-->

শীতল যুদ্ধৰ যুগ । Era of Cold war in Assamese

 Questions Answers of AHSEC Solution for Class 12 Political Science শীতল যুদ্ধৰ যুগ । Era of Cold war. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 

শীতল যুদ্ধৰ যুগ
Era of Cold war

Class 12 Political Science


Class 12 Political Science শীতল যুদ্ধৰ যুগ । Era of Cold war ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Political Science শীতল যুদ্ধৰ যুগ । Era of Cold war has been discussed in systematic way. There are approximately important 50 questions answers in this article.

1.  দ্বিতীয় বিশ্বযুদ্ধত অক্ষ শক্তিৰ এখন সদস্য ৰাষ্ট্ৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ/ছোভিয়েট ইউনিয়ন/জার্মানী।  (শুদ্ধ উত্তৰটো বাছি উলিওৱা) HS-2023

উত্তৰঃ- জার্মানী। 

2. কোন চনত কিউৱান ক্ষেপনাস্ত্র সংকট সংঘটিত হৈছিল? HS-2023

উত্তৰঃ- ১৯৬২ চনত। 

3. NATO-ৰ সম্পূৰ্ণ ৰূপটো লিখা।             HS-2020
উত্তৰ:- North Atlantic Treaty Organisation.

4. ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  HS-2015

উত্তৰঃ- ৫১ খন ৰাষ্ট্ৰই। 


2. SEATO-ৰ সম্পূৰ্ণ ৰূপটো লিখা।         HS-2019. 2022
উত্তৰ:- South East Asia Treaty organization.

3. প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM) ৰ সন্মিলন কেতিয়া আৰু কত অনুষ্ঠিত হৈছিল?        HS-2017
উত্তৰ:- প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM) ৰ সন্মিলন 1961 চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল।

4. শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ বন্ধু দেশসমূহৰ সৈতে আৱদ্ধ হোৱা সামৰিক চুক্তি দুখনৰ নাম কি?        HS-2013,HS-2017
উত্তৰ:- NATO আৰু Warsaw Pact

5. NIEO-ৰ সম্পূৰ্ণ ৰূপটো লিখা।            HS-2017. 2021
উত্তৰ:- New International Economic Order.

6. ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিবপ্ৰধান কোন আছিল?     HS-2016
উত্তৰ:-নৰৱেৰ ট্ৰিগভি লি (Trygve Lie)

7. কিউবা ক্ষেপণাস্ত্ৰ সংকত___চনত হৈছিল।        HS-2016
উত্তৰ:- 1962 চনত

8. শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিয়ে স্বাক্ষৰ কৰা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা।   HS-2012, HS-2016
উত্তৰ:- সীমিত অস্ত্ৰ পৰীক্ষণ নিষিদ্ধ চুক্তি (LTBT) আৰু পাৰমাণৱিক নি-সম্প্ৰসাৰণ চুক্তি (NPT)

9. কোনটো বৰ্ষত পাৰমাণৱিক নি-সম্প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল?     HS-2015
উত্তৰ:- 1968 চনত

10. শীতল যুদ্ধৰ যুগত দুই বৃহত্‍ গোষ্ঠীৰ বাহিৰেও উদ্ভব হোৱা তৃতীয় গোষ্ঠীটো কি আছিল?          HS-2015
উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলন।

11. গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM) ৰ প্ৰথম শীৰ্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?       HS-2014
উত্তৰ:- গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM)ৰ প্ৰথম সন্মিলন শীৰ্ষ বেলগ্ৰেডত অনুষ্ঠিত হৈছিল।

12. শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:-শীতল যুদ্ধ দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত আৰম্ভ হৈছিল।

13. দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অভ্যুখান হোৱা দুখন মহাশক্তিৰ দেশৰ নাম উল্লেখ কৰা।    HS-2018
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ।

14. কোন চনত কেন্দ্ৰীয় চুক্তি সংগঠন (CENTO) প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:- 1955 চনত

