শব্দাৰ্থ (Word meaning):
1. departure- প্ৰস্থান
2. delegates- প্ৰতিনিধি
3. recounted- বৰ্ণনা কৰিছিল
4. peasant- কৃষক, খেতিয়ক
5. emaciated- হাড়ে ছালে লগা,বৰ ক্ষীণ
6. foothills- নামনি অঞ্চল
7. towering- সুউচ্চ
8. arrangement- বন্দবস্তি
9. sharecroppers- আধিয়াৰ খেতিয়ক
10. illiterate- অশিক্ষিত
11. resolute- দৃঢ়মনা
12. landlord system- জমিদাৰী প্ৰথা
13. committed- বদ্ধপৰিকৰ
14. accompanied- লগত গৈছিল, সঙ্গ দিছিল
15. tenacity- আকোৰগোজ স্বভাৱ
16. haunches- জীৱজন্তৰ টিকা বা তপিনা
17. yeoman- সাধাৰণ মানুহ, বনুৱা বা কৃষক শ্ৰেণীৰ মানুহ
18. pestered- troubled, আমনি কৰিছিল
19. pollute- দুষিত কৰা
20. entire source- গোটেই উৎস
21. untouchable- অস্পৃশ্য
22. en route- on the way,বাটত
23. extraordinary thing- অসাধাৰণ কথা
24. harbour- shelter,আশ্ৰয় দিয়া
25. sympathy- সহানুভূতি
26. advent- arrival,আগমন
27. conveyance- mode of transport,পৰিবহন ব্যৱস্থা
28. call on- visit someone,সাক্ষাৎ কৰা
29. represented- প্ৰতিনিধিত্ব কৰিছিল
30. chided- scolded, rebuked,reproached,গালি পাৰিছিল,কৰ্কথনা কৰিছিল
31. crushed and fear-stricken- পীড়িত আৰু আৰ্তজন
32. arable land- cultivable soil,ৰুপিত মাটি
33. compelled- বাধ্য কৰিছিল
34. harvest- খেতি, শস্য
35. irksome- annoying,বিৰক্তিকৰ
36. engaged lawyers- উকীল বন্দবস্ত কৰিছিল
37. hired thugs- গুন্ডা ভাড়া কৰিছিল
38. outsider- বহিৰাগত
39. bully- ভয় ভাবুকি দিছিল
40. forthwith- immediately, তৎক্ষনাৎ
41. multitude- a large number of people,গণসমাবেশ
42. maltreated- misbehaved,অপদস্থ কৰিছিল, বেয়া ব্যৱহাৰ কৰিছিল
43. overtook- অতিক্ৰম কৰিছিল, চেৰ পেলাইছিল
44. disobey- অমান্য কৰা
45. summons- হাজিৰ হোৱাৰ জাননী
46. influential- প্ৰভাবশালী
47. spontaneous demonstration- স্বতস্ফুত প্ৰতিবাদ
48. liberation- freedom,মুক্তি
49. might- strength,শক্তি
50. hitherto- এতিয়ালৈকে, until now
51. dreaded- সমীহ বা ভয় কৰিছিল
52. baffled- confused,বিবুদ্ধিত বা বিমোৰত পৰিছিল
53. conscience- the ability to judge right or wrong,বিবেক
54. furnish bail- জামিন লোৱখ
55. prominent- renowned,famous বিশিষ্ট, খ্যাতনামা
56. conferred- discussed, আলোচনা কৰিছিল
57. upshot- summary, সাৰাংশ
58. for the sake of- খাতিৰত
59. adjoining districts- দাতিকাষৰীয়া জিলাসমূহ
60. claimed to have served these peasants- এই খেতিয়কসকলক সেৱা কৰা বুলি দাবী কৰিছিল
61. shameful desertion- লজ্জাজনক পৰিত্যাগ
62. triumphed- gained victory,জয়লাভ কৰিছিল
63. far-flung- দূৰৰ
64. grievances- ক্ষোভ, অসন্তুষ্টি
65. Depositions- সাক্ষ্যদান
66. throbbed- কপি উঠিছিল
67. vehement protests- তীব্ৰ প্ৰতিবাদ
68. associates- সহযোগী
69. protracted interviews- দীঘলীযা সাক্ষাৎকাৰ
70. consisted of- গঠিত হৈছিল
71. uninterrupted- অবিৰত
72. entreaty- request,কাতৰ অনুৰোধ
73. unlettered- unable to read and write,নিৰক্ষৰ
74. crushing mountain of evidence- পৰ্বতসম সাক্ষ্য প্ৰমাণ
75. deceitfully- প্ৰবঞ্চনাৰে
76. adamant- stubborn,আকোৰগোজ
77. deadlock- অচলাৱস্থা
78. unanimously- সৰ্বসন্মতিক্ৰমে
79. obliged to- বাধ্য বা দায়বদ্ধ আছিল
80. prestige- honour,সন্মান
