বস্তুগত ঐতিহ্য
১। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ
(ক) কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত?
উত্তৰঃ- নীলাচল পাহাৰত।
(খ) ব্রিটিছসকলে অসমৰ কোনটো দ্বীপক 'ময়ুৰ দ্বীপ' বুলিছিল?
উত্তৰঃ- ব্রহ্মপুত্ৰৰ উমানন্দ দ্বীপক ব্রিটিছসকলে 'ময়ুৰ দ্বীপ' বুলিছিল।
(গ) বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰোৱা আহোম স্বৰ্গদেউজনৰ নাম কি?
উত্তৰঃ- ৰাজেশ্বৰ সিংহ।
(গ) দপৰ্বতীয়া মন্দিৰৰ সবাতোকৈ বিখ্যাত শিল্পকর্ম কোনটো?
উত্তৰঃ- দ-পৰ্বতীয়াৰ শৈল মন্দিৰৰ প্ৰৱেশদ্বাৰখনেই সবাতোকৈ বিখ্যাত শিল্পকর্ম।
(ঙ) সন্ধ্যা, ললিতা, কান্তা নামৰ তিনি জলধাৰাৰ সংগম অসমৰ ক'ত দেখা যায়?
উত্তৰঃ- গুৱাহাটীৰ মহানগৰৰ দক্ষিণে সন্ধ্যাচল পর্বতত।
(চ) হয়গ্ৰীৱ মাধৱ মন্দিৰ থকা পাহাৰটোৰ নাম কি?
উত্তৰঃ- মণিপর্বত বা মণিকূট পাহাৰ।
(ছ) হাজোৰ কোনটো পাহাৰত পোৱামক্কা অৱস্থিত?
উত্তৰঃ- গৰুড়াচল পাহাৰত।
(জ) অসমৰ সর্ববৃহৎ মানৱসৃষ্ট পুখুৰী কোনটো?
উত্তৰঃ- জয়সাগৰ পুখুৰী।
(ঝ) কোনজন আহোম স্বৰ্গদেৱে 'ধোদৰ আলি' নির্মাণ কৰাইছিল?
উত্তৰঃ- স্বৰ্গদেউ গদাধৰ সিংহই।
2. চমুটোকা লিখা
(ক) অম্বুবাচী উৎসৱ :
কামাখ্যা মন্দিৰত প্ৰতি বছৰে মহাসমাৰোহেৰে উদ্যাপিত হোৱা পূজা আৰু
মেলাসমূহৰ ভিতৰত অম্বুবাচী মেলায়েই সবাতোকৈ বিখ্যাত। আহাৰ মাহৰ সাত
তাৰিখৰপৰা দহ তাৰিখলৈ আই বসুমতী শস্য-সম্ভৱা হ'বৰ বাবে ঋতুমতী হয় বুলি এক
প্রাচীন লোকবিশ্বাস আছে। এই সময়তে প্রকৃতিৰ উৰ্বৰা শক্তিৰ আধাৰস্বৰূপা
কামাখ্যা দেৱীও ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। এই উপলক্ষে কামাখ্যাধামতে
মহাসমাৰোহেৰে অম্বুবাচী উৎসৱ পালন কৰা হয়। অম্বুবাচীৰ কেইদিন কামাখ্যা
মন্দিৰৰ দুৱাৰ বন্ধ থাকে। অম্বুবাচীৰ নিবৃত্তিৰ লগে লগে দর্শনার্থীৰ বাবে
মন্দিৰৰ দুৱাৰ খুলি দিয়া হয়। এই সময়তে কামাখ্যাত এক বিশাল মেলাও
অনুষ্ঠিত হয়; সেয়াই অম্বুবাচী মেলা। মেলাৰকেইদিন অগণন লোকৰ সমাবেশ ঘটে।
(খ) শ্রীসূর্য পাহাৰ
