৪ চনৰ ২৭ মেত তেখেতৰ মৃত্যু হয়। উল্লেখযোগ্য যে নেহৰুৰ মৃত্যুৰ সময়ত ভাৰতত দৰিদ্ৰতা, অসমতা, সাম্প্ৰদায়িক আৰু আঞ্চলিক পাৰ্থক্য আদিৰ দৰে আভ্যন্তৰীণ সমস্যাই গা কৰি উঠিছিল। এই সমস্যাসমূহে যিকোনো মূহৰ্ত্ততে ভাৰতক সংকটপূৰ্ণ পৰিস্থিতিলৈ কঢ়িয়াই নিয়াৰ আশংকাৰ সৃষ্টি হৈছিল। ইয়াৰোপৰি বহুতে ভাৰতীয় সেনা বাহিনীয়ে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাটো নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলাব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছিল। এনেবোৰ কাৰণত ১৯৬০ ৰ দশকটোত 'ভয়ংকৰ দশক' বুলি কোৱা হয়।

3. কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা।             HS-2013 4
উত্তৰঃ-মৰিছ জনছৰ মতে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা হৈছে এটা দলৰ প্ৰধান্য থকা ব্যৱস্থা। ৰজনী কোঠাৰীয়ে ভাৰতৰ দলীয় ব্যৱস্থাক কংগ্ৰেছী ব্যৱস্থা আখ্যা দিছে। ইয়াৰ পৰা বুজা যায় যে ভাৰতত কংগ্ৰেছ দলৰ গুৰুত্ব আৰু আধিপাত্যৰ বিষয়ে জানিব পাৰি। কিন্তু চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ পাছত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস হোৱা দেখা গৈছে। তলত কাৰণসমূহ আলোচনা কৰা হ’ল—
(ক) প্ৰথম আৰু দ্বিতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰিছিল। কিন্তু ১৯৫৭ চনত কেৰেলাত কংগ্ৰেছ দলৰ পতন ঘটে আৰু সাম্যবাদী দলৰ নেতৃত্বত কেৰেলাত পোন প্ৰথমবাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰ গঠন হয়।
(খ) ১৯৬২ চনত চীনৰ লগত হোৱা পৰাজয়ে কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস কৰিছিল।
(গ) ইন্দিৰা গান্ধীৰ শক্তীশালী নেতৃত্বই দলৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল আৰু আনহাতে, তেওঁৰ স্বেচ্ছাচাৰী শাসনে দলটোৰ প্ৰভূত পৰিমাণে ক্ষতি কৰিছিল।
(ঘ) ১৯৬৭ চনৰ সমসাময়িত সময়ত বিভিন্ন কাৰণত কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত দেখা দিয়া মতপাৰ্থক্যই কংগ্ৰেছ (ইন্দিৰা) আৰু কংগ্ৰেছ (সাংগঠনিক) ভাগত বিভক্ত হৈছে।
(ঙ) অ-কংগ্ৰেছী দলবোৰে একগোট হৈ ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে মুখথেকেচা খাবলৈ বাধ্য হৈছিল।

4. ১৯৭০ চনৰ আদি ভাগত ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্ৰিয়তাৰ কাৰণ বিলাক কি কি?                 
(অথবা) ১৯৭১ চনৰ নিৰ্বাচনৰ ফলাফল কংগ্ৰেছক পুনৰ সংস্থাপনত সহায় কৰিছিল।

