-->

আমি অসমীয়া নহওঁ দুখীয়া । Aami axomiya nohong dukhiya-ড. ভুপেন হাজৰিকা

আমি অসমীয়া নহওঁ দুখীয়া । Aami axomiya nohong dukhiya

 
(কথা : সাহিত্যসম্ৰাট বেজবৰুৱাদেৱে কৈছিল, ‘আমি অসমীয়া নহওঁ দুখীয়া,
কিহৰ দুখীয়া হ’ম?’—সঁচা, পিছে)

গীত : ‘আমি অসমীয়া নহওঁ দুখীয়া’
বুলি সান্তনা লভিলে নহ’ব?
আজিৰ অসমীয়াই
নিজক নিছিনিলে
অসম ৰসাতলে যাব।।

নানা জাতি উপজাতি
ৰহনীয়া কৃষ্টি
আঁকোৱালি লৈ হৈছিল সৃষ্টি
এই মোৰ অসম দেশ।
বিভেদ পৰিহৰি
নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে
এই দেশ হ’ব নিঃশেষ
আৰু মনবোৰো ভাগি চিগি যাব—
আজিৰ অসমীয়াই নিজক নবচালে
অসমতে মগনীয়া হ’ব।

প্ৰতি অসমীয়াই কি কৰা উচিত,
উপদেশ দিবলৈ নাই লাচিত।
‘ডাঙৰ নহয়, দেশতকৈও মোৰ
দুৰ্বলচিতিয়া মোমাইবোৰ!’ বোলা
হেংদানধাৰী লাচিত নাথাকিলেও
আগুৱাই যাব লাগিব
নহ’লে অসমীয়া অসমৰ মাটিতে
নিজেই ভগনীয়া হ’ব।

(কথা : ‘অসম মৰিলে, আমিও মৰিম’ বুলি ক’বলৈ কোনো যে নাই বুলি আজি কোনে ক’ব?)
গীত : ‘কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ’
জ্যোতি প্ৰসাদো যে আছে।
‘অসম মৰিলে, আমিও মৰিম’
বুলি ক’বলৈ শ্বহীদো আছে।
আজি অম্বিকাগিৰীৰ চিঞৰক হেজাৰে।
হাতে-কামে নৱৰূপ দিব।
আজি অসমীয়াই নিজক নবছালে
অসমীয়া ভগনীয়া হ’ব।

আনৰ লগতে অসমীয়া অসমতে
যদিহে নাবাচে বাৰু ক’তনো বাচিব
মোৰ আইক ভাল পাওঁ বুলিলে
আনৰ আইক জানো ঘিণ কৰাটো বজাব?
প্ৰতি অসমীয়া, আমি ভাল ভাৰতীয়
আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে
মাটিক মাতৃবোলা প্ৰতি ভাৰতীয় হ’ল
নতুন ৰূপৰ অসমীয়া।
আমি সেইভাৱে থাকিলেই হ’ব;
নহ’লে আমাৰ ‘ৰাজহাড় নাই’ বুলি
বিশ্বই বৰকৈ হাঁহিব।

বিশ্বৰ প্ৰেম বিনন্দীয়া বুলি
অনুভৱ কৰা প্ৰতিজন অসমীয়া
তুমিওতো জানা এটি কথা-
আপোন মাতৃৰ আশ্ৰু নমচিলে
বিশ্ব প্ৰেম হ’ব বৃথা
তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হ’লে
বিশ্বই জানো ভাল পাব?
পৃথিৱীতে জনমি সচেতন নহ’লে,
প্ৰাপ্যও থিতাতে হেৰাব।
থলুৱা আৰু নতুন অসমীয়াক
এইবেলি- সেৱা যাচি লৈ
সোঁৱৰাব খুজিছোঁ
অসমৰ ৰাইজে নিজকে পাহৰিলে
ভোগালীতো দূৰ্ভোগ পাব
আৰু বাপতি সাহোন সেই ৰঙালী বিহুটোও
কঙালিত পৰিণত হ’ব—
আজিৰ অসমীয়াই নিজক নবচালে
অসম ৰসাতলে যাব।
আজিৰ অসমীয়াই নিজক নিচিনিলে,
অসমতে মগনীয়া হ’ব।
পৃথিৱীত জনমি সচেতন নহ’লে
প্ৰাপ্যও থিতাতে হেৰাব।

বিঃদ্ৰঃ-এই গীতটিৰ চতুৰ্থ পদটি ১৯৮০ চনত সামান্য সালসলনি কৰিছে। ১৯৬৮ চনত প্ৰথম যেতিয়া গীতটি ৰচনা কৰিছিল. তেতিয়া গীতটিৰ চতু্ৰ্থ পদটি আছিল এনেদৰে-

‘কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ’
জ্যোতি প্ৰসাদো নাই।
‘অসম মৰিলে, আমিও মৰিম’
বুলি ক’বলৈ তৰুণো নাই।
আজি অম্বিকাগিৰী নাই।
‘দেশ গ’ল গ’ল বুলি দিনে নিশাই চিঞৰিব।’
 