: গোৱালপাৰা নগৰৰ ওচৰতে অবস্থিত শ্ৰীসূর্য পাহাৰৰ শৈল ভাস্কর্য প্রাক-আহোম
যুগৰ ভাস্কৰ্যৰ উল্লেখযোগ্য নিদর্শন। পাহাৰটোত অনেক শিলত কটা মূর্তি,
স্তূপ, শিৱলিংগ আদি পোৱা গৈছে। ইটাৰে নির্মিত বেৰৰ এক বহুকুঠলীয়া গৃহৰ
ধ্বংসাবশেষো আৱিষ্কাৰ হৈছে। তদুপৰি হিন্দু দেৱ-দেৱীৰ লগতে বৌদ্ধ আৰু জৈন
মূর্তিও পোৱা গৈছে। পাহাৰটোত থকা সবাতোকৈ ধুনীয়া মূর্তিটো হ'ল এটা শিলত
এপাহ পদুম ফুলৰ ওপৰত দুফালে দুডাল ত্রিশূলৰ সৈতে বাৰখন হাতৰ মূৰ্তিটো।
শ্রীসূর্য পাহাৰৰ প্ৰধান আকর্ষণ হৈছে শিলত কটা গুহাসমূহৰ শৈল ভাস্কর্য।
এই গুহা-ভাস্কৰ্যৰ বাবেই এই পাহাৰ জনাজাত। এই পাহাৰত থকা নফুট দৈর্ঘ্যৰ
শিৱলিংগটোৱেই হৈছে সর্ববৃহৎ। সেইদৰে বিভিন্ন কাৰুকার্যখচিত এখন শিলৰ বেদী
মনোমোহা ভাস্কর্য স্বাক্ষৰ। শ্রীসূর্য পাহাৰত প্ৰতিদিনে অনেক দর্শনার্থীৰ
সমাগম হয়।
(গ) পোৱামক্কাঃ- হাজোৰ সর্বোচ্চ গৰুড়াচল পাহাৰৰ
শিখৰত অৱস্থিত পোৱামক্কা মুছলমানসকলৰ পবিত্র তীর্থস্থান। পোৱামক্কা
প্রতিষ্ঠা কৰিছিল সিদ্ধপুৰুষ গিয়াছদ্দিন আউলিয়াই। পোৱামক্কা নামটোৰ
উৎপত্তিৰ আঁৰত কেইবাটাও জনশ্রুতি আছে। এটাৰ মতে, প্রতিষ্ঠাপক সন্ত
গিয়াছিউদ্দিন আউলিয়াই পোৱামক্কা স্থাপন কৰোঁতে অতি পবিত্ৰ তীর্থভূমি
মক্কাৰপৰা এপোৱা পবিত্র মাটি আনি ইয়াৰ মাটিৰ সৈতে মিহলি কৰি দিছিল বাবেই
এই পোৱামক্কা নামটো হৈছিল। আন এটা জনশ্রুতি মতে, পোৱামক্কা দর্শন কৰিলে
মুছলমানসকলৰ অতি পৱিত্ৰ তীর্থস্থান মক্কা দৰ্শনৰ এক চতুর্থাংশ পুণ্য অর্জন
হয় বুলি বিশ্বাস কৰা হয় বাবে এই স্থানক পোৱামক্কা বোলা হয়। পোৱামক্কাত
সন্ত গিয়াছউদ্দিন আউলিয়াৰ সমাধিৰ লগতে এটা মছজিদ আছে। পোৱামক্কালৈ জাতি
ধর্ম-নির্বিশেষে অগণন তীর্থযাত্রীৰ আগমন হয়।
(ঘ) আজানপীৰ দৰগাহঃ-
আজানপীৰ দৰগাহ মুছলমানসকলৰ এক পৱিত্র ধর্মস্থান। ই বর্তমান শিৱসাগৰ জিলাৰ
অন্তৰ্গত সৰাগুৰি চাপৰিৰ আজানপীৰ দৰগাহ এক পুণ্যভূমি হোৱাৰ উপৰিও অসমৰ
গুৰুত্বপূর্ণ ঐতিহাসিক আৰু ধর্মীয় পর্যটন ক্ষেত্র। ই অসমৰ হিন্দু-মুছলমানৰ
