-->

গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । Democratic upsurge and coalition government

Questions Answers of AHSEC Solution for Class 12 Political Science গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । Democratic upsurge and coalition government. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি

Democratic upsurge and coalition government

Class 12 Political Science

Political Science গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । Democratic upsurge and coalition government ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । Democratic upsurge and coalition government has been discussed in systematic way. There are approximately important 40 questions answers in this article.

1. UPA-ৰ সম্পূৰ্ণ ৰূপ লিখা।
উত্তৰ:-United Progressive Alliance

2. কোন বছৰত ভি.পি. সিং ক্ষমতাত অধিষ্ঠিত হৈছিল?
উত্তৰ:-1989 চনত

3. কোন চনত জনতা দল গঠন হৈছিল?
উত্তৰ:- 1977 চনত

4. ভাৰতীয় জনতা দল (BJP) কোন চনত প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:-1980 চনৰ 6 এপ্ৰিলত

5. কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল?
উত্তৰ:-নৰেন্দ্ৰ মোদীয়ে

6. 1989 চনৰ মৰ্চা চৰকাৰৰ মূৰব্বী কোন আছিল?
উত্তৰ:-বিশ্বনাথ প্ৰতাপ সিঙ

7. 1999 চনৰ পৰা 2008 চনলৈ মৰ্চা চৰকাৰসমূহৰ মূৰব্বী কোন আছিল?
উত্তৰ:-অতল বিহাৰী বাজপায়ী

8. কোন দলে NDA–ৰ নেতৃত্ব দিছিল?
উত্তৰ:-বি.জে.পি.(BJP)য়ে

9. 2014 চনৰ মৰ্চা চৰকাৰৰ মূৰব্বী কোন?
উত্তৰ:-নৰেন্দ্ৰ মোদীয়ে

10. কেন্দ্ৰত কেতিয়াৰ পৰা মৰ্চা চৰকাৰৰ সূচনা হৈছিল?
উত্তৰ:-1977 চনত

11. কোনটো ৰাজনৈতিক দলে হিন্দুত্বৰ আদৰ্শক অনুসৰণ কৰে?
উত্তৰ:- বি.জে.পি.(BJP)য়ে

12. ভাৰতৰ কোনজন বিত্তমন্ত্ৰীয়ে নতুন অৰ্থনৈতিক নীতিৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:-ড. মনমোহন সিঙ

13. 2009 চনত কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিছিল?
উত্তৰ:-কংগ্ৰেছ দলৰ নেতৃত্বত UPA চৰকাৰ গঠন কৰিছিল।

14. 2014 চনত কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিছে?
উত্তৰ:- কংগ্ৰেছ দলৰ নেতৃত্বত UPA চৰকাৰ গঠন কৰিছিল।

15. বৰ্তমান অসমৰ পঞ্চদশগৰাকী মূখ্যমন্ত্ৰী কোন?
উত্তৰ:-ড. হিমন্তবিশ্ব শৰ্মা

16. উত্তৰ-পূৱ গণতান্ত্ৰীক মৰ্চা (NEDA) কোন তাৰিখে গঠন হৈছে??
উত্তৰ:- 2016 চনৰ 24 মে'ত

17. খালী ঠাই পূৰ কৰাঃ
(ক) ভাৰত চৰকাৰে ____ মণ্ডল আয়োগ গঠন কৰিছিল।   HS-2014

উত্তৰ:- 1978 চনত

(খ) ইন্দিৰা গান্ধী আৰু কংগ্ৰেছক ____ সাধাৰণ নিৰ্বাচনত জনসাধাৰণে নাকচ কৰিছিল।
উত্তৰ:- 1977 চনত

(গ) প্ৰধানমন্ত্ৰী ____ 1984 চনৰ 31 তাৰিখে হত্যা কৰা হৈছিল।
উত্তৰ:-ইন্দিৰা গান্ধী

(ঘ) সংবিধানৰ ____ জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিছে।
উত্তৰ:- 370 অনুচ্ছেদে

(ঙ) নৰেন্দ্ৰ মোদীয়ে ____ তাৰিখে 2014 শাসন ভাৰ গ্ৰহণ কৰে।
উত্তৰ:-26 মে

18. NDA-ৰ সম্পূৰ্ণ ৰূপ লিখা।
উত্তৰ:-National Democratic Alliance

19. মণ্ডল আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা।             HS-2016
উত্তৰ:- মণ্ডল আয়োগৰ পৰামৰ্শ তলত উল্লেখ কৰা হ’ল-
(ক) চৰকাৰী চাকৰী বা শৈক্ষিক অনুষ্ঠানসমূহত ২৭ শতাংশ পদ আৰু আসন অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত কৰিব লাগে।
(খ) অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ উত্সা হিত আৰু সহায় কৰিব লাগে।