15. কোন চনত ৰাছিয়াই হাঙ্গেৰীত হস্তক্ষেপ কৰিছিল?
উত্তৰ:-  1956 চনত

16. শীতল যুদ্ধত অংশগ্ৰহণ কৰা বৃহত্ শক্তিৰ নাম লিখা।
উত্তৰ:- ছোভিয়েট সংঘ।

17. UNCTAD-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- United Nations Conference on Trade and Development

18. “বাগদাদ চুক্তি” কোন চনত স্বাক্ষৰিত হৈছিল?
উত্তৰ:- 1955 চনত

19. অক্ষীয় শক্তিৰ (Axis powers) এখন প্ৰধান ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰ:- ইটালী।

20. NAM-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- Non-Aligned Movement

21. মিত্ৰ শক্তিৰ (Allied Forces) এখন প্ৰধান ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰ:- মাৰ্কিন যুক্তৰাষ্ট্ৰ।

22. CENTO-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- Central Treaty Organization

23. NPT-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- Nuclear Non-Proliferation Treaty

24. SALT-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- Strategic Arms Limitation Treaty

25. LTBT-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- Limited Test Ban Treaty

26. START-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- Strategic Arms Reduction Treaty

27. কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল?
উত্তৰ:- 1961 চনত।

28. দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোন দুখন চহৰত আণবিক বোমা নিক্ষেপ কৰা হৈছিল?
উত্তৰ:- জাপানৰ হিৰোচিমা আৰু নাগাচাকি।

29. শীতল যুদ্ধক কোনে দীঘলীয়া Long twilight struggle যুদ্ধ বুলি কৈছিল?
উত্তৰ:- ৰাষ্ট্ৰপতি কেনেডিয়ে।

30. দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা?      HS-2014
উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, ব্ৰিটেইন, ফ্ৰান্স আদি দেশবোৰক মিত্ৰ শক্তি কোৱা হৈছিল।  আনহাতে অক্ষীয় (চত্ৰু) শক্তি হ’ল জাৰ্মানী, জাপান, ইটালী।

31. কোন চনত দক্ষিণ-পূব এছিয়া চুক্তি সংগঠন (SEATO) প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:- 1955 চনত

32. ‘তৃতীয় বিশ্ব’ মানে কি বুজা?
উত্তৰ:- দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত স্বাধীনতা লাভ কৰা অ-উন্নত দেশবোৰক ‘তৃতীয় বিশ্ব’ বুলি কোৱা হয়।

33. নাটো (NATO)ৰ প্ৰতিষ্ঠা কৰা হৈছিল___(1955/1959/1949/1991) চনত।
উত্তৰ:- 1949 চনত।

34. গোষ্ঠীনিৰপেক্ষ আন্দোলন কি?
উত্তৰ:- শীতল যুদ্ধৰ কালত আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত দেশসমূহ একত্ৰিত হৈ এক প্ৰত্যাহ্বান বা প্ৰতিৰোধ গঢ়ি তুলিছিল। এনে প্ৰতিৰোধ গঢ়ি তোলা মঞ্চক গোষ্ঠীনিৰপেক্ষ আন্দোলন নামেৰে জনা যায়।

35. নতুন আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ দুটা নীতি লিখা।       HS-2020
উত্তৰ:- (ক)উন্নত পশ্চিমীয়া দেশসমূহে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদৰ ওপৰত কম উন্নত দেশসমূহৰ নিজস্ব নিয়ন্ত্ৰণত থাকিব লাগে,
(খ) কম উন্নত ৰাষ্ট্ৰসমূহে যাতে উত্পাদদিত সামগ্ৰীসমূহৰ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া বজাৰসমূহত প্ৰৱেশৰ ক্ষমতা দিব লাগে।

36. গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী নিৰ্মাতাৰ নাম লিখা।         HS-2015
উত্তৰ:- ইন্দোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি ছুকাৰ্ণো, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইজিপ্তৰ দ্বিতীয় ৰাষ্ট্ৰপতি গামাল আবদেল নাছাৰ আৰু যুগোশ্ল’ভিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি যোচিপ ব্ৰজ টিটো।

37. শুদ্ধ নে অশুদ্ধ লিখা
(a) শীতল যুদ্ধ ৰাছিয়া আৰু আমেৰিকাৰ মাজত সংঘটিত হৈছিল।

উত্তৰ:- শুদ্ধ

(b) শীতল যুদ্ধক নেহৰুৱে long twilight struggle আখ্যা দিছিল।
উত্তৰ:- অশুদ্ধ

(c) গোষ্ঠীনিৰপেক্ষ আন্দোলনত আমেৰিকাই সক্ৰিয় অংশগ্ৰহণ কৰিছিল।
উত্তৰ:- অশুদ্ধ

(d) শীতল যুদ্ধৰ সময়ত ৰোমানিয়াই ছোভিয়েট গোষ্ঠীত যোগদান কৰিছিল।
উত্তৰ:- শুদ্ধ

(e) ভাৰত নাটোৰ সক্ৰিয় সদস্য আছিল।
উত্তৰ:- অশুদ্ধ

দীঘল প্ৰশ্নোত্তৰ । Essay Types Questions' Answer:-
1. শীতল যুদ্ধৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলন (NAM)-ৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলোচনা কৰা।   HS-2013
(অথবা) শীতল যুদ্ধৰ প্ৰতি ভাৰতৰ ধাৰণা কেনে আছিল? আলোচনা কৰা।
(অথবা) শীতল যুদ্ধৰ যুগত ভাৰতৰ স্থিতি কেনেধৰণৰ আছিল? আলোচনা কৰা।      HS-2018

উত্তৰ:- ভাৰতবৰ্ষই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিতাপে শীতল যুদ্ধৰ কালছোৱাত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলালা নেহৰুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শীতল যুদ্ধৰ কালত আন্তৰ্জাতিক ৰাজনীতিত ভাৰতবৰ্ষৰ ভূমিকা এই আন্দোলনৰ মতবাদৰ আদৰ্শ আৰু লক্ষ্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।
i. ভাৰতবৰ্ষই আন্তৰ্জাতিক ৰাজনীতিত সুবিধাবাদী নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰা নাছিল। তাৰ বিপৰীতে নায় আৰি শান্তিৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক ব্যৱস্থা গঢ়ি তোলাৰ সক্ৰিয় ভূমিকা পালন কৰিছিল।
ii. আন্তৰ্জাতিক ৰাজনীতিত সৃষ্টি হোৱা উত্তেজনা ৰোধ কৰাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই সক্ৰিয় ভূমিকা পালন কৰিছিল।
iii. ভাৰতবৰ্ষই দুই মহাশক্তি ক্ৰমে ছোভিয়েট সংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবৰ বাবে চেষ্টা চলাইছিল।
iv. দুই মিত্ৰশক্তিয়ে গঢ়ি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা নিজকে আঁতৰাই ৰাখিছিল।
v. আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ ক্ষেত্ৰত দুই মহাশক্তিৰ অংশীদাৰ নোহোৱা আৰু গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সদস্যভূক্ত হোৱা ৰাষ্ট্ৰসমূহক সংগঠিত আৰু সক্ৰিয় কৰি তোলাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
vi. সামৰিক মিত্ৰজোঁটত নব্য স্বাধীনতাপ্ৰাপ্ত তৃতীয় বিশ্বৰ দেশসমূহক অন্তৰ্ভুক্তিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিৰোধিৰা কৰিছিল।
    ভাৰতবৰ্ষই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ উদ্যোক্তা হিচাপে আন আন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজতো নিজৰ আচৰণৰ জৰিয়তে শক্তি সঞ্চয় কৰিবলৈ সক্ষম হৈছিল আৰু গোষ্ঠীনিৰপেক্ষ আন্দোলন নেতা হিচাপে আন্তৰ্জাতিক ক্ষেত্ৰত এক বিশিষ্ট স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।  