উত্তৰঃ- ১৯৭১ চনত ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্ৰিয়তাৰ বিভিন্ন কাৰণ আছিল। সেই কাৰণসমূহৰ ভিতৰত উল্লেখযোগ্য কাৰণ সমূহ হ’ল—
(ক) ইন্দিৰা গান্ধীৰ অসাধাৰণ ব্যক্তিত্বঃ
    ইন্দিৰা গান্ধীৰ ঊৰ্ধ্বমুখী জনপ্ৰিয়তাৰ অন্যতম কাৰণ আছিল তেওঁৰ অসাধাৰণ আৰু আকৰ্ষণীয় ব্যক্তিত্ব। পিতৃ নেহৰুৰ দৰে ইন্দিৰা গান্ধীৰ ব্যক্তিত্বও তুলনাবিহীন আছিল। ফ্ৰেংক মৰিছৰ মতে ‘শ্ৰীমতী গান্ধী কেৱল কংগ্ৰেছ দলৰে অপ্ৰতিদ্বন্দ্বী নেত্ৰী নাছিল, তেওঁৰ দল আৰু তেওঁ অইন কোনোৱে কৰিবলৈ সমৰ্থ নোহোৱা আধিপাত্য বিস্তাৰ কৰিবলৈ পাৰিছিল। তেওঁৰ সহকৰ্মীসকল আছিল তেওঁৰ প্ৰতিনিধি তথা সহায়ক, যিসকল তেওঁৰ উপস্থিতিত কম্পমান হৈ আছিল আৰু তেওঁক মানি চলিছিল। ইন্দিৰা গান্ধীৰ সবল নেতৃত্বৰ বাবেই ১৯৭১ চনৰ পঞ্চম লোকসভা নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছক ভোট দিছিল।
(খ) ইন্দিৰা গান্ধীৰ চৰকাৰৰ সমাজবাদী আৰ্হিৰ নীতিসমূহঃ
    ১৯৭০ চনৰ আদি ভাগত ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্ৰিয়তাৰ অন্যতম আন এটা কাৰণ আছিল তেওঁৰ সমাজবাদী আৰ্হিৰ নীতিসমূহ। এই নীতি সমূহে তেওঁক জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয় কৰি তুলিছিল। ইন্দিৰা গান্ধীয়ে চৰকাৰৰ নীতিসমূহ লৈ এক বাওঁপন্থী প্ৰৱণতা কঢ়িয়াই আনিছিল।
(গ) গৰীবী হটাওঃ
    ইন্দিৰা গান্ধীয়ে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত 'গৰীবী হটাও' নামেৰে এটা অতি জনপ্ৰিয় শ্ল’গান ব্যৱহাৰ কৰিছিল আৰু যাৰ জড়িয়তে তেওঁ ভাৰতৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰাৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছিল। এই শ্ল’গান বা কাৰ্যসূচীৰ বাবেই তেওঁ ভাৰতৰ পিচপৰা শ্ৰেণী, আদিবাসী নিবনুৱা যুৱক-যুৱতী, সংখ্যালঘু, মহিলা আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছিল।
(ঘ) পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ সফলতাঃ-
ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধিৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত কৃতকাৰ্ষতা। এই যুদ্ধত পাকিস্তানী বাহিনীক সম্পূৰ্ণৰূপে দমন কৰি বাংলাদেশ নামৰ এটা নতুন সাৰ্বভৌম ৰাষ্ট্ৰ জন্ম দিয়াক কৃতকাৰ্যতা হোৱাৰ ফলত ইন্দিৰা গান্ধীয়ে জনপ্ৰিয়তা অধিক বৃদ্ধি হৈছিল।
    ওপৰক্ত কাৰণ বিলাকৰ কাৰণেই ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল।

5. লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ভাৰতত কোন প্ৰধানমন্ত্ৰী হৈছিল? প্ৰধানমন্ত্ৰী পদৰ কাৰণে কোনো প্ৰতিদ্বন্দ্বীতা হৈছিল নেকি?
উত্তৰঃ-লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ভাৰতত ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী হৈছিল। প্ৰধানমন্ত্ৰী পদৰ কাৰণে ইন্দিৰা গান্ধী আৰু মোৰাৰজী দেশাইৰ মাজত প্ৰতিদ্বন্দ্বীতা হৈছিল।

6. লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধান মন্ত্ৰীত্বৰ সময়ছোৱাত ভাৰতে ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা।          HS-2013
উত্তৰঃ- লাল বাহাদুৰ শাস্ত্ৰীয়ে ১৯৬৪ পৰা 1966 চনলৈ প্ৰধানমন্ত্ৰী হোৱা সময় সন্মুখীন হোৱা প্ৰত্যাহ্বান দুটা হল—
(ক) ১৯৬২ চনৰ চীনৰ যুদ্ধৰ পিচত ভাৰত এক অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ লগতে খৰাং আৰু খাদ্য সংকটে ভাৰতক এক অনিশ্চিত ভৱিষ্যতৰ আগজাননী দিছিল।
(খ) শাস্ত্ৰীৰ প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰতে ১৯৬৫ চনত পাকিস্তানৰ সৈতে এখন পূৰ্ণাংগ যুদ্ধত অৱতীৰ্ণ হ’ব লগীয়া পৰিছিল।