81. abandoned- gave up,পৰিত্যাগ কৰিছিল
82. reverted to the peasants- কৃষকলৈ পুনৰ ওভোটাই দিয়া হৈছিল
83. appealed- কাতৰ আহ্বান জনাইছিল
84. community sanitation- সামূহিক পৰিষ্কাৰকৰন
85. skin eruptions- ছাল ফাটি হোৱা ফোহা
86. trenches- গাত
87. defiance- disobedience, resistance, প্ৰতিৰোধ, বাধা
88. intertwined- সাঙোৰ খাই আছিল
89. loyalty- allegiance, আনুগত্য
90. rely upon- depend upon, নিৰ্ভৰ কৰা
Part I (Page 46, 47)
১৯৪২ চনত মই যেতিয়া গান্ধীক মধ্য ভাৰতত থকা তেওঁৰ সেৱাগ্ৰাম আশ্ৰমত লগ কৰিছিলোঁ, তেওঁ কৈছিল, "মই তোমাক ক'ম এইটো কেনেকৈ হৈছিল যে মই ব্ৰিটিছক ভাৰতৰ পৰা প্ৰস্থানত জোৰ দিবলৈ সিদ্ধান্ত লৈছিলোঁ। এইটো ১৯১৭ চনৰ কথা আছিল।"
১৯১৬ চনৰ ডিচেম্বৰত লখনৌত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভালৈ গৈছিল। তাত ২৩০১জন প্ৰতিনিধি আৰু বহুতো অতিথি আছিল। কাৰ্যসূচীৰ মাজতে গান্ধীয়ে বৰ্ণনা কৰিছিল, "ভাৰতৰ অন্যান্য কৃষকৰ দৰেই দেখাত দুখীয়া আৰু হাড়ে ছালে লগা এজন কৃষক মোৰ ওচৰলৈ আহিছিল আৰু কৈছিল, "মই ৰাজকুমাৰ শুক্লা। মই চম্পাৰাণৰ পৰা আহিছো আৰু মই আপোনাক আমাৰ জিলালৈ অহাটো বিচাৰোঁ! "গান্ধীয়ে কেতিয়াও সেই ঠাইৰ নাম শুনা নাছিল।নেপালৰ ওচৰৰ সুউচ্চ হিমালয় পৰ্বতমালাৰ নামনি অংশত এই ঠাই আছিল।
এটা পুৰণা বন্দবস্তি অনুসৰি চম্পাৰানৰ কৃষকসকল আধিয়াৰ খেতিয়ক আছিল। ৰাজকুমাৰ শুক্লাও তাৰ মাজৰে এজন আছিল। তেওঁ নিৰক্ষৰ কিন্তু দৃঢ়মনা আছিল। বিহাৰত প্ৰচলিত জমিদাৰী প্ৰথাই কৰা অন্যায়ৰ বিৰুদ্ধে তেওঁ অভিযোগ দিবলৈ আহিছিল আৰু কোনোবাই খুব সম্ভৱত তেওঁক কৈছিল, "গান্ধীৰ লগত কথা পাতা"।

Part II (Pages-47, 48, 49)
"Gandhi told Shukla...... forthwith to leave Tirhut."
গান্ধীয়ে শুক্লাক কৈছিল যে কাউনপুৰত তেওঁ কাৰোবাক সাক্ষাৎ কৰাৰ এটা বন্দবস্তি আছিল আৰু ভাৰতৰ অন্য ঠাইলৈ যাবলৈও বদ্ধপৰিকৰ আছিল। শুক্লাই প্ৰত্যেক স্থানলৈ তেওঁৰ লগত গৈছিল। তাৰপাছত গান্ধীয়ে আহমেদাবাদৰ ওচৰত থকা তেওঁৰ আশ্ৰমলৈ ঘূৰি আহিছিল। শুক্লাও তেওঁৰ পিছে পিছে আশ্ৰমখনলৈ গৈছিল। কেবাসপ্তাহ ধৰি তেওঁ গান্ধীৰ লগ এৰা নাছিল।
"এটা তাৰিখ ঠিক কৰক", তেওঁ অনুনয় কৰিছিল।
আধিয়াৰ খেতিয়কজন আকোৰগোজ স্বভাৱ আৰু তেওঁৰ কাহিনীটোৰ দ্বাৰা আকৰ্ষিত হৈ গান্ধীয়ে কৈছিল, "মই কলিকতাত এইটো-এইটো তাৰিখত থাকিব লাগিব। তুমি তালৈ আহা আৰু মোক তাৰপৰা আগবঢ়াই নিবা"।
মাহবোৰ পাৰ হৈ গৈছিল; যেতিয়া গান্ধী আহি পাইছিল, শুক্লাই নিৰ্ধাৰিত স্থানত জুপুকা মাৰি বহি আছিল;গান্ধী আজৰি হোৱালৈকে তেওঁ অপেক্ষা কৰিছিল। তাৰপিছত তেওঁলোক দুয়ো বিহাৰৰ পাটনা চহৰ অভিমুখী এখন ট্ৰেইনত উঠিছিল। তাত শুক্লাই তেওঁক ৰাজেন্দ্ৰ প্ৰসাদ নামৰ এজন উকীলৰ ঘৰলৈ লৈ গৈছিল, যিজন পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি আৰু ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। ৰাজেন্দ্ৰ প্ৰসাদ চহৰৰ বাহিৰত আছিল, কিন্তু চাকৰবিলাক শুক্লাক এজন দুখীয়া খেতিয়ক হিচাপেহে চিনি পাইছিল যি নীলৰ আধিয়াৰ খেতিয়কসকলক সহায় কৰিবলৈ তেওঁলোকৰ মালিকক আমনি কৰি আছিল। সেইবাবে সিহঁতে তেওঁৰ লগতে তেওঁৰ সঙ্গী গান্ধীক মাটিতে বহিবলৈ দিছিল, যাক তেওঁলোকে আন এজন খেতিয়ক বুলি ধৰি লৈছিল। কিন্তু গান্ধীক নাদটোৰ/কুৱাটোৰ পৰা পানী তুলিবলৈ অনুমতি দিয়া হোৱা নাছিল এই আশংকাত যে তেওঁৰ বাল্টিৰ পৰা কেইটোপালমান পানী পৰিলে গোটেই উৎসটো দুষিত হৈ যাব;তেওঁ যে এজন অস্পৃশ্য ব্যক্তি নাছিল সেইটোনো সিহঁতে কেনেকৈ জানিছিল?