চিৰ যুগমীয়া সম্প্রীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত
নিৰ্মাণ কৰা এক মছজিদ। উল্লেখ্য যে আহোম ৰজাই সজাই দিয়া মঠৰ চিন এই দৰগাহত
এতিয়াও দেখিবলৈ পোৱা যায়। বাহিৰত এটা গড় আৰু গড়টোৰ ভিতৰত আৰু এটা সৰু
গড় আছে। এই গড়টোৰ সোঁমাজতে এটা মছজিদ আৰু ওচৰতে এটা কবৰ আৰু এটা পুখুৰী
আছে। গোটেই বছৰজুৰি দিখৌ মুখৰ ঘাটেদি আজানপীৰ দৰগাহলৈ অসংখ্য লোক সমাগম
হয়।
(ঙ) মালিনী থানঃ- মালিনীথান অৰুণাচল প্রদেশৰ পশ্চিম
চিয়াং জিলাত অৱস্থিত এক প্রাচীন শক্তিপীঠ। এই থান অসমৰ ধেমাজি জিলাৰপৰা
উত্তৰলৈ অৱস্থিত। আখ্যান মতে বিদর্ভৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীক
শ্রীকৃষ্ণই হৰণ কৰি লৈ যাওঁতে এই ঠাইতেই জিৰণি লৈছিল আৰু ইয়াতেই তেওঁলোকক
শিৱ-পার্বতীয়ে ফুলৰ মালাৰে আদৰণি জনোৱাত শ্রীকৃষ্ণই পার্বতীক 'মালিনী' নাম
দিছিল বাবেই এই থানৰ নাম 'মালিনী থান' হয়। অন্য এক কিংবদন্তি মতে মহাদেৱ
শিৱৰ প্রেম-ভিক্ষা কৰা এগৰাকী মালিনীয়ে শিৱ-পত্নী পার্বতীৰ ৰোষত পৰি মস্তক
হেৰুৱাব লগা হৈছিল বাবেই ঠাইডোখৰৰ নাম 'মালিনী থান' হয়। মালিনী থানৰ
অঞ্চলটো অতীতৰ চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল বুলি আৰু ইয়াৰ
স্থাপত্য-ভাস্কর্যসমূহ প্রাক-আহোম যুগৰ বুলি অনুমান কৰা হৈছে। প্রাচীন
শক্তিপীঠ মালিনী থানলৈ প্ৰতিদিনে শ শ লোকৰ আগমন ঘটে।
(চ) (HS-2019) মৈদামঃ-
আহোম ভাষাত মৈদামৰ অৰ্থ হ'ল 'মৃতকৰ ভেটি'। আহোমসকলৰ মৃতকৰ শৱদেহটো
'ৰুঙ্গ-ডাং' নামৰ উৰিয়াম গছৰ কাঠেৰে নির্মিত পেৰা বা কফিন এটাৰ ভিতৰত থৈ
পেৰাটো অনেক নীতি-নিয়মৰ মাজেৰে মাটিত গাঁত খান্দি পুতি ওপৰত মাটিৰে ওখকৈ
অর্ধ-গোলাকাৰ ভেটি বা ঢিপ তৈয়াৰ কৰা হৈছিল। এই গোটেই পদ্ধতিটোৱেই হ'ল
মৈদাম দিয়া। গতিকে মৈদাম হ'ল আহোমসকলৰ এক বিশেষ স্থাপত্য শিল্প। অৱশ্যে
আহোমৰ ৰজা-ৰাণী আৰু ৰাজপৰিয়ালৰ লোক, ডা-ডাঙৰীয়া, বৰুৱা-ফুকন আদিৰ লগতে
সাধাৰণ লোকৰ মৈদাম দিয়া পদ্ধতি বেলেগ বেলেগ আছিল।
চৰাইদেৱেই আছিল
আহোমৰ ৰজা-ৰাণীসকলৰ প্ৰধান মৈদাম থলী। মৈদামসমূহ চোৱা-চিতা কৰিবৰ বাবে আহোম