20. NEDA-ৰ সম্পূৰ্ণ ৰূপ লিখা।
উত্তৰ:- North East Democratic Alliance.

দীঘল প্ৰশ্নোত্তৰঃ-
1. ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰক লিখা। HS-2013, 2014, 2015, 2017, 2019 2020
উত্তৰ:- ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্ব কাৰকসমূহ তলত আলোচনা কৰা হ'লঃ-
(ক) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাঃ-
        ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অংগৰাজ্যসমূহৰ প্ৰতি সমানে সমানুভূতিশীল নহয়, অৰ্থাত্‍ কেতবোৰ ৰাজ্যক অৱহেলা কৰি মাহীমাকৰ দৰে ব্যৱহাৰ কৰে। এনে অৱস্থাত নিজৰ প্ৰাপ্য আদায় উদ্দেশ্যে আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায়।
(খ) আঞ্চলিক অসমতাঃ-
        ভাৰতবৰ্ষৰ সকলোবোৰ ৰাজ্য সমানভাবে অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। এইক্ষেত্ৰত কেতবোৰ ৰাজ্য যথেষ্ট আগবঢ়া আনহাতে কিছুমান অতিশয় পিছপৰা। ইয়াৰ ফলশ্ৰুতিত আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায়।
(গ) ভাৰতৰ সাংস্কৃতিক বহুত্ববাদঃ-
        ভাৰতীয় সমজৰ সাংস্কৃতিক-জাতিগত-ধৰ্মীয়-ভাষিক ভিন্নতাই আঞ্চলিক ৰাজনৈতিক দলসমূহৰ বিকাশৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত বিশেষভাৱে সহায় কৰে।
(ঘ) আঞ্চলিকতাবাদী মানসিকতা আৰু প্ৰত্যাশাঃ-
        আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহ আঞ্চলিকতাবাদী মানসিকতাৰ সৃষ্টি। ভাৰতত আঞ্চলিকতাবাদী মানসিকতা বৃদ্ধি হৈ অহাৰ লগে লগে আঞ্চলিক দলসমূহৰ গুৰুত্ব বৃদ্ধি পাইছে।
(ঙ) এটা দলৰ শাসনৰ অৱসানঃ-
        এটা দলৰ আধিপত্যৰ সমাপ্তি আঞ্চলিক দলসমূহৰ ক্ৰমাবৰ্ধমান ভূমিকাৰ এক অতি গুৰুত্বপূৰ্ণ কাৰণ। মাজৰ আঠটা লোকসভা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে েপ্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই।
 

2. ভাৰতত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা।     HS-2016, 2023, 2024

উত্তৰ:- আঞ্চলিকতাবাদৰ উদ্ভৱৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-
(ক) ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ত উল্লেখ থকা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ কাৰ্যকৰী কৰাত হোৱা বিফলতা আঞ্চলিকতাবাদ উদ্ভৱৰ এটা কাৰণ।
(খ) অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মাজত থকা অসৰ্মতাও আঞ্চলিকতাবাদৰ এটা কাৰণ।
(গ) এটা নিৰ্দিষ্ট অঞ্চলৰ মানুহৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধিয়েও আঞ্চলিকতাবাদৰ জন্ম দিয়ে
(ঘ) আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টিয়েও আঞ্চলিকতাবাদৰ বৃদ্ধিত অৰিহণা যোগাইছে।
(ঙ) অৰ্থনৈতিক শোষণেও আঞ্চলিকতাবাদী মনোভাৱৰ সৃষ্টিত অৰিহণা যোগাইছে।

3. ভাৰতৰ মৰ্চা চৰকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।     HS-2012, 2020
(অথবা) ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।         HS-2014, 2016