(ii) ফুট গধুলীতে । Fut godhulite


 ফুট গধুলীতে
কপিলি খুটিতে
কোন গোৰ্খালী গাভৰুৰ গাইজনী হেৰাল।
গাইজনীনো কেনে
তুলনা যে নাই
হেনো সেই চাপৰিত তাই মান গাখীৰতী নাই।
কাঞ্চিয়ে ৰিঙিয়াই
‘অ’ বগী গাই
অ’ লছমী গাই
তুমি দেখোন নাহিলে ব্যৱসায়ও নাই
সেই মিঠামাতৰ চিঞৰে কপিলি কঁপায়।
তাইৰ ৰূপতীৰ্থৰ যাত্ৰী
এজন মাথো আছে
গাওঁ তাৰ ক্ষেত্ৰী
সি নলবাহাদুৰ ছেত্ৰী
গাই বিছৰাৰ ছলে মনৰ মৰম যাচে
সেই মৰম দেখি কাঞ্চীজনী ৰঙা পৰি যায়।
নল খাগৰীৰ মাজতে
সি গাই বিচাৰি পালে
গাই বিচাৰি পাই
তাইক গাইজনী দিলে
গাইজনীয়েও আনন্দতে গো-ধুলি উৰুৱাই।
 

(iii) দুয়োটি বাঁহী বাঁহৰে । Duyoti banghi banghore

 
হে হে হে ঢোলে দগৰে
হে হে হে হিয়া উমেৰে
নেদেখা এনাজৰীৰে
এ বান্ধো আমি পাহাৰ শিখৰৰে মহান চিয়েমক,
হে হে হে চেৰাপুঞ্জীৰে
হে হে হে ভিজা আকাশৰে
উদাৰ মেঘে যেনেদৰে
সাৱতি ধৰে বাৰিষা ৰূপৰে আমাৰ লুইতক
মুগা সোনালী শুৱালকুছিৰে
হয় জেইনচেম খাচী ৰূপহীৰে
সৰল গছৰে ধুপকাঠেৰে
সুগন্ধি সবাসে ভুলাই আমাক
ওখ সৰলৰে পাত সেউজীয়া
আমোৰো আঁহত গছ সেই বৰণীয়া
ব্লেই বা জোন
পাহাৰ ভৈয়ামতে
শাৰদী নিশা ঢালে একেই জোনাক
ৰঙা পাহাৰৰে মাটি কাটি
খাচী কৃষকে খাটে দিনে ৰাতি
ভৈয়ামৰো খেতিৰ
হেজাৰ ৰংমনে
আঁকোৱালী ধৰিব সেই কৃষকক
খাচী ঈশ্বৰ উব্লেই মহান
নাগধাৰী শিৱ আমাৰো ভগৱান
খাচী আৰু আমি
ভেদাভেদ এৰি
বুঢ়াওঁ অসমীৰ মহান একতাক
কৃষ্ণ গৰখীয়াই বায় শ্বৰতি
দুয়োটি বাঁহি
বাঁহৰে বাঁহী
দুয়ো প্ৰকাশে একেটি সুৰক—
হে হে ঢোলে ডগৰে।
 
 
 

(iv) বৈধ কি অবৈধ কি । Baidh ki obaidh ki


অয় অয় আকাশ শুব
অয় অয় বতাহ শুব
দিগন্ততে হাহাকাৰ হ’ব।
সময় যেন স্তব্ধ হয়
হয় ভীত হয়
হয় চকুলোও শিল হ’ব
পাপ যদি বেয়া, কামনা কিয় দিলে, দিলে দিলে?
মোহ যদি বেয়া সুৰ, কিয় দিলে, দিলে দিলে?
ভাঙন যদি বেয়া, বিৰহ কিয় দিলে, দিলে দিলে?
তাৰ সমিধান কোনে দিব, কিনে দিব?
সাথৰ ভৰা নিশা মোৰ সোণ শুব
বৈধ কি অবৈধ কি? প্ৰশ্ন হ’ব
দিগন্ততে হাহাকাৰ হ’ব
অয় অয় আকাশ শুব।

(v) যায় যদি যায় জীৱনটো । Jai jodi jai jeewanto


আহ্‌
আহ্‌
ওলায় আহ্‌
সজাগ জনতা
আহ্‌
আহ্‌
ওলাই আহ্‌
পোঁহৰ আনোতা
ৰামৰে দেশতে থকা ৰাবন বধোতে
যায় যদি যায় জীৱনটো যাক! আহ্‌
সমুখৰে সেনাপতি থমকি জিৰালে
কিনো হ’ব সেনানীয়ে ভবিলে জিৰালে
ক’লা কাকতি ফৰিং নাশোগৈ আহ্‌
(শুন) বুভুক্ষু শিশুৰে আৰ্তনাদ
(সেয়ে) তিল তিল মৃত্যু আনে সংবাদ?
সেই সংবাদ শুনিও বধিৰ কিয়?
তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ?
সংগ্ৰাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে “জয় জনতাৰে”
ত্ৰাস এৰি দানৱক বধোগৈ আহ্‌।
Previous
Next Post »