ৰাজত্বত 'মৈদামীয়া' নামৰ খেল এটা আছিল। কাৰণ মৈদামত থকা মৃতকৰ সৈতে দিয়া
সোণ-ৰূপ আদিৰ বাবে চোৰ, আক্ৰমণকাৰী আদিয়ে যুগে যুগে মৈদামত লুটপাট চলাইছিল।
উজনি অসমৰ বিভিন্ন ঠাইত এতিয়াও প্রায় অক্ষত অৱস্থাত অনেক মৈদাম দেখিবলৈ
পোৱা যায়।
3. বস্তুগত ঐতিহ্য বুলিলে কি বুজা? প্রাচীন অসমৰ স্থাপত্য-ভাস্কর্যসমূহৰ বিষয়ে এটি চমুটোকা লিখা।
উত্তৰঃ-
আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোকৰ বিভিন্ন কর্মৰাজিৰ স্বাক্ষৰ বস্তুগত ৰূপত
আমালৈ এৰি থৈ গৈছে যিবোৰ আমাৰ অতীতৰ বুদ্ধি-বৃত্তি, শিল্প সংস্কৃতি, শাসন
ব্যৱস্থা আদিৰ কীর্তিস্তম্ভ স্বৰূপ আৰু যিবোৰক লৈ আমি গৌৰৱ কৰিব পাৰোঁ।
এইবোৰেই হৈছে আমাৰ বস্তুগত ঐতিহ্য।
প্রাচীন অসমৰ মঠ-মন্দিৰ,
দেৱালয় আদিৰ ভগ্নাৱশেষ স্থাপত্য-ভাস্কর্য নিদর্শনস্বৰূপে গোৱালপাৰা,
গুৱাহাটী, কাছমাৰী, দেওপানী, তেজপুৰ, মালিনীথান, নুমলীগড়, নগাঁও আদি ঠাইত
সিঁচৰতি হৈ আছে। এইবোৰ নিৰ্মাণ কৰোঁতে শিল, ইটা আৰু মাটি ব্যৱহাৰ কৰা
হৈছিল। শিলৰ টুকুৰাবোৰত নানা দেৱ-দেৱীৰ মূর্তি, গছ-লতা, পণ্ড-পক্ষী আদিৰ
ছবি খোদিত কৰা হৈছিল। শিলৰ উপৰিও সোণ, ৰূপ, তাম আৰু পিতলেৰে দেৱ-দেৱীৰ
মূর্তি তৈয়াৰ কৰা হৈছিল।
মধ্যযুগৰ অসমৰ মঠ-মন্দিৰ, দ'ল-দেৱালয়
আদিত ইটাৰ ব্যাপক ব্যৱহাৰ হ'বলৈ ধৰে। কম পৰিমাণে শিল আৰু পোৰা মাটিৰো
ব্যৱহাৰ হয়। প্রাচীন অসমত চূর্ণচুর্কিৰেহে ইটা গঁথা হৈছিল।
4. আহোম যুগৰ স্থাপত্য-ভাস্কৰ্যৰ বিষয়ে এটি আলোচনা কৰা৷
উত্তৰঃ-
আহোম যুগৰ দ'ল বা মন্দিৰবোৰ সাধাৰণতে ইটাৰে নিৰ্মাণ কৰা৷ মাজে মাজে শিলো
ব্যৱহাৰ কৰিছিল। নানা দেৱ-দেৱী জীৱ-জন্তু, লতা-ফুলৰ ছবি শিলৰ আৰু পোৰা মাটি
বা টেৰাকটাৰ চেপেটা টুকুৰাত কাটি ইয়াত খাঁজি দিয়া হৈছিল। শিৱসাগৰ
পুখুৰীৰ পাৰৰ শিৱদ'লটোৱেই আহোম যুগৰ সর্ববৃহৎ দ'ল। আহোম যুগত শিল, ইটা আদি
গাঁথিবৰ বাবে হাঁহকণী, বৰালিমাছ, মাটিমাহ, বৰাচাউল, গুৰ, চূণ, শণ, শিলচূণ,
ধূনা, মিঠাতেল আদিৰ মিশ্ৰণ কৰি থলুৱা কৌশলেৰে 'কৰাল' নামৰ চিমেণ্টৰ দৰে