উত্তৰ:- ভাৰতত সন্মিলিত চৰকাৰৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল-
(ক) অস্থিৰতাপূৰ্ণ মৰ্চাঃ-
    মৰ্চা চৰকাৰসমূহ সাধাৰণতে অস্থিৰতাপূৰ্ণ। ভাৰতত, বিশেষকৈ কেন্দ্ৰত অধিকাংস মৰ্চা চৰকাৰে ব্যৰ্থ হৈছে। মৰ্চা চৰকাৰত আভ্যন্তৰীণ কন্দল এক সাধাৰণ
ঘটনা। এই আভ্যন্তৰীণ সংঘাতে মৰ্চা চৰকাৰৰ সুস্থিৰতাত বাধা সৃষ্টি কৰে।
(খ) কংগ্ৰেছৰ বিৰোধিতাঃ-
    ভাৰতত মৰ্চা চৰকাৰৰ উদ্ভৱ হৈছিল কংগ্ৰেছ দলক ক্ষমতাচ্যুত কৰাৰ উদ্দেশ্যে। বিৰোধী দলসমূহে সন্মিলিতভাৱে কংগ্ৰেছক প্ৰতিৰোধ কৰাত সফলতাও লাভ কৰিছে।
(গ) ৰাজনৈতিক সুবিধাবাদঃ-
    মৰ্চা চৰকাৰ গঠনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল ৰাজনৈতিক সুবিধাবাদ। ৰাজনৈতিক দলসমূহে মৰ্চা চৰকাৰ গঠনৰ নিজৰ নিজৰ স্বাৰ্থ পূৰণৰ চেষ্টা কৰে।
(ঘ) অ-নীতিগত মিত্ৰতাঃ-
    ভাৰতত মৰ্চা চৰকাৰ গঠনৰ ক্ষেত্ৰত মতাদৰ্শগত দিশটোক যথোচিত গুৰুত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে পৰিস্থিতিগত দিশটোকহে অধিক গুৰুত্ব দিয়া হয়।

4. ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।     HS-2015, 2017
উত্তৰঃ- অসম গণ পৰিষদ (AGP), দ্ৰাভিডা মুন্নেত্ৰা কাজাগাম (DMK), আকালী দল, তেলেগু দেসম পাৰ্টি, নেশ্যনেল কনফাৰেন্স

5. জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহ চমুকৈ আলোচনা কৰা।     HS-2017
উত্তৰঃ- জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ পিছত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন সময়ত কৰা ভূলবোৰ শুধৰোৱাৰ চেষ্টা চলাইছিল। জনতা চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ উদ্যোগ আৰু সিদ্ধান্তসমূহ তলত আলোচনা কৰা হ’ল-
(i) জনতা চৰকাৰে ৪৪নং সংবিধান সংশোধনী আইনৰ জৰিয়তে কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন সময়ত কৰা ৪২নং সংবিধান সংশোধনী আইনৰ প্ৰায় সকলোবোৰ নেতিবাচক ব্যৱস্থা আঁতৰ কৰে।
(ii) সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আঁতৰাই এই অধিকাৰক আইনগত অধিকাৰৰ মৰ্যাদা প্ৰদান কৰা হয়।
(iii) লোকসভা আৰু ৰাজ্য বিধানসভাৰ কাৰ্যকাল ছয় বছৰৰ পৰা পুনৰ পাঁচ বছৰলৈ হ্ৰাস কৰা হয়।
(iv) মন্ত্ৰীসভাই প্ৰেৰণ কৰা পৰামৰ্শসমূহ পুনৰ বিবেচনাৰ বাবে উভতাই পঠিওবাৰ অধিকাৰ প্ৰদানেৰে ৰাষ্ট্ৰপতিৰ পদমৰ্যাদা অধিক কৰা হয়।
(v) উচ্চচম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ পৰা কাঢ়ি নিয়া ক্ষমতা আৰু পদমৰ্যাদা পুনৰ প্ৰতিষ্ঠা কৰা হয়।
(vi) জৰুৰীকালীন অৱস্থাত প্ৰৱৰ্তন কৰা কঠোৰ, বিতৰ্কিত আইনসমূহ বাতিল কৰা হয়।
(vii) জনতা চৰকাৰে নিৰ্দেশক নীতিৰ তুলনাত মৌলিক অধিকাৰক উচ্চ স্থান প্ৰদান কৰে।

6. দলিত পেন্থাৰচৰ গঠন কিয় হৈছিল?            HS-2013
উত্তৰঃ- সমাজৰ পৰা জাতিভেদ প্ৰথা তথা অস্পৃশ্যতা দূৰ কৰাৰ বাবে দলিত পেন্থাৰ গঠন কৰা হৈছিল।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
February 11, 2023 at 9:36 PM ×

Thank you sir ❤️❤️❤️❤️

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar