-->

অ’-কাৰৰ ব্যৱহাৰ । Uses of অ’-কাৰ

অ’-কাৰৰ ব্যৱহাৰ

'অ' স্বৰৰ কথা ক'বলৈ গ'লেই আমি অ স্বৰৰ কথা ক'ব লাগিব। অ অসমীয়া স্বৰ বৰ্ণমালাৰ প্ৰথম ধ্বনি। অ-টো একে সময়তে বৰ্ণ আৰু আখৰো। এই স্বৰটোৰ উচ্চাৰণ হয় জিভাৰ গুৰি অংশ অর্থাৎ পিছ জিভাৰ দ্বাৰা। জিভাৰ উচ্চতা অনুযায়ী অ-টো নিম্ন স্বৰ। এই নিম্ন অ স্বৰৰ ঠিক সামান্য ওপৰত আৰু এটা অ স্বৰৰ উচ্চাৰণ হয়। ইয়াৰ উচ্চাৰণত জিভাখনৰ গুৰিটো ঈষৎ অর্থাৎ সামান্য ওপৰলৈ দাং খায়। কিন্তু এই স্বৰ বুজাবলৈ অসমীয়াত পৃথক কোনো আখৰ নাই। সেয়েহে অ স্বৰটোৰ সোঁ ফালে ওপৰত ঊর্ধ্বকমা (') দি এই স্বৰ অ' হিচাপে লিখা হয়। জিভাৰ উচ্চতা অনুযায়ী অ' স্বৰ মধ্যাভাস। এই স্বৰ নিম্ন স্বৰৰ সামান্য ওপৰত উচ্চাৰিত হয়। অসমীয়া ভাষাত অ' এটা বিশিষ্ট স্বৰধ্বনি। এই স্বৰে শব্দৰ অৰ্থৰ পাৰ্থক্য ঘটাব পাৰে। যেনে-

  সভালৈ কত (ক + অ + ত + অ) মানুহ আহিছে!

  তুমি ‘ক’ত (ক + অ’ + ত) আছা?

ওপৰৰ বাক্য দুটাৰ প্ৰথমটোত নিম্ন অ স্বৰ থকাত শব্দটোৰ অৰ্থ হৈছে ‘বহুত’। কিন্তু দ্বিতীয় বাক্যত মধ্যাভাস অ' স্বৰ ব্যৱহাৰ হোৱাত ক'ত শব্দৰ অৰ্থ হৈছে বিশেষ স্থান।

এইদৰে একেটা অ আখৰৰ আমি উচ্চাৰণত দুটা বেলেগ স্বৰ পাওঁ— অ আৰু অ'। বিভিন্ন শব্দত অ' স্বৰৰ প্ৰয়োগ এনে ধৰণৰ :

  গ'ল (গ + অ' + ল); হ'ব (হ + অ' + ব + অ)

   ক'ত (ক + অ' + ত); য'ত (য + অ’+ ত)

   ব'লা (ব + অ' + ল + আ); ৰ'বা (ৰ + অ' + ব + আ) আদি

  মন কৰিবলগীয়া যে অ' স্বৰ সাধাৰণতে শব্দৰ আদ্যাক্ষৰত ব্যৱহাৰ হয়।


Taposh Paul

M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512


Previous
Next Post »