2. শীতল যুদ্ধত্তোৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা থকা বুলি ভাবানে? তোমাৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।   HS-2015
(অথবা) শীতল যুদ্ধৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলন (NAM)-ৰ ভূমিকা আলোচনা কৰা।   HS-2012

গোষ্ঠী-নিৰপেক্ষ আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা। HS-2024

উত্তৰ:- শীতল যুদ্ধৰ কালত আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত দেশসমূহ একত্ৰিত হৈ এক প্ৰত্যাহ্বান বা প্ৰতিৰোধ গঢ়ি তুলিছিল। এনে প্ৰতিৰোধ গঢ়ি তোলা মঞ্চক গোষ্ঠীনিৰপেক্ষ আন্দোলন নামেৰে জনা যায়। এই আন্দোলনৰ মুলকথা আছিল মহাশক্তিৰ কৱলৰ পৰা নিজকে মুক্ত ৰাখি স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি নিৰ্ণয় কৰা।
    (ক) গোষ্ঠীনিৰপেক্ষ আন্দোলনে যিকোনো বৈদেশিক ৰাষ্ট্ৰত সামৰিক ঘাটি নিৰ্মাণ নীতিৰ বিৰোধিতা কৰাটো অন্যতম ভূমিকা আছিল।  
    (খ) বিশ্বশান্তি আৰু নিৰাপত্তাক প্ৰাধান্য দিয়া এই আন্দোলনক পৃথিৱীৰ সৰ্ববৃহত্‍ শান্তি আন্দোলন (World’s Largest peace movement) নামেৰেও জনা গৈছিল।
    (গ) এই আন্দোলনে কি কৰিব বিচাৰিছিল বুলি সোধাতকৈ কি কৰিব বিচৰা নাছিল বুলি সুধিলেহে গোষ্ঠীনিৰপেক্ষ আন্দোলনক সঠিক চৰিত্ৰ বুজিব পাৰি। এই আন্দোলনে কোনো পৰিস্থিতিতে কোনো সামৰিক মিত্ৰজোঁটৰ অংশীদাৰ হোৱা নাছিল।
    (ঘ) এই মহাশক্তিৰ মাজত এক স্বতন্ত্ৰ অৱস্থান গ্ৰহণ কৰি শীতল যুদ্ধৰ উন্মাদনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গোষ্ঠীনিৰপেক্ষ আন্দোলনে ৰাষ্ট্ৰসংঘ আৰু আন্তৰ্জাতিক ৰাজনীতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ ঘটনাত প্ৰভাৱশালী ভূমিকা কৰিছিল।
    (ঙ) শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে সুবিধাজনক নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰাৰ পৰিৱৰ্তে সক্ৰিয়তাৰে শান্তিপূৰ্ণ আৰু নিৰাপদ বিশ্ব ৰাজনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
    (চ) গোষ্ঠীনিৰপেক্ষ আন্দোলনে সকলো দ্বন্দ্বৰ শান্তিপূৰ্ণ সমাধান আৰু সামৰিক মিত্ৰজোঁট তথা চুক্তিৰ পৰা আঁতৰি থকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
         শীতল যুদ্ধত্তোৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ এতিয়াও প্ৰাসংগিকতা আছে, কাৰণবোৰ হ’ল—
    (ক) বিশ্বত এতিয়াও এক মহাশক্তি বৰ্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীন অস্তিত্ব বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন আছে।
    (খ) শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এনে অ-গণতান্ত্ৰিকতাৰ বিৰুদ্ধে যুঁজ কৰিবলৈকো তৃতীয় বিশ্বৰ দেশসমূহক এক সামূহিক মঞ্চ লাগে।
    (গ) শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি দিয়া নাই। এনে সমস্যা সমাধানৰ বাবেও তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ঠ প্ৰাসংগিকতা আছে।
        এনে প্ৰাসংগিকতাই গোষ্ঠীনিৰপেক্ষ আন্দোলনকো প্ৰাসংগিক কৰি ৰাখিছে।

4. গোষ্ঠীনিৰপেক্ষ আন্দোলন (NAM)-ৰ সফলতা সম্পৰ্কে এটা টোকা লিখা।   HS-2016
উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলন (NAM)-ৰ সফলতা সম্পৰ্কে তলত আলোচনা কৰা হ’ল—
    (ক)গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ফলত তৃতীয় বিশ্বৰ      দেশসমূহে মহাশক্তিৰ কৱলৰ পৰা নিজকে মুক্ত ৰাখি স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি নিৰ্ণয় কৰিব পাৰিছিল।
    (খ) বিশ্বশান্তি আৰু নিৰাপত্তাক প্ৰাধান্য দিয়া এই আন্দোলনে পৃথিৱীৰ সৰ্ববৃহত্‍ শান্তি আন্দোলন (World’s Largest peace movement) হিচাপে কাম কৰিছিল।
    (গ)এই মহাশক্তিৰ মাজত এক স্বতন্ত্ৰ অৱস্থান গ্ৰহণ কৰি শীতল যুদ্ধৰ উন্মাদনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গোষ্ঠীনিৰপেক্ষ আন্দোলনে ৰাষ্ট্ৰসংঘ আৰু আন্তৰ্জাতিক ৰাজনীতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ ঘটনাত প্ৰভাৱ বিস্তাৰ কৰিছে।
    (গ) ৰাষ্ট্ৰসংঘৰ বিভিন্ন আন্তৰ্জাতিক সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় আগবঢ়াইছিল।
    
5. নতুন আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলোচনা কৰা।   HS-2014, HS-2018, HS-2019, 2024 4/6
উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনে শীতল যুদ্ধৰ সময়ছোৱাত দুই শত্ৰু-মিত্ৰ গোষ্ঠীৰ মাজত মধ্যস্থতা অৱলম্বন কৰিছিল। গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰসমূহে প্ৰতিষ্ঠিত আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ গুণগত পৰিবৰ্তন সাধন কৰি এক নতুন আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলা (New International Economic Order) গঢ়ি তোলাৰ দাবী উত্থাপন কৰিছিল। 1972 চনত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ 'বাণিজ্য আৰু উন্নয়ন'ৰ অধিবেশনত 'উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি' শীৰ্ষক এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল। প্ৰতিবেদনত উল্লেখিত দাবীবোৰ বা লক্ষ্যসমুহ আছিল—
    (ক) উন্নত পশ্চিমীয়া দেশসমূহে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদৰ ওপৰত কম উন্নত দেশসমূহৰ নিজস্ব নিয়ন্ত্ৰণত থাকিব লাগে,
    (খ) কম উন্নত ৰাষ্ট্ৰসমূহে যাতে উত্পাাদিত সামগ্ৰীসমূহৰ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া বজাৰসমূহত প্ৰৱেশৰ ক্ষমতা দিব লাগে,
    (গ) পশ্চিমীয়া দেশসমূহে সৰবৰাহ কৰা কাৰিকৰী কৌশল (Technology) ৰ মূল্য হ্ৰাস কৰিব লাগে,
    (ঘ) আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠানবোৰত কম উন্নত ৰাষ্ট্ৰসমূহক বিশেষ ভূমিকা লবলৈ দিব লাগে।
    1980-ৰ দশকৰ শেষৰ পৰা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ দাবীবোৰ ক্ৰমে দুৰ্বল বৈ আহে। ছোভিয়েট সংঘৰ পতন আৰু বিশ্বায়ন প্ৰক্তিয়া আৰম্ভ হোৱাৰ পাছত ক্ৰমে অ-প্ৰসংগিক হৈ পৰে।