গান্ধীয়ে শুক্লাই দিবলৈ সমৰ্থ হোৱা তথ্যতকৈ সেই অবস্থাৰ বিষয়ে আৰু অধিক সম্পূৰ্ণ তথ্য গোটাবলৈ পোনপ্ৰথমে মুজাফৰপুৰলৈ যোৱাৰ সিদ্ধান্ত কৰিছিল যিখন ঠাই চম্পাৰাণলৈ যোৱা ৰাস্তাত আছিল।সেই অনুসৰি তেওঁ মুজাফৰপুৰ আৰ্টচ কলেজৰ অধ্যাপক জে.বি.ক্ৰিপালিনি, যাক তেওঁ ঠাকুৰৰ শান্তিনিকেটন বিদ্যালয়ত দেখিছিল, তেওঁলৈ এখন টেলিগ্ৰাম পঠিয়াইছিল। ১৯১৭ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা ট্ৰেইনখন আহি পাইছিল।
বহুসংখ্যক ছাত্র ছাত্ৰীক লগত লৈ ক্ৰিপালিনিয়ে ষ্টেচনত অপেক্ষা কৰি আছিল। গান্ধীয়ে তাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক অধ্যাপক মালকানিৰ ঘৰত দুদিন আছিল। "এইটো সেই সময়ত এটা অসাধাৰণ কথা আছিল", গান্ধীয়ে মন্তব্য কৰিছিল, "এজন চৰকাৰী অধ্যাপকে মোৰ নিচিনা এজন মানুহক আশ্ৰয় দিয়াটো"। সৰু সৰু অঞ্চলবোৰত স্বৰাজৰ সমৰ্থন কৰাসকলৰ প্ৰতি সহানুভূতি দেখুৱাবলৈ ভাৰতীয়সকলে ভয় কৰিছিল।
গান্ধীৰ আগমনৰ বাৰ্তা আৰু লক্ষ্য উদ্দেশ্যেৰ বিষয়ে মুজাফৰপুৰৰপৰা চম্পাৰানলৈ দ্ৰুতগতিত বিয়পি পৰিছিল। চম্পাৰানৰ আধিয়াৰ খেতিয়কসকলে খোজকাঢ়ি আৰু পৰিবহন ব্যৱস্থাৰ যোগেদি তেওঁলোকৰ মহানায়কক চাবৰ বাবে আহি পোৱা আৰম্ভ কৰিছিল। মুজাফৰপুৰৰ উকীলসকলে কথাখিনি জনাবলৈ গান্ধীক সাক্ষাৎ কৰিছিল; তেওঁলোকে প্ৰায়েই কৃষকৰ দলবিলাকক আদালতত প্ৰতিনিধিত্ব কৰিছিল; তেওঁলোকে তেওঁক তেওঁলোকৰ কেচবোৰৰ বিষয়ে কৈছিল আৰু তেওঁলোকৰ মাচুলৰ পৰিমাণৰ বিষয়ে জনাইছিল।
আধিয়াৰ খেতিয়কসকলৰ পৰা অত্যাধিক মাচুল সংগ্ৰহ কৰাৰ বাবে গান্ধীয়ে উকীলসকলক কৰ্কথনা কৰিছিল। তেওঁ কৈছিল, "মই এই সমাধানলৈ আহিছোঁ যে আমি আদালতবোৰলৈ যোৱা বন্ধ কৰা উচিত। এনেকুৱা কেচবোৰ আদালতলৈ নিয়াৰ পৰা কোনো লাভ হোৱা নাই। য'ত কৃষকসকল ইমান পীড়িত আৰু আতংকগ্ৰস্ত হৈ আছে,তাত আদালত নিষ্প্ৰয়োজন। তেওঁলোকৰ বাবে প্ৰকৃত সকাহ হ'ব ভয়ৰ পৰা মুক্ত হোৱাটোহে"।
চম্পাৰাণ জিলাৰ অধিকাংশ কৃষিউপযোগী ভূমিয়েই ইংৰাজ মালিকনাধীন আৰু ভাৰতীয় আধিয়াৰসকলে কাম কৰা ডাঙৰ ডাঙৰ খন্ডত বিভক্ত আছিল। নীল আছিল মূখ্য বাণিজ্যিক খেতি। ব্ৰিটিছ জমিদাৰসকলে সকলো আধিয়াৰ খেতিয়কক তেওঁলোকৰ দখলত থকা ভূমিৰ ১৫% বা ৩/২০ অংশত নীল খেতি কৰিবলৈ বাধ্য কৰিছিল আৰু বাকী সমগ্ৰ নীল খেতিটো খাজনা হিচাপে সমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল। দীৰ্ঘম্যাদী চুক্তিৰ জৰিয়তে এইটো কৰোৱা হৈছিল।
ইতিমধ্যে জমিদাৰসকলে গম পাইছিল যে জাৰ্মানীয়ে সংশ্লেষিত নীলৰ আবিষ্কাৰ কৰিছিল। তেওঁলোকে তেতিয়া ততাতৈয়াকৈ আধিয়াৰসকলক ১৫%বন্দবস্তিৰ পৰা অব্যাহতি দিয়াৰ বিনিময়ত তেওঁলোকৰ লগত চুক্তি কৰিছিল।
আধিয়াৰ বন্দবস্তিটো কৃষকসকলৰ বাবে বিৰক্তিকৰ আছিল আৰু বহুতে ইচ্ছাকৃতভাবে চহী কৰিছিল। যিসকলে বাধা দিছিল, তেওঁলোকে উকীল জড়িত কৰিছিল; জমিদাৰসকলে গুন্ডা ভাড়া কৰিছিল। ইতিমধ্যে সংশ্লেষিত নীলৰ আবিষ্কাৰৰ বাতৰিটো নিৰক্ষৰ খেতিয়কসকলৰ ওচৰ পাইছিল যিসকলে চুক্তিত চহী কৰিছিল আৰু তেওঁলোকে তেওঁলোকৰ টকা ওভোটাই বিচাৰিছিল।
এইসময়তে গান্ধী চম্পাৰান আহি পাইছিল।
তেওঁ তথ্যবিলাক পাবলৈ চেষ্টা কৰি কাম আৰম্ভ কৰিছিল। প্ৰথমতে তেওঁ ব্ৰিটিছ জমিদাৰ সংস্থাৰ সম্পাদকক লগ কৰিছিল। সম্পাদকজনে তেওঁক কৈছিল যে এজন বহিৰাগতক তেওঁলোকে কোনো তথ্য দিব নোৱাৰে। গান্ধীয়ে উত্তৰ দিছিল যে তেওঁ বহিৰাগত নাছিল। পাচত, গান্ধীয়ে তিৰহাত মন্ডলৰ চৰকাৰী ব্ৰিটিছ আয়ুক্তজনক লগ কৰিছিল যাৰ অধীনত চম্পাৰান জিলাও আছিল। "আয়ুক্তজনে", গান্ধীয়ে লিখিছে, "মোক ভয় ভাবুকি দিবলৈ আগবাঢ়িছিল আৰু মোক তৎক্ষণাত তিৰহাত এৰি যাবলৈ পৰামৰ্শ দিছিল"।

Part-III (Pages 49, 50, 51)
"Gandhi did not leave...... vehement protests of the landlord."
গান্ধীয়ে তিৰহাট এৰি যোৱা নাছিল। তাৰ পৰিবৰ্তে তেওঁ চম্পাৰানৰ ৰাজধানী মতিহাৰীলৈ আগবাঢ়িছিল। কেইবাজনো উকীল তেওঁৰ লগত গৈছিল। ৰেলষ্টেচনত এদল বিশাল জনতাই গান্ধীক অভিবাদন জনাইছিল। তেওঁ এঘৰলৈ গৈছিল আৰু ইয়াকেই তেওঁ মূখ্য কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি তেওঁৰ তদন্ত চলাই গৈছিল। এটা খবৰ আহিছিল যে ওচৰৰ গাওঁ এখনৰ এজন কৃষকক দূৰ্ব্যৱহাৰ কৰা হৈছিল। গান্ধীয়ে নিজে গৈ চাবলৈ সিদ্ধান্ত কৰিছিল; পাছদিনা তেওঁ এটা হাতীৰ পিঠিত উঠি যাত্ৰা আৰম্ভ কৰিলে। তেওঁ বেছিদুৰ আগবঢ়া নাছিল যেতিয়া আৰক্ষী অধীক্ষকৰ বাৰ্তাবাহকজনে তেওঁক অতিক্ৰম কৰিছিল আৰু নগৰলৈ তেওঁৰ গাড়ীত ঘূৰি যাবলৈ আদেশ দিছিল। গান্ধীয়ে মানি লৈছিল। বাৰ্তাবাহকজনে গান্ধীক ঘৰলৈ লৈ গৈছিল য'ত তেওঁ গান্ধীক তাৎক্ষণিক ভাৱে চম্পাৰাণ ত্যাগ কৰিবলৈ এখন চৰকাৰী জাননী জাৰি কৰিছিল। গান্ধীয়ে জাননীখনৰ প্ৰাপ্তি স্বীকাৰ কৰি চহী কৰিছিল আৰু ইয়াৰ ওপৰত লিখিছিল যে তেওঁ আদেশটো অমান্য কৰিব।
ফলস্বৰূপে গান্ধীয়ে পাছদিনা আদালতত হাজিৰ হ'ব লাগিব বুলি এখন চমন পালে।
গোটেই ৰাতি গান্ধী সাৰে থাকিল। তেওঁ ৰাজেন্দ্ৰ প্ৰসাদক বিহাৰৰ পৰা প্ৰভাবশালী বন্ধুসকলৰ সৈতে আহিবলৈ দুৰবাৰ্তা প্ৰেৰণ কৰিছিল। তেওঁ আশ্ৰমখনলৈ নিৰ্দেশনা পঠিয়াইছিল। তেওঁ ভাইচৰয়লৈ এটা সম্পূৰ্ণ প্ৰতিবেদন পঠিয়াইছিল।
ৰাতিপুৱা মতিহাৰী চহৰখন কৃষকেৰে ভৰ্তি হৈ ক'লা হৈ পৰিছিল। তেওঁলোকে গান্ধীৰ দক্ষিণ আফ্ৰিকাৰ অভিলেখৰ বিষয়ে জনা নাছিল। তেওঁলোকে মাত্ৰ এইটোৱেই শুনিছিল যে এজন মহাত্মা যি তেওঁলোকক সহায় কৰিব বিচাৰিছিল, তেওঁ চৰকাৰী কৰ্তৃপক্ষৰ ওচৰত সমস্যাত পৰিল। আদালতচৌহদৰ চৌপাশে হোৱা তেওঁলোকৰ স্বত:স্ফুত প্ৰতিবাদত হাজাৰ হাজাৰজনৰ অংশগ্ৰহণ তেঁওলোকৰ ব্ৰিটিছৰ প্ৰতি থকা ভয়ৰ পৰা মুক্তি পোৱাৰ আৰম্ভণি আছিল।
গান্ধীৰ সহযোগিতা অবিহনে চৰকাৰী কৰ্তৃপক্ষই শক্তিহীন অনুভৱ কৰিছিল।তেওঁ জনতাক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকক সহায় কৰিছিল। তেওঁ নম্ৰ আৰু বন্ধুত্বসুলভ আছিল। তেওঁ তেওঁলোকক বাস্তৱ প্ৰমাণ দি আছিল যে তেওঁলোকৰ যি শক্তিক এতিয়ালৈকে কোনেও প্ৰশ্ন কৰা নাই আৰু সমীহ কৰি আহিছে, সেই শক্তি ভাৰতীয়সকলৰ দ্বাৰা প্ৰত্যাহ্বানৰ সম্মুখীন হ'ব পাৰে। চৰকাৰ বিমোৰত পৰিছিল। আইনী প্ৰতিনিধিজনে বিচাৰকক বিচাৰখন স্থগিত ৰাখিবলৈ(to postpone)অনুৰোধ কৰিলে। দেখদেখকৈ কৰ্তৃপক্ষই তেওঁলোকৰ উৰ্ধতম মহলৰ লগত আলোচনা কৰিবলৈ ইচ্ছা কৰিছিল। গান্ধীয়ে এই বিলম্বৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ নিজকে দোষী সাব্যস্ত কৰি এটা টোকা পাঠ কৰিছিল। তেওঁ আদালতক কৈছিল, তেওঁ এক "কৰ্তব্যৰ সংঘাতত" লিপ্ত হৈছিল-- এহাতেদি তেওঁ আইনভংগকাৰী হিচাপে এটা বেয়া উদাহৰণ ৰাখিব বিচৰা নাছিল আৰু অন্যহাতেদি তেওঁ এক "মানবতাবাদী আৰু ৰাষ্ট্ৰীয় সেৱা" আগবঢ়াব বিচাৰে, যিটোৰ বাবে তেওঁ আহিছিল। তেওঁ তিৰহাট এৰি যাবলৈ দিয়া আদেশটো অমান্য কৰিছিল, "আইনী কৰ্তৃপক্ষৰ প্ৰতি সন্মানৰ অভাবৰ বাবে নহয়, কিন্তু আমাৰ অস্তিত্বৰ উৰ্ধতম আইন অৰ্থাৎ বিবেকৰ কন্ঠৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেহে"। তেওঁ প্ৰাপ্য শাস্তি বিচাৰিছিল।
দন্ডাধীশে ঘোষণা কৰিছিল যে দুঘন্টা বিৰতিৰ পাছত তেওঁ ৰায়দান কৰিব আৰু সেই ১২০ মিনিট সময়ৰ ভিতৰত জামিন ল'বলৈ গান্ধীক অনুৰোধ কৰিছিল। গান্ধীয়ে অস্বীকাৰ কৰিছিল। বিচাৰকে জামিন নোহোৱাকৈ তেওঁক মুকলি কৰি দিছিল।
যেতিয়া আদালতৰ কাৰ্যসূচী পুনৰ আৰম্ভ হৈছিল, বিচাৰকে কৈছিল যে তেওঁ কেবাদিনলৈ ৰায়দান নকৰে। ইতিমধ্যে তেওঁ গান্ধীক স্বাধীনভাবে থাকিবলৈ অনুমতি দিছিল।
ৰাজেন্দ্ৰ প্ৰসাদ, ব্ৰিজ কিশোৰ বাবু, মৌলানা মজৰুল হক আৰু অন্য কেইবাজনো বিশিষ্ট অধিবক্তা বিহাৰৰ পৰা আহি পাইছিল। তেওঁলোকে গান্ধীৰ লগত আলোচনা কৰিছিল। গান্ধীয়ে সুধিছিল তেওঁক কাৰাদন্ড বিহিলে তেওঁলোকে কি কৰিব? কিয়, জেষ্ঠ উকীলজনে প্ৰশ্ন কৰিছিল, তেওঁলোকে তেওঁক সহায় কৰিবলৈ আৰু উপদেশ দিবলৈ আহিছিল; যদি তেওঁ কাৰাগাৰলৈ যায়, তেওঁক উপদেশ দিবলৈ কোনো নাথাকিব আৰু তেওঁলোক ঘৰলৈ যাবগৈ।
আধিয়াৰসকলৰ লগত হোৱা অন্যায়ৰ কি হ'ব, গান্ধীয়ে জোৰ দি কৈছিল। উকীলকেইজনে আলোচনা কৰিবলৈ আতৰি গৈছিল। ৰাজেন্দ্ৰ প্ৰসাদে তেওঁলোকৰ আলোচনাৰ সাৰমৰ্মটো লিপিবদ্ধ কৰিছে,-- "তেওঁলোকে নিজৰ মাজতে ভাবিছিল যে গান্ধী একেবাৰে এজন অচিনাকী ব্যক্তি আছিল, আৰু তথাপিও কৃষকসকলৰ খাতিৰত কাৰাগাৰলৈ যাবলৈও প্ৰস্তুত আছিল; অন্যহাতে তেওঁলোক কেৱল দাতিকাষৰীয়া জিলাসমূহৰ বাসিন্দাই নহয় আৰু তেওঁলোক সেইসকল ব্যক্তিও যিসকলে কৃষকসকলক সেৱা কৰাৰ দাবী কৰি আহিছে, যদি তেওঁলোক ঘৰলৈ যায়, এইটো লজ্জাজনক পৰিত্যাগ হ'ব"।