এবিধ সামগ্রী তৈয়াৰ কৰা হৈছিল। আহোম যুগৰ সকলো ইটাৰে নির্মিত স্থাপত্য
তুংখুঙীয়া ফৈদৰ স্বৰ্গদেউসকলৰ ৰাজত্বকালৰহে আছিল বুলি জনা যায়। তলাতল
ঘৰটো আহোম যুগৰ স্থাপত্যকলাৰ সবাতোকৈ শ্রেষ্ঠ নিদর্শন বুলি কোৱা হয়। আহোম
যুগৰ মঠ-মন্দিৰসমূহ প্রধানতঃ উত্তৰ ভাৰতত প্রচলিত নাগৰ শৈলীৰ। অৱশ্যে
স্থানীয় শৈলীৰ প্ৰভাৱো চকুত পৰা। অসমত থকা বৰ্তমানৰ ভাস্কৰ্যৰ অৱশেষৰ
অধিকাংশই আহোম যুগৰ বুলি ক'ব পাৰি।
5. আহোম যুগৰ পুখুৰী শিল্পৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ-
অসমত আহোমসকলৰ পুখুৰী শিল্পৰ এক সুকীয়া বৈশিষ্ট্য আছে। উদাহৰস্বৰূপে
জয়সাগৰ, গৌৰীসাগৰ, শিৱসাগৰৰ দৰে কেইবাটাও বিশাল পুখুৰী আজিৰপৰা
আঢ়ৈশ-তিনিশ বছৰমান আগতেই খন্দোৱা হৈছিল যদিও পুখুৰীকেইটাৰ পানী কোনো কালেই
কমি যোৱা বা শুকাই যোৱাটো পৰিলক্ষিত হোৱা নাই। তদুপৰি এই পুখুৰীকেইটাৰ
পানী বাকীবোৰৰ তুলনাত অধিক পৰিষ্কাৰ আৰু ফটফটীয়া। আহোমসকলৰ পুখুৰী খন্দাৰ
কৌশল সম্পর্কে ড° লীলা গগৈয়ে লিখিছে যে পুখুৰী খান্দিব খুজিলে ৰজাৰ
বিষয়াই পোনতে মাটি চেলেকি চাই মাটি ঠিক কৰি আহে। তাৰ পিছত নিফুট এন্ধাৰ
নিশা সেই ঠাইত কিছুমান সৰিয়হ তেলৰ চাকি জ্বলোৱা হয়। তেল শলিতা থাকোঁতে,
বতাহ নবলাকৈ যিবোৰ চাকি নুমাই যায় তাত একোটা খুঁটি পুতি যায়। তাৰ পিছত
এখন ডাঙৰ চাকিত সৰহ তেল শলিতা দি জ্বলাই লৈ আগতে পোতা খুঁটিবোৰৰ ঠাইত দি
যায়। য'ত সেই চাকিখন নুমাই যায়, তাকে সোঁমাজ কৰি পুখুৰী খান্দে। পানীৰ উহ
বিচাৰিব জনা 'মাটিচেলেকা' নামৰ পদবীৰ এজন বিষয়া আহোম ৰাজত্বত আছিল।
'দৰবধৰা' নামৰ পদবীৰ আন এজন বিষয়াও পুখুৰী, খন্দাৰ সৈতে জড়িত আছিল।
পানীৰ উহ থকা ঠাইতেই নাগমাৰি নামৰ শাল কাঠৰ ডাঙৰ দীঘল খুঁটা এটাৰে নাম
ফুটোৱা হয় আৰু তেতিয়া সেইফালেদি তলৰপৰা পানী ওলাবলৈ ধৰে। পিছত তলিখন পকা
কৰি তামৰ পাত্ৰ থৈ তাত 'ৰহ' (পাৰা) পানী পৰিষ্কাৰ হৈ থাকিবৰ বাবে ঢালি
দিয়া হয়। এটা সময়ত পুখুৰীটো পৰিষ্কাৰ পানীৰে উপচি পৰে।
6. মধ্যযুগৰ অসমৰ আলি-পদূলিসমূহৰ বিষয়ে টোকা লিখা।
উত্তৰঃ-
মধ্যযুগত আলি-পদূলিৰ সংখ্যা যথেষ্ট পৰিমাণে নাছিল; প্রধান ঠাইসমূহক সংযোগ
কৰি সীমিত সংখ্যকহে আছিল। এই সীমিত সংখ্যক ৰাজআলিৰ ভিতৰত দৈয়াং ধনশিৰি
উপত্যকাত কছাৰীসকলৰ শাসনকালৰ টেঙানি বনাঞ্চলৰ পৰা চিচুপানী, ধনশিৰি দৈয়াং
সংগমস্থল আৰু ডিমাপুৰ সংযোগী তিনিটা ইটাৰ ৰাজআলিৰ অৱশেষৰ আবিষ্কাৰে কছাৰী
ৰাজ্যত উন্নতমানৰ আলি-পদূলি থকাটো প্রমাণ কৰে। সেইদৰে কোচ ৰজা নৰনাৰয়ণে
ভ্রাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত নাৰায়ণপুৰৰ পৰা কোচবেহাৰলৈ নিৰ্মাণ কৰোৱা
বিখ্যাত 'গোহাঁই কমল আলি'টোৱে কোচৰাজ্যৰ উন্নত আলি-পদূলিৰ নিদর্শন দাঙি
ধৰে।
আহোম ৰাজ্যত বিশেষকৈ অবিভক্ত শিৱসাগৰ জিলাকে মুখ্য কৰি উজনি
অসমত আৰু নামনি অসমত বহুতো আলি-পদূলি নির্মাণ কৰা হৈছিল। স্বৰ্গদেউ
প্রতাপসিংহৰ ৰাজত্বকালত বৰআলি ৰাজধানী গড়গাঁৱৰপৰা দিখৌ নৈ পাৰ হৈ
ব্ৰহ্মপুত্ৰৰ কাষে কাষে দক্ষিণ পাৰেদি নেঘেৰিটিং দেৰগাঁৱলৈকে আছিল।
স্বৰ্গদেউ গদাধৰ সিংহই নাহৰকটীয়াৰ ওচৰৰ জয়পুৰৰ পৰা গোলাঘাটৰ কমৰাগাঁৱলৈকে
ধোদৰ আলিটো নিৰ্মাণ কৰাইছিল। চেউনি আলি স্বৰ্গদেউ জয়ধ্বজ সিংহই নির্মাণ
কৰাইছিল৷ এইবোৰৰ উপৰিও আহোম ৰাজত্বকালত নগা আলি, চতাই আলি, ভোমোৰাগুৰি আলি,
বৰফুকন আলি, শেনচোৱা আলি, বৰগোহাঁই আলি, তেজপুৰৰ টেটোন তামুলীৰ আলি,
গুৱাহাটীৰ বৰাগী আলি ইত্যাদি অসংখ্য আলি-পদূলি নিৰ্মাণ কৰা হৈছিল।
7. আহোম যুগত নির্মিত শিলা-সাঁকো আৰু গড়সমূহৰ বিষয়ে এটা টোকা লিখা। HS-2019 6
উত্তৰঃ- গড়ঃ-
গড় (Rampart) নিৰ্মাণ কৌশলতো প্ৰাচীন কালৰে পৰা অসম আগবঢ়া আছিল।
নিৰাপত্তাৰ বাবে ৰজাসকলে ৰাজধানীৰ চৌকাষে নিৰ্মাণ কৰি লৈছিল সু-উচ্চ,
দুৰ্ভেদ্য গড়। আগ্ৰাসী শত্ৰুক ভেঁটিবৰ বাবে বিভিন্ন সামৰিক দিশৰ পৰা
গুৰুত্বপূৰ্ণ অঞ্চলত প্ৰধানকৈ মাটিৰে এই গড়বোৰ নিৰ্মাণ কৰা হৈছিল।
আহোমসকলৰ গড় নিৰ্মাণ কৌশল আছিল অতি উচ্চ মানৰ। আহোম ৰাজত্বকালত যুদ্ধ
কৰিবলৈ মৰা গড়বিলাকৰ ভগ্নাংশ আজিও অনেক ঠাইত দেখিবলৈ পোৱা যায়। প্ৰায়বোৰ
গড় মাটিৰে মাৰিছিল। কিন্তু কোনো কোনো গড়ত মাটিৰ লগতে মাজে মাজে ইটাও
দিছিল।
শিলা-সাঁকোঃ-
নৈ, জান-জুৰি আদিৰ নিৰ্মাণ কৰা
শিলা-সাঁকোসমূহ আহোম যুগৰ উন্নত স্থাপত্য কলাৰ নিদর্শন। প্রায় ষোড়শ শতিকা
মানৰপৰা আহোম ৰজাসকলে শিলা-সাঁকো নির্মাণৰ কাম আৰম্ভ কৰিছিল বুলি কোৱা
হয়। যাতায়াতৰ পথত পৰা নৈ বা জান-জুৰিৰ ওপৰত ইটা, লঠিয়া শিল, চটীয়া শিল,
গোটা শিল আদিক 'কৰাল' ব্যৱহাৰ কৰি ইটা-শিল আদি গাঁথি এই শিলা-সাঁকোবোৰ
নিৰ্মাণ কৰা হৈছিল। নামদাঙৰ শিলৰ সাঁকো, দৰিকা শিলা-সাঁকো, হাঁহচৰা
শিলা-সাঁকো, ডিমৌৰ শিলা-সাঁকো আদি অনেক শিলা-সাঁকো আহোম যুগত নির্মিত
হৈছিল। আহোম যুগৰ কাৰিকৰ-শিলাকুটীয়াসকলে এখন শিলা-সাঁকো একে ৰাতিৰ ভিতৰতে
নিৰ্মাণ কৰিছিল বুলিও প্ৰবাদ আছে।
8. মৈদাম কি? আহোমসকলৰ মৈদাম প্ৰথাৰ বিষয়ে কি জানা? HS-2019 2+4=6
উত্তৰঃ- আহোম ভাষাত মৈদামৰ অৰ্থ হ'ল 'মৃতকৰ ভেটি'। আহোমসকলৰ মৃতকৰ শৱদেহটো 'ৰুঙ্গ-ডাং' নামৰ উৰিয়াম গছৰ কাঠেৰে নির্মিত
পেৰা বা কফিন এটাৰ ভিতৰত থৈ পেৰাটো অনেক নীতি-নিয়মৰ মাজেৰে মাটিত গাঁত
খান্দি পুতি ওপৰত মাটিৰে ওখকৈ অর্ধ-গোলাকাৰ ভেটি বা ঢিপ তৈয়াৰ কৰা হৈছিল।
এই গোটেই পদ্ধতিটোৱেই হ'ল মৈদাম দিয়া।
ৰজাৰ শৱদেহটো ৰুঙ্গ-ডাঙৰ ভিতৰত ভৰাই যি ঠাইত ৰুঙ্গ-ডাঙ পোতা হ'ব সেই ঠাইলৈ অহা হয়। সেই ঠাইত শাল কাঠৰ
তক্তাৰে এটা ঘৰ সাজে তাক 'কাৰেং ৰুঙ্গ-ডাঙ' বোলে। ইটাৰ ব্যৱহাৰ কৰিবলৈ
লোৱাৰ পিছত এই ঘৰটো ইটাৰে নিৰ্মাণ কৰা হৈছিল। এই ঠাইতে ৰুঙ্গ-ডাঙৰ পৰা
শৱদেহটো উলিয়াই নানা নীতি-নিয়মৰ মাজেদি স্নান কৰাই, নতুন বস্ত্ৰ অলংকাৰ
পিন্ধাই 'কাৰেং ৰুঙ্গ-ডাঙ'ৰ ভিতৰত সজাই থোৱা এখন খাটৰ ওপৰত শৱদেহটো পূৱৰ
পিনে মূৰ আৰু পশ্চিমৰ পিনে ভৰি কৰি শুৱাই ৰাখে। আহোম স্বৰ্গদেউসকলে
হিন্দুধৰ্ম গ্ৰহণ কৰাৰ পাছত মৃত শৱ দাহ কৰি ছাইখিনি চৰাইদেউ পৰ্বতত পোতাই
মৈদাম দিয়াই হিন্দু নিয়মেৰে শ্ৰাদ্ধ কৰা নিয়ম প্ৰচলিত হৈছিল।
অৱশ্যে আহোমৰ ৰজা-ৰাণী আৰু ৰাজপৰিয়ালৰ লোক, ডা-ডাঙৰীয়া, বৰুৱা-ফুকন আদিৰ
লগতে সাধাৰণ লোকৰ মৈদাম দিয়া পদ্ধতি বেলেগ বেলেগ আছিল। চৰাইদেৱেই আছিল
আহোমৰ ৰজা-ৰাণীসকলৰ প্ৰধান মৈদাম থলী। মৈদামসমূহ চোৱা-চিতা কৰিবৰ বাবে আহোম
ৰাজত্বত 'মৈদামীয়া' নামৰ খেল এটা আছিল। কাৰণ মৈদামত থকা মৃতকৰ সৈতে দিয়া
সোণ-ৰূপ আদিৰ বাবে চোৰ, আক্ৰমণকাৰী আদিয়ে যুগে যুগে মৈদামত লুটপাট চলাইছিল।
উজনি অসমৰ বিভিন্ন ঠাইত এতিয়াও প্রায় অক্ষত অৱস্থাত অনেক মৈদাম দেখিবলৈ
পোৱা যায়।
কামাখ্যা মন্দিৰ ওপৰত এটা টোকা লিখা। HS-2019 4
উত্তৰঃ- কামাখ্যা মন্দিৰঃ-
কামাখ্যা মন্দিৰ হৈছে প্ৰাচীন অসমৰ অতি মহত্বপূৰ্ণ শক্তিপীঠ আৰু ভাৰতৰ
৫১খন পৱিত্ৰ পীঠৰ অন্যতম। এই মন্দিৰ গুৱাহাতীৰ পশ্চিমে থকা নীলাচল পাহাৰত
অৱস্থিত। এই ঠাইতে ভগৱান বিষ্ণৱে সুদৰ্শন চক্ৰৰে কাটি খণ্ড-বিখণ্ড কৰা
সদাশিৱৰ পত্নী সতীৰ জননাংগ পৰিছিল আৰু খামাখ্যা মন্দিৰ সৃষ্টি হৈছিল বুলি
এক আখ্যান আছে। অন্য এক আখ্যান মতে খামাখ্যা মন্দিৰ আৰু শিলৰ খটখটী
প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰে নিৰ্মাণ কৰাইছিল। মন্দিৰত ব্যৱহৃত ইটাবোৰ
পাগতদি পুনৰ ঘিউত ভাজি লৈছিল বুলি 'দৰঙ্গ ৰাজবংশাৱলী'ত উল্লেখ আছে।
মন্দিৰটোৱে কোচৰাজ্যৰ স্থপতি-কাৰিকৰৰ নিপুনতাৰ পৰিচয় দাঙি ধৰে।
কামাখ্যা মন্দিৰত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহ তামৰ ফলি
আছে। মন্দিৰ ভিতৰলৈ সোমোৱা প্ৰৱেশদ্বাৰত কোচৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ
চিলাৰায়ৰ শৈলমূত্তি আছে। কামাখ্যা মন্দিৰত প্ৰতিবছৰে মহাসমাৰোহেৰে
উদ্যাপিত হোৱা পূজা আৰু মেলাসমূহৰ ভিতৰত অম্বুবাচী মেলায়েই সবাতোকৈ
বিখ্যাত। আহাৰ মাহৰ সাত তাৰিখৰ পৰা দহ তাৰিখলৈ আই বসুমতী শস্য-সম্ভৱা হ'বৰ
বাবে ঋতুমতী হয় বুলি এক প্ৰাচীন লোকবিশ্বাস আছে। এই সময়তে প্ৰকৃতিৰ উৰ্বৰা
শক্তিৰ আধাৰস্বৰূপা কামাখ্যা দেৱীও ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। এই
উপলক্ষ্যে কামাখ্যাধামতে মহাসমাৰোহেৰে অম্বুবাচী উত্সৱ পালন কৰা হয়।
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan.
ConversionConversion EmoticonEmoticon