7. “আয়া ৰাম, গয়া ৰাম” বাক্যাংশই কি ধাৰণাৰ তাত্পৰৰ্য বহন কৰিছে? ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ইয়াৰ প্ৰভাৱ ব্যাখ্যা কৰা।
(অথবা) “দলত্যাগ” বাক্যষাৰ ব্যাখ্যা কৰা।             HS-2014               
(অথবা) ভাৰতৰ দলীয় ব্যৱস্থাত দলত্যাগৰ বিষয়ে চমুকৈ আলোচনা কৰা।      HS-2019 4

উত্তৰঃ- ১৯৬৭ চনৰ ইতিহাস সৃষ্টিকাৰী নিৰ্বাচনৰ পৰা ভাৰতীয় দলীয় ব্যৱস্থাত অইন এক নতুন তাত্পিৰ্যপূৰ্ণ পৰিৱৰ্তন হয়। এই নিৰ্বাচনৰ পিছৰ পৰা দলত্যাগ (Defection) ৰাজ্যসমূহত চৰকাৰ গঠন বা চৰকাৰ গঠনত বঞ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। কোনো নিৰ্বাচিত প্ৰতিনিধিয়ে কোনো ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত জয়লাভ কৰাৰ পিচত অইন ৰাজনৈতিক দলত যোগদান কৰা কাৰ্যক দলত্যাগ আখ্যা দিয়া হয়।
    ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক দলসমূহৰ দলত্যাগৰ মানসিকতা ক্ৰমাত্‍ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ১৯৮৫ চনত ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত দলত্যাগ বিৰোধী আইন প্ৰনয়ণ কৰা হয়। এই আইনক ভাৰতীয় সংবিধানৰ দশম অনুসূচীত নতুনকৈ সন্নিৱিষ্ট কৰি এই অনুসূচীত অন্তৰ্ভুক্ত কৰা হয়। এই আইন অনুসূৰী সংসদ অথৱা ৰাজ্য বিধানসভাৰ কোনো সদস্যই দলত্যাগ কৰিলে তেওঁৰ সদস্যপদ বাতিল কৰা হ’ব। দলত্যাগ সাংবিধানিকভাৱে প্ৰতিৰোধ কৰাৰ এই প্ৰচেষ্টায়ো অৱশ্যে সমসাময়িক ভাৰতীয় ৰাজনীতিত কাৰ্যতঃ বাধা প্ৰদানত সফলতা লাভ কৰা পৰিলক্ষিত হোৱা নাই, বৰং আয়া ৰাম গয়া ৰাম প্ৰৱণতা বৃদ্ধি পাই আছে।

8. ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিশাল মিত্ৰতা মানে কি?      HS-2018, 2024 2
উত্তৰঃ- ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ১৯৭১ চনৰ পঞ্চম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দল আৰু ভাৰতীয় সমিউনিষ্ট পাৰ্টিৰ বাহিৰে অন্যান্য ৰাজনৈতিক দল যেনে- প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি, ভাৰতীয় জনসংঘ, স্বতন্ত্ৰ পাৰ্টি আৰু ক্ৰান্তি দলৰ দ্বাৰা গঠন হোৱা নিৰ্বাচনী মিত্ৰতাক 'বিশাল মিত্ৰতা' বুলি কোৱা হৈছিল। বিশাল মিত্ৰতাৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহৰ মাজত কোনো ধৰণৰ উমৈহতীয়া ৰাজনৈতিক কৰ্মসূচী নথকাৰ বাবে পঞ্চম নিৰ্বাচনত এই মিত্ৰতাই বিশেষ সফলতা লাভ কৰা নাছিল।

9. লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পাছত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলে ইন্দিৰা গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে পছন্দ কৰাৰ কাৰণ কি?
উত্তৰঃ- লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পাছত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলে ইন্দিৰা গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে পছন্দ কৰাৰ কাৰণ দুটা হ’ল—
(১) ইন্দিৰা গান্ধী পণ্ডিত জৱাহৰলাল নেহৰুৰ জীয়ৰী আছিল বাবে তেওঁৰ প্ৰতি জেষ্ট নেতাসকলৰ নৰম দৃষ্টিভংগী আছিল।
(২) প্ৰশাসনীয় আৰু ৰাজনৈতিকভাৱে অনভিজ্ঞ ইন্দিৰা গান্ধীয়ে জেষ্ট্য নেতাসকলৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হ’ব আৰু এইদৰে দল আৰু চৰকাৰৰ কামত জ্যেষ্ঠ নেতাসকলে প্ৰভাৱশালী নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰিব।

10. সংযুক্ত চৰকাৰ গঠন সম্পৰ্কে আলোচনা কৰা।
(অথবা) মৰ্চা চৰকাৰ বুলিলে কি বুজা?

উত্তৰঃ- কোনো এটা ৰাজনৈতিক দলে যদি সংসদ অথবা ৰাজ্যৰ বিধানসভাত প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনত অসমৰ্থ হয়, তেতিয়া দুই বা ততাধিক দলে একগোঠ হৈ এখন সন্মিলিত চৰকাৰ গঠন কৰে। এই ধৰণৰ চৰকাৰক সংযুক্ত বা মৰ্চা চৰকাৰ বোলা হয়।

11. ছিণ্ডিকেট মানে কি?
উত্তৰঃ- ভাৰতৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পাছত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু জীয়ৰী ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয়। উল্লেখনীয় যে ইন্দিৰা গান্ধী ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰত অনভিজ্ঞ হোৱাৰ বাবে দলৰ ভিতৰৰ শক্তিশালী আৰু প্ৰভাৱশালী নেতাৰ গোট এটাৰ পৰা তেওঁ যথেষ্ট বাধা সন্মুখীন হয়। এই শক্তিশালী গোটটোক ছিণ্ডিকেট বুলি কোৱা হয়। সাধাৰণ অৰ্থত দলৰ সংগঠনক নিয়ন্ত্ৰণত ৰখা কংগ্ৰেছ নেতাৰ আনুষ্ঠানিক গোটক ছিণ্ডিকেট বোলা হয়।

12. ৰাজকীয় সুবিধাই কি বুজায়? ১৯৭০ চনত ইন্দিৰা গান্ধীয়ে কিয় ইয়াক উঠাই দিয়াৰ ওপৰত গুৰুত্ব দিছিল?
উত্তৰঃ- ৰাজকীয় শাসন উঠাই দিয়াৰ পাছত সেই শাসককলৰ পৰিয়ালবিলাকে কিছু ব্যক্তিগত সম্পত্তি লাভ কৰে আৰু তেওঁলোকৰ উত্তৰাধিকাৰীসকলক চামিলকৰণ ৰাজ্যৰ আয়ৰ ওপৰত ভিক্তি কৰি চৰকাৰী অনুদান দিয়া হৈছিল। এই অনুদানক বিশেষ বানচ বা ৰাজকীয় সুবিধা (Privy Purse) বুলি কোৱা হয়।
    বিশেষ বানচ বা ৰাজকীয় সুবিধা (Privy Purse) আছিল ভাৰতীয় সংবিধানৰ উল্লেখিত সমতাৰ নীতি, সামাজিক আৰু অৰ্থনৈতিক ন্যায়ৰ সম্পূৰ্ণ পৰিপন্থী। নেহৰুৱে এই ব্যৱস্থাৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰিছিল। শেষত ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ নিৰ্বাচনৰ পিছত সংবিধান সংশোধনৰ জৰিয়তে বিশেষ বানচ বা ৰাজকীয় সুবিধা পৰিসমাপ্তি ঘটায়।


13. চতুৰ্থ সাধাৰণ নিৰ্বাচনে কংগ্ৰেছক কেনেদৰে ধাক্কা (Jolted) মাৰিছিল?
(অথবা) "ৰাজনৈতিক ভূমিকম্প" মানে কি?
উত্তৰঃ- ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচন কংগ্ৰেছ দলৰ বাবে তাত্পনৰ্যপূৰ্ণ আছিল কাৰণ প্ৰথমবাৰৰ বাবে দলটোৱে নেহৰুৰ অবিহনে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। এই নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ দুৰ্গত জোকাৰণি তোলে। কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ দলে বৃহত্‍ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়াত পৰে। এয়া আছিল স্বাধীন ভাৰতৰ ৰাজনীতিত কংগ্ৰেছৰ বাবে প্ৰথম প্ৰত্যাহ্বান। বহুতো সমসাময়িক ৰাজনৈতিক বিশ্লেষকে এই নিৰ্বাচনক "ৰাজনৈতিক ভূমিকম্প" বা "কংগ্ৰেছক ধাক্কা" (Jolted) বুলি অবিহিত কৰিছিল।

14.মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা। HS-2016,2018,2022

উত্তৰ:- (১) মৰ্চা চৰকাৰত অংশলোৱা দলবোৰৰ নিজ স্বার্থ পূৰণ নহ'লে যিকোনো সময়তে সমর্থন উঠাই ল'ব পাৰে। 