6. বৃহত্‍ শক্তি ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ কিয় প্ৰয়োজন? কাৰণ লিখা।   HS-2017, 2021 (Spl.), 2022 (4/6 marks)
উত্তৰ:-  বৃহত্‍ শক্তি ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ প্ৰয়োজন আছিল। ইয়াৰ মূল কাৰণবোৰ তলত উল্লেখ কৰা হ’ল—
 (ক) সৰু সৰু ৰাষ্ট্ৰসমূহৰ ভিন্ন প্ৰাকৃতিক সম্পদ, যেনে— তেল, তীখা, খনিজ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰা,
 (খ) সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা বৃহত্‍ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শত্ৰু ৰাষ্ট্ৰত সামৰিক বাহিনী মোতায়েন আৰু ক্ষেপণাস্ত্ৰ (Missile) নিক্ষেপ কৰাত সুবিধা হয়।
(গ) সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা শত্ৰু পক্ষৰ ৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰাত সহায় কৰা।  
(ঘ) বহুত ৰাষ্ট্ৰৰ মিত্ৰতাই একেলগলে সামৰিক ব্যয় বা খৰচ বহন কৰাত সহায় কৰা।
(ঙ) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ এই দুই বৃহত্‍ শক্তিৰ মাজত আদৰ্শ বা ভাৱধাৰাৰ যথেষ্ট অমিল আছিল। গতিকে এই বৃহত্‍ শক্তি নিজৰ নিজৰ ভাৱধাৰা বিস্তাৰ কৰাৰ বাবেও সৰু সৰু ৰাষ্ট্ৰৰ মিত্ৰতা বিচাৰিছিল আৰু এনেদৰে শীতল যুদ্ধৰ আৰম্ভ হৈছিল।
    আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ এই দুই বৃহত্‍ শক্তিয়ে শক্তি বৃদ্ধি আৰু নিজৰ নিজৰ আদৰ্শ আন আন ৰাষ্ট্ৰত বিস্তাৰ কৰাৰ উদ্দেশ্যত সৰু সৰু ৰাষ্ট্ৰবোৰৰ লগত মিত্ৰতা স্থাপন কৰিছিল।

7. শীতল যুদ্ধৰ সময়চোৱাত গোষ্ঠী নিৰপেক্ষতাবাদে কেনেদৰে ভাৰতক সহায় কৰিছিল আলোচনা কৰা।    HS-2023             

নাইবা  

গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM) ৰ সফলতাৰ বিষয়ে লিখা। HS-2016

উত্তৰঃ- (১) গোষ্ঠী নিৰপেক্ষই ভাৰতক আন্তর্জাতিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পথ মুকলি কৰিছিল। 

(২) ভাৰতকে ধৰি গোষ্ঠী, নিৰপেক্ষ দেশবোৰে শান্তি আৰু স্থিৰতা ৰক্ষাৰ্থে দুই প্রতিদ্বন্দ্বী মিত্রগোষ্ঠীৰ মাজত সক্ৰিয় মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল। 

(৩) আন্দোলনৰ ফলত বিশ্ব বাণিজ্য প্রথাৰ সংস্কাৰৰ প্ৰস্তাৱ লোৱা হয়। 

(৪) এই আন্দোলনৰ ফলত বিশেষকৈ তৃতীয় বিশ্বৰ স্বাধীনতা লাভ কৰা দেশবোৰে স্বাধীনভাৱে নিজৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি-নিৰ্ধাৰণ কৰিব পাৰিছিল।

(৫) আন্তর্জাতিক ক্ষেত্ৰত শান্তি আৰু নিৰাপত্তাক সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সহায়ক হৈছিল। এনে আন্দোলনে তৃতীয় বিশ্বযুদ্ধ সংগঠিত নোহোৱাৰ ক্ষেত্ৰত যথেষ্ট বৰঙনি আগবঢ়াইছে।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »

2 Comments

Click here for Comments