সেই অনুসৰি তেওঁলোক গান্ধীৰ কাষলৈ গৈছিল আৰু কৈছিল যে তেওঁলোক তেওঁৰ পাচে পাচে জেল যাবলৈ প্ৰস্তুত আছিল। "চম্পাৰানৰ যুদ্ধ জয় হ'ল", তেওঁ চিঞৰি উঠিছিল। তাৰপাছত তেওঁ এটুকুৰা কাগজ লৈছিল আৰু দলটোক জোৰা জোৰা কৰি ভাগ কৰি দিছিল আৰু কাৰ পাছত কোনে গ্ৰেপ্তাৰ বৰণ কৰিব সেইটো একাদিক্ৰমে লিখি দিছিল। কেইদিনমানৰ পাছত গান্ধীয়ে দন্ডাধীশৰ পৰা এইটো অবগত কৰা বাৰ্তা পাইছিল যে সেই ৰাজ্যৰ লেফটেনেন্ট গভৰ্ণৰে গোচৰটো বন্ধ কৰিবলৈ আদেশ দিলে। আধুনিক ভাৰতত প্ৰথমবাৰৰ বাবে আইন অমান্য আন্দোলন বিজয়ী হৈছিল।
গান্ধী আৰু অধিবক্তাসকলে খেতিয়কসকলৰ ক্ষোভ অসন্তুষ্টিৰ ওপৰত এটা সূদূৰপ্ৰসাৰী অনুসন্ধান কৰিবলৈ আগবাঢ়িল। প্ৰায় দহহাজাৰ কৃষকৰ সাক্ষ্য লিপিবদ্ধ কৰা হৈছিল আৰু অন্যান্য প্ৰমানৰ ওপৰত টোকা লিখা হৈছিল। নথিপত্ৰ সংগ্ৰহ কৰা হৈছিল। সমগ্ৰ অঞ্চলটো অনুসন্ধানকাৰীৰ কাৰ্য্যকলাপ আৰু জমিদাৰসকলৰ তীব্ৰ প্ৰতিবাদত ৰজনজনাই গৈছিল/কপি উঠিছিল।

Part IV
Pages-(51,52,53,54)
"In June, Gandhi was summoned...help to sharecroppers were all bound together."
জুন মাহত গান্ধীক লেফটেনেন্ট গভৰ্ণৰ চাৰ এদৱাৰ্ড গেইটৰ ওচৰলৈ মাতি পঠিওৱা হৈছিল। যোৱাৰ আগত তেওঁ মূখ্য সহযোগীসকলক লগ কৰিছিল আৰু তেওঁ ঘুৰি নাহিলে আকৌ আইন অমান্য আন্দোলনৰ বিস্তৃত পৰিকল্পনা যুগুতাইছিল। লেফটেনেন্ট গভৰ্ণৰৰ লগত গান্ধীৰ চাৰিটা দীঘলীয়া সাক্ষাৎকাৰ হৈছিল, যাৰফলত তেওঁ নীলৰ আধিয়াৰ খেতিয়কসকলৰ অবস্থাৰ বুজ ল'বলৈ এখন চৰকাৰী তদন্ত আয়োগৰ নিযুক্তি দিছিল। এই আয়োগখন জমিদাৰসকল, চৰকাৰী কৰ্মচাৰীসকল আৰু কৃষকসকলৰ একমাত্ৰ প্ৰতিনিধি হিচাপে গান্ধীক লৈ গঠিত হৈছিল।
গান্ধী চম্পাৰাণত প্ৰথম সাতমাহৰ অবিৰত সময়ছোৱা আৰু তাৰপাছত কেইবাটাও চমু ভ্ৰমণৰ সময়ত আছিল। এজন নিৰক্ষৰ কৃষকৰ অনুৰোধত আকস্মিকভাবে কৰা এই ভ্ৰমণ কেইদিনমানৰ বাবে চলাৰ আশা কৰা হৈছিল যদিও, ই গান্ধীৰ জীৱনৰ এবছৰ দখল কৰিছিল।
চৰকাৰী অনুসন্ধানত বৃহৎ খেতিয়কসকলৰ বিৰুদ্ধে পৰ্বতসম সাক্ষ্য প্ৰমাণ গোট খাইছিল,আৰু যেতিয়া তেওঁলোকে এইটো দেখিছিল, তেওঁলোকে নীতিগতভাবে কৃষকসকলক ধন ঘূৰাই দিবলৈ ৰাজী হৈছিল। "কিন্তু আমি কিমান টকা পৰিশোধ কৰিব লাগিব?", তেওঁলোকে গান্ধীক সুধিছিল।
তেওঁলোকে ভাবিছিল যে আধিয়াৰ খেতিয়কসকলৰ পৰা তেওঁলোকে অবৈধভাবে, আৰু প্ৰতাৰণাৰে যি বলপূৰ্বক ধন সংগ্ৰহ কৰিছিল,সেই সকলোখিনি পৰিশোধ কৰিবলৈ তেওঁ দাবী কৰিব। তেওঁ মাত্ৰ ৫০%হে বিচাৰিছিল। "তাতেই তেওঁক আকোৰগোজ যেন লাগিছিল", লিখিছে ৰেভাৰেন্ড জে. জেদ. হজে, এজন ব্ৰিটিছ মিচনাৰী যি চম্পাৰাণৰ সমগ্ৰ অধ্যায়টো ওচৰৰ পৰা নিৰীক্ষণ কৰিছিল। "খুব সম্ভবত এইটো ভাবি যে তেওঁ মানি নলয়, বৃহৎ খেতিয়কসকলৰ প্ৰতিনিধিজনে ২৫% লৈকে পৰিশোধ কৰাৰ প্ৰস্তাৱ দিছিল আৰু তেওঁক হতচকিত কৰি অচলাৱস্থাটোৰ অবসান ঘটাই গান্ধীয়ে তেওঁৰ কথা মানি লৈছিল।
এই মীমাংসাটো আয়োগখনত সৰ্বসন্মতিক্ৰমে (unanimously) গৃহীত হৈছিল। গান্ধীয়ে বাখ্যা কৰিছিল যে ঘূৰাই দিয়া ধনৰ পৰিমানটো এই কথাটোতকৈ কম গুৰুত্বপূৰ্ণ আছিল যে জমিদাৰসকলক তেওঁলোকৰ ধনৰ অংশ সমৰ্পন কৰিবলৈ বাধ্য হৈছিল, আৰু ইয়াৰ লগত আছিল তেওঁলোকৰ সন্মানৰ অংশও। যিমানদূৰলৈকে কৃষকসকলৰ কথা জড়িত আছিল, এই জমিদাৰবোৰে নিজকে আইনৰ ওপৰৰ স্বামী বুলি আচৰন কৰিছিল। এতিয়া কৃষকে গম পাইছিল যে তেওঁৰ অধিকাৰ আছিল আৰু অধিকাৰৰ ৰক্ষকো আছিল। তেওঁ সাহস শিকিছিল।
ঘটনাপ্ৰবাহে গান্ধীৰ স্থান ন্যায়সংগত প্ৰতিপন্ন কৰিছিল। কেইবছৰমানৰ ভিতৰতে ব্ৰিটিছ জমিদাৰসকলে তেওঁলোকৰ ভূমি ত্যাগ কৰিছিল, যিবোৰ খেতিয়কসকলৰ হাতলৈ উভটি গৈছিল।নীলৰ আধিয়াৰ খেতি নাইকিয়া হৈছিল।
গান্ধীয়ে নিজকে কেতিয়াও ডাঙৰ ৰাজনৈতিক বা অৰ্থনৈতিক সমাধানতে সন্তুষ্ট ৰখা নাছিল। চম্পাৰাণৰ গাওবিলাকত তেওঁ সামাজিক আৰু সাংস্কৃতিক অনগ্ৰসৰতা (cultural and social backwardness) দেখা পাইছিল আৰু তাৎক্ষনিকভাবে এই বিষয়ে কিবা এটা কৰিব বিচাৰিছিল। তেওঁ শিক্ষকৰ বাবে আহ্বান জনাইছিল।মহাদেৱ দেশাই আৰু নৰহৰি পাৰিখ নামৰ দুজন ডেকা ল'ৰা যি গান্ধীৰ শিষ্য হিচাপে যোগদান কৰিছিল আৰু তেওঁলোকৰ পত্নী্য়ে কামটোৰ বাবে স্বেচ্ছাই সেৱা আগবঢ়াইছিল। অন্য কেইবাজনো বম্বে, পুনা আৰু এই ভূখন্ডৰ দুৰণিবটীয়া ঠাইৰ পৰা আহিছিল। গান্ধীৰ নুমলীয়া পুত্ৰ দেবদাস আশ্ৰমৰ পৰা আহি পাইছিল আৰু গান্ধীৰ পত্নীও আহিছিল। ছয়খন গাঁৱত প্ৰাথমিক বিদ্যালয় খোলা হৈছিল। সামূহিক স্বচ্ছতা (community sanitation) আৰু ব্যক্তিগত পৰিষ্কাৰ পৰিছন্নতাৰ ওপৰত আশ্ৰমৰ নিয়মসমূহ কস্তূৰীবায়ে শিকাইছিল।
স্বাস্থ্যৰ অবস্থা শোচনীয় (miserable) আছিল। গান্ধীয়ে ছমাহৰ বাবে স্বেচ্ছাই সেৱা আগবঢ়াবৰ বাবে এজন চিকিৎসক পাইছিল। তিনিটা দৰবেই মজুত আছিল--এৰাতেল, কুইনাইন আৰু চালফাৰ মলম।কোনোবাই যদি ভেকুৰা জিভা দেখুৱাইছিল, তাক এপালি এৰাতেল দিয়া হৈছিল; মেলেৰিয়া জ্বৰ হোৱা কোনোবাজনে কুইনাইন আৰু এৰাতেল পাইছিল; ছালৰ ফোহা বা খৰ খজুৱতি হোৱাজনক মলমৰ লগত এৰাতেল দিয়া হৈছিল।
মহিলাৰ কাপোৰৰ কদৰ্য ৰূপটো (filthy state) গান্ধীয়ে লক্ষ্য কৰিছিল। তেওঁ কস্তূৰীবাইক এই বিষয়ে তেওঁলোকৰ লগত কথা পাতিবলৈ কৈছিল। এগৰাকী মহিলাই কস্তূৰীবাইক তেওঁৰ জুপুৰি ঘৰটোলৈ লৈ গৈছিল আৰু কৈছিল, "চাওকচোন, ইয়াত কাপোৰ থ'বলৈ কোনো বাকচ বা আলমাৰী নাই। মই পিন্ধি থকা শাৰীখনেই মোৰ হাতত থকা একমাত্ৰ শাৰী"।
চম্পাৰাণত থকা সুৰ্দীঘ সময়ছোৱাত গান্ধীয়ে তেওঁৰ আশ্ৰমখনত দুৰৰ পৰাই নিৰীক্ষণত ৰাখিছিল। তেওঁ ডাকযোগে নিয়মীয়া নিৰ্দেশনা পঠিয়াইছিল আৰু বিত্তীয় হিচাব নিকাচ বিচাৰিছিল। এবাৰ তেওঁ আবাসীসকললৈ লিখিছিল যে শৌচালয়ৰ পুৰনা গাতবোৰ পুতি নতুন গাত খান্দিবৰ সময় হ'ল, ন'হলে পুৰনা গাতবোৰ বেয়া গোন্ধাবলৈ আৰম্ভ কৰিব।
চম্পাৰাণৰ অধ্যায়টো গান্ধীৰ জীৱনৰ পট পৰিৱৰ্তনৰ কাৰক (turning point) আছিল। "মই যি কৰিছিলোঁ", তেওঁ বাখ্যা কৰিছিল, "এটা বৰ সাধাৰণ কথা আছিল।মই ঘোষণা কৰিছিলোঁ যে ব্ৰিটিছসকলে মোক নিজৰ দেশৰ ভিতৰত আদেশ দি থাকিব নোৱাৰিব"।
কিন্তু চম্পাৰাণ এটা প্ৰতিৰোধৰ কাৰ্য্য হিচাপে আৰম্ভ হোৱা নাছিল। বৃহৎ সংখ্যক দৰিদ্ৰ কৃষকৰ দুখ কষ্ট লাঘব কৰিবলৈ (to alleviate) কৰা এটা প্ৰচেষ্টাৰ পৰা ইয়াৰ বিকাশ হৈছিল। এইটো আছিল গান্ধীৰ নক্সা--তেওঁৰ ৰাজনীতি নিযুত নিযুত মানুহৰ দৈনন্দিন, ব্যৱহাৰিক সমস্যাৰ লগত সাঙোৰ খাই আছিল(intertwined)। তেওঁৰটো গুনৰ প্ৰতি আনুগত্য নাছিল, এইটো আছিল জীৱন্ত মানুহৰ প্ৰতি থকা আনুগত্য।
গান্ধীয়ে যি কাম কৰিছিল তাৰ প্ৰত্যেকটোত এজন স্বাধীন/মুক্ত ভাৰতীয়ৰ গঢ় দিব বিচাৰিছিল, যিয়ে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব আৰু সেইদৰে ভাৰতক মুক্ত কৰিব। চম্পাৰাণ কাৰ্যৰ আগত চাৰ্লচ ফ্ৰিআৰ এনদ্ৰুছ নামৰ এজন ইংৰাজ পেচিফিষ্ট যি মহাত্মাৰ এজন ঐকান্তিক অনুগামী হৈছিল, তেওঁ এটা ভ্ৰমণত ফিজি দ্বীপলৈ যোৱাৰ আগতে গান্ধীৰ ওচৰত বিদায় মাগিবলৈ আহিছিল। গান্ধীৰ উকীল বন্ধুসকলে ভাবিছিল যে এন্দ্ৰুছ চম্পাৰাণত থাকি তেওঁলোকক সহায় কৰাটো এটা ভাল ধাৰনা হ'ব। গান্ধীয়ে সন্মতি দিয়াহ'লে এন্দ্ৰুচ ইচ্ছুক হ'লহেতেন।কিন্তু গান্ধী এই চিন্তাৰ তীব্ৰ বিৰোধী আছিল। তেওঁ কৈছিল,"আপোনালোকে ভাবে এই অসমান যুদ্ধখনত আমাৰ পক্ষত এজন ইংৰাজলোক থাকিলে আমাৰ সহায়ক হ'ব। এইটোৱে আপোনালোকৰ অন্তৰৰ দূৰ্বলতাহে দেখুৱাইছে। কাৰনটো ন্যায়সংগত আৰু যুদ্ধখনত জয়ী হ'বলৈ আপোনালোকে নিজৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এন্দ্ৰুচ ডাঙৰীয়া এজন ইংৰাজ ব্যক্তি হোৱা কাৰণে আপোনালোকে তেওঁৰ পৰা সমৰ্থন (prop) বিচৰা উচিত নহয়।"
"তেওঁ আমাৰ মনটো শুদ্ধকৈ বুজিলে", ৰাজেন্দ্ৰ প্ৰসাদে মন্তব্য কৰে,"আৰু আমাৰ কোনো উত্তৰ নাছিল.... গান্ধীয়ে এনেদৰেই আমাক আত্মনিৰ্ভৰতাৰ এটা পাঠ পঢ়ুৱাইছিল"।
আত্মনিৰ্ভৰতা, ভাৰতীয় স্বাধীনতা আৰু আধিয়াৰসকলক কৰা সহায় একে এনাজৰীত বান্ধ খাই আছিল।
***সমাপ্ত***

Syllabus of HS Second year English (Prose)
Syllabus of HS Second year English (Poetry)
Syllabus of HS Second year English (Supplementary Reader : Vistas)
2. The Enemy
Mr. Rupjyoti Goswami
Post Graduate Teacher (English)
Bhogeswar Hazarika Girls' Higher Secondary School, Bebejia, Nagaon, Assam.
Email: rupjyotigoswami983@gmail.com
Mobile: 9864425896.
Contact us (whatsapp no-7020477396) for free notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

ConversionConversion EmoticonEmoticon