(২) এটা দলৰ নেতৃত্বত বহু দলৰ সন্মিলিত চৰকাৰ গঠন কৰা হয় বাবে মৰ্চা চৰকাৰ দুর্বল হয়। 

(৩) মৰ্চা গঠনৰ ক্ষেত্ৰত আদৰ্শৰ ওপৰত গুৰুত্ব প্রদান কৰা নহয়। 

(৪) মৰ্চাত অংশগ্রহণ কৰা অধিকাংশ দলে সুবিধাবাদত গুৰুত্ব দিয়ে।

15. ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে আলোচনা কৰা। HS-2016
উত্তৰঃ- ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুৰ পাছত ১৯৬৯ চনত ৰাষ্ট্ৰপতিৰ পদটো খালী হৈ পৰিল। ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজৰ শত্ৰুতা মুকলিকৈ প্ৰকাশ পায় ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত। কংগ্ৰেছ সংসদীয় ব'ৰ্ডৰ সভাত ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতিৰ পদৰ বাবে জগজীৱন ৰামৰ নামটো প্ৰস্তাৱ কৰাৰ বিপৰীতে ছিণ্ডিকেটৰ নেতাসকলে গান্ধীৰ দীৰ্ঘদিনীয়া শত্ৰু নীলম সঞ্জীৱা ৰেড্ডীৰ নামটো প্ৰস্তাৱ কৰে আৰু শেষত তেওঁলোকৰ প্ৰস্তাৱটো গৃহীত হয়। ইন্দিৰা গান্ধীয়ে অসন্তুষ্ট হৈ সেই সময়ত উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ভি ভি গিৰিক নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদন্দিতা কৰিবলৈ সমৰ্থন আগবঢ়ায়। সেই সময়তে গান্ধীয়ে কৌশলগতভাৱে তেওঁ ১৪টা আগশাৰীৰ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰাৰ লগতে প্রিভি পাৰ্ছ বিলুপ্ত কৰি এলানি জনকল্যাণমূলক নীতি গ্ৰহণ কৰাৰ ঘোষণা কৰে। মোৰাৰজী দেশাই সেই সময়ৰ উপ-প্রধানমন্ত্ৰী আৰু দেশৰ বিত্তমন্ত্ৰী আছিল। ওপৰোক্ত বিষয় দুটাক কেন্দ্ৰ কৰি মোৰাৰজী দেশাই আৰু ইন্দিৰা গান্ধীৰ মাজত তীব্ৰ মতপার্থক্যই গা কৰি উঠিছিল আৰু ইয়াৰ ফলশ্রুতিতেই মোৰাৰজী দেশাইয়ে ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল। গতিকে দুয়ো পক্ষৰ মাজত সংঘাত তীব্র হয়। কংগ্ৰেছ সভাপতিয়ে দলীয় প্রার্থী ৰেড্ডিক ভোটদান কৰিবলৈ (হুইপ) দলীয় নির্দেশনা জাৰি কৰে। ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে অখিল ভাৰতীয় কংগ্ৰেছ কমিটি (AICC)ৰ এখন বিশেষ অধিৱেশন আহ্বান কৰিবলৈ দাবী কৰিছিল যদিও দাবী অস্বীকাৰ কৰা হৈছিল। ভি. ভি. গিৰিক নীৰৱে সমৰ্থন কৰি শেষত ইন্দিৰা গান্ধীয়ে 'বিবেক ভোট' আহ্বান কৰে। অর্থাৎ ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ দলৰ সাংসদ আৰু বিধায়কসকলক নিজৰ বিবেকমতে ভোটদান কৰিবলৈ সুবিধা কৰি দিলে। শেষত ভি. ভি. গিৰি জয়ী হ'ল। এই নিৰ্বাচনত ৰেডিৰ পৰাজয় আৰু ভি ভি গিৰিৰ বিজয়ে দলৰ বিভাজন প্ৰক্ৰিয়া পূৰ্ণ কৰিলে। কংগ্ৰেছ দলৰ সভাপতিয়ে প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীক দলৰ পৰা বহিস্কাৰ কৰিলে। এনেদৰে ১৯৬৯ চনৰ নবেম্বৰ মাহৰ ভিতৰত কংগ্ৰেছ দলৰ সম্পূৰ্ণ বিভাজন হ'ল। ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰা গোটটোক কংগ্ৰেছ (R) আৰু চিণ্ডিকেটে নেতৃত্ব দিয়া গোটটোক কংগ্ৰেছ (O) বুলি জনা যায়।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »